পুলক গগৈ by: Utpal Mena
পুলক গগৈ আৰু নাই। অসমীয়া চিনেমাৰ পৰিচালক, ৰং-তুলিকাৰে কেনভাছ খেলা মানুহ জন আজি গ'লগৈ উভতি নহা বাটেৰে।
কায়িক পুলক গগৈৰ অবৰ্তমানত বহু কথায়ে মনলৈ আহিছে।
বহুতে পুলক গগৈক "চিনেমাৰ মানুহ"-তে ৰাখিছে। কোনোৱে "ৰং-তুলিকা"তে। কিন্তু ইমানতে শেষ নহয়। পুলকদাই কার্টুন আঁকিছিল, গল্পও লিখিছিল। অর্থাৎ "শব্দ"ক লৈও খেলিছিল। এবাৰ পুলকদাই মোৰ হাতত তুলি দিছিল এটা গল্প— "দাপোণত আপোন মুখ'। “আজি"ত প্ৰকাশ পাইছিল। এই গল্পটো পঢ়াৰ পিছত অনুভৱ কৰিছিলোঁ— 'ৰঙৰ দৰেই সুন্দৰকৈ খেলে ‘শব্দ’ৰ খেল। পুলকদাৰ কেমেৰাৰ ‘ৰচনা’ যিমান মসৃণ, সিমানেই মসৃণ কলমৰ (শব্দৰ) ৰচনা। কেমেৰা 'ৰচনা'!
"শ্রীমতী মহিমাময়ী"— মই চোৱা পুলকদাৰ প্ৰথমখন চিনেমা। হাস্যৰসক গুৰুত্ব দি ‘ৰচনা’ কৰা হৈছে। কৃপণ মহিলা এগৰাকী চিনেমাখনৰ মূল চৰিত্ৰ। ইমানেই কৃপণ যে দিয়াচেলাইৰ কাঠীডালো দুফাল কৰি লৈহে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। সেই সময়ত, যি সময়ত এই চিনেমাখন নিৰ্মাণ হৈছিল, এনে শৈলীৰ চিনেমা খুউব কম নিৰ্মাণ হৈছিল। অসমীয়াতে নহয়, অন্যান্য ভাষাতো। চৰিত্ৰটোত অভিনয় কৰিছিল বীণা গোস্বামীয়ে। —এইখন পৰিচালকগৰাকীৰ দ্বিতীয় পৰিচালনা । প্রথম পৰিচালনা খোজ' (১৯৭৫)। অসমীয়া চিনেমাৰ চোতালত সফল খোজ। প্রযোজনাৰ দায়িত্ব লৈছিল নিজে। সংগীত ড° ভূপেন হাজৰিকাৰ। পুলকদাই কৈছিল--"ভৃপেনদাৰ সৈতে মুম্বাইৰ সাগৰৰ বালিৰ ওপৰত বহি সংগীতৰ কথা পাতিছিলোঁ, শেষ ৰাতিলৈকে। প্ৰথমে চিনেমাৰ কাহিনী শুনাইছিলোঁ। ভূপেনদাই পছন্দ কৰিছিল। চিনেমাৰ নামটোও দিছিল। ভূপেনদাই কৈছিল--'তোমাৰ ছবিত প্ৰথম খোজ। ছবি খনৰ কাহিনীৰ সৈতেও মিলিব। 'খোজ'নামটোৱে ৰাখিবা।..." পুলকদাই আৰু কৈছিল চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কাম আগবঢ়াৰ আগতে গীতৰ কাম হৈছিল। সংগীত বেচ জনপ্ৰিয় হৈছিল। "জিলমিলীয়া কোমল বালি তাহানিৰ কথা কিয় আজি কলি..." (কণ্ঠ:ভূপেন হাজৰিকা, উষা মঙ্গেশকাৰ), "চিনাকী মোৰ মনৰ মানুহ তোমাৰ বাবেই জনম লভিছো..." (কণ্ঠ: উষা মঙ্গেশকাৰ ) শ্ৰোতাই আদৰি লৈছিল।
—পৰিচালকগৰাকীৰ আন কেইখন চিনেমা হ'ল 'সাদৰী’, ‘সেন্দূৰ’, ‘সূৰুয', 'ৰে'লৰ আলিৰ দূবৰি বন’, ‘মৰম নদীৰ গাভৰু ঘাট", ‘পত্নী’, ‘মমতাজ’। কথা প্ৰসংগত এই এবাৰ জানিব খুজিছিলোঁ মুক্তিপ্রাপ্ত 'পত্নী' চিত্রগৃহলৈ অহাৰ পাছতে। এই চিনেমাখনৰ প্ৰচাৰত পৰিচালকগৰাকীয়ে মোৰ
"সমালোচনাৰ কেইটামান শব্দ" আৰু মোৰ নাম ব্যৱহাৰ কৰিছিল। মোৰ বাবে আছিল সেয়া "মিঠা অভিজ্ঞতা"। সেই বিশেষ বিজ্ঞাপনটোত চকু ফুৰাই মই জানিব বিচাৰিছিলোঁ— “পত্নী’ আপোনাৰ শ্ৰেষ্ঠ পৰিচালনা ? চিনেমাকেইখনৰ ভিতৰত শ্ৰেষ্ঠ পৰিচালনা কোনখন?
উত্তৰত কৈছিল— “শ্রেষ্ঠ এখনো নহয়। কিন্তু প্রতিখন চিনেমাই মোৰ বাবে সুন্দৰ অভিজ্ঞতা। ইয়াৰ কাৰণ হয়তো জানিব খুজিবা! উত্তৰত মই কম এনেদৰে, চিনেমাকেইখন যেনেদৰে নিৰ্মাণ হৈ উঠিছিল, তেনেদৰে অভিজ্ঞতাই মোক শিকাই গৈছিল। চিনেমাৰ কাম কৰিম বুলি ভৱাৰ সময়ত মই কেমেৰাটোৱ বুজা নাছিলোঁ। প্ৰাথমিক কথাখিনি চিত্ৰগ্ৰহণকাৰী ভবানী নাথৰ পৰা জানি লৈছিলোঁ। মোৰ বিশ্বাস-- বহু অভিজ্ঞতাৰ পাছতহে "শ্রেষ্ঠ চিনেমা" নিৰ্মাণ সম্ভৱ। আৰু পৰিচালক এগৰাকীয়ে সততে সদায় 'শ্রেষ্ঠ চিনেমা'ৰ সন্ধানত থাকে।...”
--আমি মন কৰিছিলোঁ পৰিচালক পুলক গগৈৰ চিনেমা কোনো বিশেষ বৃত্তৰ মাজত বন্দী নহয়। ভিন্ন বিষয়বস্তু, ভিন্ন পৰিচালনা শৈলী। "পত্নী" বা "ৰে'লৰ আলিব দূবৰি বন"তকৈ বহু দূৰত 'সুৰুষ'। মাৰপিট, কৰিঅ'গ্ৰাফৰ সমাহাৰ ৷ "মমতাজ"ৰ পৰিচালনা শৈলী আৰু বহু বেলেগে। "মিউজিকেল চিনেমা" বুলিও ক'ব পৰা যায়। এয়া কেনেকৈ সম্ভব? "... মোৰ বাবে সহজ। এটা বিশেষ ষ্টাইলত কাম কৰাটোহে সম্ভবতঃ মোৰ বাবে সহজ নহয়। মোৰ ধাৰণা— মই চিনেমাখন ‘সূৰুয'ৰ দৰে কৰিম, 'পত্নী'ৰ দৰে কৰিম বুলি যদি ভাবি লওঁ, তুমি কোৱাৰ দৰে এটা বৃত্তৰ মাজত সোমাই লওঁ, তেনেহ'লে নতুন চিনেমাখনৰ বিষয়বস্তুৰ প্ৰতি অন্যায় কৰা হয়। আৰু মোৰ বাবেও কামটো-আমনিদায়ক হ'ব।.... কিন্তু এইটো নহয়, আমনিদায়ক হোৱাৰ ভয়ত মই বিভিন্ন ষ্টাইলত কাম কৰোঁ। মোৰ 'কাম' আগবাঢ়ে কাহিনী— ‘বিষয়বস্তু’ক কেন্দ্ৰ কৰি। ‘বিষয়বস্তু’ কাহিনীৰ মাজেৰে আগবঢ়াই কেনেদৰে নিলে দৰ্শকে দিগদাৰ নাপায়, বুজি পাব— সেয়া মোৰ প্ৰথম ‘চিন্তা’। সেই ‘চিন্তা’য়ে পৰিচালনা শৈলীৰ নিয়ন্ত্রক।...” পুলকদাই কৈছিল।
পুলক গগৈয়ে চিনেমাৰ পৰিচালনা শৈলী ভিন্ন হোৱাৰ আন এটা কাৰণ — পৰিচালনা চিন্তা, চিনেমাৰ বিভাজনৰ ঊর্ধ্বত। একাংশ ভাৰতীয় পৰিচালকে বিশ্বাস কৰাৰ দৰে, 'আর্ট' আৰু 'কমাচিয়েল' বিশ্বাস নকৰে। পৰিচালকগৰাকীৰ মতে, “চিনেমা মানে চিনেমা। চিনেমা চিনেমাৰ দৰে হ'ব লাগে। 'আর্ট চিনেমা', 'কমাচিয়েল চিনেমা' ইত্যাদি মই বুজি নাপাওঁ। 'কমাৰ্চিয়েল চিনেমা' জানো 'আর্ট'ক বাদ দি সম্ভৱ। ব্যবসায়ক বাদ দি জানো ধাৰাবাহিকভাবে চিনেমাৰ কাম কৰা সম্ভৱ !! বুজাত মোৰ দিগদাৰ হয়।...?”
এতিয়া আহিছোঁ পুলক গগৈৰ চিনেমাৰ আন দুটা বিশেষত্বলৈ। পৰিচালকগৰাকীয়ে তাৰকা ইমেজ'ক বাহিৰত ৰাখি 'চৰিত্ৰ' নিৰ্মাণ কৰি ভাল পাইছিল, গীত ব্যৱহাৰত গুৰুত্ব দিছিল। ‘তাৰকা ইমেজ’ৰ বাহিৰত আছিল চিনেচিন্তা! সেয়া স্পষ্ট হ'ব ‘নায়ক নায়িকা'ৰ তালিকাখনত চকু ফুৰালে। ‘খোজত মাহতাব-দীপিকা আৰন্ধৰা, ‘শ্ৰীমতী মহিমাময়ী'ত ৰূপজ্যোতি দাস-ৰবীন নেওগ, ‘"সাদৰী"ত ৰবীন নেওগ-গীতাঞ্জলি, ‘সেন্দূৰ’ত তপন দাস-বিদ্যা ৰাও, ‘সূৰুয’ত ব্ৰজেন বৰা, ‘ৰে'লৰ আলিৰ দূবৰিবন'ত অমিতাভ গগৈ, ‘মৰম নদীৰ গাভৰু ঘাট'ত বিক্ৰম হাজৰিকা-বৰ্ণালী পূজাৰী, ‘পত্নী’ত পাকিজা বেগম। বিদ্যা ৰাওৰ বাহিৰে এগৰাকীৰো তাৰকা বা বিশেষ 'ইমেজ' নাই। ইয়াৰ কিবা কাৰণ আছে নেকি?
এই প্ৰসংগত পুলক গগৈৰ উত্তৰ আছিল স্পষ্ট— “কাহিনী নির্বাচন মোৰ প্ৰথম কাম। তাৰ পাছত চিত্ৰনাট্য, ‘চৰিত্ৰ’ নিৰ্মাণ। চিত্ৰনাট্যত ‘চৰিত্ৰ' নিৰ্মাণ কৰাৰ সময়ত নায়ক বা নায়িকাৰ বিশেষ 'ইমেজ' মোৰ মনলৈ আহে। সেই 'ইমেজ'ৰ কথা মনত ৰাখি নায়ক বা নায়িকা নির্বাচনত আগবাঢ়োঁ। কোনো ‘তাৰকা ইমেজ'ৰ কথা মনত ৰাখি মই ‘চৰিত্ৰ' ৰচনা নকৰোঁ।”
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন