সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৫

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৪

অতি কম সময়ৰ ভিতৰতে কলিকতাত কৰ্মৰে নিজৰ  বিশেষ স্থান দখল কৰি লৈছিল ভূপেন হাজৰিকাই। হাতলৈ কাম আহিছিল, কামৰ দাম বাঢ়িছিল, নাম হৈছিল। দাম বাঢ়িলেও "সাংস্কৃতিক বজাৰৰ বিক্ৰেতা" হব খোজা নাছিল সংগীতসূৰ্য। --এই যে নাম হৈছিল, দাম বাঢ়িছিল কথাটো সহজ ভাবে লব পৰা নাছিল কলিকতাৰ একাংশ চিনে কৰ্মীয়ে, সংগীত কৰ্মীয়ে। সংগীতসূৰ্যৰ কামত বাধা দিছিল, লেং মাৰিছিল। ("মোক মৃণাল সেন আৰু হেমন্ত কুমাৰে লেং মাৰি পেলাই দিলে। মই ব্যবসায়িক ঈৰ্ষাৰ বলি হ'লোঁ। মই সেইখন এৰি দিলোঁ। ময়ো এজন বিমল ৰয় হ'ব পাৰিলোঁহেঁতেন। তেওঁলোকে মোক বিমল ৰয় হ'বলৈ নিদিলে।" --ভূপেন হাজৰিকা)
কথাটো এনেধৰণৰ--, "এৰাবাটৰ সুৰ"ৰ পাছত ভূপেন হাজৰিকাই মনতে ঠিক কৰিছিল এখন বাংলা চিনেমা কৰিব। কাহিনী! এদিন কাহিনী হাতত লাগিল--, মহাদেৱী বাৰ্ম্মাৰ "কাহিনী"। "কাবুলীৱালা"ৰ ছাঁ পৰা কাহিনী। ("গল্পটোত কাবুলীৱালাৰ ছাঁ পৰিছে – এইটো কিন্তু চীনা ফেৰিৱালা। চীনা ফেৰিৱালা এজনে এজনী বঙালী ছোৱালীক ভনী হিচাপে ল'লে, পাচত ফেৰিৱালাজন মৰি গ'ল৷ চীনৰ নানকিঙৰপৰা আহিছিল। পীল বেচি ফুৰে। কথা একেটাই।" --ভূপেন হাজৰিকা) ছাঁ পৰিছে; কিন্তু নকল নহয়। চিত্ৰনাট্যৰ কাম আগবঢ়ালে। সংগীতসূৰ্যই  ভাবিছিল চিত্ৰনাট্য লিখাব ঋত্বিক ঘটকৰ হতুৱাই। ভবা মতে নহ'ল, ঋত্বিক বাবু ব্যস্ত। হাতত ঢেৰ চিনেমা। শেষত চিত্ৰনাট্যৰ দায়িত্ব দিলে মৃণাল সেনক। প্ৰযোজনাৰ দায়িত্ব ল'লে হেমন্ত কুমাৰে। "হেমন্ত-ভূপেন প্ৰডাক্সন"ৰ বেনাৰত। চিনেমা খনৰ মহূৰতো হ'ল, যথা সময়ত। ক্লেপষ্টিক দিলে লতা মংগেশকাৰে। কিন্তু হঠাতে হেমন্ত কুমাৰ-মৃণাল সেনৰ মাজত কিবা বুজা পৰা হ'ল। চিনেমাৰ পৰিচালকৰ আসনত হেমন্ত কুমাৰে মৃণাল সেনক বহুৱাই ভূপেন হাজৰিকাক একাষৰিয়া কৰিলে। "হেমন্ত-ভূপেন প্ৰডাশ্বন"ৰ নাম সলনি কৰি "হেমন্ত-বেলা প্ৰডাশ্বন"ৰ নামত চিনেমাৰ কাম আগবঢ়ালে। --হয়, ভূপেন হাজৰিকাৰ "চিনেচিন্তা" নিজৰ কৰি ল'লে মৃণাল সেনে। চিনে ৰাজনীতিৰ মকৰাজালত ভূপেন হাজৰিকাক বন্দী কৰি চিনেযাত্ৰা আৰম্ভ কৰিলে মৃণাল সেনে। মৃণাল সেনে নিজৰ কৰি লোৱা ভূপেন হাজৰিকাৰ সেই চিনেচিন্তাৰ নাম-- "নীল আকাশের নীচে"। সময়ত চিনেমাৰ কাম সম্পূৰ্ণ হ'ল। চিত্ৰগৃহলৈ আহিল। আৰু ঠিক সেই সময়তে "হিন্দী চিনি ভাই ভাই”ত কেনা লাগাত চিনেমা খন দৰ্শকে গ্ৰহণ নকৰিলে। "বজাৰ"ত নচলিলেও সেই চিনেকৰ্মৰ বাবেই প্ৰথমবাৰ চৰ্চালৈ আহিছিল মৃণাল সেন। "রাত-ভোর"ৰ (১৯৫৫) বিফলতাৰ পাছত "নীল আকাশের নীচে" (১৯৫৮) আছিল মৃণাল সেনৰ দ্বিতীয় পৰিচালনা। --এনেদৰে কেইবাবাৰো কলিকতাত শোষিত হৈছিল ভূপেন হাজৰিকা। কলিকতাৰ পৰা আঁতৰাবলৈয়ো ৰাজনীতি, ষড়যন্ত্ৰ কৰিছিল। এগৰাকী বিখ্যাত সংগীত পৰিচালকৰ নিৰ্দেশতে হেনো কলিকতাৰ বাটে-ঘাটে পোষ্টাৰ আৰি দিয়া হৈছিল এই বুলি--, "ভূপেন হাজারিকার ৰক্ত চাই"। কিন্তু ভূপেন হাজৰিকাক লৰাব পৰা নাছিল। যেনেদৰে বেয়া পোৱা অল্প সংখ্যক লোক আছিল, তেনেদৰে ভূপেন হাজৰিকাক ভাল পোৱা, সন্মান কৰা লোকো আছিল কলিকতাত। (আজিৰ তাৰিখতো আছে।) ভাল পোৱা, সন্মান দিয়া সকলৰ বাবেই ভূপেন হাজৰিকা নিজৰ স্থানত স্থিৰ আছিল। ("অসমত ভাষা আন্দোলন আৰম্ভ হ'ল। কলিকতাত পোষ্টাৰ এখন আঁৰিছিল— 'ভূপেন হাজারিকার ৰক্ত চাই’। সূৰ্য্য বৰা মোৰ তাৰপৰা ওলাই গৈছিল পাচদিনা সূৰ্য্য বৰাকো কাটিলে। সি বেচেৰা 'শকুন্তলা' ছবিখনৰ কাৰণেই আহিছিল। আনহাতে উত্তম কুমাৰে কৈছিল—' ভূপেনদা, যদি আপোনাৰ অকণমানো কিবা অসুবিধা হোৱা যেন দেে আপুনি মোৰ ইয়ালৈ গুচি আহিব।'
জ্যোতি বসু তেতিয়া মন্ত্ৰী হোৱা নাছিল। তেওঁ গাড়ী পঠিয়াই দিছিল ভূপেন হাজৰিকাৰ যদি মানসিকভাৱেও অসুবিধা হয়, তেন্তে মাতি আনিবা। তেতিয় কংগ্রেছ মিনিষ্টি আছিল। বিধান ৰায় মুখ্যমন্ত্ৰী আছিল। মায়া মুখার্জ্জী নে কেনাথী নামৰ ডেপুটী মিনিষ্টাৰ এগৰাকী, আৰু আভা মাইতীহঁত আছিল – তেওঁলোৱে মোক আনিবলৈ গাড়ী পঠিয়াই দিছিল। ইয়াৰ গুণ্ডা ল'ৰা কেইটামানে কৈছিল--'আমি একো নকৰোঁ। আমাৰ মৃতদেহৰ ওপৰেদিহে আপোনাৰ মৃতদেহ আহিব। অসমৰ বঙালীখিনি আহি শিয়ালদাহ পাইছেহি আৰু বহুতো তেতিয়া আহ আছিল। সিহঁতে আপোনাক কিবা কৰিব পাৰে।'
মোৰ ‘খুন’ বিচৰা পোষ্টাৰখনৰ ওচৰত জোপ লৈ বহুপৰ ৰৈ আছিল ঋত্বিক ঘটক। যিটো ল'ৰাই দ্বিতীয়খন পোষ্টাৰ লগাবলৈ আহিছিল, তাক চুলিত ধৰি একে চৰতে পঠিয়াই দিলে, ‘কোনে শিকাইছিল তোক ভূপেন হাজৰিকাৰ বিৰুদ্ধে পোষ্টৰ মাৰিবলৈ— এই বুলি। তেতিয়া দেখা গ'ল যে কোনোবা এজন মিউজিক ডাইৰেক্টৰেছ হেনো পোষ্টাৰ মৰোৱাইছিল। সেইটো বৰ নঙঠা কথা হ'ল। ক’বলৈ ভাষাই নাই।" --ভূপেন হাজৰিকা)
"ভূপেন হাজারিকার ৰক্ত চাই", "নীল আকাশের নীচে" বহুতে জনা, সংগীতসূয্যই কৈ যোৱা কথা। এনে ধৰণৰ আৰু বহু কথা আছে, যিবোৰ আঁৰতে থাকি গ'ল।
২০১৮ চনৰ জুলাই মাহৰ এটা দিনত লগ পাইছিলো অম্লান বেনাৰ্জীক, উত্তৰ কলকাতাৰ বইপাড়াৰ কলেজ ষ্ট্ৰীটৰ বিখ্যাত ইণ্ডিয়ান কফি হাউছত। সংগীতৰসিক গৰাকীয়ে কথা প্ৰসংগত কৈছিল-- "ভূপেনদাৰ আৰ্থিক সমস্যাৰ সুযোগ বহুতে লৈছিল। আৰ্থিক সহায়ৰ হাত আগবঢ়াই কলকাতাৰ কেইবা গৰাকীও নামি-দামি সংগীতকাৰে ভৃপেনদাৰ সৃষ্টি নিজৰ কৰি লৈছিল।"
--কোনে কোনে লৈছিল?
--অম্লান বেনাৰ্জীয়ে কৈছিল।
--থাকক, সেই নাম কেইটা উল্লেখ নকৰো।
২০১৯ চনৰ শেষৰ ফালে কলকতালৈ গৈ লগ কৰিছিলো গৌড় পালক। সংগীতসূৰ্যৰ সৈতে কাম কৰা, সংগীত সূৰ্যক সন্মান কৰা বাঁহীবাদক গৰাকীয়ে কথা প্ৰসঙ্গত  কৈছিল "দাদাৰ বাবে সংগীত বেপাৰ নাছিল। আৰু বেপাৰ নাছিল বাবেই কলকাতাৰ বেপাৰী সংগীত শিল্পী সকলে দাদাক একাষে ৰাখিবলৈ ভিন্ন কৌশলৰ আশ্ৰয় লৈছিল। কাৰণ দাদাৰ বাবে বহুতৰে বজাৰ বঢ়া নাছিল।"
by: Utpal Mena

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...