চিনামা by: Utpal Mena
১৭ জুলাই ২০২২। চেৰাপুঞ্জিত আমাৰ দ্বিতীয়তো দিন।
-- সময় আগুৱাইছিল।
-- চাহ-মেগি পৰ্ব শেষ হৈছিল। চুটি হোৱা চিগাৰেটৰ টুকুৰাটো মাটিত পেলাই দি জোতাৰে গচকি দিছিল দূৰ্গাই।
-- ৰ'দ ওলাইছিল। চেচাঁ চেচাঁ ভাৱ অকনো নাছিল। সুন্দৰ পোহৰ পোৱাত দূৰ্গা আকৌ ব্যস্ত হৈছিল চিত্ৰগ্ৰহনত।
স্পষ্ট হৈছিল চেভেন চিষ্টাৰছ জলপ্ৰপাত। দূৰ্গাই নিৰ্দেশ দিছিল বিভিন্ন দিশৰ পৰা কেমেৰাত বন্দী কৰিবলৈ।
মই উভতিছিলোঁ Bynardi inn -লৈ। দূৰ্গাই কৰিবলৈ দিয়া কামত ব্যস্ত হৈছিলোঁ।
শ্বিলঙৰ পৰা সোহ-ৰালৈ (ছেৰাপুঞ্জিলৈ) যোৱাৰ বাটত অদ্ভুত পাহাৰ খন। গাড়ী ৰাখি পথৰ বাওঁফালে আমি নামি গৈছিলোঁ। পথতকৈ কিছু তললৈ, খটখটিৰে। নিজৰাৰ কুলু কুলু শব্দ আমাৰ কাণত পৰিছিল। এটা-দুটা নহয়, যেন শ-হেজাৰ নিজৰাৰ কুলু কুলু! আৰু কিছু নামি আৰু কিছু তল পালোঁ। নাই, এটা নিজৰাও চকুত নপৰিল। শব্দ, কেৱল শ-হেজাৰ নিজৰাৰ হাঁহি! যিমান দূৰলৈ চাব পাৰি, সিমান দূৰলৈ কেৱল খাচী পাহাৰৰ সেউজীয়া সৌন্দৰ্য। --কেমেৰা ঘূৰাই থকাৰ সময় দূৰ্গাই কৈছিল, "এই যে শ-হেজাৰ নিজৰাৰ কুলু কুলু, এই যে দেখা নাই, শুনিছোঁহে, এয়া হৃদয়ৰ হাঁহি হব পাৰে, কান্দোনো হব পাৰে! --নায়িকাৰ!"
--ঠিক গল্পটো নহয়, গল্পটোৰ blueprint আঁকি লৈ কাম আগবঢ়াই প্ৰাক চিত্ৰনাট্য পৰ্ব। দূৰ্গাই কৈছিল-- "এই খিনিতে চিনেমা খনৰ নায়িকাক লৈ দুই ঘণ্টা মানৰ কাম কৰিব পৰিচালকে। আমি যে আজি এই কাম খিনি কৰিলোঁ, নকৰিলে দুই ঘণ্টাত নহয়, এসপ্তাহতো কাম শেষ নহব!"
--কিয়?
"আজি যিমান খিনি কাম কৰিলো, শ্বট ললো, ইমান খিনিৰে গল্প বহুখিনি আগবঢ়াব পাৰিব। 'চৰিত্ৰ'ক লৈ কেইটামাণ শ্বট ল'লেই হব, মোৰ ধাৰণাত।..." --দূৰ্গাই কৈছিল। যাত্ৰাকালত দূৰ্গাই কোৱা কথাৰ পৰা ধাৰণা কৰিছিলোঁ, প্ৰাক চিত্ৰনাট্যৰ কেমেৰাকৰ্মৰ ১০০% শতাংশ ফুটেজেই পৰিচালক-চিত্ৰনাট্যকাৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। আৰু ইমান খিনি জানিছিলোঁ, চিত্ৰনাট্য ৰচনাৰ পূৰ্বে আংশিক (৪০% শতাংশ) চিত্ৰগ্ৰহণ কৰা চিনেমাৰ প্ৰাথমিক চিত্ৰনাট্য পৰিচালকে লিখে, চিত্ৰনাট্য ডিজাইনাৰৰ সহায়ত।
--সময় আগবাঢ়িল।
--এন্ধাৰ নামি আহিছিল।
দূৰ্গাই দিয়া দায়িত্ব শেষ কৰি Bynardi inn -ৰ বেলকনিত ঠিয় হৈছিলোহে, দৌৰাৰ দৰে আহি বান থাবাহই ক'লে-- "গান গাবলৈ গান গোৱা মানুহ আহিব, সেই খিনিতে (Bynardi inn -ৰ সন্মুখৰ পথটো দেখুৱাই ক'লে) গাব। চকী পাৰি দিম। ইয়াৰ পৰায়ে দেখিব!"
দেখিলোঁ, বাদ্য-শব্দ যন্ত্ৰ লৈ চাৰি-পাঁচ গৰাকী যুবকে পথৰ দাঁতিত নামিছে। বুজিলোঁ, আৰু কিছু সময় পাছতে গীত শুনিবলৈ, চাবলৈ পাম। দেখিলোঁ, যুৱক কেইগৰাকীৰ সৈতে দূৰ্গাকো। দূৰ্গাই কথা পাতিছে। বুজিলোঁ, দূৰ্গাই কেমেৰা চলাব।
দুৰ্গাৰ নিৰ্দেশত কেমেৰা চলিল। পদপথত গীত গাইছে, গীটাৰ আদিৰ সৈতে খাচী সমাজৰ লোকবাদ্যও বাজিছে।
মিড শ্বট, ৱাইড শ্বটত ধৰি ৰাখিলে পদপথৰ সংগীতানুষ্ঠান। পাছত সৰু পৰ্দাত গীতটো চাইছিলোঁ। বুজিছিলোঁ-- কেনেদৰে realistic cinematic কৰ্ম বোৰ কৰা হয়।
দূৰ্গাই কৈছিল, "এনেধৰণৰ সংগীতকৰ্ম ইয়াত প্ৰতি শনিবাৰ, দেওবাৰে হয়। আনবাৰেও হয়, মাজে সময়ে। গতিকে দিগদাৰ নহব, পাছত নায়িকাক লৈ দুটামান ক্ল'জ শ্বট লোৱাত। মই তেওঁলোকৰ সৈতে কথা পতিছোঁ, মই যে কেমেৰাত ধৰি ৰখালোঁ, খাচী লোক গীতটো, সেই গীতটোৰে সংগীতানুষ্ঠান আৰম্ভ কৰাতো তেওঁলোকৰ অলিখিত নিয়ম।" (আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন