আজি ১৮ নৱেম্বৰ ২০২২। জুবিন প্ৰেমীৰ উৎসৱৰ দিন। ৫০ বছৰীয়া হ'ল (জন্ম:১৮ নৱেম্বৰ ১৯৭২)
এক বিশেষ শৈলীৰে অসমীয়া সংগীতক চহকী কৰা-- জুবিন গাৰ্গ। আন বাদ, জুবিনৰ কণ্ঠ আৰু গায়ণ শৈলীয়ে আমাক সদায় আনন্দ দি আহিছে। জুবিনৰ দীঘল সাংগীতিক বাট আমি অনুভৱ কৰিছিলো, আৰু সংকিত হৈছিলোঁ। সংকিত হোৱাৰ কাৰণ আছিল, জুবিনৰ কাষত কোনো "হেমাংগ বিস্বাস" নাছিল, কোনো "নৱকান্ত বৰুৱা" নাছিল। "ইনাৰ চাৰ্কোল"ত আছিল "জুবিন প্ৰডাক্ট"ৰ লোভত পৰা একাংশ।
কেতিয়া লগ পাইছিলোঁ জুবিনক? মনত আছে, এখন দৈনিক কাকত প্ৰকাশ পাইছিল, "আজিৰ সংবাদ"। কাকত খনৰ সম্পাদনা বিভাগত কাম কৰাৰ সুযোগ পাইছিলোঁ। আমাৰ দায়িত্বত আছিল কাকত খনৰ সাংস্কৃতিৰ পৃষ্ঠাটো। মাজে সময়ে পৃষ্ঠাটোত ছপাবলৈ লেখা লৈ আহে ধনজিৎ দাস নামৰ ভাতৃপ্ৰতীম বন্ধু এজনে। এদিন ধনজিতে লেখা অনা নাছিল, আনিছিল কেইখনমান স্থিৰ চিত্ৰ। কৈছিল-- ইয়াৰ নাম জুবিন। জুবিন গাৰ্গ। বহুত ধুনীয়া গায়। আপুনি লিখিব নেকি? আপোনাক মই জুবিনৰ ওচৰলৈ লৈ যাম। (জুবিন নামটো শুনা মাত্ৰকে মোৰ মনত ফ্লেছ-বেক হৈছিল উৎপল শৰ্মই কোৱা কথালৈ। কেইদিন মান আগতে শুনিছিলোঁ জুবিন নামটো। উৎপলদাই কৈছিল, "এজন ভাল গায়ক ওলাব। জুবিন, নাম। চাবা, এদিন সি অসমৰ সংগীতৰ ক্ষেত্ৰখন দখল কৰিব।") লৈ গৈছিল। কমাৰ্ছ কলেজৰ কোনোবা খিনিত লগ পাইছিলোঁ। ভালদৰে মনত নাই। মনত আছে, সেই প্ৰথম সাক্ষাৎতত জুবিনৰ সৈতে এক ঘণ্টামান সময় কথা পাতিছিলোঁ। দঘণ্টা সময় অপেক্ষা কৰি প্ৰায় এঘণ্টা সময় জুবিনৰ সৈতে কথা পাতি অনুভৱ কৰিবলৈ চষ্টা কৰিছিলোঁ। কথাৰ পৰা অনুভৱ কৰিছিলোঁ, জুবিনৰ লক্ষ্য --সংগীত বিশ্ব। বলীউদতো গীত গোৱাৰ লক্ষ্য।
--"জুবিন" নিৰ্মাণ পৰ্ব আৰম্ভ হৈছিল। কেছেটৰ বজাৰলৈ আহিছিল "অনুৰাধা" (১৯৯২), "অনামিকা" (১৯৯২), "মায়া" (১৯৯৪)। ক'ব পাৰি "মায়" জুবিনৰ সংগীত কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট। জুবিনৰ কণ্ঠ, কথা, সুৰেৰে নিৰ্মিত "মায়া, মায়া মাথো মায়া ..."ৰে অসমৰ সংগীত ৰসিকৰ মাজত "সাংগীতিক মায়া"ৰ সৃষ্টি কৰিছিল। বিশেষকৈ যুৱ সমাজৰ মাজত "জুবিন ইমেজ"-এ আকাৰ লৈছিল এই গীতটোৰে। সংকলটোত আছিল আৰু সাতটা গীত-- "নিৰিবিলি গধুলি. " (কথা:জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ-কবিতা কৃষ্ণমূৰ্তি), "জোনাকে..." (কথা: কপিল ঠাকুৰ, কণ্ঠ: জুবিন গাৰ্গ), "ফুলেৰে সজালোঁ..." (কথা: হীৰেন ভট্ট, কণ্ঠ: কবিতা কৃষ্ণমূৰ্তি), "দূৰে দূৰে..." (কথা-কণ্ঠ: জুবিন গাৰ্গ), "জোনাশ গলা ..." (কথা-কণ্ঠ: জুবিন গাৰ্গ), "উন্মনা ..." (কথা-কণ্ঠ: জুবিন গাৰ্গ),"উজাগৰী ...(কথা-কণ্ঠ: জুবিন গাৰ্গ)। এই শ্ৰব্য সংকলনৰ পাছৰে পৰা "এন কেৰ জুবিন"মানেই "জনপ্ৰিয় গীত"ৰ ধাৰণাই শ্ৰোতাক চুলে। সেই সময়ত আমি শুনিছিলোঁ, জানিছিলোঁ-- জুবিন গাৰ্গ আৰু এন কে প্ৰডাক্চনৰ মাজত বিশেষ চুক্তি হৈছে, জুবিনে আন কেছেট নিৰ্মাতাৰ এলবাম বা কেছেটৰ বাবে সংগীতকৰ্ম নকৰে, গীত নাগায়। (আজিলৈকে এন কেৰ দেৱ বৰকটকীৰ বা জুবিনৰ পৰা জানিব বিছৰা নাই, চুক্তিৰ সেই খবৰ কিমান সঁচা!)
--এই খিনিতে দুটা কথা উল্লেখ কৰাৰ যুক্তি বিছাৰি পাইছো, জুবিন গাৰ্গে যিটো বাটেৰে (শৈলীৰে) অসমীয়া সংগীতক আগবঢ়াই নিছিল, সেই বাটৰ অগ্ৰজ জীতুল সোণোৱাল। আৰু জুবিনক সেই বাট দেখুৱাইছিল উৎপল শৰ্মাই। (সম্ভৱতঃ জুবিনে এই কথা অস্বীকাৰ নকৰিব।)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন