শব্দ! পুৱাৰ পৰিৱেশ। প্রথম শ্বট। ক্লোজআপ। ছাবজেক্ট ‘নাৰী চৰিত্ৰ”। বিছনাত । সাৰ পায়। যেন শব্দত সাৰ পায়! বিছনা এৰে। কেমেৰা পেন কৰে। দৰ্শকে দেখে শব্দৰ উৎস। বাঢ়নীৰে চোতাল সৰাৰ শব্দ। ‘নাৰী চৰিত্ৰ' ই ঘৰটোৰ পিছলৈ যায়। দাঁত মাজে। মুখ ধোৱে। পিন্ধি থকা ফ্ৰকটোতে হাত-মুখ মচে।
“মা তই চাহ খাবিনে ?'— 'নাৰী চৰিত্ৰ'ৰ মুখত প্ৰথম সংলাপ, চিনেমাখনৰ প্রথম সংলাপ। চিনেমাখনৰ নাম ‘ব্ৰিজ’। কৃপাল কলিতাৰ পৰিচালনা ।
আগষ্ট, ২০১৮ -ত কৃপাল কলিতাৰ সম্পূৰ্ণ নোহোৱা চিনেকৰ্মৰ কেইবাটাও ছিকুরেন্স চাইছিলো। চিনেকৰ্মৰ নাম— 'জোনাকী'। জোনাকী নামৰ ছোৱালী এজনীৰ ‘গল্প’ কৈছে, 'সাহিত্য’ক গুৰুত্ব দি। অনুভৱ কৰিছিলো-- পৰিচালকৰ 'কেমেৰাৰ ভাষা'ৰ প্ৰতি আগ্ৰহ কম। সেই 'জোনাকী'য়ে এতিয়া দেশ-বিদেশের চিত্ৰৰসিকক সন্তুষ্ট কৰিছে (সন্তুষ্ট কৰাৰ খবৰ পাইছো) 'ব্ৰিজ' নামেৰে।
শেহতীয়া খবৰ: 'ব্ৰিজ' নিৰ্বাচিত হ’ল ‘পেনোৰামা'ত প্ৰদৰ্শনৰ বাবে। 'ভাৰতীয় পেনোৰামা'ৰ বাবে নিৰ্বাচিত হোৱাৰ পাছতে কৃপাল কলিতাই চিনেমা খন দেখুৱালে। ‘কেমেৰাৰ ভাষাৰে' আৰম্ভ কৰিছে, 'কেমেৰাৰ ভাষা'ৰ সু-ব্যৱহাৰ স্পষ্ট, কিন্তু 'গল্প' আগুৱাই নিয়াত গুৰুত্ব দিছে 'সাহিত্যৰ ভাষা'ক।
‘গল্প’আগবাঢ়ে। ‘গল্পই গতি লোৱাৰ সময়তে 'সাহিত্যৰ ভাষা'ত পৰিচালকে জানিবলৈ দিয়ে ‘নাৰী চৰিত্ৰ'ৰ নাম — জোনাকী। জোনাকীক কেন্দ্ৰ কৰি পৰিচালকে ‘গল্প’টো নিৰ্মাণ কৰিছে। জোনাকীক কেন্দ্ৰ কৰি এখন গাঁৱৰ ছবি দেখুৱাইছে। গাঁওখন ৰাজ্যৰ আন ঠাইৰ পৰা বিচ্ছিন্ন। বাট-পথ নাই। দলং নাই— নদী এখনে বিচ্ছিন্ন কৰি ৰাখিছে গাঁওখনক। নদীৰে যাতায়াতৰ একমাত্ৰ মাধ্যম কলগছৰ ভেল এখন। এই যাতায়াত ব্যৱস্থাৰ বাবে সেই গাঁওখনৰ ছোৱালীৰ সৈতে বিয়া পাতিব নোখোজে অন্য প্ৰান্তৰ লোকে । এয়া চিনেমাখনৰ বিষয়বস্তু'। বিষয়বস্তুলৈ বানপানী সমস্যা আনিবলৈ চেষ্টা কৰিছে। যাতায়াত ব্যৱস্থা (এখন দলং), বানপানীক যদি বিষয়বস্তু হিচাপে ধৰা হয়, তেনেহ'লে ক'ব লাগিব— পৰিচালকে 'গল্প' নিৰ্মাণৰ বাবেহে 'বিষয়বস্তু' ব্যৱহাৰ কৰিছে। (গাঁওখন বানপানীয়ে ডুবাইছে। ডুবোৱাৰ পিছত পলস পৰিছে। বালিৰ মাজত এটা বাকচ উদ্ধাৰ কৰিছে। বাকচটোত কইনাই ব্যৱহাৰ কৰা সামগ্ৰী। সেন্দূৰৰ টেমা, সেন্দূৰ অলপ লৈ নিজৰ শিৰত সানিছে জোনাকীয়ে। শিৰত সেন্দূৰ সানি জোনাকী নতুনকৈ ঘৰ সজাত ব্যস্ত হৈছে। নিচেমাখনৰ 'গল্প' শেষ। বুদ্ধিদীপ্ত সমাপ্তি।) অর্থাৎ চিনেমাখনত বিষয়বস্তুৰ বাবে 'গল্প' নহয়, ‘গল্প’ৰ বাবেহে বিষয়বস্তু।
অস্পষ্ট বিষয়বস্তু, স্পষ্ট — 'গল্প'। 'গল্প' পৰিপাটিকৈ কৈছে পৰিচালকে। ‘গল্প’ কোৱাৰ সময়ত স্পষ্ট কৰি গৈছে— ভূগোল, ইতিহাস। জোনাকী চৰিত্ৰটো স্পষ্ট কৰিছে সংলাপৰ মাজেৰে। (জোনাকী : মই পথাৰত কাম কৰি ভাল পাওঁ দদাই। এই কামটো মোৰ পিতায়ে কৰিছিল।) জোনাকীয়ে পথাৰত হাল বায়, খেতি কৰে। গাঁওখনত দলং নথকা নহয়। আছিল। সেই দলংখন ভাগি থাকিল। দলংখন ভাগি থকাৰ সময়তে নদীত পৰি জোনাকীৰ পিতাকৰ মৃত্যু হয়। (বাপুকণ ঃ এই নদীখনে আমাক বহুত কষ্ট দিছে, আমাৰ ঘৰ ভাঙি নিলে। দেউতাক মাৰি লৈ গ'ল। বাইদেউ, তোৰ বিয়া ভাঙিলে... ।) পিতাকৰ মৃত্যুৰ পিছত ভায়েক বাপুকণ আৰু মাতৃ পুতুলীক লৈ জোনাকীৰ ঘৰখন। 'গল্প'ৰ আৰম্ভণিতে ‘কেমেৰাৰ ভাষাৰে স্পষ্ট কৰি দিছে আর্থিক সমস্যাত চেপা খাই থকা জোনাকীৰ ঘৰখন। চিনেমাখনত 'সাহিত্য-কেমেৰা'ৰ ভাষাৰে ইতিহাস স্পষ্ট কৰাৰ বিপৰীতে ভূগোল স্পষ্ট কৰিছে 'শব্দ-সাহিত্য'ৰ ভাষাৰে।ব্ৰিজ by: Utpal Mena
শেষত :
(১) পৰিচালকে চিনেমাখন নিৰ্মাণত কৰা কষ্ট স্পষ্ট। স্পষ্ট— আয়োজন সুপৰিকল্পিত নহয়।
(২) বাস্তৱত থাকি চৰিত্ৰক আচৰণ কৰাইছে। কিন্তু আবেগ শূন্য।
(৩) 'ব্রিজ' ভাল কথাছবি; কিন্তু সার্থক চিনেমা নহয়।
(৪) 'নতুন পৰিচালকৰ চিনেউত্তৰণে আৰু উত্তৰণৰ আশা বঢ়ায়। নিঃসন্দেহে কৃপাল কলিতাই আশা বঢ়াইছে।
(৫) চিনেমাখনত ‘নতুন চিন্তা' শূন্য। ‘ভিলেজ ৰকষ্টাৰ্ছৰ প্ৰভাৱ স্পষ্ট। মনলৈ আহে 'সাগৰলৈ বহু দূৰ', 'হালধীয়া চৰায়ে বাওধান খায়', 'লাজ' আদি।
(গুৱাহাটী/ফেব্ৰুৱাৰী/২০২১, প্ৰকাশ: দৈনিক অসম)
-----------------------------------------
প্রযোজক : ৰমা কুমাৰ দাস,
পৰিচালক : কৃপাল কলিতা,
চিত্রগ্রহণঃ ৰামেন ৰাভা,
সম্পাদক ঃ কিশোৰ ডেকা,
অভিনয়তঃ শিবাৰাণী কলিতা, পার্থপ্রতীম বৰা, আনন্দিতা দাস, স্বপ্নীল নাথ, দ্বীপেন চুতীয়া, ভূপেন শৰ্মা ...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন