সরাসরি প্রধান সামগ্রীতে চলে যান

অসমত নাট্যকাৰৰ আকাল নেকি, ৰচনা আৰু পৰিচালনাৰ ক্ষেত্ৰত মৌলিক চিন্তা কৰিব পৰা মানুহৰ আকাল হৈছে নেকি। ... অসমত 'বিষয়বস্ত'ৰ আকাল নেকি? আসমৰ লোককথা, লোকগীতৰ ভঁৰাল খন শূন্য নেকি?

কলকাতা আৰু অসমৰ নাট্যচর্চাৰ পৰিবেশ যদি তুলনা কৰা হয়, সন্দেহ নৰখাকৈ কব পাৰি, 'আকাশ-পাতাল'। বিনোদন সর্বস্ব, অর্থ সর্বস্ব 'নাট্যচিন্ত'-ই কোঙা কৰি পেলাইছে বহু নাট্য প্রতিভাক। দুষিত কৰিছে 'নাট্য পৰিবেশ। ক'ব পাৰি মূলতঃ চেঙেলীয়া মনৰ নাট্যকাৰ-প্ৰযোজকৰ তথাকথিত নাট্যচৰ্চাৰ বাবেই ঘুণে ধৰিছে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ নেতৃত্বত গঢ়ি উঠা অসমীয়া
নাট্যচর্চাৰ বুনিয়াদত। আমি ঢুকি পোৱা সময়ত 'বৈতনিক অবৈতনিক' দুয়োটা শিবিৰতে সুস্থ নাট্যচর্চাৰ পৰিবেশ গঢ়ি উঠিছিল। এটা শিবিৰৰ নেতৃত্বত আছিল ৰতন লহকৰ, প্রশান্ত হাজৰিকা আদি প্রযোজক। আনটো শিবিৰত আছিল অৰুণ শর্মা, আলী হাইদৰ, বাহাৰুল ইছলাম, কৰুণা ডেকা, ৰমণী বৰ্মণ আদি নাট্যকর্মী। নাট ৰচনা, পৰিচালনাৰ শৈলী আছিল ভিন্ন, কিন্তু উদ্দেশ্য  যেন একেটাই আছিল-- মহৎ নাট্য সৃষ্টি, অসমীয়া  নাট্য-সাহিত্য চহকী কৰা। সফলো হৈছিল। কম সময়ৰ ভিতৰতে "বৈতনিক-অবৈতনিক' নাট্যগোষ্ঠীৰ মাজত থকা ৰেখাডাল  অস্পষ্ট হৈ পৰিছিল। অৰুণ শৰ্মা, ড° ভবেন্দ্র নাথ শ‍ইকীয়া, মহেন্দ্ৰ ঠাকুৰে 'বৈতনিক' ভ্রাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। ৰতন লহকৰৰ প্রযোজনাত 'অবৈতনিক শিবিৰে মঞ্চস্থ কৰিছিল 'গুবাহাটী গুৱাহাটী'ৰ দৰে নাটক। 'বৈতনিক' ভ্রাম্যমাণ থিয়েটাৰ কাহিনৰ, আৱাহন,  আৰু হেঙুলৰ মঞ্চত অসমীয়া নাটকে বিশেষ স্তৰ পাইছিল। প্রশান্ত হাজৰিকাৰ প্ৰয়োজনা-পৰিচালনাৰে মঞ্চস্থ 'মুখ্যমন্ত্ৰী'ৰ দৰে উচ্চ নাট্যচিন্তাৰ নাটক  অসমত খুউব কম মঞ্চস্থ হোৱা বুলি কব পাৰি। কৃষ্ণ ৰয়ৰ  আৱাহনত মধ্যস্থ হোৱা ড ভৱেন্দ্ৰ নাথ শ‍ইকীয়ার নাটকে এক বিশেষ শৈলীৰ সৃষ্টি কৰিছিল। সময়ত সেই বিশেষ শৈলাৰ নাটকৰ দর্শক সৃষ্টি হৈছিল। এই নাটকসমূহ আছিল অতি উন্নত পৰ্যায়ৰ। আনহাতে, ৰতন লহকৰৰ প্রযোজনা, 'চিন্তাৰে কহিনুৰ থিয়েটাৰ মঞ্চস্থ হৈছিল 