"নিয়মীয়া বাৰ্তা"ৰ প্ৰথম পৃষ্ঠাত
----------------------------------------------------------------
নক্ষত্ৰ! ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা, নাট পৰিচালক প্ৰানজিত দাসৰ কায়িক মৃত্যুৰ বাতৰি পোৱাৰ সময়ত মনলৈ অহা প্ৰথম বাক্যটো-- আৰু এক নক্ষত্ৰ পতন, ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চৰ। মহানন্দ শৰ্মা, সুৰেণ মহন্ত, তৌফিক ৰহমান, ভৱেশ বৰুৱা, প্ৰাণজিৎ দাস আমি অভিনয় দেখা এক এক নক্ষত্ৰ। মহানন্দ শৰ্মা, সুৰেণ মহন্ত যি বাটে গৈছিল, উভতি নহা সেই বাটেৰে গ'ল প্ৰাণজিৎ দাসো।
--যোৱা ৬ জানুৱাৰী তাৰিখে খবৰ পাইছিলোঁ, মঞ্চত "চৰিত্ৰ"ৰ মাজত থকা সময়তে অসুস্থ হৈছিল অভিনেতা গৰাকী। হাস্পাতাললৈ অনা হৈছিল, চিকিৎসা চলিছিল। আৰু আজি খবৰ পালোঁ, গুৱাহাটীৰ মেট্ৰো হাস্পাতালত চিকিৎসাধীন অৱস্থাত থকা অভিনেতাগৰাকীয়ে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে, ১০.০৪ বজাত।
--এদিন প্ৰাণজিত দাসক লগ পাইছিলোঁ, আমাৰ গাঁও বেলশৰত। বাৰ, চন, তাৰিখ মনত নাই। আমি কথা পাতিছিলোঁ, অভিনয়ৰ, নাটকৰ। অভিনেতা গৰাকীয়ে কৈছিল, "মই আন কাম কৰিব নোৱাৰো। অভিনয় কৰিয়ে খাম! অভিনয় কৰিয়ে খাম বুলি ভৱা সকলৰ বাবে উপযুক্ত স্থান ভ্ৰাম্যমাণ থিয়েটাৰৰ বাহিৰে আন কিবা আছে বুলি মই নাভাৱো।"

--এই "নাভাৱো" বুলিছে, সেই বাবেই ভ্ৰাম্যমাণ থিয়েটাৰলৈ আহিছে। আহিছিল ১৯৮৩ চনত। নাট্যদল: কৃষ্ণ ৰয়ৰ আৱাহন থিয়েটাৰ। "মোৰ অভিনয় জীৱন আৰম্ভ হৈছিল মঞ্চত। অভিনয় কৰা প্ৰথম খন নাটকৰ নাম 'কৰ্ণবধ'। তেতিয়া তৃতীয় শ্ৰেণীৰ ছাত্ৰ মই। বিদ্যালয়ৰ পৰা মহাবিদ্যালয় পালো, এটা পৰ্যায়লৈ পঢ়া শেষ কৰি বেংকৰ চাকৰিত সোমালো। অভিনয় কিন্তু এৰিব পৰা নাছিলোঁ। তৃতীয় শ্ৰেণীৰ পৰা বেংকৰ চাকৰিলৈ অভিনয় কৰি গৈছিলো। আৰু এদিন বেংকৰ চাকৰিৰ মাজতে অনুভৱ কৰিছিলোঁ, এইবোৰ মোৰ কাম নহয়। মোৰ কাম অভিনয়, কেৱল অভিনয়! নাটকত কাম কৰিয়ে খাম! মই বিশ্বাস কৰো, নিশা পেছা একে হ'লেহে জীৱন সুন্দৰ হয়, জীৱন উদযাপনৰ সুযোগ থাকে। মই জীৱন উদযাপন কৰিব বিছাৰো।" প্ৰাণজিৎ দাসে কৈছিল।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন