সরাসরি প্রধান সামগ্রীতে চলে যান

বেলকনিত ভগৱান

ভগৱান আমাৰ মাজতো, মানুহৰ ৰূপতো আছে। সমস্যা বা আক্ষেপ সেইখিনিতে, যেতিয়া মানুহৰ মাজৰে যি সকলক ভগৱান বুলি ভাৱো, প্ৰয়োজনত সহায়ৰ হাত আগ নবঢ়াই, জীৱন বাটত সমস্যাৰ মাজত কক বকাই থকা জনক বেলকনিৰ পৰা চাই থাকে। অসহায় খগেনে মৃত পত্নীৰ নিথৰ দেহটো চাইকেলতে কঢ়িয়াই যেতিয়া ঘৰলৈ যোৱা খলা-বামা পথেৰে আগবিঢ়িছিল, তেতিয়াও "মানুহ ভগৱান" বেলকনিৰ পৰা নামি অহা নাছিল। ৰাজনীতিৰ চিন্তাত আছিল, টি আৰ পিৰ অংকত আছিল। 
খগেন দাসে এম্বুলেন্সৰ ড্ৰাইভাৰ নথকাত মৃত পত্নীৰ শৰীৰটো ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰি লৈছিল, জীয়েকজনীৰ সৈতে ঘৰলৈ উভতিছিল। উভতাৰ বাটত দুই সাংবাদিকক লগ পায়। এই যে লগ পায়, এই খিনিতে ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু অনুভৱ কৰে দৰ্শকে, চিত্ৰৰসিকে। আৰু এই বিন্দুটোৰ পৰায়ে "বেলকনিত ভগৱান" (God on the Balcony) ৰূপালী গল্পটোৰ সৰল ৰৈখিক গতি আৰম্ভ হয়। বিন্দুটো পোৱাৰ আগতে খগেনৰ দৃষ্টিৰে পৰিচালকে ফ্লেচ-বেকত পৰিয়ালটোৰ "গল্প" কয়। পত্নী নুমলী, জীয়েক কুঁৱলীক লৈ খগেন দাসৰ পৰিয়ালটো। খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা হাতীৰ উপদ্ৰপত নুমলীয়ে আঘাত পায়, আৰু চিকিৎসালয়ত চিকিৎসা পোৱাৰ আগতে মৃত্যু হয়। সময়ত চিকিৎসা নোপোৱাৰ কাৰণ  --খগেন দাসৰ গাঁও খনত চিকিৎসাৰ কোনো ব্যৱস্থা নাই, বাট-পথ বেয়া, মাত্ৰ এখন বাহৰ দলঙেৰে আন অঞ্চলৰ সৈতে সংযোগ থকা গাঁও খনৰ যাতায়ত ব্যৱস্থা সাধাৰণো নহয়। আৰু যি খন চিকিৎসালয়লৈ নিছিল, সেই গ্ৰাম্য চিকিৎসালয় খনত নিশা চিকিৎসক নাথাকে। নুমলীয়ে যন্ত্ৰনা লৈ চিকিৎসাৰ অপেক্ষাত থকা সময়ত, চিকিৎক গৰাকী ৰাসৰ সভাত গামোচা লোৱাত ব্যস্ত। নুমলীৰ মৃত্যুৰ মাজেৰে পৰিচালকে গ্ৰাম্য চিকিৎসাৰ দুৰ্বল-কদৰ্য ছবি খন স্পষ্ট কৰিছে কম ফুটেজতে। --ৰূপালী গল্পটোৰ শেষত দৰ্শকে অনুভৱ কৰিছে, নুমলীৰ মৃত্যু, নুমলীৰ মৃত শৰীৰ চাইকেলত বান্ধী কঢ়িয়াই নিয়া কাৰ্য তপত খবৰ হৈছে, প্ৰতিবাদ হৈছে, ৰাজনীতি হৈছে, এখন নতুন দলঙৰ আাধাৰশিলা হৈছে। এইবোৰে কিন্তু চুব নোৱাৰে খগেন দাস হতক, খগেন দাস হতৰ সমাজ খনক। ঠেলা গাড়ীয়েই খগেন দাস হতৰ বাবে এম্বুলেন্স। চিকিৎসাৰ বাবে ঠেলাযাত্ৰা, ঠেলাতেই মৃত্যু "গ্ৰাম্য চিকিৎসা"। --এয়া অসমৰ গ্ৰাম্য চিকিৎসাৰ কাল্পনিক ছবি নিশ্চয় নহয়!
২০২০ চনৰ নৱেম্বৰ মাহত কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথমটো প্ৰিমিয়াৰ হোৱা এই চিনেমা খনৰ দ্বিতীয়তো প্ৰিমিয়াৰ হয় আজি, মহানগৰিৰৰ মেট্ৰিস্ক চিনেমাত। মইনা প্ৰডাকচনৰ বেনাৰত লেখক-ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত প্ৰযোজক নুৰুল ছুলতানে নিৰ্মাণ কৰা এই চিনেমা খনত অভিনয় কৰিছে হৰিশ খান্না (খগেন), প্ৰণামী বৰা (নুমলী), সুনীত বৰা (প্ৰণৱ), বিনোদ লাল দাস (বিধায়কৰ সহকাৰী), অৰুণ হাজৰিকা (মন্ত্ৰী),ৰাজীৱ ক্ৰ' (প্ৰহৰী), ইভা মহন্ত (জীনা), পৰিনন্ধী জীমা চুলতানা (কুঁৱলী) আদিয়ে। পৰিচালক বিশ্বজিৎ বৰাই লিখা, সম্পাদনা কৰা এই চিনেমা খনৰ পৰ্দাৰ আঁৰত আছে-- সীতাংশু খামাৰী (চিত্ৰগ্ৰহণ),জয়ন্ত ফুকন (কলা-নিদেৰ্শনা), লোপামুদ্ৰা গগৈ (সাজসজ্জা), আকাশ ডেকা (মুখসজ্জা), বিশাল খত্ৰী (নেপথ্য সংগীত), সুজিৎ বৰা (কালাৰিষ্ট), প্ৰণাম দেশাই (প্ৰথম সহকাৰী পৰিচালক), সুভাষিনী বৰা (দ্বিতীয় সহকাৰী পৰিচালক), প্ৰজ্ঞানাভ বৰা (তৃতীয় সহকাৰী পৰিচালক), ৰিংকু বড়ো (SFX ৰেকৰ্ডিং/ ধ্বনি ৰেকৰ্ডিং), জ্যোতি চেতিয়া ধ্বনি ব্যৱস্থাপক (ছাউণ্ড ডিজাইনাৰ),জ্যোতি চেতিয়া ধ্বনি ব্যৱস্থাপক (ছাউণ্ড ডিজাইনাৰ), পল্লৱ জ্যোতি মহন্ত (স্থিৰ ফটোগ্ৰাফী) আদি। (চিনেমা খনৰ সমালোচনা নহয়। সমালোচনা যথাস্থানত নিশ্চয় কৰিম।)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...