১৯৯৩ চনত চিত্ৰগৃহলৈ অহা এখন অসমীয়া চিনেমা-- "অবুজ বেদনা"। এই চিনেমা খনেৰে চৰ্চালৈ আহিছিল গুণসিন্ধু হাজৰিকা। কাৰণ? কেৱল অনুভৱেৰে চিনেমা খন পৰিচালনা কৰিছিল; আৰু এই খন আছিল পৰিচালক গৰাকীৰ প্ৰথম স্বাধীন পৰিচালনা। সফল পৰিচালনা। কেৰালাৰ থিৰুঅনন্তপুৰমত অনুষ্ঠিত আন্তৰ্জাতিক শিশুচলচ্চিত্ৰ মহোৎসৱত চিনেমাখন প্ৰদৰ্শিত হৈছিল। আৰু পৰৱৰ্তী সময়ত চিনেমা খনৰ হিন্দী ডাবিং দূৰদৰ্শন (চেনেল)ৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত প্ৰদৰ্শিত হৈছিল। এই গৰাকী চিনেকৰ্মীৰ বিষয়ে মুকলিকৈ চৰ্চা হৈছিল "সমকাল" নামৰ আলোচনী এখনত। যিমানদূৰ মনত পৰে সেই চৰ্চা কৰিছিল সেই সময়ত আলোচনী খনৰ সম্পাদনা বিভিগত জড়িত থকা, বৰ্তমান সময়ৰ চিনেমা পৰিচালক হেমন্ত কুমাৰ দাসে। সেই চৰ্চাৰ পাছত আমি পৰিচালক গৰাকীক লগ পাইছিলোঁ, দুবাৰ। আৰু দুবাৰ লগ পোৱাৰ পাছত দুখন প্ৰতিবেদন যুগুত কৰিছিলোঁ "ইস্তাহাৰ" ( মুখ্য সম্পাদক: পদ্ম বৰকটকী) নামৰ সাপ্তাহিক খনত। চিনেকৰ্মী গৰাকীয়ে মনত দুখলৈ কৈছিল "নয়নমণি" চিনেমি খনৰ কাম কৰি থাকোঁতে দৃষ্টিশক্তি হেৰুৱায়ৰ কথা। "দৃষ্টি হেৰুৱাছো, মন কিন্তু সতেজ হৈয়ে আছে। মনৰ মাজত আৰু বহু পৰিকল্পনা আছে। এটা এটাকৈ কৰি যাম!" --পৰিচালক গৰাকীয়ে কৈছিল, বাস্তৱত কিন্তু কামবোৰ হোৱা নাছিল, পৰিচালক গৰাকী হেৰাই গৈছিল, আৰ্থিক সমস্যাই চিনেকৰ্মৰ পৰা আটৰাই নিছিল। আৰু আজি খবৰ পালোঁ-- পৰিচালক গৰাকী আৰু নাই। ১৯৩৫ চনত নগাঁৱৰ কামপুৰৰ তেতেলিসৰা গাঁৱত জন্ম হোৱা গুণসিন্ধু হাজৰিকা আজি উভতি নহা বাটেৰে গ'লগৈ।
--গুণসিন্ধু হাজৰিকাই চিনেকৰ্ম আৰম্ভ কৰিছিল শ্ব'মেন ৰাজকাপুৰৰ এখন চিনেমাত, স্পটবয়ৰ কামেৰে। কানুন ৰং লায়েগী, জব য়াদ কিসিকী আতি হ্যায় নামৰ দুখন হিন্দী চিনেমা আৰু কেইবা খনো ভোজপুৰী চিনেমাৰ পৰিচালনা বিভাগতো কাম কৰে। কিন্তু বলিউডত বিশেষ সুবিধা কৰিব নোৱাৰিলে। নোৱাৰি অসমলৈ উভতি আহে। আৰু মণিৰাম দেৱান, সন্ধ্যাৰাগ, ললিতা, অনিৰ্বাণ, তৰামাই, মৰমী, আদালত, নয়নমণি আদিত।
ফটো: হেমন্ত কুমাৰ দাস
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন