সরাসরি প্রধান সামগ্রীতে চলে যান

shadow assassins" -- ক'লা অধ্যয়ৰ ৰূপালী গল্প

"shadow assassins" (“শ্বেড' এছাচিনছ”)-- চালোঁ। অনুভৱ কৰিলোঁ-- গুপ্ত হত্যাৰ মন গধুৰ কৰা সেই (অ) সময়। চিনেমা খনৰ পৰিচালক-লেখক নীলাঞ্জন ৰীতা দত্তই শ্বট প্ৰয়োগ, অভিনয় প্ৰয়োগৰ সময়ত বিশেষ ভাবে মনত ৰখা (আমাৰ অনুভৱত) চিনেমন্ত্ৰ-- Reality (বাস্তৱতা)। বাস্তৱিক অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰিছে চৰিত্ৰ। আৰু চৰিত্ৰক ঠিয় কৰাইছে বাস্তৱ পৰিবেশত। পৰিচালক গৰাকীৰ চিনে দক্ষতা এই খিনিতে--, বাস্তৱ বিষয়বস্তুক বাস্তৱ অভিনয়ৰে বাস্তৱ পৰিবেশত "পৰ্দা"লৈ আনিছে গতিত হীন-দেড়ি হব নিদিয়াকৈ। আমাৰ ধাৰণাত এয়া নিশ্চয় পৰিচালক গৰাকীৰ বাবে সমস্যা আছিল, বিষয়বস্তুৰ তথ্যচিত্ৰ কেন্দ্ৰীক টান। পৰিচলক-লেখকৰ বুদ্ধিদীপ্ত গল্প প্ৰয়োগ আৰু চিনেগতি গণিতৰ সু-পৰিকল্পিত  ব্যৱহাৰৰ বাবে এই সমস্যাৰ আঁতৰতে ৰৈ গ'ল  “শ্বেড' এছাচিনছ” ৰূপালী গল্পটো।
চিনেমা খনৰ বিষয়বস্তু?
--চিনেমা খনৰ নামতে স্পষ্ট হৈ আছে, ছায়া ঘাটক। গুপ্তহত্যা। আৰম্ভণিতে উৎকণ্ঠা, তাৰ পাছতে-- ভূগোল, ইতিহাস। চিনেমাখনৰ বিষয়বস্তু অসমৰ, অসমৰ ৯০ দশকৰ গুপ্তহতাৰ এটা ক'লা অধ্যায়। মূল কাহিনীটো নিৰ্মাণ কৰিছে এটা পৰিয়ালক কেন্দ্ৰ কৰি। পৰিয়ালটোৰ এজন সদস্য আলফাৰ সৈতে জড়িত (আলফাৰ মূল মানুহ)। এই যে জড়িত, সেয়াই পৰিয়ালটোৰ বাবে "সমস্যা" হয়; আৰু এদিন পৰিয়ালটোৰ দুজন সদস্যৰহে গুপ্তহত্যৰীৰ পৰা প্ৰাণ ৰক্ষা পৰে। (দৰ্শক হৈ থকা সময়ত মনলৈ আহিছিল 
১৯৯৮ চনৰ ১১আগষ্টৰ নিশা দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু হোৱা  চিকিৎসক, সাহিত্যিক, সমাজকৰ্মী ডা° ধৰণীধৰ দাস, সগৰ্ভা পত্নী ৰূপজ্যোতি শইকীয়া, মাতৃ ফুলেশ্বৰী দাস আৰু ভগ্নী লতিকা কছাৰী। ডা°দাস মিথিংগা দৈমাৰীৰ ককায়েক।) পৰিয়ালটোৰ তিনি ভাতৃৰ ডাঙৰ গৰাকী চিকিৎসক, দ্বিতীয় গৰাকীৰ "আলফা", তৃতীয় গৰিকীয়ে পুনেত থাকি আধ্যয়ণ কৰে। তৃতীয় ভাতৃ গৰাকীয়ে চিনেমা খনৰ নায়ক, চিনেমা খনৰ কাহিনীৰ বিন্দু। এই বিন্দুটোৰ পৰায়ে কাহিনীৰ সৰল ৰৈখিক গতি, ফ্লেছবেক (Flashback)-ত। কাহিনীলৈ নায়ক-নায়িকাৰ প্ৰেম আহিছে, ৰোমাণ্টিক ছিকুৱেঞ্চ কেমেৰাৰ ভাষাৰে, কম সাহিত্যৰ ভাষাৰে ৰচনা কৰিছে। ক'ব পাৰি এই ৰোমাণ্টিক সৌন্দৰ্য (romantic flavur!) ৰূপালী গল্পটোক তথ্যচিত্ৰৰ পৰা আঁতৰত ৰখাৰ বাবে পৰিচালকে ব্যৱহাৰ কৰিছে।
