সরাসরি প্রধান সামগ্রীতে চলে যান

Zubin জুবিন: মোৰ অপ্ৰিয় বিষয় ৪

"Who is Dipen Baruah?" --কোনে কৰিছে এই প্ৰশ্ন? 
"জুবিন গাৰ্গ"ৰ একাং অনুৰাগীয়ে। 
--কিয়? 
৭ ডিচেম্বৰ, ২০২২-ৰ নিশা এক সংগীত অনুষ্ঠানত ভালেমান চিৰসেউজ অসমীয়া গীতৰ গায়ক দ্বীপেন বৰুৱাই কৈছিল  জুবিন গাৰ্গে এটা পুৰণি গীত ভুলকৈ গোৱাৰ প্ৰসংগত। কাৰণ "ডক্তৰ বেজবৰুৱা"ৰ চিৰসেউজ গীতটোত কণ্ঠদান কৰিছিল, ৰমেন বৰুৱাৰ পৰিচালনাৰে। গতিকে কোৱাৰ অধিকাৰ আছে। দ্বীপেন বৰুৱাই কৈছিল, ''শুদ্ধকৈ গীত গাব লাগে...। মই দোষ নিদিওঁ, বেয়া বুলিও নকওঁ, গানত নতুনত্ব আনিব পাৰে, কিন্তু গানৰ কথাৰ কিছুমান শব্দ ভুলকৈ গোৱা হৈছে। সেই কথাই আমাক কষ্ট দিয়ে।'' গায়ক গৰাকীয়ে যি কৈছে, ঠিকেই কৈছে। --এই যে ঠিকেই কৈছে, সেয়া "জুবিন প্ৰেমী"য়ে ভাল পোৱা নাই। আৰু সেইবাবেই দ্বীপেন বৰুৱাক কেন্দ্ৰ কৰি "জুবিন প্ৰেমী"ৰ প্ৰশ্ন-- "Who is Dipen Baruah?" আমি আশা কৰিছিলোঁ, উত্তৰ জুবিনৰ ফালৰ পৰা আহিব (এই মুহুৰ্তলৈ অহা নাই। তাৰিখ: ৯ ডিচেম্বৰ ২০২২, সময়: পুৱা ৮)। এনে বোৰ কাৰণতে জুবিন গাৰ্গ মোৰ অপ্ৰিয় বিষয়। 
বহুতৰে বাবে জুবিন গাৰ্গ ভগৱান, সংগীতৰ ভগৱান। ইমানতে শেষ নহয়, একাংশ "জুবিন প্ৰেমী"ৰ মতে জুবিন গাৰ্গৰ স্থান শ্ৰীমন্ত শংকৰদেৱ, ভূপেন হাজৰিকাৰ ওপৰত। (ইয়াৰ বিপৰীতে মাত মাতিব নোৱাৰিব! মাতিলেই বিপদ!) --এনেধৰণৰ কথাই জুবিনক ওপৰত নাৰাখে, তললৈ নমায়। আৰু আমি অনুভৱ কৰিছো, এনে ধৰণৰ তোষামোদ জুবিনৰ অপ্ৰিয় নহয়। এনে দৰে ভৱাৰ যুক্তি, জুবিন গাৰ্গে এনে "তোষামোদ"ৰ বাবে "জুবিন প্ৰেমী" সকলক বাধা দিয়া নাই। একো কোৱা নাই।
--জুবিনৰ গীত মই শুনো। কেইবাটাও গীত মোৰ প্ৰিয়। কিন্তু জুবিনে চিনেমাৰ সংগীত পৰিচালৰ দিশত ৰমেন বৰুৱাক চুব পৰা নাই (জনপ্ৰিয় গীতৰ সংখ্যাৰে)। তেনেদৰে চিনেমাৰ নেপথ্য গায়কৰ দিশত দ্বীপেন বৰুৱাক চুব পৰা নাই। কথাটো "Who is Dipen Baruah?" কোৱা সকলে গমি চোৱা ছোৱা উচিৎ।


--এই কথা আজি অস্পষ্ট হৈ থকা নাই, "জুবিন প্ৰেমী" সকলে, জুবিন কেন্দ্ৰীক সমালোচনা নিবিছাৰে। এই কথা স্পষ্ট হৈছিল জুবিন পৰিচালিত, জুবিন অভিনীত "মিছন চাইনা", "কাঞ্চনজংঘা" চিত্ৰগৃহলৈ অহাৰ সময়ত। অতি সাধাৰণ, কেৱল বজাৰ কেন্দ্ৰীক চিন্তাৰে নিৰ্মাণ কৰা চিনেমা। হিন্দী-দক্ষিণ ভাৰতৰ চিনেমাৰ ছাঁ পৰা চিনেমা। এই চিনেমা দুখন ব্যৱসায়িক দিশত সফল হৈছিল জুবিন গাৰ্গৰ "ইমেজ" আৰু প্ৰচাৰ পৰিশ্ৰম বা কৌশলৰ বাবে।  অস্বীকাৰ কৰিব নোৱাৰি, এই সফলতাৰ বাট মুকলি হোৱাত সহায় কৰিছিল, "জুবিন প্ৰেমী" সকলে। আৰু এই সকল "জুবিন প্ৰেমী"ৰ মাজৰে একাংশই দক্ষ চিনেমা পৰিচালক-লেখক জাহ্নু বৰুৱাক "চিনেমা পৰিচালক জুবিন গাৰ্গ"ৰ পাছত স্থান দি সামাজিক মাধ্যমত হৈ-চৈ আৰম্ভ কৰিছিল।       যুক্তিৰ বুনিয়াদত এই কথা স্পষ্ট, সংগীত শিল্পী জুবিন গাৰ্গে অসমৰ সংগীতৰ ক্ষেত্ৰ খনত বিশেষ স্থান দখল কৰিছে। গোৱা গীতৰ সংখ্যাৰে শীৰ্ষ স্থান দখল কৰি লৈছে। কিন্তু চিনেমা পৰিচালক জুবিন গাৰ্গক শীৰ্ষ স্থানত ৰাখিব খোজাটো বাতুলামি মাত্ৰ। আজিৰ তাৰিখত জুবিন গাৰ্গ-- সাধাৰণ পৰ্যায়ৰ পৰিচালকহে। যি সকলে "চিনেমা পৰিচালক জুবিন গাৰ্গ"ক জাহ্নু বৰুৱাৰ সৈতে তুলনা কৰে, সেই সকলে দৰাচলতে "জুবিন প্ৰেমী" নহয়। কাৰণ-- এনে তুলনাই জুবিনৰ ক্ষতি কৰে। তেনেদৰে শ্ৰীমন্ত শংকৰদেৱ, ভূপেন হাজৰিকাৰ সৈতে তুলনা কৰিয়ো জুবিন গাৰ্গৰ ক্ষতি কৰিছে, "জুবিন প্ৰেমী" সকলে। যুক্তি আৰু তথ্যৰ বুনিয়াদত এই কথা স্পষ্ট-- চিনেকৰ্ম, সংগীতকৰ্মৰ দিশত ড°ভূপেন হাজৰিকাতকৈ বহু পিছতহে স্থান, জুবিন গাৰ্গৰ। বক্তা ভূপেন হাজৰিকা, কথাশিল্পী ভূপেন হাজৰিকা, সম্পাদক-সাংবাদিক ভূপেন হাজৰিকাৰ ওচৰত জুবিন গাৰ্গৰ স্থান?  (আৰু আছে)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...