সরাসরি প্রধান সামগ্রীতে চলে যান

সান্নিধ্য (বশিষ্ঠ দেৱ শৰ্মা)

সত্ৰীয়া সংস্কৃতিৰ সাধক, জীৱন কালত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে কাম কৰা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান, ১১ অক্টোবৰ ২০২২-ত। জন্ম ১৯৩৮ চনৰ ১ এপ্ৰিলত বৰপেটাৰ সুন্দৰীদিয়াত। --এই বিশাল ব্যক্তিত্বক মই প্ৰথম লগ পাইছিলো ২০০২ নে ০৩ চনৰ এটা দিনত। প্ৰমোদদাই (সেই সময়ৰ "বিস্ময়" আলোচনীৰ উপ-সম্বাদক, বৰ্তমান অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই)। আমি গীতৰ কথা পাতিছিলোঁ, বৰগীতৰ সুৰৰ, গায়কীৰ বিশেষত্ব বুজাই কৈছিল। কথাৰে নহয়, সুৰেৰে। সত্ৰ সংস্কৃতিৰ কথা কৈছিল, সত্ৰ সংস্কৃতি, আমাৰ লোক সংস্কৃতি আমাৰ "সমাজ জীৱনৰ শিপা" বুলিছিল। আৰু বহু কথা কৈছিল, এই মূহুৰ্তত মনলৈ আনিব পৰা নাই। সেই সময়ত মই জড়িত থকা "আজি" কাকতৰ প্ৰথম পৃষ্ঠাত (ছপা হোৱা প্ৰতিবেদনত) লিখিছিলোঁ। সেই সময়তে "আজি"ৰ সম্পাদক আৰু লেখক-অভিনেতা দিলিপ কুমাৰ হাজৰিকাৰ পৰা জানিছিলোঁ, কেৱল বৰপেটাতে নহয়, অসমতে নহয়, পশ্চিমবংগ, দিল্লী ,  হিমাচল প্ৰদেশ, পঞ্জাৱ, বিহাৰ, তামিলনাডু,
মহাৰাষ্ট্ৰ , আদি ভাৰতৰ বিভিন্ন ৰাজ্যতো সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ বাবে ভালেমান কাম কৰিছিল।
বশিষ্ঠ দেৱ শৰ্মাক দ্বিতীয়বাৰ লগ পাইছিলোঁ, সংগীত শিল্পী তৰালি শৰ্মাৰ ঘৰত। "সংগীতশ্ৰী প্ৰভাত শৰ্মা" কেন্দ্ৰীক মোৰ গ্ৰন্থ এখন উন্মোচন কৰিছিল। সেই দিনা এই বিশাল ব্যক্তিত্বক আৰু এবাৰ ওচৰৰ পৰা অনুভৱ কৰিছিলোঁ। 
জানিছিলোঁ, সত্ৰীয়া পৰিৱেশত সত্ৰীয়া পৰম্পৰা অনুসৰণ কৰিছিল। সত্ৰৰ সংগীত গাইছিল, গোৱাইছিল। বীৰ নাম, নিবিড় কীৰ্তন, ঘোষা কীৰ্তন, হোলীগীত, নাও খেলৰ গীত, বৰগীত, ভাওনা আদি চৰ্চা কৰিছিল। ১৯৬৫ চনত অল ইণ্ডিয়া ৰেডিঅ’ গুৱাহাটী কেন্দ্ৰৰ পৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ বাবে আমন্ত্ৰণ পাইছিল। তাৰ পাছৰে পৰা আকাশবাণীযোগেও কীৰ্তন, ঘোষা, নাও খেলৰ গীত, ভাওনা আদিৰ চৰ্চা কৰিছিল। আকাশবানী, গুৱাহাটীৰ  শ্ৰীবৎস চিন্তা, নল দময়ন্তী, সতী বেউলা, পূজনী পখি আদি নাটকো পৰিচালনা কৰিছিল৷ তেওঁ এজন সু-লেখকো আছিল।  সত্ৰ সংস্কৃতি কেন্দ্ৰীক ভালেমান প্ৰৱন্ধ লিখিছিল। নাও খেলৰ গীত, মহোহো গীত, পূৰ্ণ মানৱ সমন্বয়ৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ, সত্ৰীয়া নীতি-বিচাৰ, মানৱ জীৱন চন্দন কাঠ আদি তেওঁৰ সৃষ্টিৰ অন্যতম, বিভিন্ন চৰ্চাৰ পৰা জানিছিলোঁ। 
১৮জুন ২০০৭ বৰপেটালৈ গৈছিলোঁ, কেৱল বশিষ্ঠ দেৱ শৰ্মাক জানিবলৈ, ভালদৰে বুজিবলৈ। লগ পোৱা নাছিলোঁ। কেইবা গৰাকীয়ো ব্যক্তিৰ সৈতে অৱশ্যেই "বশিষ্ঠ দেৱ শৰ্মা চৰ্চা" কৰিছিলোঁ। জানিছিলোঁ, শিক্ষক আছিল। বৰপেটা জিলাৰ পল্লাৰপাম প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছিল। অৱসৰ লৈছিল সুন্দৰীদিয়াৰ দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা। ১৯৯৩ চনত নিৰ্বাাচিত হৈছিল বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া হিচাপে। ১৪ বছৰ ডেকা সত্ৰীয়া হিচাপে সেৱা আগবঢ়াইছিল। (আৰু ২০০৭ চনৰ পৰা  বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰূপে নিৰ্বাচিত হৈছিল, মৃত্যুৰ আগমুহূৰ্তলৈকে।) --কব পাৰি, মৃত্যুৰ আগলৈকে সমাজৰ শিক্ষক হৈয়ে আছিল। প্ৰথম চোৱাত "আখৰৰ পাঠ দিয়া শিক্ষক", পাছৰ সময় চোৱাত "সত্ৰ সংস্কৃতিৰ পাঠ দিয়া শিক্ষক"।
"সমাজৰ শিক্ষক হোৱাৰ সুযোগ ভাগ্যৰ বলত নহয়, কৰ্মৰ বলতহে লাভ কৰে। তুমি কিতাপ খনত বা আন কিতাপত যদি সমাজৰ ভালৰ বাবে, এই প্ৰজন্মই বা পাছৰ প্ৰজন্মই জানিব লগীয়া কিবা লিখিছা, তেনেহ'লে কম বা আনেও কব--তুমি সমাজৰ শিক্ষক।" --দ্বিতীয়বাৰ লগ পোৱাৰ সময়ত কৈছিল, বশিষ্ঠ দেৱ শৰ্মাই। মোৰ "প্ৰভাত শৰ্মা" কেন্দ্ৰীক গ্ৰন্থ খন উন্মোচন কৰাৰ পাছত।
--বশিষ্ঠ দেৱ শৰ্মাৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িছিল "প্ৰভাত শৰ্মা" প্ৰকল্পৰ কাম কৰাৰ সময়ত। (আমি সকলোৱে জানো, প্ৰভাত শৰ্মাৰ ভাতৃ, সংগীত শিল্পী তৰালি শৰ্মাৰ খুড়াক --বশিষ্ঠ দেৱ শৰ্মা৷) প্ৰকল্পৰ স্বাৰ্থত "সংগীতশ্ৰী"ৰ সৈতে দীৰ্ঘ সেউজ সময় কটাইছিলোঁ। সেই সেউজ সময়তে আৰু কিছু অনুভৱ কৰিছিলোঁ বশিষ্ঠ দেৱ শৰ্মাক। আৰু স্বাভাৱিকতে আগ্ৰহ বাঢ়িছিল। আৰু এই আগ্ৰহ লৈয়ে হাতত লৈছিলোঁ আন এটা প্ৰকল্প "বশিষ্ঠ দেৱ শৰ্মা"। আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল বশিষ্ঠ দেৱ শৰ্মাৰ পুত্ৰ, সংগীত শিল্পী ভাস্কৰ আৰু নাট্যকৰ্মী নিৰ্মল দাস। সহযাত্ৰী হিচাবে লৈছিলোঁ বৰপেটাৰ কৌশিক দাস আৰু ধ্ৰুৱজ্যোতি তহবিলদাৰক। কিন্ত দুখোজমান  দিয়ে আগবঢ়াৰ সুযোগ নাপালো। উভতি নহা বাটেৰে গ'ল গৈ বশিষ্ঠ দেৱ শৰ্মা। এই দুখে মোক সদায় ছুই থাকিব।
--বশিষ্ঠ দেৱশৰ্মাৰ দুটা দিশে মোক বিশেষ ভাৱে আকৰ্ষণ কৰিছিল। সাংগীতিক কৰ্মৰ সময়ত তেওঁৰ শৰীৰ ভাষা, গায়কী, কণ্ঠস্বৰ, চেহেৰাত স্পষ্ট হোৱা ব্যক্তিত্ব আৰু কৰ্মত উদাৰতা। উদাৰতাৰ এটা উদাহৰণ-- সকলো জাতি-জনগোষ্ঠীৰ মাজলৈ গৈ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। কাকতত পঢ়িছিলোঁ ২০১৫ চনত  লখিমপুৰলৈ গৈ মিচিং জনগোষ্ঠীয় এক অঞ্চললৈ গৈ তাত থকা চাঙনী সত্ৰত এজন মিচিং সম্প্ৰদায়ৰ লোকক সত্ৰাধিকাৰ পতাৰ খবৰ।  

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...