সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৬

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৬
নিৰ্বক চিনেমা চাইছিল ভূপেন হাজৰিকাই, চিনেমা নুবুজা বয়সতে। প্ৰমথেশ বৰুৱাৰ চিনেমা। অসমৰ প্ৰমথেশ বৰুৱাই কলিকতালৈ গৈ ধীৰেন্দ্ৰ নাথ গাংগুলীৰ দা ব্ৰিটিছ ডমিনিয়ান ফিল্ম লিমিটেডৰ সৈতে জড়িত হৈছিল। চিনেমাৰ কিছু ধাৰণা লৈ প্ৰমথেশ বৰুৱাই লণ্ডনলৈ যায়: আৰু তাত চিনেমাৰ শিক্ষা লৈছিল। [বিশেষ তথ্য: প্ৰমথেশ বৰুৱাই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় চিনেমাত "কৃত্ৰিম পোহৰ" ( "...He was the first to use artificial light in crimina".) কৌশল ব্যৱহাৰ কৰিছিল।]
--উভতি আহি কলিকতাত বৰুৱা পিক্‌চাৰ্ছ লিমিটেড স্থাপন কৰে। ১৯৩১ চনত বৰুৱা পিক্‌চাৰ্ছৰ বেনাৰত চিত্ৰগৃহলৈ আহে "অপৰাধী"। নিৰ্বাক আছিল প্ৰমথেশ বৰুৱাৰ এই প্ৰথম চিনৈকৰ্ম। ৬ বছৰ বয়সত ভৃপেন হাজৰিকাই গুৱাহাটিৰ বিজুলি (তেতিয়া চিত্ৰগৃহটোৰ নাম বিজুলি নাছিল।) চিত্ৰগৃহত "অপৰাধী" চাইছিল। ইয়াৰ পাছত অভিনয় কৰিছিল, অভিনয় কৰি গীতো গাইছিল জ্যোতি প্ৰসাদ আগৰৱালাৰ "ইন্দ্ৰ-মালতী"ত। এনেদৰে ক'লে ভুল নহব--, ভূপেন হাজৰিকাৰ মন-মগজুত গজা "চিনেমা পোখা"ৰ বীজ-- "অপৰাধী" আৰু "ইন্দ্ৰমালতী"। ("প্ৰমথেশ বৰুৱাৰ নিৰ্বাক, সেই কথা নথকা ছবি খন চোৱাৰ সময়ত মোৰ মনলৈ আহিছিল--. এদিন ময়ো ছবি কৰিম। ছবি মই তেতিয়া আঁকো, কাৰোবাক দেখুৱালে কয় 'ভাল হৈছে" বুলি। মই ঠিক কৰিছিলো এদি গতি থকা ছবি আকিম, কেমেৰাৰে।" --ভূপেন হাজৰিকা) --সময় আগবাঢ়িল। বিদেশৰ মাটিতো মনত, মগজূত চিনমাৰ পোক। সংগীতৰ লগতে চিনেমাৰ বাবেও সময় খৰচ কৰিছিল। বিদেশত বিখ্যাত চিনেমা চাইছিল। ভাৰতলৈ আহি বলৰাজ সাহানি, অশোক কুমাৰ আদিৰ লগত চিনেমা চৰ্চা কৰিছিল।
                  ***********
বিদেশৰ পৰা উভতি আহিছিল ভূপেন হাজৰিকা। এদিন মুম্বাই (তেতিয়াৰ বোম্বাই) পাইছিল। বলিউদ ফুৰিছিল। বলৰাজ সাহানিক লগ কৰিছিল। ( "মই বলৰাজ সাহানিক লগ ধৰিলোঁ। তেতিয়া তেওঁ 'দো বিঘা জমীন' কৰি উঠিছে। তেওঁৰ মুটাৰ এখনহে আছিল, তেতিয়াও গাড়ী কিনিব পৰা নাছিল। মই তেওঁৰ প্লুটাৰত উঠি সাহানিক ভাত খাবলৈ শহুৰৰ ঘৰলৈ নিমন্ত্ৰণ কৰি আনিলোঁ। তেওঁৰ মুঠেই অহঙ্কাৰ। নাছিল। ..." --ভূপেন হাজৰিকা) বলৰাজ সাহানিয়ে এদিন আহি ভূপেন হাজৰিকাক প্ৰস্তাৱ দিছিল "মই কথা আগবঢ়াইছো, ছবি এখনত সংগীতৰ কাম কৰিব লাগিব। অমৰ কুমাৰৰ চিনেমা।"  ভৃপেন হাজৰিকাই ইচ্ছা নকৰিলে। ইচ্ছা নকৰিলে অমৰ কুমাৰৰ সৈতে দ্বিতীয় বাৰ বহাৰ পাছত। এই তথ্য স্পষ্ট নহয়-- চিনেমা খনৰ নাম কি? সম্ভৱতঃ গৰম কোট। চিনেমা খনৰ নাম উল্লেখ নকৰাকৈ বলৰাজ সাহানিয়ে কৈছিল-- "ভূপেন হাজৰিকাক মই কেইবাবাৰো মান্তি কৰাব পৰা নাছিলো। অমৰ কুমাৰৰ সৈতে প্ৰথম বাৰ বহাৰ পাছত চিনেমা খনত কেনেধৰণৰ সংগীত দিব মোক কৈছিল। কিন্তু দ্বিতীয়বাৰ বহাৰ পাছত কৈছিল-- চিনেমা খনৰ বাবে সংগীত ৰচনা তেওঁৰ (ভৃপেন হাজৰিকাৰ) বাবে সম্ভৱ নহয়। পাছত খবৰ কৰি ইমান খিনিয়ে জানিছিলো-- ভূপেন হাজৰিকা 'সংগীতৰ বেপাৰী'নহয়। ভূপেন হাজৰিকাৰ বাবে সংগীত প্ৰাৰ্থনা। ..." (উৎস: Filmindia / Editor: Baburao Patel)
অভিনেতা অশোক কুমাৰেও কৈছিল, "তুমি ইয়াত নোৱাৰিবা! তুমি কি ভাবিছা ইয়াত সেইটো ডাঙৰ কথা নহয়। তোমাৰ চিন্তাৰ বিশেষ গুৰুত্ব নাই। তুমি অসমলৈ যোৱা, তাৰ পৰায়ে আৰাম্ভ কৰা। তুমি অসমৰ পৰা যেতিয়া ভাল কাম কৰিবা, ইয়াতো ভাল কাম কৰা মানুহ আছে, এই ভাল কাম কৰা সকলে তোমাক বিছাৰি অসম পাব! ..." (উৎস: Filmindia / Editor: Baburao Patel)  অৱশ্যে ভৃপেন হাজৰিকাই কৈছিল-- "মই ক'লোঁ— মই ফিল্ম কৰিম, কিন্তু এতিয়া মই একো থিৰাং কৰা নাই। কৰিলে মই শিক্ষামূলক কথাছবি কৰিম - other ideas, let me see. যিটো মই শিকি আহিছোঁ। I have got..." ("পাচত অশোক কুমাৰৰ তালৈ গ'লোঁ। অশোক কুমাৰে মোক ভাত খুৱালে। মোক থৈ আহিবলৈ ভায়েক অনুপ কুমাৰক মোমায়েকৰ ঘৰলৈ পঠিয়াই দিছিল। অশোক কুমাৰে তেতিয়া ‘পৰিণীতা' নামৰ ছবিখন কৰি আছিল। মোৰ এতিয়াও মনত আছে নিউয়র্কত থাকোঁতে যে অশোক কুমাৰে 555 চিগাৰেট খাইছিল। হাটৰ অসুখৰ কাৰণে পাচত খাবলৈ এৰিলে। তেওঁ নিজে চিগাৰেট অনাই মোক খাবলৈ দিছিল। বিমল ৰয়ে মোলৈ চাইছিল। মীনাকুমাৰীয়ে বঙালী সাজ-পাৰ পিন্ধি ঘৰ এটাত আছিল। ছেটতে। অশোক কুমাৰে ধুতী পিন্ধিছিল। শ্বটটো ল’বলৈ সকলো সাজু হৈছিল। কিন্তু মই অহা কাৰণে হুলস্থূল লাগি গ'ল। হুলস্থুল লগালে অশোক কুমাৰে নিজেই। তেওঁৰ বোম্বে টকীজৰ শীত-তাপ নিয়ন্ত্রিত কোঠালৈ নি মাছ-ভাত খুৱাইছিল। তেওঁ মোক সুধিলে--  তুমি ফিল্মত কিবা কৰিবা নেকি?
মই ক'লোঁ— মই ফিল্ম কৰিম, কিন্তু এতিয়া মই একো থিৰাং কৰা নাই। কৰিলে মই শিক্ষামূলক কথাছবি কৰিম - other ideas, let me see. যিটো মই শিকি আহিছোঁ। I have got
তেওঁ মোক আকৌ সুধিলে Are you interested in Indian Film Industry?
মই ক'লোঁ : এতিয়ালৈকে মই একো ভবাই নাই।" --ভৃপেন হাজৰিকা)
উভতি অসম পাইছিল। ভূপেন হাজৰিকাৰ মনত অশোক কুমাৰে যি কৈছিল, সেয়া মনৰ দ লৈকে শিপাইছিল। আৰু এদিন আৰম্ভ কৰিছিল "এৰা বাটৰ সুৰ"। সচাকৈয়ে, অশোক কুমাৰে কোৱাৰ দৰে অসমৰ মাটিত কৰা চিনেকৰ্মৰে বলিউদৰ বহুতে ভৃপেন হাজৰিকাৰ "জোনাক-জোনাক" সংগীত অনুভৱ কৰিছিল। অনুভৱ কৰা সকলৰ মাজৰে এটা নাম-- আত্মা ৰাম। "আৰোপ" (১৯৭৩)ৰ পৰিচালক। (ক্ৰমশ:)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...