"মেড ইন নলবাৰী" চালোঁ। তনুজ নাথৰ পৰিচালনা। চিনে সৌন্দৰ্যৰে ভৰপুৰ; কিন্তু চিনে সোন্দৰ্য নিস্প্ৰভ "সাহিত্য সৌন্দৰ্য" ওচৰত। চুটি, চুই যোৱা, কবিতা-কবিতা সংলাপ।
"তুমি কাগজ এটুকুৰা নালাগে বুলি পেলাই দিছা, মই সেই কাগজত ছবি আঁকো ।"
"তুমি চিগাৰেট খাই ধোঁৱা উৰুৱা,মই সেই ধোঁৱাত সপোন ৰচো ।"
"এই সময় তোমাৰো মোৰো পিছে তুমি হাত সাৱটি বহি আছা আৰু মই দুহাতেৰে ফুল বুটলিছো ।"
--এই কাব্যিক সংলাপ দিছে এটা চৰিত্ৰ মুখত, যিটো চৰিত্ৰত অভিনয় কৰিছে অৰুণ নাথে। এগৰাকী কবি। ঘৰৰ সকলোৱে ভালে থাকক বুলিয়ে এদিন ঘৰ এৰিছিল। কবিৰ শহুৰেকৰ ঘৰ নলবাৰীত। ঘৰ এৰা কবিয়ে ঘৰলৈ উভতিছে জিতুৰ টেক্সিত।
"সময় কাৰো বাবে ৰৈ নাথাকে। পাৰ হৈ যোৱা প্ৰতিটো সময় ক্ষণ আৰু কেতিয়াও দুনাই ঘুৰাই নাপায়। সেয়ে ইয়াক উপয়োগ, উপভোগ কৰক। যেতিয়াই নিজক সময় দিয়ে, কেৱল নিজক দিয়ক। যেতিয়াই পত্নী, লৰা-ছোৱালী, পৰিয়ালক সময় দিয়ে, হিয়া উজাৰি দিয়ক। ..."। কবিয়ে যে ঘৰলৈ উভতিছে, খবৰ পত্নীক দিয়া নাই, পত্নীক surprise দিব। কবিয়ে বুজিছে, "প্ৰেম প্ৰেম বুলি জগতে ঘুৰিলো/ ঘৰতে আছিলে প্ৰেম ..."। কিন্তু ঘৰ নাপালে কবিয়ে।
--এটা যাত্ৰা। মাজুলীৰ পৰা গুৱাহাটীলৈ। এগৰাকী ফটোগ্ৰাফাৰৰ। দুচকীয়া, ফেৰীৰ পাছত জীতুৰ টেক্সিত যাত্ৰা ফটোগ্ৰাফাৰ গৰাকীৰ। বাটত সহযাত্ৰী কবি। কবিৰ কথাত মন-মগজু সলনি হয় টেক্সিচালক আৰু ফটোগ্ৰাফাৰৰ। "সম্বন্ধ বোৰ ভালে নাথাকে,ভালকৈ ৰাখিব লাগে " --কবিৰ কথা দুয়োজনৰ মন-মগজুলৈ শিপাই। সময় নাই ফটোগ্ৰাফাৰৰ। কবিয়ে কয়-- "সময় তোমাৰো, সময় মোৰো..."।
"মানুহৰ সময়" --চিনেমা খনৰ গল্পৰ এটা বিন্দু, "সম্বন্ধ" আন এটা বিন্দু। গল্পৰ গতি সৰল ৰৈখিক নহয়। কিন্তু পৰিচালকে গল্প কৈছে সৰলকৈ, সহজতে দৰ্শকৰ মন চুৱাকৈ। কেৱল সাহিত্যৰ ভাষাৰে নহয়, কেমেৰাৰ ভাষাৰেও। কেমেৰাৰ ভাষাৰ সু-পৰিকল্পিত আৰু সংযত ব্যৱহাৰেৰে কেইবাখনো চলমান পেইন্টিং আঁকিছে। বাটত সহযাত্ৰী কবি। কবিৰ কথাত মন-মগজু সলনি হয় টেক্সিচালক আৰু ফটোগ্ৰাফাৰৰ। "সম্বন্ধ বোৰ ভালে নাথাকে,ভালকৈ ৰাখিব লাগে " --কবিৰ কথা দুয়োজনৰ মন-মগজুলৈ শিপাই। সময় নাই ফটোগ্ৰাফাৰৰ। কবিয়ে কয়-- "সময় তোমাৰো, সময় মোৰো..."।
"মানুহৰ সময়" --চিনেমা খনৰ গল্পৰ এটা বিন্দু, "সম্বন্ধ" আন এটা বিন্দু। গল্পৰ গতি সৰল ৰৈখিক নহয়। কিন্তু পৰিচালকে গল্প কৈছে সৰলকৈ, সহজতে দৰ্শকৰ মন চুৱাকৈ। কেৱল সাহিত্যৰ ভাষাৰে নহয়, কেমেৰাৰ ভাষাৰেও। কেমেৰাৰ ভাষাৰ সু-পৰিকল্পিত আৰু সংযত ব্যৱহাৰেৰে কেইবাখনো চলমান পেইন্টিং আঁকিছে। বাটত সহযাত্ৰী কবি। কবিৰ কথাত মন-মগজু সলনি হয় টেক্সিচালক আৰু ফটোগ্ৰাফাৰৰ। "সম্বন্ধ বোৰ ভালে নাথাকে,ভালকৈ ৰাখিব লাগে " --কবিৰ কথা দুয়োজনৰ মন-মগজুলৈ শিপাই। সময় নাই ফটোগ্ৰাফাৰৰ। কবিয়ে কয়-- "সময় তোমাৰো, সময় মোৰো..."।
"মানুহৰ সময়" --চিনেমা খনৰ গল্পৰ এটা বিন্দু, "সম্বন্ধ" আন এটা বিন্দু। গল্পৰ গতি সৰল ৰৈখিক নহয়। কিন্তু পৰিচালকে গল্প কৈছে সৰলকৈ, সহজতে দৰ্শকৰ মন চুৱাকৈ। কেৱল সাহিত্যৰ ভাষাৰে নহয়, কেমেৰাৰ ভাষাৰেও। কেমেৰাৰ ভাষাৰ সু-পৰিকল্পিত আৰু সংযত ব্যৱহাৰেৰে কেইবাখনো চলমান পেইন্টিং আঁকিছে। চৰিত্ৰক এনে ঠাইত, এনেদৰে বহুৱাইছে, টক্সি খনো এনে ঠাইত বেয়া হৈছে--, য'ত কেমেৰৰ ফ্ৰেমত বন্দী কৰাৰ সুযোগ থাকে একো খন পেইন্টিং। চলমান পেইটিং। চলমান পেইটিং, যাক আমি cinematic paintings বুলি ক'ব পাৰো। --টেক্সিয়ে গতি লৈছে, টেক্সি ৰৈছে। এই গতি লোৱা , ৰোৱা সময়ত ব্যৱহাৰ কৰা চিনেমাৰ ভাষা (cinematic language) চিনেসৌন্দৰ্যলৈ ৰূপান্তৰ হৈছে। আৰু সন্দেহ নাই, এই চিনেসৌন্দৰ্যই দৰ্শকক আনন্দ দিছে, চিত্ৰগৃহত বহুৱাই ৰাখিছে।
আহিছো চৰিত্ৰ নিৰ্মাণলৈ।মূল চৰিত্ৰ তিনিটা-- কবি (অভিনয় কৰিছে অৰুণ নাথে), ফটোগ্ৰাফাৰ (অভিনয় কৰিছে বিভূতি ভূষণ হাজৰিকাই), টেক্সি ড্ৰাইভাৰ (অভিনয় কৰিছে জিন্টু কুমাৰ কাশ্যপে)। পৰিচালকৰ দক্ষতা সেই খিনিতে, চৰিত্ৰ ফ্ৰেমলৈ অহা মূহুৰ্ততে দৰ্শকে অনুভৱ কৰিব পাৰিছে গতি-গোত্ৰ। ফটোগ্ৰফাৰ আত্মকেন্দ্ৰিক। টেক্সি ড্ৰাইভাৰ মুকলি মনৰ। মুকলিকৈ কৈ দিয়ে নিজৰ কথা, আনকি নিজৰ প্ৰেমৰো। কবি আপন-ভোলা। হৃদয়ত অভিজ্ঞতাৰ মোনা। সময়ক (যাব) বৈ যাব দিছে নদীৰ দৰে। সময় উভতি নাহে, গৈ থাকে, আগলৈ। কবিয়ে স্থিত সময় উপভোগ কৰে। কবিৰ মুখত দিয়া সংলাপ আৰু মাত্ৰ দুটা ক্লোজ শ্বটেৰে কবিক আঁকিছে, কবিক বুজাৰ সুযোগ দিছে পৰিচালকে। --"কবি" অৰুণ নাথ ৰৈ গৈছে, মনত, মগজুত। মন-মগজুত ৰৈ গৈছে "টেক্সি ড্ৰাইভাৰ" জিন্টু কুমাৰ কাশ্যপো। জিন্তুৰ চেহেৰৰ ভাষা (expression), সংলাপ প্ৰক্ষেপণ (dialogue projection) আৰু আছৰণ চিনেমা খনৰ আন এক সৌন্দৰ্য। --চিনেসৌন্দৰ্য, সাহিত্যৰ সৌন্দৰ্যৰ এই চিনেমা খনৰ ছান্দিক গতিয়ো ঠিকে আছিল, যাত্ৰকাল শেষ হোৱালৈকে। যাত্ৰাকালৰ পাছতেই ছন্দপতন। উন্নত মানৰ চিনেকৰ্মৰ ছন্দপতন।
*কবিতা-কবিতা সংলাপ কেইটা মনলৈ অনাত দিগদাৰ হৈছিল। এখিলা কাগজত লিখি দিলে চিত্ৰৰসিক অনুপম দুৱৰাই। মোৰ ধাৰণাত সংলাপ কেইটা ইফাল-সিফাল হৈছে।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন