সরাসরি প্রধান সামগ্রীতে চলে যান

Zubin জুবিন: মোৰ অপ্ৰিয় বিষয় ৪

"Who is Dipen Baruah?" --কোনে কৰিছে এই প্ৰশ্ন? 
"জুবিন গাৰ্গ"ৰ একাং অনুৰাগীয়ে। 
--কিয়? 
৭ ডিচেম্বৰ, ২০২২-ৰ নিশা এক সংগীত অনুষ্ঠানত ভালেমান চিৰসেউজ অসমীয়া গীতৰ গায়ক দ্বীপেন বৰুৱাই কৈছিল  জুবিন গাৰ্গে এটা পুৰণি গীত ভুলকৈ গোৱাৰ প্ৰসংগত। কাৰণ "ডক্তৰ বেজবৰুৱা"ৰ চিৰসেউজ গীতটোত কণ্ঠদান কৰিছিল, ৰমেন বৰুৱাৰ পৰিচালনাৰে। গতিকে কোৱাৰ অধিকাৰ আছে। দ্বীপেন বৰুৱাই কৈছিল, ''শুদ্ধকৈ গীত গাব লাগে...। মই দোষ নিদিওঁ, বেয়া বুলিও নকওঁ, গানত নতুনত্ব আনিব পাৰে, কিন্তু গানৰ কথাৰ কিছুমান শব্দ ভুলকৈ গোৱা হৈছে। সেই কথাই আমাক কষ্ট দিয়ে।'' গায়ক গৰাকীয়ে যি কৈছে, ঠিকেই কৈছে। --এই যে ঠিকেই কৈছে, সেয়া "জুবিন প্ৰেমী"য়ে ভাল পোৱা নাই। আৰু সেইবাবেই দ্বীপেন বৰুৱাক কেন্দ্ৰ কৰি "জুবিন প্ৰেমী"ৰ প্ৰশ্ন-- "Who is Dipen Baruah?" আমি আশা কৰিছিলোঁ, উত্তৰ জুবিনৰ ফালৰ পৰা আহিব (এই মুহুৰ্তলৈ অহা নাই। তাৰিখ: ৯ ডিচেম্বৰ ২০২২, সময়: পুৱা ৮)। এনে বোৰ কাৰণতে জুবিন গাৰ্গ মোৰ অপ্ৰিয় বিষয়। 
বহুতৰে বাবে জুবিন গাৰ্গ ভগৱান, সংগীতৰ ভগৱান। ইমানতে শেষ নহয়, একাংশ "জুবিন প্ৰেমী"ৰ মতে জুবিন গাৰ্গৰ স্থান শ্ৰীমন্ত শংকৰদেৱ, ভূপেন হাজৰিকাৰ ওপৰত। (ইয়াৰ বিপৰীতে মাত মাতিব নোৱাৰিব! মাতিলেই বিপদ!) --এনেধৰণৰ কথাই জুবিনক ওপৰত নাৰাখে, তললৈ নমায়। আৰু আমি অনুভৱ কৰিছো, এনে ধৰণৰ তোষামোদ জুবিনৰ অপ্ৰিয় নহয়। এনে দৰে ভৱাৰ যুক্তি, জুবিন গাৰ্গে এনে "তোষামোদ"ৰ বাবে "জুবিন প্ৰেমী" সকলক বাধা দিয়া নাই। একো কোৱা নাই।
--জুবিনৰ গীত মই শুনো। কেইবাটাও গীত মোৰ প্ৰিয়। কিন্তু জুবিনে চিনেমাৰ সংগীত পৰিচালৰ দিশত ৰমেন বৰুৱাক চুব পৰা নাই (জনপ্ৰিয় গীতৰ সংখ্যাৰে)। তেনেদৰে চিনেমাৰ নেপথ্য গায়কৰ দিশত দ্বীপেন বৰুৱাক চুব পৰা নাই। কথাটো "Who is Dipen Baruah?" কোৱা সকলে গমি চোৱা ছোৱা উচিৎ।


--এই কথা আজি অস্পষ্ট হৈ থকা নাই, "জুবিন প্ৰেমী" সকলে, জুবিন কেন্দ্ৰীক সমালোচনা নিবিছাৰে। এই কথা স্পষ্ট হৈছিল জুবিন পৰিচালিত, জুবিন অভিনীত "মিছন চাইনা", "কাঞ্চনজংঘা" চিত্ৰগৃহলৈ অহাৰ সময়ত। অতি সাধাৰণ, কেৱল বজাৰ কেন্দ্ৰীক চিন্তাৰে নিৰ্মাণ কৰা চিনেমা। হিন্দী-দক্ষিণ ভাৰতৰ চিনেমাৰ ছাঁ পৰা চিনেমা। এই চিনেমা দুখন ব্যৱসায়িক দিশত সফল হৈছিল জুবিন গাৰ্গৰ "ইমেজ" আৰু প্ৰচাৰ পৰিশ্ৰম বা কৌশলৰ বাবে।  অস্বীকাৰ কৰিব নোৱাৰি, এই সফলতাৰ বাট মুকলি হোৱাত সহায় কৰিছিল, "জুবিন প্ৰেমী" সকলে। আৰু এই সকল "জুবিন প্ৰেমী"ৰ মাজৰে একাংশই দক্ষ চিনেমা পৰিচালক-লেখক জাহ্নু বৰুৱাক "চিনেমা পৰিচালক জুবিন গাৰ্গ"ৰ পাছত স্থান দি সামাজিক মাধ্যমত হৈ-চৈ আৰম্ভ কৰিছিল।       যুক্তিৰ বুনিয়াদত এই কথা স্পষ্ট, সংগীত শিল্পী জুবিন গাৰ্গে অসমৰ সংগীতৰ ক্ষেত্ৰ খনত বিশেষ স্থান দখল কৰিছে। গোৱা গীতৰ সংখ্যাৰে শীৰ্ষ স্থান দখল কৰি লৈছে। কিন্তু চিনেমা পৰিচালক জুবিন গাৰ্গক শীৰ্ষ স্থানত ৰাখিব খোজাটো বাতুলামি মাত্ৰ। আজিৰ তাৰিখত জুবিন গাৰ্গ-- সাধাৰণ পৰ্যায়ৰ পৰিচালকহে। যি সকলে "চিনেমা পৰিচালক জুবিন গাৰ্গ"ক জাহ্নু বৰুৱাৰ সৈতে তুলনা কৰে, সেই সকলে দৰাচলতে "জুবিন প্ৰেমী" নহয়। কাৰণ-- এনে তুলনাই জুবিনৰ ক্ষতি কৰে। তেনেদৰে শ্ৰীমন্ত শংকৰদেৱ, ভূপেন হাজৰিকাৰ সৈতে তুলনা কৰিয়ো জুবিন গাৰ্গৰ ক্ষতি কৰিছে, "জুবিন প্ৰেমী" সকলে। যুক্তি আৰু তথ্যৰ বুনিয়াদত এই কথা স্পষ্ট-- চিনেকৰ্ম, সংগীতকৰ্মৰ দিশত ড°ভূপেন হাজৰিকাতকৈ বহু পিছতহে স্থান, জুবিন গাৰ্গৰ। বক্তা ভূপেন হাজৰিকা, কথাশিল্পী ভূপেন হাজৰিকা, সম্পাদক-সাংবাদিক ভূপেন হাজৰিকাৰ ওচৰত জুবিন গাৰ্গৰ স্থান?  (আৰু আছে)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...