সরাসরি প্রধান সামগ্রীতে চলে যান

"বুম্বা ৰাইড" এই শৈলীৰ সবল খোজ


স্থিৰ কেমেৰাৰ গতি। স্থিৰ বিষয়বস্তুৰ গতি। স্থিৰ ফ্ৰেম৷ উন্মুক্ত সেউজীয়া বননি। মাজত  দুজোপা বৃক্ষ, মিড লং শ্বটত। ফ্ৰেমৰ ছবিয়ে পেইটিঙৰ আকাৰ লৈছে। মন চুই যোৱা এই ৰূপালী "পেইটিং" খনে ৰূপালী গল্পটোৰ প্ৰতি আগ্ৰহ বঢ়াইছে দৰ্শকৰ। আগ্ৰহ বঢ়াইছে ঠিক সেই সময়ৰ পৰা, যেতিয়া বৃক্ষ দুজোপাৰ এজোপাত বগাই উঠাৰ চেষ্টা কৰিছে এটি কিশোৰে৷ চেষ্টা কৰিছে, বাৰে বাৰে ব্যৰ্থ হৈছে। বিষয়বস্তুই "গল্প"ৰ আকাৰ লোৱাৰ পূৰ্বেই কিশোৰ বিন্দুটোৱে চিনেমেটিক গতি কৰিছে, আৰু দৰ্শকে জানিছে কিশোৰৰ নাম মুম্বা। (চিনেমাৰ নাম-- "বুম্বা ৰাইড"। বিশ্বজিৎ বৰাৰ পৰিচালনা) বুম্বা বিন্দুটোৰ সৰল ৰৈখিক গতিৰে পৰিচালকে গল্পলৈ যোৱাৰ আগতে চিনেমা খনৰ ভূগোল স্পষ্ট কৰিছে। সাৱধানেৰে বুম্বা "বিন্দু"ক গল্পৰ মাজত প্ৰৱেশ কৰাইছে, বিষয়বস্তুৰে বান্ধিছে। গল্পৰ বিন্যাসৰ লগে লগে স্পষ্ট কৰাইছে চিনেমা খনৰ ইতিহাস। এই যে ইতিহাস স্পষ্ট কৰিছে, ভূগোল স্পষ্ট কৰিছে --এয়া পৰিচালকৰ প্ৰথম সফলতা। পৰিচালকৰ দ্বিতীয় সফলতা-- বাস্তৱসন্মত অভিনয় (realistic acting)-ৰে নিৰ্মাণ কৰা চৰিত্ৰ। মুম্বাৰ চৰিত্ৰত অভিনয় কৰা কিশোৰ ইন্দ্ৰজিৎ পেগুৰ অভিনয় মগজু চুই যোৱা, মনত ৰৈ যোৱা। (ইন্দ্ৰজিৎ পেগুৰ সৈতে কথা পতিছিলো চিনেমা খনৰ প্ৰীমিয়াৰ শ্ব'ৰ পাছত। অভিনয় নাজানে! অভিনয় নুবুজে। -- নজনা-নুবুজাকৈয়ে কৰিছে হৃদয়স্পৰ্শী অভিনয়। ভাৰতীয় চিনেমান প্ৰাণ থকা এনে বাস্তৱসন্মত অভিনয় কম দেখা যায়। স্বাভাৱিক ভাবে কথা কৈছে, স্বাভাৱিক আছৰণ কৰিছে।) খোকোজা নৰখাকৈ ক'ব পাৰি কেমেৰাৰ ভাষাৰ সু-পৰিকল্পিত গাণিতিক প্ৰয়োগ, মেডহীন সংলাপেৰে গতি দিয়া এই চিনেমা খনৰ প্ৰধান সৌন্দৰ্য ইন্দ্ৰজিতৰ অভিনয়। 
পৰিচালক তৃতীয় সফলতা-- cinematic language কেন্দ্ৰীক গল্প নিৰ্মাণ। চিনেমা খনত মিছিং ভাষাৰ সংলাপ ব্যৱহাৰ কৰা হৈছে। পৰিচালকৰ সু-পৰকল্পিত কেমেৰাৰ ভাষা গ্ৰয়োগে দৰ্শকক গল্প বুজাত সহায় কৰিছে। দৰ্শকে সহজতে সোমাই গৈছে ৰূপালী গল্পটোৰ পানেই-জংকি প্ৰাথমিক স্কুলখনলৈ। ছাত্ৰ মাত্ৰ এজন-- বুম্বা। ঘৰৰ পৰায়ে বুম্বাক স্কুললৈ লৈ যায় শিক্ষকে। পঢ়াত মন নাই, খোৱাতহে মন। শিক্ষকেও বুম্বাৰ ইচ্ছা পূৰণ কৰে। আন বাট নাই! একমাত্ৰ ছাত্ৰ বুম্বাই যদি স্কুল এৰি যায়! চৰকাৰী স্কুল খনত পঢ়িবলৈ, পঢ়ুৱাবলৈ আন ছাত্ৰ নাই। সৰহ সংখ্যকেৰে পঢ়াত মন নাই। যি সকলৰ আছে, সৰহ সংখ্যকেই ইংৰাজী মাধ্যমৰ স্কুল খনত পঢ়ে, আনকি পানেই জংকি প্ৰাথমিক স্কুলখনৰ শিক্ষকৰ সন্তানেও। চিনেমা খনৰ কেইটামান ছিকুৱেন্সত স্পষ্ট কৰা হৈছে চৰকাৰী বিদ্যালয় একাংশ লোকৰ বাবে ব্যৱসায় মাত্ৰ। বুম্বাক বিদ্যলয় খনৰ শিক্ষকৰ বাবে প্ৰয়োজন "ব্যৱসায়"ৰ বাবে। বিদ্যালয়ৰ ঘৰ নিৰ্মাণৰ বাবে টকা আহে, টকা শিক্ষক-বিষয়া মিলি হজম কৰে। বিদ্যালয়লৈ অহা বিনামূলীয়া কিতাপ কেজিৰ জোখত বিক্ৰী কৰে। স্কুল চাবলৈ শিক্ষা বিষয়া আহিলে হাজিৰা দি ল'ৰা-ছোৱালী আনি শ্ৰেণীত বহুৱাই। আৰু মিডডে’ মিলৰ দুৰ্নীতি ইত্যাদিও স্পষ্ট হৈছে চিনেমা খনৰ গল্পই গতি কৰা সময়ত। কব পাৰি অসমৰ শিক্ষা ব্যৱস্থাৰ ৰূঢ় সত্য স্পষ্ট হৈছে পানেই জংকি প্ৰাথমিক স্কুলখনৰ মাজেৰে। 
পৰিচিলক-চিত্ৰনাট্যকাৰ বিশ্বজিৎ বৰাৰ আন এক সফলতা-- কম ফুটেজতে ৰূপালী গল্পটোৰ সমাজ খনৰ সংস্কৃতি-অৰ্থনীতিৰ ছবি খন দেখুৱাইছে। এই যে দেখুৱাইছে এয়া চিত্ৰনাট্য ৰচনাৰ সময়ত কৰা পৰিশ্ৰমৰ ফচল (আমাৰ ধাৰণাত। আৰু এই চিনেমা খনৰ চিত্ৰনাট্য ৰচনাত পৰিচালকে পৰিশ্ৰম কৰিছে ছয় বছৰ। আৰু এই পৰিশ্ৰমৰ বাবে সম্ভৱ হৈছে এই মৌলিক চিনেকৰ্ম।)
--এই খিনিতে চিনেমাটোগ্ৰাফীৰ বাবে জিতেন বড়ো, অতুল স্বৰ্গীয়াৰীক অৱশ্যেই প্ৰশংসা কৰিব লাগিব। এই দুগৰাকী দৃশ্য গ্ৰহণকাৰীৰ সহায়তে পৰিচালকে নিজে লিখা চিত্ৰনাট্য খনক ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে।
শেষত:
পৰিচালক বিশ্বজিৎ বৰাৰ পৰিচালনা শৈলী দুটা ট্ৰেকত আগবাঢ়িছে। এটা শৈলী আৰম্ভ হৈছে "Aisa Yeh Jahaan"-ৰে। এই শৈলীৰে আন এখন পৰিচালনা "ফেঁহুজালি"। "বুম্বা ৰাইড" এই শৈলীৰ সবল খোজ।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...