চিনেমাখনৰ ‘নায়ক’ৰ মাজত ‘সঁচা শিল্পী’ অনুভৱ কৰাত দিগদাৰ নাপালে দর্শকে। ইয়াৰ কাৰণ নায়কগৰাকীৰ অভিনয়। অভিনয় কৰিছিল বিজয় শংকৰে

'এৰাবাটৰ সুৰ’ —ড° ভূপেন হাজৰিকাৰ পৰিচালনা। ‘নায়ক’ এগৰাকী শিল্পী। নাম—জয়ন্ত। পশ্চিমীয়া শিক্ষা লৈ জয়ন্তই আধুনিক ‘লাইফ ষ্টাইল’ৰ মাজত সোমাই নপৰি ‘তপত ভাত’ৰ মোহ এৰি খোজ দিয়ে এৰাবাটত, থলুৱা ‘সুৰ'ৰ সন্ধানত। চাহ বাগিচাৰ মালিক বিশ্ব ফুকনৰ সুন্দৰী, আধুনিকা তনয়া নিশাৰ ‘প্রেম’ৰ পৰা আঁতৰি থাকি ব্যস্ত হয় ৰতনপুৰ বাগিচাৰ বনুৱা মিন্নি, হাৰাণহঁতৰ মাজত। ‘চৰিত্ৰ’টোত স্পষ্ট হয় সঁচা সুৰৰ সাধকৰ প্ৰতিচ্ছবি। চিনেমাখনৰ ‘নায়ক’ৰ মাজত ‘সঁচা শিল্পী’ অনুভৱ কৰাত দিগদাৰ নাপালে দর্শকে। ইয়াৰ কাৰণ নায়কগৰাকীৰ অভিনয়। অভিনয় কৰিছিল বিজয় শংকৰে। জয়ন্ত ‘চৰিত্ৰ’টোত কৰা অভিনয়ৰে অভিনেতাগৰাকী বন্দী হৈছিল ‘ইমেজ’ত। সেই ‘ইমেজ’টোৰ বাবেই প্ৰথমবাৰৰ বাবে মুকলি মনেৰে মানি লোৱা হৈছিল— অসমীয়া চিনেমাৰ ‘নায়ক’ হিচাপে। বিজয় শংকৰৰ পূৰ্বে, বিজয় শংকৰৰ ‘সময়’ত ‘নায়ক’ৰ চৰিত্ৰত অভিনয় কৰা আন কেইবাগৰাকীও অভিনেতাই ‘নায়ক ইমেজ’ পোৱা নাছিল। বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, 'শকুন্তলা'ৰ পৱিত্ৰ বৰকাকতি, ‘স্মৃতিৰ পৰশ'ৰ ব্ৰজেন বৰুৱা আদিক ভাল অভিনেতা বুলিহে মানি লোৱা হৈছিল। অৱশ্যে বিজয় শংকৰে সদায় নিজকে ‘অভিনেতা' বুলি কৈহে ভাল পাইছিল। নায়কগৰাকীৰ মতে ‘নায়ক’ শব্দটোৱে বিশেষ বৃত্ত এটাৰ মাজত বন্দী কৰি ৰাখে।
"অসমীয়া চিনেমাৰ নিৰ্মাণ বাঢ়িব লাগে। আৰু চিনেমা কেইখনত মোৰ বাবে চৰিত্ৰ থাকিব লাগে।" --১৯৯৪ চনৰ এটা দিনত "আজিৰ সংবাদ" নামৰ দৈনিক কাকত খনৰ হৈ কথা পাতোতে বিজয় শংকৰে কৈছিল। সেয়াই আছিল অভিনেতা গৰাকীৰ সৈতে মোৰ শেষ সাক্ষাৎ। ২৫ মাৰ্চ, ১৯৯৬। সেই সময়ত মোৰ কৰ্মস্থান মুম্বাই। বিশেষ কাম এটাত "সহায় কৰিবা পাৰিবা নেকি" বুলি আমাৰ প্ৰিয় অভিনেতা বিজু ফুকনে ফোন কৰিছিল। আৰু নিৰ্দিষ্ট "কাম"ৰ কথা শেষ হোৱাৰ পাছত কৈছিল-- "তুমি বেয়া খবৰটো পাইছা নে নাই? বিজয় শংকৰ ঢুকাল নহয়!" শংকৰদা ঢুকাল!
সেই দিনা নহয়, কেইবাদিনো পাছত জানিব পাৰিছিলো --সেইদিনা (২৪ মাৰ্চ, ১৯৯৬) খাই ভাল পোৱা, ফুৰি ভাল পোৱা বিজয় শংকৰে গৈ সোণাপুৰ পাইছিল। যোৱাৰ বাটত যোৰাবাটত দুৰ্ঘটনা হৈছিল। আৰু সোণাপুৰলৈ যোৱা বাট এৰি উভতি আহিব নোৱাৰা বাট লৈছিল। বয়স তেতিয়া ৬০ বছৰ (জন্ম: ৩১মাৰ্চ, ১৯৩১,যোৰহাটত)।
|| বিজয় শংকৰে অভিনয় কৰা চিনেমা ||
এৰাবাটৰ সুৰ, লটিঘটি, মানৱ আৰু দানৱ, অৰণ্য, উপগ্রহ, সন্তান, কাঁচঘৰ, পাপ | | আৰু প্ৰায়শ্চিত্ত, বনহংস, নিয়তি, অকণ, শ্রীশ্রীমা কামাখ্যা, ঘৰ-সংসাৰ, সোণমইনা,, মন মন্দিৰ, প্রেম জনমে জনমে, মৃত্যুহীন জীৱন, আমাৰ ঘৰ, পানী
( সৌজন্য: অসমীয়া চিনেমা/ উৎপল মেনা)

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন