সরাসরি প্রধান সামগ্রীতে চলে যান

মেড ইন নলবাৰী

 "মেড ইন নলবাৰী" চালোঁ। তনুজ নাথৰ পৰিচালনা। চিনে সৌন্দৰ্যৰে ভৰপুৰ; কিন্তু চিনে সোন্দৰ্য নিস্প্ৰভ "সাহিত্য সৌন্দৰ্য" ওচৰত। চুটি, চুই যোৱা, কবিতা-কবিতা সংলাপ। 
"তুমি কাগজ এটুকুৰা নালাগে বুলি পেলাই দিছা, মই সেই কাগজত ছবি আঁকো ।"
"তুমি চিগাৰেট খাই ধোঁৱা উৰুৱা,মই সেই ধোঁৱাত সপোন ৰচো ।"
"এই সময় তোমাৰো মোৰো পিছে তুমি হাত সাৱটি বহি আছা আৰু মই দুহাতেৰে ফুল বুটলিছো ।"
--এই কাব্যিক সংলাপ দিছে এটা চৰিত্ৰ মুখত, যিটো চৰিত্ৰত অভিনয় কৰিছে অৰুণ নাথে। এগৰাকী কবি। ঘৰৰ সকলোৱে ভালে থাকক বুলিয়ে এদিন ঘৰ এৰিছিল। কবিৰ শহুৰেকৰ ঘৰ নলবাৰীত। ঘৰ এৰা কবিয়ে ঘৰলৈ উভতিছে জিতুৰ টেক্সিত। 
"সময় কাৰো বাবে ৰৈ নাথাকে। পাৰ হৈ যোৱা প্ৰতিটো সময় ক্ষণ আৰু কেতিয়াও দুনাই ঘুৰাই নাপায়। সেয়ে ইয়াক উপয়োগ, উপভোগ কৰক। যেতিয়াই নিজক সময় দিয়ে, কেৱল নিজক দিয়ক। যেতিয়াই পত্নী, লৰা-ছোৱালী, পৰিয়ালক সময় দিয়ে, হিয়া উজাৰি দিয়ক। ..."। কবিয়ে যে ঘৰলৈ উভতিছে, খবৰ পত্নীক দিয়া নাই, পত্নীক surprise দিব। কবিয়ে বুজিছে, "প্ৰেম প্ৰেম বুলি জগতে ঘুৰিলো/ ঘৰতে আছিলে প্ৰেম ..."। কিন্তু ঘৰ নাপালে কবিয়ে।
--এটা যাত্ৰা। মাজুলীৰ পৰা গুৱাহাটীলৈ। এগৰাকী ফটোগ্ৰাফাৰৰ। দুচকীয়া, ফেৰীৰ পাছত জীতুৰ টেক্সিত যাত্ৰা ফটোগ্ৰাফাৰ গৰাকীৰ। বাটত সহযাত্ৰী কবি। কবিৰ কথাত মন-মগজু সলনি হয় টেক্সিচালক আৰু ফটোগ্ৰাফাৰৰ। "সম্বন্ধ বোৰ ভালে নাথাকে,ভালকৈ ৰাখিব লাগে " --কবিৰ কথা দুয়োজনৰ মন-মগজুলৈ শিপাই। সময় নাই ফটোগ্ৰাফাৰৰ। কবিয়ে কয়-- "সময় তোমাৰো, সময় মোৰো..."। 
"মানুহৰ সময়" --চিনেমা খনৰ গল্পৰ এটা বিন্দু, "সম্বন্ধ" আন এটা বিন্দু। গল্পৰ গতি সৰল ৰৈখিক নহয়। কিন্তু পৰিচালকে গল্প কৈছে সৰলকৈ, সহজতে দৰ্শকৰ মন চুৱাকৈ। কেৱল সাহিত্যৰ ভাষাৰে নহয়, কেমেৰাৰ ভাষাৰেও। কেমেৰাৰ ভাষাৰ সু-পৰিকল্পিত আৰু সংযত ব্যৱহাৰেৰে কেইবাখনো চলমান পেইন্টিং আঁকিছে। বাটত সহযাত্ৰী কবি। কবিৰ কথাত মন-মগজু সলনি হয় টেক্সিচালক আৰু ফটোগ্ৰাফাৰৰ। "সম্বন্ধ বোৰ ভালে নাথাকে,ভালকৈ ৰাখিব লাগে " --কবিৰ কথা দুয়োজনৰ মন-মগজুলৈ শিপাই। সময় নাই ফটোগ্ৰাফাৰৰ। কবিয়ে কয়-- "সময় তোমাৰো, সময় মোৰো..."। 