--কেৱল প্ৰেমৰ গল্পটোতে নহয়, গুপ্তহত্যাৰ সময় চোৱাৰ ভয়াবহতা ৰচনাটো কেমেৰাৰ ভাষাক গুৰুত্ব দিছে পৰিচালকে। আৰু কম ফুটেজতে ভয়াবহতা স্পষ্ট কৰিছে। (কেমেৰাৰ ফ্ৰেমত এখন হাত, পানীৰ মাজত সোমাই থকা মৃতদেহৰ হাত। মানুহ এজনে হাত খনত ধৰি মৃতদেহটো পানীৰ পৰা উঠাবলৈ চেষ্টা কৰিছে। নোৱাৰিলে। মৃতদেহটোৰ হাত খনহে চিঙি আহিল। মৃতদেহ উঠাবলৈ চেষ্টা কৰা মানুহ জনৰ মুখত তেনে কোনো "প্ৰতিক্ৰিয়া" নাই! এই যে প্ৰতিক্ৰিয়া নাই, ইয়াৰে পৰিচালকে স্পষ্ট কৰিলে --সেই (অ)সময়ৰ সেই "ভয়াবহতা' গতানুগতি আছিল, বহুতৰে অনুভৱত। তেনেদৰে সন্ধিয়া এন্ধাৰ নমাৰ পাছত  নিৰ্জনতাৰ মাজেৰে "নায়কে" দুচকীয়া চলাই ঘৰলৈ অহা চিকুৱেঞ্চ কেইটাৰে সেই (অ)সময়ৰ পৰিৱেশলৈ "দৰ্শক"ক লৈ গৈছে।)
--অতি কম ফুটেজত পৰিচালকে সেই (অ)সময়ৰ সেনা-আৰক্ষীৰ অমাৰ্জিত আছৰণো স্পষ্ট কৰিছ। (কেমেৰাৰ ফ্ৰেমত "নায়ক-নায়িকা", সেনা জোৱান। এন্ধাৰ নমাৰ পাছৰ সময়। টালাচিৰ নামত "নায়িকা"ক নিজৰ দেহত নিজৰ হাত পিছলাব দি অপমান কৰিছ। অপমানৰ প্ৰতিবাদ "নায়কে" কৰিব পৰা নাই। আন এটা ছিকুঞ্চ-- কোনো পক্ষই  "নায়ক"ৰ ঘৰ খন উচন কৰিছে, সেই কথাতকৈ  আৰক্ষী বিষয়াৰ গৰাকীৰ গুৰুত্ব জিলাপি খোৱাতহে।)
--এই যে "কম ফুটেজ" প্ৰসংগ চৰ্চা কৰি আছোঁ, এয়াই চিনেমা খনৰ গতিমন্ত্ৰ। "কম ফুটেজ"তে চৰিত্ৰ বিন্যাস সম্পূৰ্ণ কৰা বাবে, "কম ফুটেজ"তে বিষয়বস্তু ইত্যাদি স্পষ্ট কৰা বাবে কাহিনীয়ে নিশ্চয় গতি লৈছে। বিপৰীতে কেইবাটাও চিকুৱেঞ্চৰ নিৰ্মাণ সাহিত্য কেন্দ্ৰীক হোৱাত গতিয়ে ভাৰসাম্য হেৰুৱাইছে। অৱশ্যে ৰেনে ক্লেয়াৰে ক'বৰ দৰে "canned theatre"ৰ পৰা মুক্ত। মুক্ত কৰিছে মূলতঃ অভিনয়ে। অনুৰাগ চিহ্না, মিষ্টি চক্ৰৱৰ্তী,  মনোজ বৰকটকী আৰু আন কেইগৰাকী অভিনেতা-অভিনেত্ৰীৰো অভিনয় (বাস্তৱিক অভিনয়) চিনেমা খনৰ প্ৰধান অলংকাৰ। "মঞ্চ অভিনয় দোষ" মুক্ত প্ৰতিটো চৰিত্ৰ।
আমাৰ ধাৰণাত দোষমুক্ত নহয়, কাহিনী নিৰ্মণত। গুপ্তহত্যাৰ কাৰণ "আলফা ধংস"য়ে (এটা সংলাপ আছে মাত্ৰ, এটা চৰিত্ৰৰ মুখত-- "আলফা ধংস হব..."।) আছিল নে? গুপ্তহত্য আলফা-ছালফাৰ বুলি ইংগীতহে পালোঁ, চিনেমা খনৰ কাহিনীত। স্বাভাৱিকতে এই প্ৰশ্ন আহিব,গুপ্তহত্যাৰ ৰাজনৈতিক কাৰণ নাছিল নে? এইবোৰ দিশ যে অস্পষ্ট হৈ থাকিল, এয়া চিনেমা খনৰ দুৰ্বল দিশ, চিনেমা খনৰ ত্ৰুটি।


 (আৰু? wait😊) *সম্পাদনা কৰা হ'ব, বানান ইত্যাদি।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...