-apurba bezbaruah-গীত তিনিটালৈ মন কৰক, সুৰশিল্পী ভিন্ন, সুৰ কিন্তু ভিন্ন নহয়। আৰু গায়কী? ৰিদীপ দত্ত, মহানন্দ মজিন্দাৰ বৰুৱা, আৰু অপূৰ্ব বেজবৰুৱাৰ গায়কীৰ যেন দূৰত্ব নাছিল। হয়তো এই কাৰণেই, গীতৰ কথাই বাট কাটিছিল সুৰৰ।
আমি 'ছবি' প্ৰসংগ উল্লেখ কৰিছো।
"মোৰ মনৰ ছবি! ঠিকেই কৈছা, মই লিখা গীতত ছবি আছে। মোৰ মনৰ ছবি শব্দৰে আঁকো। ছবিবোৰ কল্পনাৰ নহয়। মই বাস্তৱত দেখা। চাহ বাগিছাৰ লছমী জনীক মই দেখিছো। আৰু 'লগ দিয়াৰ কথা আাছিল.. নৈৰে ঘাটত..' তোমাৰ গাৱঁৰ, মোৰ গাৱঁৰ ছবি নহয় জানো!" --সেই যে দ্বিতীয় 'সাক্ষাৎ', অমৰ আৰু মোক কৈছিল।
--গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক, অপূর্ব বেজবৰুৱাৰ "সাংগীতিক যাত্ৰা" কেতিয়া আৰম্ভ হৈছে? --,নাই, মনত নাছিল শিল্পী গৰাকীৰো।
সুযোগ পালেই সংগীত চৰ্চা কৰিছিল। গীত লিখিছিল। গীত গাইছিল। "গীত কেতিয়াৰ গাইছিলো তাৰিখ-বাৰ মনত নাই। সৰুতে গাইছিলো ইজনৰ-সিজনৰ মুখত শুনা গীত। টোকাৰী গীত, জ্যোতি সংগীত ইত্যাদি। মোৰ যিমানদূৰ মনত পৰে চতুৰ্থ নে পঞ্চম শ্ৰেণীত গীত এটা লিখি সুৰ এটা লগাই গাইছিলো। নিশ্চয় কব পাৰো, তেনেদৰেই আৰম্ভ হৈছিল।।মোৰ মায়ে গীত গাইছিল। কবিতা লিখিছিল। মাৰ কেইবাখনো কবিতা আৰু গোসানী নামৰ পুথি প্ৰকাশ পাইছিল। সম্ভৱতঃ মাৰ পৰা গোৱা আৰু লিখাৰ প্ৰেৰণা পাইছিলোঁ। লিখা, গোৱাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিলোঁ। মাৰ পৰায়ে লোক সংগীতৰ, বৰগীতৰ শিক্ষা লৈছিলোঁ। মায়ে শিকোৱা গীত স্কুলীয়া জীৱন আৰম্ভ হোৱাৰ আগেয়েই ‘মইনা পাৰিজাত চ’ৰাত’ গাইছিলোঁ। কথাটো মই এনেদৰে কব পাৰো--, মোৰ পিতৃ-মাতৃয়ে মোৰ সংগীতৰ বুনিয়াদ গঢ়োতা। --হয়, মা মোৰ প্ৰথম গৰাকী সংগীত গুৰু। কিন্তু সংগীতৰ অ-আ, ক-খ খিনি শিকাইছিল গুৰু প্ৰয়াত জগন্নাথ দেৱে। সংগীতৰ বহু খিনি কথা শিকিছিলোঁ সুবীৰ মুখার্জী, দেৱেন শৰ্মা, বীৰেণ ফুকনৰ পৰা। সংগীতৰ ব্যাকৰণ শিক্ষা গুৱাহাটীলৈ আহিহে লোৱাৰ সুযোগ পাও--, প্রয়াত দেৱেন শৰ্মা আৰু প্ৰয়াত বীৰেণ ফুকন দেৱৰ তত্ত্বাৱধানত।
মোৰ ভালদৰে মনত আছে ১৯৬৬-৬৭ চনত নাজিৰাত অনুষ্ঠিত সদৌ অসম লাচিত মেলাৰ সংগীত প্রতিযোগিতাত শ্রেষ্ঠ শিল্পীৰ বঁটা পাইছিলোঁ। মোৰ প্ৰাথমিক শিক্ষা আৰাম্ভ হৈছিল নাজিৰাৰ, নাজিৰা বৰপুখুৰীপাৰ এল পি স্কুল। তাৰ পাছত নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়হৈ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয় পাওঁ।১৯৭১-৭২ বৰ্ষত বি বৰুৱা কলেজত দুবাৰকৈ শ্ৰেষ্ঠ সংগীত শিল্পী হৈছিলোঁ। এই স্বীকৃতিয়ে মোৰ সংগীত কৰ্মক গতি দিছিল। আৰু ১৯৭৩ চনত বুৰঞ্জী সহ বি এ পাছ কৰো। আইন পঢ়ি উকিল হোৱাৰ মন আছিল। ল’ কলেজত আইন বিষয়ৰ পাঠ্যক্ৰমতো নামভৰ্তি কৰিছিলোঁ। আধাতে এৰিলো।
১৯৭৫-৭৬ চনত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা গীতিকাৰ-সুৰকাৰ আৰু কণ্ঠশিল্পী হিচাপে স্বীকৃতি পালোঁ। গতিকে সংগীতৰ প্ৰতি আগ্ৰহ আৰু বাঢ়িছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত অস্থায়ী ঘোষক হিচাপে বাতৰি বিভাগত কাম কৰিছিলোঁ, তিনি বছৰ। ১৯৭৮ চনত ভাৰতীয় খাদ্য নিগমতো চাকৰি কৰি আছো জীৱন চলাবলৈ। এই চাকৰি নকৰি যদি সংগীতৰ কামেৰেই জীৱন চলাব পাৰিলো হেতেন! --হয়, বেছি সুখী হলো হেতেন! (আমি জানিব বিছৰাত 'নিজৰ কথা' লিখি দিছিল অপূৰ্ব বেজবৰুৱাই। সেই সময়ত অজিত কুমাৰ ভূঞা সম্পাদিত 'আজি'ৰ সম্পাদনা বিভাগত কাম কৰিছিলো। স্বাভাৱিকতে অপূৰ্ব বেজবৰুৱাই লিখি দিয়া 'নিজৰ কথা' দৈনিক কাকত 'আজি'ত প্ৰকাশ পাইছিল। সেই সময়ত আমাৰ অনুৰোধত আন এগৰাকী সংগীত শিল্পী জিতুল সোণোৱালে 'আজি'ত 'সা-ৰে-গা-মা' শিতান লিখিছিল।)
--কোৱা হয়, অসমীয়া থলুৱা সুৰক আধুনিক ৰূপ দিয়া, আধুনিক ৰূপ দি প্ৰতিস্থা কৰা প্ৰথম গৰাকী সংগীতশিল্পী অপূৰ্ব বেজবৰুৱা। (ক্ৰমশঃ)

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন