"shadow assassins" (“শ্বেড' এছাচিনছ”)-- চালোঁ। অনুভৱ কৰিলোঁ-- গুপ্ত হত্যাৰ মন গধুৰ কৰা সেই (অ) সময়। চিনেমা খনৰ পৰিচালক-লেখক নীলাঞ্জন ৰীতা দত্তই শ্বট প্ৰয়োগ, অভিনয় প্ৰয়োগৰ সময়ত বিশেষ ভাবে মনত ৰখা (আমাৰ অনুভৱত) চিনেমন্ত্ৰ-- Reality (বাস্তৱতা)। বাস্তৱিক অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰিছে চৰিত্ৰ। আৰু চৰিত্ৰক ঠিয় কৰাইছে বাস্তৱ পৰিবেশত। পৰিচালক গৰাকীৰ চিনে দক্ষতা এই খিনিতে--, বাস্তৱ বিষয়বস্তুক বাস্তৱ অভিনয়ৰে বাস্তৱ পৰিবেশত "পৰ্দা"লৈ আনিছে গতিত হীন-দেড়ি হব নিদিয়াকৈ। আমাৰ ধাৰণাত এয়া নিশ্চয় পৰিচালক গৰাকীৰ বাবে সমস্যা আছিল, বিষয়বস্তুৰ তথ্যচিত্ৰ কেন্দ্ৰীক টান। পৰিচলক-লেখকৰ বুদ্ধিদীপ্ত গল্প প্ৰয়োগ আৰু চিনেগতি গণিতৰ সু-পৰিকল্পিত ব্যৱহাৰৰ বাবে এই সমস্যাৰ আঁতৰতে ৰৈ গ'ল “শ্বেড' এছাচিনছ” ৰূপালী গল্পটো।
চিনেমা খনৰ বিষয়বস্তু?
--চিনেমা খনৰ নামতে স্পষ্ট হৈ আছে, ছায়া ঘাটক। গুপ্তহত্যা। আৰম্ভণিতে উৎকণ্ঠা, তাৰ পাছতে-- ভূগোল, ইতিহাস। চিনেমাখনৰ বিষয়বস্তু অসমৰ, অসমৰ ৯০ দশকৰ গুপ্তহতাৰ এটা ক'লা অধ্যায়। মূল কাহিনীটো নিৰ্মাণ কৰিছে এটা পৰিয়ালক কেন্দ্ৰ কৰি। পৰিয়ালটোৰ এজন সদস্য আলফাৰ সৈতে জড়িত (আলফাৰ মূল মানুহ)। এই যে জড়িত, সেয়াই পৰিয়ালটোৰ বাবে "সমস্যা" হয়; আৰু এদিন পৰিয়ালটোৰ দুজন সদস্যৰহে গুপ্তহত্যৰীৰ পৰা প্ৰাণ ৰক্ষা পৰে। (দৰ্শক হৈ থকা সময়ত মনলৈ আহিছিল
১৯৯৮ চনৰ ১১আগষ্টৰ নিশা দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু হোৱা চিকিৎসক, সাহিত্যিক, সমাজকৰ্মী ডা° ধৰণীধৰ দাস, সগৰ্ভা পত্নী ৰূপজ্যোতি শইকীয়া, মাতৃ ফুলেশ্বৰী দাস আৰু ভগ্নী লতিকা কছাৰী। ডা°দাস মিথিংগা দৈমাৰীৰ ককায়েক।) পৰিয়ালটোৰ তিনি ভাতৃৰ ডাঙৰ গৰাকী চিকিৎসক, দ্বিতীয় গৰাকীৰ "আলফা", তৃতীয় গৰিকীয়ে পুনেত থাকি আধ্যয়ণ কৰে। তৃতীয় ভাতৃ গৰাকীয়ে চিনেমা খনৰ নায়ক, চিনেমা খনৰ কাহিনীৰ বিন্দু। এই বিন্দুটোৰ পৰায়ে কাহিনীৰ সৰল ৰৈখিক গতি, ফ্লেছবেক (Flashback)-ত। কাহিনীলৈ নায়ক-নায়িকাৰ প্ৰেম আহিছে, ৰোমাণ্টিক ছিকুৱেঞ্চ কেমেৰাৰ ভাষাৰে, কম সাহিত্যৰ ভাষাৰে ৰচনা কৰিছে। ক'ব পাৰি এই ৰোমাণ্টিক সৌন্দৰ্য (romantic flavur!) ৰূপালী গল্পটোক তথ্যচিত্ৰৰ পৰা আঁতৰত ৰখাৰ বাবে পৰিচালকে ব্যৱহাৰ কৰিছে।
--কেৱল প্ৰেমৰ গল্পটোতে নহয়, গুপ্তহত্যাৰ সময় চোৱাৰ ভয়াবহতা ৰচনাটো কেমেৰাৰ ভাষাক গুৰুত্ব দিছে পৰিচালকে। আৰু কম ফুটেজতে ভয়াবহতা স্পষ্ট কৰিছে। (কেমেৰাৰ ফ্ৰেমত এখন হাত, পানীৰ মাজত সোমাই থকা মৃতদেহৰ হাত। মানুহ এজনে হাত খনত ধৰি মৃতদেহটো পানীৰ পৰা উঠাবলৈ চেষ্টা কৰিছে। নোৱাৰিলে। মৃতদেহটোৰ হাত খনহে চিঙি আহিল। মৃতদেহ উঠাবলৈ চেষ্টা কৰা মানুহ জনৰ মুখত তেনে কোনো "প্ৰতিক্ৰিয়া" নাই! এই যে প্ৰতিক্ৰিয়া নাই, ইয়াৰে পৰিচালকে স্পষ্ট কৰিলে --সেই (অ)সময়ৰ সেই "ভয়াবহতা' গতানুগতি আছিল, বহুতৰে অনুভৱত। তেনেদৰে সন্ধিয়া এন্ধাৰ নমাৰ পাছত নিৰ্জনতাৰ মাজেৰে "নায়কে" দুচকীয়া চলাই ঘৰলৈ অহা চিকুৱেঞ্চ কেইটাৰে সেই (অ)সময়ৰ পৰিৱেশলৈ "দৰ্শক"ক লৈ গৈছে।)
--অতি কম ফুটেজত পৰিচালকে সেই (অ)সময়ৰ সেনা-আৰক্ষীৰ অমাৰ্জিত আছৰণো স্পষ্ট কৰিছ। (কেমেৰাৰ ফ্ৰেমত "নায়ক-নায়িকা", সেনা জোৱান। এন্ধাৰ নমাৰ পাছৰ সময়। টালাচিৰ নামত "নায়িকা"ক নিজৰ দেহত নিজৰ হাত পিছলাব দি অপমান কৰিছ। অপমানৰ প্ৰতিবাদ "নায়কে" কৰিব পৰা নাই। আন এটা ছিকুঞ্চ-- কোনো পক্ষই "নায়ক"ৰ ঘৰ খন উচন কৰিছে, সেই কথাতকৈ আৰক্ষী বিষয়াৰ গৰাকীৰ গুৰুত্ব জিলাপি খোৱাতহে।)
--এই যে "কম ফুটেজ" প্ৰসংগ চৰ্চা কৰি আছোঁ, এয়াই চিনেমা খনৰ গতিমন্ত্ৰ। "কম ফুটেজ"তে চৰিত্ৰ বিন্যাস সম্পূৰ্ণ কৰা বাবে, "কম ফুটেজ"তে বিষয়বস্তু ইত্যাদি স্পষ্ট কৰা বাবে কাহিনীয়ে নিশ্চয় গতি লৈছে। বিপৰীতে কেইবাটাও চিকুৱেঞ্চৰ নিৰ্মাণ সাহিত্য কেন্দ্ৰীক হোৱাত গতিয়ে ভাৰসাম্য হেৰুৱাইছে। অৱশ্যে ৰেনে ক্লেয়াৰে ক'বৰ দৰে "canned theatre"ৰ পৰা মুক্ত। মুক্ত কৰিছে মূলতঃ অভিনয়ে। অনুৰাগ চিহ্না, মিষ্টি চক্ৰৱৰ্তী, মনোজ বৰকটকী আৰু আন কেইগৰাকী অভিনেতা-অভিনেত্ৰীৰো অভিনয় (বাস্তৱিক অভিনয়) চিনেমা খনৰ প্ৰধান অলংকাৰ। "মঞ্চ অভিনয় দোষ" মুক্ত প্ৰতিটো চৰিত্ৰ।
আমাৰ ধাৰণাত দোষমুক্ত নহয়, কাহিনী নিৰ্মণত। গুপ্তহত্যাৰ কাৰণ "আলফা ধংস"য়ে (এটা সংলাপ আছে মাত্ৰ, এটা চৰিত্ৰৰ মুখত-- "আলফা ধংস হব..."।) আছিল নে? গুপ্তহত্য আলফা-ছালফাৰ বুলি ইংগীতহে পালোঁ, চিনেমা খনৰ কাহিনীত। স্বাভাৱিকতে এই প্ৰশ্ন আহিব,গুপ্তহত্যাৰ ৰাজনৈতিক কাৰণ নাছিল নে? এইবোৰ দিশ যে অস্পষ্ট হৈ থাকিল, এয়া চিনেমা খনৰ দুৰ্বল দিশ, চিনেমা খনৰ ত্ৰুটি।
(আৰু? wait😊) *সম্পাদনা কৰা হ'ব, বানান ইত্যাদি।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন