সরাসরি প্রধান সামগ্রীতে চলে যান

ছেমখৰ

'ছেমখৰ' চালো। আইমী বৰুৱাৰ পৰিচালনা। প্ৰথম পৰিচালনা। চিনেমা খন চোৱাৰ আগলৈকে কল্পনাও কৰা নাছিলো চিনেসৌন্দৰ্যৰে ভৰপুৰ, কালাৰফুল, বাস্তৱ অভিনয়ৰ হব 'ছেমখৰ'। --চিনেমা খনৰ বিষয়বস্তু কেন্দ্ৰীক চৰ্চা চলি আছে। চৰ্চাৰ ৰাজনৈতিক কৰণো হৈছে। চৰ্চাত কোৱা হৈছে-- " 'ছেমখৰ’ত ভুল তথ্যৰে ডিমাচা জনগোষ্ঠীক অপমান কৰিছে পৰিচালিকা আইমী বৰুৱাই। 
চিনেমা খনত দেখুওৱাৰ দৰে প্ৰসূতি মাতৃৰ মৃত্যুৰ পাছত জন্ম হোৱা সন্তানটি কন্যা সন্তান হ’লে মাতৃৰ লগত সন্তানটিকো মাৰি পেলোৱা বুলি উপস্থাপন কৰা কথাটো জনগোষ্ঠীটোৰ লগত মিল নথকা কথা।..." এই প্ৰসংগত নিশ্চয় চৰ্চাৰ প্ৰয়োজন আছে। কাৰণ নামটোৱে স্পষ্ট কৰি দিছে চিনেমা খনৰ বিষয়বস্তু --ছেমখৰ। চিনেমা খন ছোৱাৰ পাছত দেখিলো এক নাৰীৰ নীৰৱ বিদ্ৰোহ, পুৰুষতান্ত্ৰিক সমাজৰ নিষ্পেষিত নাৰী এগৰাকীৰ বিদ্ৰোহ। নাৰী সেই খন সমাজত এক যন্ত্ৰ, সন্তান জন্ম দিয়া যন্ত্ৰ। কোনো নিজস্ব অস্তিত্ব থাকিব নোৱাৰে, আৱেগ থাকিব নোৱাৰে। স্বামী নামৰ পুৰুষ জনৰ সকলো প্ৰয়োজন পুৰণৰ, পৰিয়ালৰ প্ৰয়োজন পুৰণৰ বাহিৰে আন কোনো দায়িত্ব থাকিব নোৱাৰে চিনেমা খনত দেখুওৱা সমাজ খনত। সেই খন সমাজ 'জ্ঞানৰ পোহৰ' নপৰা সমাজ। বেজৰ মইমতালি চলা সমাজ।--পৰিচালকে 'সমাজ' খন ৰূপালী পৰ্দালৈ আনিছে কেমেৰাৰ ভাষাক গুৰুত্ব দি। কেমেৰাৰ ভাষাৰ সু-গাণিতিক প্ৰয়োগেৰে ৰূপালী গল্পটোক মসৃণ গতি দিয়াত সফল পৰিচালক। আৰু সফলতা চিনেমা খনৰ যোগাত্মক দিশ।
--চিনেমা খনৰ 'গল্প'ৰ প্ৰথমটো বিন্দু ডিৰ’ৰ পত্নীৰ ষষ্ঠ সন্তানটোৰ জন্ম মুহূৰ্ত। পথাৰত কামৰ মাজত ব্যস্ত থকা সময়তে প্ৰসৱ বেদনা আৰম্ভ হয় ডিৰ’ৰ পত্নীৰ। নৱজাতকৰ কন্দোন, আনফালে ওচৰৰে জংঘলত ডিৰ’ৰ সংঘাত বাঘৰ সৈতে। জন্ম আৰু মৃত্যুৰ গতি, দুই মেটাফৰ সমান্তৰাল গতি। বুদ্ধিদীপ্ত শ্বট। এই বিন্দুটোৰ পৰা ৰূপালী গল্পটোৱে গতি লয়, অন্ধবিশ্বাস-কুসংস্কাৰ আদি বিষয়বস্তুৰ উপাদান লৈ।  কম সংলাপৰ, চিনেমেটিক কাৰবাৰ কেন্দ্ৰীক ৰূপালী  গল্পটোৰ গতিত বিষয়বস্তু বাধা হোৱা নাছিল। চিনে সৌন্দৰ্যৰে ভৰপুৰ শেষ চিকুৱেন্সটোলৈ। --চিনেমা খনৰ গল্পটো শেষৰ চোৱাত দেখা যায়, অসহায় প্ৰসৱ বেদনাত ডিৰ’ৰ জীয়ৰী। কন্যা সন্তানৰ জন্ম হয়। সন্তুান জন্ম দি  ডিৰ’ৰ জীয়ৰীৰ মৃত্যু হয়। ডিৰ’ৰ পত্নীয়ে জানে জীৱন থকা নৱজাতক অন্ধবিশ্বাস-কুসংস্কাৰৰ বলি হব। তেনে হোৱাত বাধা হয় ডিৰ’ৰ পত্নী। নৱজাতকক লৈ তাই হাবিৰ মাজ পায়, হাবিৰ মাজত নিজকে হেৰুৱাই। বুকুৰ মাজত নৱজাতকক লৈ হাবিৰ বিশাল জলৰাশিৰ মাজৰ শিলৰ ওপৰত শুই দিয়ে আকাশমুৱা হৈ। কেমেৰাৰ ফ্ৰেমত স্থিৰ ছাবজেক্ট, কেমেৰা মুভমেণ্ট। ছাবজেক্টৰ সৈতে সেউজ সৌন্দৰ্য, নদীৰ জলোচ্ছ্বাস,শিলত ঠেকা খাই অহা প্ৰবহমান সোঁত।এই শ্বটটোৰে ইংগিত দিছে জীৱনৰ অবিৰত ধাৰা অন্ধবিশ্বাস-কুসংস্কাৰ ইত্যাদিত ঠেকা খাইছে, ঠেকা খাই ৰৈ যোৱা নাই, গৈ আছে।
--চিনেমা খনৰ গল্পটোৰ কেন্দ্ৰ বিন্দু ডিৰ’ৰ পত্নী। ডিৰ’ৰ পত্নী, মুৰিৰ মাকৰ আঁৰতে থাকি গৈছে নাৰী চৰিত্ৰটোৰ নাম। চৰিত্ৰটোত অভিনয় কৰিছে আইমী বৰুৱাই। আৰম্ভনীৰে পৰা দেখা গৈছে চৰিত্ৰটোৰ মনত ক্ষোভ আছে। সমাজ খনৰ পুৰুষতান্ত্ৰিক চিন্তা, অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰূদ্ধে। এই ক্ষোভ ৰূপালী গল্পটোৰ মাজে মাজে উজাৰিছে মটিত আঘাট কৰি। আৰু এই ক্ষোভ শেষ হৈছে ৰূপালী গল্পটোৰ শেষত, ডিৰ’ৰ পত্নীৰ নিয়ম ভঙা প্ৰতিবাদী দৌৰত। --সকলো ঠিকেই আছিল, আইমীক লৈ নিৰ্মাণ কৰা মূল চৰিত্ৰটোৰ কেশ সজ্জা, খোজ-কাটলত মন দিব লাগিছিল। চৰিত্ৰটোত 'পাৰ্লাৰৰ গোন্ধ' থাকি গ'ল। অৱশ্যে অভিনয় বাস্তৱৰ ওচৰৰ। পৰিচালকে বাস্তৱিক অভিনয়ৰে (realistic acting) আন কেইটা চৰিত্ৰয়ো নিৰ্মাণ কৰিছে। নিৰ্মাণত সফল হৈছে। তেনেদৰে সফল হৈছে নৃত্য-গীত ব্যৱহাৰত, কম ফুটেজতে ছেমখৰৰ থলুৱা সংস্কৃতি তথ্যচিত্ৰ পৰ্যায়লৈ যাব নিদিয়াকৈ কৰা চিনেমেটিক ব্যৱহাৰত।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...