সরাসরি প্রধান সামগ্রীতে চলে যান

পুলক গগৈ: এক অধ্যায়

পুলক গগৈ by: Utpal Mena
পুলক গগৈ আৰু নাই। অসমীয়া চিনেমাৰ পৰিচালক, ৰং-তুলিকাৰে কেনভাছ খেলা মানুহ জন আজি গ'লগৈ উভতি নহা বাটেৰে।
কায়িক পুলক গগৈৰ অবৰ্তমানত বহু কথায়ে মনলৈ আহিছে।
বহুতে পুলক গগৈক "চিনেমাৰ মানুহ"-তে ৰাখিছে। কোনোৱে "ৰং-তুলিকা"তে। কিন্তু ইমানতে শেষ নহয়। পুলকদাই কার্টুন আঁকিছিল, গল্পও লিখিছিল। অর্থাৎ "শব্দ"ক লৈও খেলিছিল। এবাৰ পুলকদাই মোৰ হাতত তুলি দিছিল এটা গল্প— "দাপোণত আপোন মুখ'। “আজি"ত প্ৰকাশ পাইছিল। এই গল্পটো পঢ়াৰ পিছত অনুভৱ কৰিছিলোঁ— 'ৰঙৰ দৰেই সুন্দৰকৈ খেলে ‘শব্দ’ৰ খেল। পুলকদাৰ কেমেৰাৰ ‘ৰচনা’ যিমান মসৃণ, সিমানেই মসৃণ কলমৰ (শব্দৰ) ৰচনা। কেমেৰা 'ৰচনা'!
"শ্রীমতী মহিমাময়ী"— মই চোৱা পুলকদাৰ প্ৰথমখন চিনেমা। হাস্যৰসক গুৰুত্ব দি ‘ৰচনা’ কৰা হৈছে। কৃপণ মহিলা এগৰাকী চিনেমাখনৰ মূল চৰিত্ৰ। ইমানেই কৃপণ যে দিয়াচেলাইৰ কাঠীডালো দুফাল কৰি লৈহে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। সেই সময়ত, যি সময়ত এই চিনেমাখন নিৰ্মাণ হৈছিল, এনে শৈলীৰ চিনেমা খুউব কম নিৰ্মাণ হৈছিল। অসমীয়াতে নহয়, অন্যান্য ভাষাতো। চৰিত্ৰটোত অভিনয় কৰিছিল বীণা গোস্বামীয়ে। —এইখন পৰিচালকগৰাকীৰ দ্বিতীয় পৰিচালনা । প্রথম পৰিচালনা খোজ' (১৯৭৫)। অসমীয়া চিনেমাৰ চোতালত সফল খোজ। প্রযোজনাৰ দায়িত্ব লৈছিল নিজে। সংগীত ড° ভূপেন হাজৰিকাৰ। পুলকদাই কৈছিল--"ভৃপেনদাৰ সৈতে মুম্বাইৰ সাগৰৰ বালিৰ ওপৰত বহি সংগীতৰ কথা পাতিছিলোঁ, শেষ ৰাতিলৈকে। প্ৰথমে চিনেমাৰ কাহিনী শুনাইছিলোঁ। ভূপেনদাই পছন্দ কৰিছিল। চিনেমাৰ নামটোও দিছিল। ভূপেনদাই কৈছিল--'তোমাৰ ছবিত প্ৰথম খোজ। ছবি খনৰ কাহিনীৰ সৈতেও মিলিব। 'খোজ'নামটোৱে ৰাখিবা।..." পুলকদাই আৰু কৈছিল চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কাম আগবঢ়াৰ আগতে গীতৰ কাম হৈছিল। সংগীত বেচ জনপ্ৰিয় হৈছিল। "জিলমিলীয়া কোমল বালি তাহানিৰ কথা কিয় আজি কলি..."  (কণ্ঠ:ভূপেন হাজৰিকা, উষা মঙ্গেশকাৰ), "চিনাকী মোৰ মনৰ মানুহ তোমাৰ বাবেই জনম লভিছো..."  (কণ্ঠ: উষা মঙ্গেশকাৰ ) শ্ৰোতাই আদৰি লৈছিল।
—পৰিচালকগৰাকীৰ আন কেইখন চিনেমা হ'ল 'সাদৰী’, ‘সেন্দূৰ’, ‘সূৰুয', 'ৰে'লৰ আলিৰ দূবৰি বন’, ‘মৰম নদীৰ গাভৰু ঘাট", ‘পত্নী’, ‘মমতাজ’। কথা প্ৰসংগত এই এবাৰ জানিব খুজিছিলোঁ মুক্তিপ্রাপ্ত 'পত্নী' চিত্রগৃহলৈ অহাৰ পাছতে। এই চিনেমাখনৰ প্ৰচাৰত পৰিচালকগৰাকীয়ে মোৰ
"সমালোচনাৰ কেইটামান শব্দ" আৰু মোৰ নাম ব্যৱহাৰ কৰিছিল। মোৰ বাবে আছিল সেয়া "মিঠা অভিজ্ঞতা"। সেই বিশেষ বিজ্ঞাপনটোত চকু ফুৰাই ম‍ই জানিব বিচাৰিছিলোঁ— “পত্নী’ আপোনাৰ শ্ৰেষ্ঠ পৰিচালনা ? চিনেমাকেইখনৰ ভিতৰত শ্ৰেষ্ঠ পৰিচালনা কোনখন?
উত্তৰত কৈছিল— “শ্রেষ্ঠ এখনো নহয়। কিন্তু প্রতিখন চিনেমাই মোৰ বাবে সুন্দৰ অভিজ্ঞতা। ইয়াৰ কাৰণ হয়তো জানিব খুজিবা! উত্তৰত ম‍ই কম এনেদৰে, চিনেমাকেইখন যেনেদৰে নিৰ্মাণ হৈ উঠিছিল, তেনেদৰে অভিজ্ঞতাই মোক শিকাই গৈছিল। চিনেমাৰ কাম কৰিম বুলি ভৱাৰ সময়ত মই কেমেৰাটোৱ বুজা নাছিলোঁ। প্ৰাথমিক কথাখিনি চিত্ৰগ্ৰহণকাৰী ভবানী নাথৰ পৰা জানি লৈছিলোঁ। মোৰ বিশ্বাস-- বহু অভিজ্ঞতাৰ পাছতহে "শ্রেষ্ঠ চিনেমা" নিৰ্মাণ সম্ভৱ। আৰু পৰিচালক এগৰাকীয়ে সততে সদায় 'শ্রেষ্ঠ চিনেমা'ৰ সন্ধানত থাকে।...”
--আমি মন কৰিছিলোঁ পৰিচালক পুলক গগৈৰ চিনেমা কোনো বিশেষ বৃত্তৰ মাজত বন্দী নহয়। ভিন্ন বিষয়বস্তু, ভিন্ন পৰিচালনা শৈলী। "পত্নী" বা "ৰে'লৰ আলিব দূবৰি বন"তকৈ বহু দূৰত 'সুৰুষ'। মাৰপিট, কৰিঅ'গ্ৰাফৰ সমাহাৰ ৷ "মমতাজ"ৰ পৰিচালনা শৈলী আৰু বহু বেলেগে। "মিউজিকেল চিনেমা" বুলিও ক'ব পৰা যায়। এয়া কেনেকৈ সম্ভব? "... মোৰ বাবে সহজ। এটা বিশেষ ষ্টাইলত কাম কৰাটোহে সম্ভবতঃ মোৰ বাবে সহজ নহয়। মোৰ ধাৰণা— মই চিনেমাখন ‘সূৰুয'ৰ দৰে কৰিম, 'পত্নী'ৰ দৰে কৰিম বুলি যদি ভাবি লওঁ, তুমি কোৱাৰ দৰে এটা বৃত্তৰ মাজত সোমাই লওঁ, তেনেহ'লে নতুন চিনেমাখনৰ বিষয়বস্তুৰ প্ৰতি অন্যায় কৰা হয়। আৰু মোৰ বাবেও কামটো-আমনিদায়ক হ'ব।.... কিন্তু এইটো নহয়, আমনিদায়ক হোৱাৰ ভয়ত ম‍ই বিভিন্ন ষ্টাইলত কাম কৰোঁ। মোৰ 'কাম' আগবাঢ়ে কাহিনী— ‘বিষয়বস্তু’ক কেন্দ্ৰ কৰি। ‘বিষয়বস্তু’ কাহিনীৰ মাজেৰে আগবঢ়াই কেনেদৰে নিলে দৰ্শকে দিগদাৰ নাপায়, বুজি পাব— সেয়া মোৰ প্ৰথম ‘চিন্তা’। সেই ‘চিন্তা’য়ে পৰিচালনা শৈলীৰ নিয়ন্ত্রক।...” পুলকদাই কৈছিল।
পুলক গগৈয়ে চিনেমাৰ পৰিচালনা শৈলী ভিন্ন হোৱাৰ আন এটা কাৰণ — পৰিচালনা চিন্তা, চিনেমাৰ বিভাজনৰ ঊর্ধ্বত। একাংশ ভাৰতীয় পৰিচালকে বিশ্বাস কৰাৰ দৰে, 'আর্ট' আৰু 'কমাচিয়েল' বিশ্বাস নকৰে। পৰিচালকগৰাকীৰ মতে, “চিনেমা মানে চিনেমা। চিনেমা চিনেমাৰ দৰে হ'ব লাগে। 'আর্ট চিনেমা', 'কমাচিয়েল চিনেমা' ইত্যাদি ম‍ই বুজি নাপাওঁ। 'কমাৰ্চিয়েল চিনেমা' জানো 'আর্ট'ক বাদ দি সম্ভৱ। ব্যবসায়ক বাদ দি জানো ধাৰাবাহিকভাবে চিনেমাৰ কাম কৰা সম্ভৱ !! বুজাত মোৰ দিগদাৰ হয়।...?”
এতিয়া আহিছোঁ পুলক গগৈৰ চিনেমাৰ আন দুটা বিশেষত্বলৈ। পৰিচালকগৰাকীয়ে তাৰকা ইমেজ'ক বাহিৰত ৰাখি 'চৰিত্ৰ' নিৰ্মাণ কৰি ভাল পাইছিল, গীত ব্যৱহাৰত গুৰুত্ব দিছিল। ‘তাৰকা ইমেজ’ৰ বাহিৰত আছিল চিনেচিন্তা! সেয়া স্পষ্ট হ'ব ‘নায়ক নায়িকা'ৰ তালিকাখনত চকু ফুৰালে। ‘খোজত মাহতাব-দীপিকা আৰন্ধৰা, ‘শ্ৰীমতী মহিমাময়ী'ত ৰূপজ্যোতি দাস-ৰবীন নেওগ, ‘"সাদৰী"ত ৰবীন নেওগ-গীতাঞ্জলি, ‘সেন্দূৰ’ত তপন দাস-বিদ্যা ৰাও, ‘সূৰুয’ত ব্ৰজেন বৰা, ‘ৰে'লৰ আলিৰ দূবৰিবন'ত অমিতাভ গগৈ, ‘মৰম নদীৰ গাভৰু ঘাট'ত বিক্ৰম হাজৰিকা-বৰ্ণালী পূজাৰী, ‘পত্নী’ত পাকিজা বেগম। বিদ্যা ৰাওৰ বাহিৰে এগৰাকীৰো তাৰকা বা বিশেষ 'ইমেজ' নাই। ইয়াৰ কিবা কাৰণ আছে নেকি?
এই প্ৰসংগত পুলক গগৈৰ উত্তৰ আছিল স্পষ্ট— “কাহিনী নির্বাচন মোৰ প্ৰথম কাম। তাৰ পাছত চিত্ৰনাট্য, ‘চৰিত্ৰ’ নিৰ্মাণ। চিত্ৰনাট্যত ‘চৰিত্ৰ' নিৰ্মাণ কৰাৰ সময়ত নায়ক বা নায়িকাৰ বিশেষ 'ইমেজ' মোৰ মনলৈ আহে। সেই 'ইমেজ'ৰ কথা মনত ৰাখি নায়ক বা নায়িকা নির্বাচনত আগবাঢ়োঁ। কোনো ‘তাৰকা ইমেজ'ৰ কথা মনত ৰাখি ম‍ই ‘চৰিত্ৰ' ৰচনা নকৰোঁ।”

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...