সরাসরি প্রধান সামগ্রীতে চলে যান

সান্নিধ্য (বশিষ্ঠ দেৱ শৰ্মা)

সত্ৰীয়া সংস্কৃতিৰ সাধক, জীৱন কালত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে কাম কৰা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান, ১১ অক্টোবৰ ২০২২-ত। জন্ম ১৯৩৮ চনৰ ১ এপ্ৰিলত বৰপেটাৰ সুন্দৰীদিয়াত। --এই বিশাল ব্যক্তিত্বক মই প্ৰথম লগ পাইছিলো ২০০২ নে ০৩ চনৰ এটা দিনত। প্ৰমোদদাই (সেই সময়ৰ "বিস্ময়" আলোচনীৰ উপ-সম্বাদক, বৰ্তমান অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই)। আমি গীতৰ কথা পাতিছিলোঁ, বৰগীতৰ সুৰৰ, গায়কীৰ বিশেষত্ব বুজাই কৈছিল। কথাৰে নহয়, সুৰেৰে। সত্ৰ সংস্কৃতিৰ কথা কৈছিল, সত্ৰ সংস্কৃতি, আমাৰ লোক সংস্কৃতি আমাৰ "সমাজ জীৱনৰ শিপা" বুলিছিল। আৰু বহু কথা কৈছিল, এই মূহুৰ্তত মনলৈ আনিব পৰা নাই। সেই সময়ত মই জড়িত থকা "আজি" কাকতৰ প্ৰথম পৃষ্ঠাত (ছপা হোৱা প্ৰতিবেদনত) লিখিছিলোঁ। সেই সময়তে "আজি"ৰ সম্পাদক আৰু লেখক-অভিনেতা দিলিপ কুমাৰ হাজৰিকাৰ পৰা জানিছিলোঁ, কেৱল বৰপেটাতে নহয়, অসমতে নহয়, পশ্চিমবংগ, দিল্লী ,  হিমাচল প্ৰদেশ, পঞ্জাৱ, বিহাৰ, তামিলনাডু,
মহাৰাষ্ট্ৰ , আদি ভাৰতৰ বিভিন্ন ৰাজ্যতো সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ বাবে ভালেমান কাম কৰিছিল।
বশিষ্ঠ দেৱ শৰ্মাক দ্বিতীয়বাৰ লগ পাইছিলোঁ, সংগীত শিল্পী তৰালি শৰ্মাৰ ঘৰত। "সংগীতশ্ৰী প্ৰভাত শৰ্মা" কেন্দ্ৰীক মোৰ গ্ৰন্থ এখন উন্মোচন কৰিছিল। সেই দিনা এই বিশাল ব্যক্তিত্বক আৰু এবাৰ ওচৰৰ পৰা অনুভৱ কৰিছিলোঁ। 
জানিছিলোঁ, সত্ৰীয়া পৰিৱেশত সত্ৰীয়া পৰম্পৰা অনুসৰণ কৰিছিল। সত্ৰৰ সংগীত গাইছিল, গোৱাইছিল। বীৰ নাম, নিবিড় কীৰ্তন, ঘোষা কীৰ্তন, হোলীগীত, নাও খেলৰ গীত, বৰগীত, ভাওনা আদি চৰ্চা কৰিছিল। ১৯৬৫ চনত অল ইণ্ডিয়া ৰেডিঅ’ গুৱাহাটী কেন্দ্ৰৰ পৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ বাবে আমন্ত্ৰণ পাইছিল। তাৰ পাছৰে পৰা আকাশবাণীযোগেও কীৰ্তন, ঘোষা, নাও খেলৰ গীত, ভাওনা আদিৰ চৰ্চা কৰিছিল। আকাশবানী, গুৱাহাটীৰ  শ্ৰীবৎস চিন্তা, নল দময়ন্তী, সতী বেউলা, পূজনী পখি আদি নাটকো পৰিচালনা কৰিছিল৷ তেওঁ এজন সু-লেখকো আছিল।  সত্ৰ সংস্কৃতি কেন্দ্ৰীক ভালেমান প্ৰৱন্ধ লিখিছিল। নাও খেলৰ গীত, মহোহো গীত, পূৰ্ণ মানৱ সমন্বয়ৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ, সত্ৰীয়া নীতি-বিচাৰ, মানৱ জীৱন চন্দন কাঠ আদি তেওঁৰ সৃষ্টিৰ অন্যতম, বিভিন্ন চৰ্চাৰ পৰা জানিছিলোঁ। 
১৮জুন ২০০৭ বৰপেটালৈ গৈছিলোঁ, কেৱল বশিষ্ঠ দেৱ শৰ্মাক জানিবলৈ, ভালদৰে বুজিবলৈ। লগ পোৱা নাছিলোঁ। কেইবা গৰাকীয়ো ব্যক্তিৰ সৈতে অৱশ্যেই "বশিষ্ঠ দেৱ শৰ্মা চৰ্চা" কৰিছিলোঁ। জানিছিলোঁ, শিক্ষক আছিল। বৰপেটা জিলাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছিল। অৱসৰ লৈছিল সুন্দৰীদিয়াৰ দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা। ১৯৯৩ চনত নিৰ্বাাচিত হৈছিল বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া হিচাপে। ১৪ বছৰ ডেকা সত্ৰীয়া হিচাপে সেৱা আগবঢ়াইছিল। (আৰু ২০০৭ চনৰ পৰা  বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰূপে নিৰ্বাচিত হৈছিল, মৃত্যুৰ আগমুহূৰ্তলৈকে।) --কব পাৰি, মৃত্যুৰ আগলৈকে সমাজৰ শিক্ষক হৈয়ে আছিল। প্ৰথম চোৱাত "আখৰৰ পাঠ দিয়া শিক্ষক", পাছৰ সময় চোৱাত "সত্ৰ সংস্কৃতিৰ পাঠ দিয়া শিক্ষক"।
"সমাজৰ শিক্ষক হোৱাৰ সুযোগ ভাগ্যৰ বলত নহয়, কৰ্মৰ বলতহে লাভ কৰে। তুমি কিতাপ খনত বা আন কিতাপত যদি সমাজৰ ভালৰ বাবে, এই প্ৰজন্মই বা পাছৰ প্ৰজন্মই জানিব লগীয়া কিবা লিখিছা, তেনেহ'লে কম বা আনেও কব--তুমি সমাজৰ শিক্ষক।" --দ্বিতীয়বাৰ লগ পোৱাৰ সময়ত কৈছিল, বশিষ্ঠ দেৱ শৰ্মাই। মোৰ "প্ৰভাত শৰ্মা" কেন্দ্ৰীক গ্ৰন্থ খন উন্মোচন কৰাৰ পাছত।
--বশিষ্ঠ দেৱ শৰ্মাৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িছিল "প্ৰভাত শৰ্মা" প্ৰকল্পৰ কাম কৰাৰ সময়ত। (আমি সকলোৱে জানো, প্ৰভাত শৰ্মাৰ ভাতৃ, সংগীত শিল্পী তৰালি শৰ্মাৰ খুড়াক --বশিষ্ঠ দেৱ শৰ্মা৷) প্ৰকল্পৰ স্বাৰ্থত "সংগীতশ্ৰী"ৰ সৈতে দীৰ্ঘ সেউজ সময় কটাইছিলোঁ। সেই সেউজ সময়তে আৰু কিছু অনুভৱ কৰিছিলোঁ বশিষ্ঠ দেৱ শৰ্মাক। আৰু স্বাভাৱিকতে আগ্ৰহ বাঢ়িছিল। আৰু এই আগ্ৰহ লৈয়ে হাতত লৈছিলোঁ আন এটা প্ৰকল্প "বশিষ্ঠ দেৱ শৰ্মা"। আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল বশিষ্ঠ দেৱ শৰ্মাৰ পুত্ৰ, সংগীত শিল্পী ভাস্কৰ আৰু নাট্যকৰ্মী নিৰ্মল দাস। সহযাত্ৰী হিচাবে লৈছিলোঁ বৰপেটাৰ কৌশিক দাস আৰু ধ্ৰুৱজ্যোতি তহবিলদাৰক। কিন্ত দুখোজমান  দিয়ে আগবঢ়াৰ সুযোগ নাপালো। উভতি নহা বাটেৰে গ'ল গৈ বশিষ্ঠ দেৱ শৰ্মা। এই দুখে মোক সদায় ছুই থাকিব।
--বশিষ্ঠ দেৱশৰ্মাৰ দুটা দিশে মোক বিশেষ ভাৱে আকৰ্ষণ কৰিছিল। সাংগীতিক কৰ্মৰ সময়ত তেওঁৰ শৰীৰ ভাষা, গায়কী, কণ্ঠস্বৰ, চেহেৰাত স্পষ্ট হোৱা ব্যক্তিত্ব আৰু কৰ্মত উদাৰতা। উদাৰতাৰ এটা উদাহৰণ-- সকলো জাতি-জনগোষ্ঠীৰ মাজলৈ গৈ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। কাকতত পঢ়িছিলোঁ ২০১৫ চনত  লখিমপুৰলৈ গৈ মিচিং জনগোষ্ঠীয় এক অঞ্চললৈ গৈ তাত থকা চাঙনী সত্ৰত এজন মিচিং সম্প্ৰদায়ৰ লোকক সত্ৰাধিকাৰ পতাৰ খবৰ।  

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...