'বিষ্ণু প্রসাদ', 'হে মহানগৰ', 'মাটির গাড়ী' 'সৰাগুৰিৰ চাপৰি' আদিৰ দৰে 'বিশ্ব নাট্য মঞ্চ' পর্যায়ৰ নাটক। এই  শ্ৰেষ্ঠ নাট্যচিন্তাৰ বিপৰীতে নাট্যদল তিনিটাত যে 'বেপাৰী চিন্তা', 'গ্লেমাৰ' আমদানি হোৱা নাছিল, তেনে নহয়। কিন্তু সদায় নাট্যচিন্তাৰ মাজত থাকিহে 'বেপাৰী চিন্ত' কৰিছিল। আজিৰ তাৰিখত কিন্তু ভ্রাম্যমাণ থিয়েটাৰৰ নাটক নাট্যচিন্তা 'বেপাৰৰ চিন্তা'ত বন্দী। সৰহসংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰৰ মালিকৰ বাবে 'নাটক প্ৰযোজনা' এতিয়া 'প্রডাক্ট' বিক্ৰীৰ দৰে। কিন্তু কিমান দিন? "বিজ্ঞাপন'ৰ চমকেৰে আৰু কিমান দিন "ক্ৰেতা"ক (দর্শকক) আকর্ষণ কৰিব পাৰিব। প্ৰদূষিত নাট্যচিন্তাৰে আৰু কিমান বাট বুলিব! --হয়, বলিউড আৰু দক্ষিণ ভাৰতীয় চিনেমাৰ 'কপি প্ৰীতি' আৰু তৰল শৈলীয়ে প্ৰদূষিত কৰিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ 'নাট্যচিন্তা'। আৰু এই 'প্ৰদূষণ বিয়পিছে অসমৰ 'অবৈতিক' মঞ্চলৈ। 
বলিউড আৰু দক্ষিণ ভাৰতৰ চিনেশৈলীয়ে গিলি পেলোৱা অসমৰ নাট্যচর্চা পৰিবেশটো মনত ৰাখি স্বাভাবিকতে দুটা প্ৰশ্ন উত্থাপন কৰিব পৰা--
(১) অসমত নাট্যকাৰৰ আকাল নেকি, ৰচনা আৰু পৰিচালনাৰ ক্ষেত্ৰত মৌলিক চিন্তা কৰিব পৰা মানুহৰ আকাল হৈছে নেকি। 
২) অসমত 'বিষয়বস্ত'ৰ আকাল নেকি? অসমৰ লোককথা, লোকগীতৰ ভঁৰাল খন শূন্য নেকি? 
--নাই, ইয়াৰে এটাৰো আকাল নাই। অসমৰ লোকসাহিত্যৰ ভঁৰাল অতি চহকী। উদাহৰণ হিচাপে এই নাটক কেইখনৰ নাম উল্লেখ কৰিব পাৰি--'চং', "মোৰে মলুৱা', 'এজন ৰজা আছিল', 'হাতী আৰু ফান্দী', শৰাগুৰি চাপৰি, 'বায়নৰ খোল', নিলাজ মানুহৰ দেশত', 'যুগসন্ধিৰ কাব্য', 'হনুমান সাগৰ বান্ধা চাও', 'শুন্য শুন্য সভাসদ', 'মৰাহাতী, 'তেজীমলা', 'কমলা কুঁৱৰীৰ সাধু',  আদি। এই নাটক কেইখনত অসমৰ লোককথা, লোক সংগীতৰ অপূৰ্ব  প্ৰয়োগ স্পষ্ট।
নলবাৰীৰ চামতাত আমি উপভোগ কৰিছিলো 'চং'। ৰমনি বৰ্মণৰ পৰিচালনা। কৰুণা ডেকাই ৰচনা কৰা নাটক খনৰ বিষয় বস্তু --কৈহাটীৰ ঢুলীয়া (কামৰূপীয়া ঢুলীয়া!) সংস্কৃতি। (ক্ৰমশ:)
by:Utpal Mena (Belsor)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...