"মানুহৰ সময়" --চিনেমা খনৰ গল্পৰ এটা বিন্দু, "সম্বন্ধ" আন এটা বিন্দু। গল্পৰ গতি সৰল ৰৈখিক নহয়। কিন্তু পৰিচালকে গল্প কৈছে সৰলকৈ, সহজতে দৰ্শকৰ মন চুৱাকৈ। কেৱল সাহিত্যৰ ভাষাৰে নহয়, কেমেৰাৰ ভাষাৰেও। কেমেৰাৰ ভাষাৰ সু-পৰিকল্পিত আৰু সংযত ব্যৱহাৰেৰে কেইবাখনো চলমান পেইন্টিং আঁকিছে। বাটত সহযাত্ৰী কবি। কবিৰ কথাত মন-মগজু সলনি হয় টেক্সিচালক আৰু ফটোগ্ৰাফাৰৰ। "সম্বন্ধ বোৰ ভালে নাথাকে,ভালকৈ ৰাখিব লাগে " --কবিৰ কথা দুয়োজনৰ মন-মগজুলৈ শিপাই। সময় নাই ফটোগ্ৰাফাৰৰ। কবিয়ে কয়-- "সময় তোমাৰো, সময় মোৰো..."। 
"মানুহৰ সময়" --চিনেমা খনৰ গল্পৰ এটা বিন্দু, "সম্বন্ধ" আন এটা বিন্দু। গল্পৰ গতি সৰল ৰৈখিক নহয়। কিন্তু পৰিচালকে গল্প কৈছে সৰলকৈ, সহজতে দৰ্শকৰ মন চুৱাকৈ। কেৱল সাহিত্যৰ ভাষাৰে নহয়, কেমেৰাৰ ভাষাৰেও। কেমেৰাৰ ভাষাৰ সু-পৰিকল্পিত আৰু সংযত ব্যৱহাৰেৰে কেইবাখনো চলমান পেইন্টিং আঁকিছে। চৰিত্ৰক এনে ঠাইত, এনেদৰে বহুৱাইছে, টক্সি খনো এনে ঠাইত বেয়া হৈছে--, য'ত কেমেৰৰ ফ্ৰেমত বন্দী কৰাৰ সুযোগ থাকে একো খন পেইন্টিং। চলমান পেইটিং। চলমান পেইটিং, যাক আমি  cinematic paintings বুলি ক'ব পাৰো। --টেক্সিয়ে গতি লৈছে, টেক্সি ৰৈছে। এই গতি লোৱা , ৰোৱা সময়ত ব্যৱহাৰ কৰা চিনেমাৰ ভাষা (cinematic language) চিনেসৌন্দৰ্যলৈ ৰূপান্তৰ হৈছে। আৰু সন্দেহ নাই, এই চিনেসৌন্দৰ্যই দৰ্শকক আনন্দ দিছে, চিত্ৰগৃহত বহুৱাই ৰাখিছে।
আহিছো চৰিত্ৰ নিৰ্মাণলৈ।মূল চৰিত্ৰ তিনিটা-- কবি (অভিনয় কৰিছে অৰুণ নাথে), ফটোগ্ৰাফাৰ (অভিনয় কৰিছে বিভূতি ভূষণ হাজৰিকাই), টেক্সি ড্ৰাইভাৰ (অভিনয় কৰিছে জিন্টু কুমাৰ কাশ্যপে)। পৰিচালকৰ দক্ষতা সেই খিনিতে, চৰিত্ৰ ফ্ৰেমলৈ অহা মূহুৰ্ততে দৰ্শকে অনুভৱ কৰিব পাৰিছে গতি-গোত্ৰ। ফটোগ্ৰফাৰ আত্মকেন্দ্ৰিক। টেক্সি ড্ৰাইভাৰ মুকলি মনৰ। মুকলিকৈ কৈ দিয়ে নিজৰ কথা, আনকি নিজৰ প্ৰেমৰো। কবি আপন-ভোলা। হৃদয়ত অভিজ্ঞতাৰ মোনা। সময়ক (যাব) বৈ যাব দিছে নদীৰ দৰে। সময় উভতি নাহে, গৈ থাকে, আগলৈ। কবিয়ে স্থিত সময় উপভোগ কৰে। কবিৰ মুখত দিয়া সংলাপ আৰু মাত্ৰ দুটা ক্লোজ শ্বটেৰে কবিক আঁকিছে, কবিক বুজাৰ সুযোগ দিছে  পৰিচালকে। --"কবি" অৰুণ নাথ ৰৈ গৈছে, মনত, মগজুত। মন-মগজুত ৰৈ গৈছে "টেক্সি ড্ৰাইভাৰ" জিন্টু কুমাৰ কাশ্যপো। জিন্তুৰ চেহেৰৰ ভাষা (expression), সংলাপ প্ৰক্ষেপণ (dialogue projection) আৰু আছৰণ চিনেমা খনৰ আন এক সৌন্দৰ্য। --চিনেসৌন্দৰ্য, সাহিত্যৰ সৌন্দৰ্যৰ এই চিনেমা খনৰ ছান্দিক গতিয়ো ঠিকে আছিল, যাত্ৰকাল শেষ হোৱালৈকে। যাত্ৰাকালৰ পাছতেই ছন্দপতন। উন্নত মানৰ চিনেকৰ্মৰ ছন্দপতন। 
 *কবিতা-কবিতা সংলাপ কেইটা মনলৈ অনাত দিগদাৰ হৈছিল। এখিলা কাগজত লিখি দিলে চিত্ৰৰসিক অনুপম দুৱৰাই। মোৰ ধাৰণাত সংলাপ কেইটা ইফাল-সিফাল হৈছে। 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...