সরাসরি প্রধান সামগ্রীতে চলে যান

কপৌ পাহি তোৰে খোপাত.../৩

-apurba bezbaruah-গীত তিনিটালৈ মন কৰক, সুৰশিল্পী ভিন্ন, সুৰ কিন্তু ভিন্ন নহয়। আৰু গায়কী? ৰিদীপ দত্ত, মহানন্দ মজিন্দাৰ বৰুৱা, আৰু অপূৰ্ব বেজবৰুৱাৰ গায়কীৰ যেন দূৰত্ব নাছিল। হয়তো এই কাৰণেই, গীতৰ কথাই বাট কাটিছিল সুৰৰ।
আমি 'ছবি' প্ৰসংগ উল্লেখ কৰিছো।
"মোৰ মনৰ ছবি! ঠিকেই কৈছা, মই লিখা গীতত ছবি আছে। মোৰ মনৰ ছবি শব্দৰে আঁকো। ছবিবোৰ কল্পনাৰ নহয়। মই বাস্তৱত দেখা। চাহ বাগিছাৰ লছমী জনীক মই দেখিছো। আৰু 'লগ দিয়াৰ কথা আাছিল.. নৈৰে ঘাটত..' তোমাৰ গাৱঁৰ, মোৰ গাৱঁৰ ছবি নহয় জানো!" --সেই যে দ্বিতীয় 'সাক্ষাৎ', অমৰ আৰু মোক কৈছিল।
--গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক, অপূর্ব বেজবৰুৱাৰ "সাংগীতিক যাত্ৰা" কেতিয়া আৰম্ভ হৈছে? --,নাই, মনত নাছিল শিল্পী গৰাকীৰো।
সুযোগ পালেই সংগীত চৰ্চা কৰিছিল। গীত লিখিছিল। গীত গাইছিল। "গীত কেতিয়াৰ গাইছিলো তাৰিখ-বাৰ মনত নাই। সৰুতে গাইছিলো ইজনৰ-সিজনৰ মুখত শুনা গীত। টোকাৰী গীত, জ্যোতি সংগীত ইত্যাদি। মোৰ যিমানদূৰ মনত পৰে চতুৰ্থ নে পঞ্চম শ্ৰেণীত গীত এটা লিখি সুৰ এটা লগাই গাইছিলো। নিশ্চয় কব পাৰো, তেনেদৰেই আৰম্ভ হৈছিল।।মোৰ মায়ে গীত গাইছিল। কবিতা লিখিছিল। মাৰ কেইবাখনো কবিতা আৰু গোসানী নামৰ পুথি প্ৰকাশ পাইছিল। সম্ভৱতঃ মাৰ পৰা গোৱা আৰু লিখাৰ প্ৰেৰণা পাইছিলোঁ। লিখা, গোৱাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিলোঁ। মাৰ পৰায়ে  লোক সংগীতৰ, বৰগীতৰ শিক্ষা লৈছিলোঁ। মায়ে শিকোৱা গীত স্কুলীয়া জীৱন আৰম্ভ হোৱাৰ আগেয়েই ‘মইনা পাৰিজাত চ’ৰাত’ গাইছিলোঁ। কথাটো মই এনেদৰে কব পাৰো--, মোৰ পিতৃ-মাতৃয়ে মোৰ সংগীতৰ বুনিয়াদ গঢ়োতা। --হয়, মা মোৰ প্ৰথম গৰাকী সংগীত গুৰু। কিন্তু সংগীতৰ অ-আ, ক-খ খিনি শিকাইছিল গুৰু প্ৰয়াত জগন্নাথ দেৱে। সংগীতৰ বহু খিনি কথা শিকিছিলোঁ সুবীৰ মুখার্জী, দেৱেন শৰ্মা, বীৰেণ ফুকনৰ পৰা। সংগীতৰ ব্যাকৰণ শিক্ষা গুৱাহাটীলৈ আহিহে লোৱাৰ সুযোগ পাও--, প্রয়াত দেৱেন শৰ্মা আৰু প্ৰয়াত বীৰেণ ফুকন দেৱৰ তত্ত্বাৱধানত।
মোৰ ভালদৰে মনত আছে ১৯৬৬-৬৭ চনত নাজিৰাত অনুষ্ঠিত সদৌ অসম লাচিত মেলাৰ সংগীত প্রতিযোগিতাত শ্রেষ্ঠ শিল্পীৰ বঁটা পাইছিলোঁ। মোৰ প্ৰাথমিক শিক্ষা আৰাম্ভ হৈছিল নাজিৰাৰ, নাজিৰা বৰপুখুৰীপাৰ এল পি স্কুল। তাৰ পাছত নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়হৈ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয় পাওঁ।১৯৭১-৭২ বৰ্ষত বি বৰুৱা কলেজত দুবাৰকৈ শ্ৰেষ্ঠ সংগীত শিল্পী হৈছিলোঁ। এই স্বীকৃতিয়ে মোৰ সংগীত কৰ্মক গতি দিছিল। আৰু ১৯৭৩ চনত বুৰঞ্জী সহ বি এ পাছ কৰো। আইন পঢ়ি উকিল হোৱাৰ মন আছিল। ল’ কলেজত আইন বিষয়ৰ পাঠ্যক্ৰমতো নামভৰ্তি কৰিছিলোঁ। আধাতে এৰিলো।
১৯৭৫-৭৬ চনত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা  গীতিকাৰ-সুৰকাৰ আৰু কণ্ঠশিল্পী হিচাপে স্বীকৃতি পালোঁ। গতিকে সংগীতৰ প্ৰতি আগ্ৰহ আৰু বাঢ়িছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত অস্থায়ী ঘোষক হিচাপে বাতৰি বিভাগত কাম কৰিছিলোঁ, তিনি বছৰ। ১৯৭৮ চনত ভাৰতীয় খাদ্য নিগমতো চাকৰি কৰি আছো জীৱন চলাবলৈ। এই চাকৰি নকৰি যদি সংগীতৰ কামেৰেই জীৱন চলাব পাৰিলো হেতেন! --হয়, বেছি সুখী হলো হেতেন! (আমি জানিব বিছৰাত 'নিজৰ কথা' লিখি দিছিল অপূৰ্ব বেজবৰুৱাই। সেই সময়ত অজিত কুমাৰ ভূঞা সম্পাদিত 'আজি'ৰ সম্পাদনা বিভাগত কাম কৰিছিলো। স্বাভাৱিকতে অপূৰ্ব বেজবৰুৱাই লিখি দিয়া 'নিজৰ কথা' দৈনিক কাকত 'আজি'ত প্ৰকাশ পাইছিল। সেই সময়ত আমাৰ অনুৰোধত আন এগৰাকী সংগীত শিল্পী জিতুল সোণোৱালে 'আজি'ত 'সা-ৰে-গা-মা' শিতান লিখিছিল।)
--কোৱা হয়, অসমীয়া থলুৱা সুৰক আধুনিক ৰূপ দিয়া, আধুনিক ৰূপ দি প্ৰতিস্থা কৰা প্ৰথম গৰাকী সংগীতশিল্পী অপূৰ্ব বেজবৰুৱা। (ক্ৰমশঃ)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...