ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৪
অতি কম সময়ৰ ভিতৰতে কলিকতাত কৰ্মৰে নিজৰ বিশেষ স্থান দখল কৰি লৈছিল ভূপেন হাজৰিকাই। হাতলৈ কাম আহিছিল, কামৰ দাম বাঢ়িছিল, নাম হৈছিল। দাম বাঢ়িলেও "সাংস্কৃতিক বজাৰৰ বিক্ৰেতা" হব খোজা নাছিল সংগীতসূৰ্য। --এই যে নাম হৈছিল, দাম বাঢ়িছিল কথাটো সহজ ভাবে লব পৰা নাছিল কলিকতাৰ একাংশ চিনে কৰ্মীয়ে, সংগীত কৰ্মীয়ে। সংগীতসূৰ্যৰ কামত বাধা দিছিল, লেং মাৰিছিল। ("মোক মৃণাল সেন আৰু হেমন্ত কুমাৰে লেং মাৰি পেলাই দিলে। মই ব্যবসায়িক ঈৰ্ষাৰ বলি হ'লোঁ। মই সেইখন এৰি দিলোঁ। ময়ো এজন বিমল ৰয় হ'ব পাৰিলোঁহেঁতেন। তেওঁলোকে মোক বিমল ৰয় হ'বলৈ নিদিলে।" --ভূপেন হাজৰিকা)
কথাটো এনেধৰণৰ--, "এৰাবাটৰ সুৰ"ৰ পাছত ভূপেন হাজৰিকাই মনতে ঠিক কৰিছিল এখন বাংলা চিনেমা কৰিব। কাহিনী! এদিন কাহিনী হাতত লাগিল--, মহাদেৱী বাৰ্ম্মাৰ "কাহিনী"। "কাবুলীৱালা"ৰ ছাঁ পৰা কাহিনী। ("গল্পটোত কাবুলীৱালাৰ ছাঁ পৰিছে – এইটো কিন্তু চীনা ফেৰিৱালা। চীনা ফেৰিৱালা এজনে এজনী বঙালী ছোৱালীক ভনী হিচাপে ল'লে, পাচত ফেৰিৱালাজন মৰি গ'ল৷ চীনৰ নানকিঙৰপৰা আহিছিল। পীল বেচি ফুৰে। কথা একেটাই।" --ভূপেন হাজৰিকা) ছাঁ পৰিছে; কিন্তু নকল নহয়। চিত্ৰনাট্যৰ কাম আগবঢ়ালে। সংগীতসূৰ্যই ভাবিছিল চিত্ৰনাট্য লিখাব ঋত্বিক ঘটকৰ হতুৱাই। ভবা মতে নহ'ল, ঋত্বিক বাবু ব্যস্ত। হাতত ঢেৰ চিনেমা। শেষত চিত্ৰনাট্যৰ দায়িত্ব দিলে মৃণাল সেনক। প্ৰযোজনাৰ দায়িত্ব ল'লে হেমন্ত কুমাৰে। "হেমন্ত-ভূপেন প্ৰডাক্সন"ৰ বেনাৰত। চিনেমা খনৰ মহূৰতো হ'ল, যথা সময়ত। ক্লেপষ্টিক দিলে লতা মংগেশকাৰে। কিন্তু হঠাতে হেমন্ত কুমাৰ-মৃণাল সেনৰ মাজত কিবা বুজা পৰা হ'ল। চিনেমাৰ পৰিচালকৰ আসনত হেমন্ত কুমাৰে মৃণাল সেনক বহুৱাই ভূপেন হাজৰিকাক একাষৰিয়া কৰিলে। "হেমন্ত-ভূপেন প্ৰডাশ্বন"ৰ নাম সলনি কৰি "হেমন্ত-বেলা প্ৰডাশ্বন"ৰ নামত চিনেমাৰ কাম আগবঢ়ালে। --হয়, ভূপেন হাজৰিকাৰ "চিনেচিন্তা" নিজৰ কৰি ল'লে মৃণাল সেনে। চিনে ৰাজনীতিৰ মকৰাজালত ভূপেন হাজৰিকাক বন্দী কৰি চিনেযাত্ৰা আৰম্ভ কৰিলে মৃণাল সেনে। মৃণাল সেনে নিজৰ কৰি লোৱা ভূপেন হাজৰিকাৰ সেই চিনেচিন্তাৰ নাম-- "নীল আকাশের নীচে"। সময়ত চিনেমাৰ কাম সম্পূৰ্ণ হ'ল। চিত্ৰগৃহলৈ আহিল। আৰু ঠিক সেই সময়তে "হিন্দী চিনি ভাই ভাই”ত কেনা লাগাত চিনেমা খন দৰ্শকে গ্ৰহণ নকৰিলে। "বজাৰ"ত নচলিলেও সেই চিনেকৰ্মৰ বাবেই প্ৰথমবাৰ চৰ্চালৈ আহিছিল মৃণাল সেন। "রাত-ভোর"ৰ (১৯৫৫) বিফলতাৰ পাছত "নীল আকাশের নীচে" (১৯৫৮) আছিল মৃণাল সেনৰ দ্বিতীয় পৰিচালনা। --এনেদৰে কেইবাবাৰো কলিকতাত শোষিত হৈছিল ভূপেন হাজৰিকা। কলিকতাৰ পৰা আঁতৰাবলৈয়ো ৰাজনীতি, ষড়যন্ত্ৰ কৰিছিল। এগৰাকী বিখ্যাত সংগীত পৰিচালকৰ নিৰ্দেশতে হেনো কলিকতাৰ বাটে-ঘাটে পোষ্টাৰ আৰি দিয়া হৈছিল এই বুলি--, "ভূপেন হাজারিকার ৰক্ত চাই"। কিন্তু ভূপেন হাজৰিকাক লৰাব পৰা নাছিল। যেনেদৰে বেয়া পোৱা অল্প সংখ্যক লোক আছিল, তেনেদৰে ভূপেন হাজৰিকাক ভাল পোৱা, সন্মান কৰা লোকো আছিল কলিকতাত। (আজিৰ তাৰিখতো আছে।) ভাল পোৱা, সন্মান দিয়া সকলৰ বাবেই ভূপেন হাজৰিকা নিজৰ স্থানত স্থিৰ আছিল। ("অসমত ভাষা আন্দোলন আৰম্ভ হ'ল। কলিকতাত পোষ্টাৰ এখন আঁৰিছিল— 'ভূপেন হাজারিকার ৰক্ত চাই’। সূৰ্য্য বৰা মোৰ তাৰপৰা ওলাই গৈছিল পাচদিনা সূৰ্য্য বৰাকো কাটিলে। সি বেচেৰা 'শকুন্তলা' ছবিখনৰ কাৰণেই আহিছিল। আনহাতে উত্তম কুমাৰে কৈছিল—' ভূপেনদা, যদি আপোনাৰ অকণমানো কিবা অসুবিধা হোৱা যেন দেে আপুনি মোৰ ইয়ালৈ গুচি আহিব।'
জ্যোতি বসু তেতিয়া মন্ত্ৰী হোৱা নাছিল। তেওঁ গাড়ী পঠিয়াই দিছিল ভূপেন হাজৰিকাৰ যদি মানসিকভাৱেও অসুবিধা হয়, তেন্তে মাতি আনিবা। তেতিয় কংগ্রেছ মিনিষ্টি আছিল। বিধান ৰায় মুখ্যমন্ত্ৰী আছিল। মায়া মুখার্জ্জী নে কেনাথী নামৰ ডেপুটী মিনিষ্টাৰ এগৰাকী, আৰু আভা মাইতীহঁত আছিল – তেওঁলোৱে মোক আনিবলৈ গাড়ী পঠিয়াই দিছিল। ইয়াৰ গুণ্ডা ল'ৰা কেইটামানে কৈছিল--'আমি একো নকৰোঁ। আমাৰ মৃতদেহৰ ওপৰেদিহে আপোনাৰ মৃতদেহ আহিব। অসমৰ বঙালীখিনি আহি শিয়ালদাহ পাইছেহি আৰু বহুতো তেতিয়া আহ আছিল। সিহঁতে আপোনাক কিবা কৰিব পাৰে।'
মোৰ ‘খুন’ বিচৰা পোষ্টাৰখনৰ ওচৰত জোপ লৈ বহুপৰ ৰৈ আছিল ঋত্বিক ঘটক। যিটো ল'ৰাই দ্বিতীয়খন পোষ্টাৰ লগাবলৈ আহিছিল, তাক চুলিত ধৰি একে চৰতে পঠিয়াই দিলে, ‘কোনে শিকাইছিল তোক ভূপেন হাজৰিকাৰ বিৰুদ্ধে পোষ্টৰ মাৰিবলৈ— এই বুলি। তেতিয়া দেখা গ'ল যে কোনোবা এজন মিউজিক ডাইৰেক্টৰেছ হেনো পোষ্টাৰ মৰোৱাইছিল। সেইটো বৰ নঙঠা কথা হ'ল। ক’বলৈ ভাষাই নাই।" --ভূপেন হাজৰিকা)
"ভূপেন হাজারিকার ৰক্ত চাই", "নীল আকাশের নীচে" বহুতে জনা, সংগীতসূয্যই কৈ যোৱা কথা। এনে ধৰণৰ আৰু বহু কথা আছে, যিবোৰ আঁৰতে থাকি গ'ল।
২০১৮ চনৰ জুলাই মাহৰ এটা দিনত লগ পাইছিলো অম্লান বেনাৰ্জীক, উত্তৰ কলকাতাৰ বইপাড়াৰ কলেজ ষ্ট্ৰীটৰ বিখ্যাত ইণ্ডিয়ান কফি হাউছত। সংগীতৰসিক গৰাকীয়ে কথা প্ৰসংগত কৈছিল-- "ভূপেনদাৰ আৰ্থিক সমস্যাৰ সুযোগ বহুতে লৈছিল। আৰ্থিক সহায়ৰ হাত আগবঢ়াই কলকাতাৰ কেইবা গৰাকীও নামি-দামি সংগীতকাৰে ভৃপেনদাৰ সৃষ্টি নিজৰ কৰি লৈছিল।"
--কোনে কোনে লৈছিল?
--অম্লান বেনাৰ্জীয়ে কৈছিল।
--থাকক, সেই নাম কেইটা উল্লেখ নকৰো।
২০১৯ চনৰ শেষৰ ফালে কলকতালৈ গৈ লগ কৰিছিলো গৌড় পালক। সংগীতসূৰ্যৰ সৈতে কাম কৰা, সংগীত সূৰ্যক সন্মান কৰা বাঁহীবাদক গৰাকীয়ে কথা প্ৰসঙ্গত কৈছিল "দাদাৰ বাবে সংগীত বেপাৰ নাছিল। আৰু বেপাৰ নাছিল বাবেই কলকাতাৰ বেপাৰী সংগীত শিল্পী সকলে দাদাক একাষে ৰাখিবলৈ ভিন্ন কৌশলৰ আশ্ৰয় লৈছিল। কাৰণ দাদাৰ বাবে বহুতৰে বজাৰ বঢ়া নাছিল।"

by: Utpal Mena
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন