Parvati Prasad Baruva
সেইসময়, ছবিলৈ কথা অহাৰ সময়, ছবিক গতি দি চৰিত্ৰৰ মুখত সংলপ দিয়াতে সফলতা বিছৰাৰ সময়। "জয়মতী"(২০ মাৰ্চ, ১৯৩৫), "ইন্দ্ৰ-মালতী" (১ আগষ্ট, ১৯৩৯) ৰে জোতিপ্ৰসাদ আগৰৱালাই অসমতো চিনেমা নিৰ্মাণৰ পৰিবেশ গঢ়ি তোলাৰ পাছৰ সময়। তৃতীয় খন অসমীয়া চিনেমা চিত্ৰগৃহলৈ আহিছিল (ৰোহিনী কুমাৰ বৰুৱাৰ ‘মনোমতী’) ১৯৪১ চনৰ ৩ এপ্ৰিলত। চিনেমা খনৰ দুটা প্ৰিণ্টেৰে (১৯৬৭ চনত আৰু এটা নতুন প্ৰিণ্ট উলিওৱা হৈছিল।) বজাৰ দখল কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু "ইন্দ্ৰ-মালতী"ৰ দৰে "বজাৰ সফলতা" পোৱা নাছিল। এই চিনেমা খনৰ বজাৰ আৰু কাৰিকৰী ত্ৰুটি অধ্যয়ণ নকৰাকৈয়ে চতুৰ্থ খন অসমীয়া চিনেমা পৰিচালনা কৰিছিল পাৰ্ৱতি প্ৰসাদ বৰুৱাই। -- এই যে অধ্যয়ণ কৰা নাছিল, সম্ভৱতঃ সেই বাবেই কেমেৰাৰ কামত খুঁত ৰৈ যোৱা বাবে আৰু বজাৰ পৰিকল্পনা নথকাৰ বাবে সফলতাৰ মুখ নেদেখিলে। চিনেমা খনৰ প্ৰিণ্টৰ সংখ্যা আছিল দুটা। চিনেমা খনৰ প্ৰযোজক "বৰুৱা বোলছবি, ৰূপালী পাম"-ৰ প্ৰায় ১৮ হাজাৰ টকা লোকচান হৈছিল। এই লোকচানে অৱশ্যে পাৰ্বতি প্ৰসাদ বৰুৱাক দুখ দিয়া নাছিল। ("...বোলছবি খন চলিলে এনে ধৰণৰ কাম আৰু কৰিবলৈ উৎসাহ পালো হেতেন। লাভ হ'লে এনে ধৰণৰ নতুন কামত লভ্যাংশ খটুৱাব পাৰিলো হেতেন। চলা যে নাই, এই কথা মনলৈ আনি মই দুখ নকৰো। অসমীয়া বোলছবি এখন কৰা উচিৎ বুলি মনতে ভাবিছিলো। ভবা ধৰণে কৰিলো। কৰি মই সুখ অনুভৱ কৰিছো।" --পাৰ্বতি প্ৰসাদ বৰুৱা।)
কমলেশ্বৰ চলিহাৰ এটা চুটি গল্পৰ আধাৰত "ৰূপহী"ৰ চিত্ৰনাট্য ৰচনা কৰিছিল পাৰ্বতি প্ৰসাদ বৰুৱাই (সংলাপ: পদ্মধৰ চলিহা, মোক্ষদা চলিহাৰ)। কাহিনী নিৰ্মাণ কৰিছিল ভূমি আৰু চম্পা নামৰ চৰিত্ৰ দুটাক কেন্দ্ৰ কৰি। লুইতপৰীয়া এখনি সৰু গাঁও--ৰূপহীমুখ। এই গাঁও খনতে ডাঙৰ-দীঘল হোৱা ভূমি-চম্পাই ঘৰ পতাৰ সপোন দেখিছিল। সপোনৰ বাধা হয় মায়াৰাম। বৰমেধি মায়াৰামৰ ঘৰত থাকি ডাঙৰ-দীঘল হোৱা ঘাট-মাউৰা চম্পাক ধনৱান মানুহলৈ বিয়া দি টকা ঘটাৰ মনলৈ আনে; আৰু মায়াৰামে সুন্দৰী চম্পাক বিয়া দিম বুলি নগৰৰ উকীল বিশ্বকান্ত হাজৰিকাৰ পৰা টকা সৰকাই। এই কু-কাৰ্যত সহায় কৰে বিশ্বকান্ত হাজৰিকাৰ মহৰী ধনঞ্জয় দত্তই। ৰূপালী গল্প আগবাঢ়ে। কাহিনীলৈ আহে নগৰৰ আঢ্যৱন্ত ভদ্ৰলোক হৰপ্ৰসাদ বৰুৱাৰ সন্তান কনক-মিনতি, আভিজাত্যভিমানী মৃদুলা আদি চৰিত্ৰ। -- ছায়াবাজি দেখুৱাই ফুৰা ৰৱিণ বেজবৰুৱা নামৰ লোক এজনৰ সহায়ত "ৰূপহী"ৰ টুকুৰা কেইটামানহে দেখিছিলো, সম্পূৰ্ণ চিনেমা খন চোৱা নাই। (চিনেমা খনৰ প্ৰিণ্ট দুটাৰ এটা-- ১৯৭৮ চনত সোণাৰিৰ চিত্ৰগৃহত জুই লাগিছিল, সেই সময়তে ভস্মীভূত হয়। কলিকতাৰ ফিল্ম ছাৰ্ভিছেছৰ গুদাম ঘৰত থকা আনটো প্ৰিণ্ট আৰু নিগেটিভো নষ্ট হয়।) চোৱাৰ সুযোগ নাপালো। চোৱা টুকুৰা আৰু বিভিন্ন উৎসহৰ পৰা ধাৰণা কৰি লৈছো এই ৰূপালী গল্প। বিভিন্ন চৰ্চাত পোৱা গৈছে --মূল গল্পটোৰ সৈতে "ৰূপহী" ৰূপালী গল্পটোৰ মিলহে আছে, মূল গল্পটোৰ চিত্ৰৰূপ নহয়। কোৱা হয় এই চিনেমা খনৰ সৌন্দৰ্য বঢ়াইছিল সংগীতে। সংগীতৰ কামো স্বাভাৱিকতে পৰিচলক গৰিকীয়ে নিজে কৰিছিল। আৰু স্বাভাৱিকতে থলুৱা গীত-সংগীত ব্যৱহাৰ কৰিছিল।
অতুল চন্দ্ৰ হাজৰিকাই লিখিছিল --"বিখ্যাৎ গ্রামোফোনশিল্পী দুর্গাপ্রসাদ দত্তই এই ছবিত ‘বজালে আহিনে বাঁহী নে বীণ’ নামৰ গীত এটা ৰচনা কৰি নিজে সুৰ দি গাইছিল।" আৰু পাৰ্বতি প্ৰসাদ বৰুৱাই স্বৰচিত বনগীতসুৰীয়া গীত আৰু নামঘোষাৰ পদেৰে ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়াইছিল। মূলতঃ থলুৱা গীত-সংগীতৰ ব্যৱহাৰৰ বাবে ৰূপালী গল্পটো খাটি অসমীয়া-অসমীয়া লাগিছিল বুলি কথা প্ৰসংগত লেখক-পৰিচলক, অভিনেতা লক্ষ্যধৰ চৌধুৰীয়ে আমাক কৈছিল। ৰাজনীতিক লক্ষ্যধৰ চৌধুৰীয়ে আৰু কৈছিল-- "পাৰ্বতি প্ৰসাদ বৰুৱাই ছবি খনত মহন্ত এজনৰ ভাও লৈ সুললিত কণ্ঠেৰে নামঘোষাৰ পদ গাই দৰ্শকক মোহিত কৰিছিল।"
--চিনেমা খনত ব্যৱহাৰ কৰিছিল "জোনাক জোনাক শীতল জোনাক..." (কথা-সুৰ: পাৰ্ৱতি প্ৰসাদ বৰুৱা, কণ্ঠ;পুণ্য কোঁৱৰ) , "বজালে আহিনে বাঁহী নে বীণ..." (কণ্ঠ: দুৰ্গা প্ৰসাদ দত্ত), "নোবোলো তোক সোণৰ অসম..." (কথা-সুৰ: পাৰ্ৱতি প্ৰসাদ বৰুৱা , কণ্ঠ: তৰুণ হাজৰিকা আৰু চাৰু বৰদলৈ), "প্ৰিয়তম তুমি আহিবা বুলি.." (কথা-সুৰ: পাৰ্ৱতি প্ৰসাদ বৰুৱা, কণ্ঠ: দুৰ্গা ফুকন), "তোৰ নাই যে বন্ধোৱা বাট ..." (কথা-সুৰ: পাৰ্ৱতি প্ৰসাদ বৰুৱা, কণ্ঠ: চাৰু বৰদলৈ), "অকলশৰীয়া বাটৰুৱা..." (কথা-সুৰ: পাৰ্ৱতি প্ৰসাদ বৰুৱা, কণ্ঠ: তৰুণ হাজৰিকা), "হাতৰ হেৰোৱা ধন বাটত হেৰা পায়.. " (কথা-সুৰ, কণ্ঠ: পাৰ্ৱতি প্ৰসাদ বৰুৱা পাৰ্ৱতি প্ৰসাদ বৰুৱা) । অভিনয় কৰিছিল-- ডানকান আচাও (ভূমি), কানন চক্ৰবৰ্তী (চম্পা)
গৌৰী কাকতি (কনক),পুণ্য কোঁৱৰ (মৃদুলা), শৈলেন ফুকন (বিশ্বকান্ত), পদ্মধৰ চলিহা (হৰপ্ৰসাদ), সুভা দত্ত (মিনতি), সূৰ্য বৰুৱা (মায়াৰাম), দুলাল গোস্বামী (ধনঞ্জয়), মণিকা নাজিৰ (কেতেকী), প্ৰদীপ চলিহা (পৱন), তৰুণ হাজৰিকা (গগন), চাৰু বৰদলৈ (অমৰ), পাৰ্বতি প্ৰসাদ বৰুৱা (আনন্দ), দুৰ্গা ফুকন (বেজ), বাপুৰাম বৰা (গোচৰীয়া), এছ. এম. মহবুবুল্লা (ডাক্তৰ), শৰৎ বৰা (দাৰোগা), ৰাম দত্ত (লাটুম) আদিয়ে। অভিনয় প্ৰসংগত অতুল চন্দ্ৰ হাজৰিকাই লিখিছিল-- "প্রসিদ্ধ অভিনেতা পদ্মধৰ চলিহা, শৈলেন্দ্রনাথ ফুকন, ডানকান আচাও (ইভা আচাওৰ ককায়েক) আৰু গৌৰীনাথ কাকতী ছবিৰ মুখ্য ভূমিকাত ওলাইছিল। নাৰী-ভূমিকাত আছিল পুণ্য কোঁৱৰ, কানন চক্রৱর্তী আৰু মণিকা নাজিৰ। প্রফুল্লচন্দ্ৰ বৰুৱা এম-পি আৰু স্বৰ্গীয় যাদৱপ্রসাদ চলিহাকো দুটা সৰু ভাৱত দেখা গৈছিল। ...মায়াৰাম নামৰ তৰণী এজনৰ ভাও দক্ষতাৰে ৰূপায়িত কৰিছিল গোলাঘাটৰ সূৰ্য বৰুৱাই। বৰুৱা গোলাঘাটৰ এমেছাৰ থিয়েটাৰৰ এগৰাকী খুহুটীয়া সৰবৰহী অভিনেতা। এওঁ জীৱনৰ আধা বয়সত ভৰি দিও আজিলৈকে মঞ্চাভিনয়ৰ লগত জড়িত হৈ আছে। ...তেওঁ (পাৰ্বতি প্ৰসাদ বৰুৱাই) নিজে ৰূপায়িত কৰা সুদর্শন মহন্তজনৰ চৰিত্ৰটোৱেই বোলছবিত জাকত জিলিকা হৈছিল বুলি নিঃসন্দেহে কব পাৰি।"
অতুল চন্দ্ৰ হাজৰিকাই আৰু লিখিছিল-- "...চতুর্থ অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল সোণাৰিৰ সোণালী পামৰ গীতিকৱি পাৰ্ৱতি প্ৰসাদ বৰুৱা আৰু তেওঁৰ ভাতৃসকলে। এই ছবিখন কেনেভাৱে আৰু কি আলৈ-আহুকালৰ মাজেদি তোলা হৈছিল সেই সকলো কথা বৰুৱাদেৱে আমাক বিতংভাৱে জনাম বুলি কথা দিছিল। দুখৰ বিষয় তেওঁৰ শয্যাশায়ী ৰোগে আৰু অকাল মৃত্যুৰ বাবে সেইটো হৈ নুঠিল-আলচা কথা আলচাতে থাকিল।"
পদ্ম বৰকটকী আৰু পবিত্ৰ কুমাৰ ডেকাৰ ৰচনাত পাইছো এই কেইটা তথ্য-- ১৯৪১ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ 'সতী টকী হাউছ' ( 'বিজুলী')-ত মুক্তি দিয়া "ৰূপহী"ৰ প্ৰিমিয়াৰ শ্ব' হৈছিল ১৯৪১ চনৰ ৩০ আগষ্ট তাৰিখে কলিকতাৰ 'পূৰবী থিয়েটাৰ'ত। চিত্ৰগ্ৰহণ কৰিছিল মাজুলী আৰু কলিকতাৰ 'শ্ৰী ভাৰত লক্ষ্মী ষ্টুডিঅ'ত। দক্ষিণপাট সত্ৰৰ ৰাস-নৃত্য আৰু ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। অসমত গ্ৰহণ কৰা দৃশ্যাংশৰ ত্ৰুটি থকাত বাদ দিয়া হয়। বাদ দিয়া বাবে চিত্ৰনাট্য সলনি কৰি কলিকতাত সাজি লোৱা ছেটত দৃশ্যগ্ৰহণ কৰা হয়। চিত্ৰগ্ৰহণ কৰিছিল ধীৰেন দে (কলিকতা) আৰু বিভূতি দাসে।
-----------------------------------------
উৎস:
১। মঞ্চলেখা ( লেখক: অতুলচন্দ্ৰ হাজৰিকা)
২। ৰূপকাৰ ( সম্পাদক: পবিত্ৰ কুমাৰ ডেকা)
৩। চিত্ৰবানী (সম্পাদক: গৌৰ চট্টোপধ্যায়)
৪। অসমীয়া চিনেমা (লেখক: উৎপল মেনা)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন