সান্ধ্য আইন ! জনতা সান্ধ্য আইন! --এটা ভাইৰাছৰ পৰা ভাৰতৰ জনতাক ৰক্ষা কৰিবলৈ এটা সূত্ৰ বিছাৰি পাইছে! আৰু দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছে। বিপুলে আহ্বানক সহাৰি নিদিয়াৰ বাট দেখা নাছিল। বিপুলৰ মনলৈ এবাৰো আহা নাছিল, তাৰ পাছত এনেদৰে যে ঘৰৰ চৰিবেৰৰ মাজত নিজকে বন্দী কৰি ৰাখিব লাগিব। ২২ মাৰ্চ, ২০২০ ৰ পৰা আজিলৈকে।
সেই যে ২২ মাৰ্চৰ দেওবাৰটোৰ আড্ডাটো হেৰুৱাইছিল, তাৰ পাছত আৰু যে কিমানটা আড্ডা হেৰুৱালে!
২২ মাৰ্চটোৰ পুৱাতেই অনুপমৰ ফোন-- "আজি লগ পাম জানো! আহিবা জানো আমাৰ আস্থানালৈ!"
"পুৱা ৭ বজাৰ পৰা ৰাতি ৯ বজালৈ জনতা সান্ধ্য আইন! ৯ বজাৰ পাছত বহিম দিয়া, তোমাৰ ঘৰত।"
--বিপুল, অনুপম, ৰাজ আৰু দুই-তিনি জনে দিনটোৰ কামৰ অন্তত কোনো এজনৰ ঘৰত আড্ডাত বহে। নিতৌ আড্ডা মৰাতো সিহতৰ অলিখিত নিয়ম। দেওবাৰে সিহতৰ আড্ডা বেছি জমে! সেই দেওবাৰটোত নজমিল, সেই যে নজমিল, আজিলৈকে। চীনৰ পৰা অহা ভাইৰাচটোৰ ভয়ত নিজকে ঘৰৰ চাৰিবেৰৰ মাজত বন্দী কৰি ৰাখিছে বিপুলে।
বিপুলে শুনিছে চীনৰ ৱুহানত মাৰাত্মক ভাইৰাচটোৰ জন্ম। ভাৰতত হোৱা নাছিল! ৩০ জানুৱাৰী ২০২০ ত ভাৰতত এজন মানুহৰ দেহত ভাইৰাচটোৰ উপস্থিতি পোৱাৰ পাছতে হাহাকাৰ লাগিল। সেই যে লাগিল, লাগিলেই, আজিলৈকে।
¥
কি কৰিম! --কি নকৰিম! মনতে ভাবি আৰু কিছু সময় বিছনাতে বাগৰ সলাই থাকিল বিপুলে।
৩০-৪০ মিনিট...
হঠাতে বিছনাৰ পৰা জাপ মাৰি উঠি বিপুলে সজতনে ৰাখি থোৱা পুৰণা কাকত-আলোচনীৰ দ'মটোৰ ওচৰ পালে। নিজে লিখা আৰু লে-আউট কৰা কাকত-আলোচনী বোৰ ৰাখি থৈছিল, কিবা এৰাব নোৱাৰা টানত।
--কিমান যে খবৰ, সাক্ষাৎকাৰ আদি চেপা খাই আছে এই কাকত-আলোচনীৰ দ'মত।
¥
বিপুলৰ মনলৈ আহিল সেই বিশেষ দিনটো। আলোচনী খনৰ পৃষ্ঠা দুটা মান লুটিওৱাৰ পাছতে চকুত পৰিল ফটো খন।
--জুলেন বৰঠাকুৰৰ ফটো।
ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ জুলেন আহিছিল, গায়ক হোৱাৰ সপোন লৈ।
আৰু আজি! --আজি জুলেন অসমৰ শ্ৰোতাৰ বুকুৰ আপোন।
কিমান বছৰ আগৰ কথা!
--বিপুলৰ ভালদৰে মনত আছে, সেই দিনটো! ১৯৮৪ চনৰ মাৰ্চ মাহৰ দ্বিতীয়তো শুকুৰবাৰ। গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰতে থকা ৰেষ্টুৰেন্ট এখনত বিপুলৰ অপেক্ষাত আছিল জুলেন।
ধনজিৎ দাসৰ সৈতে গৈছিল বিপুল।
¥
বিপুলে জুলেনক নাজানিছিল। ধনজিতে জানিছিল।
বিপুল যি খন কাকতৰ উপ-সম্পাদক, সেই কাকত খনৰ সাংস্কৃতিক পৃষ্ঠাত লিখিছিল ধনজিতে। এদিন ধনজিতে কৈছিল-- "বিপুলদা, জুলেনক হয়তো আপুনি নাজানিব! ডিব্ৰুগড়ৰ! বি বৰুৱা কলেজত পঢ়ে। বহুত ভাল গায়। এই কেছেটটো লওক, শুনিব! আৰু মোৰ অনুৰোধ, কাইলৈ মোৰ সৈতে জুলেনৰ ঘৰলৈ আপুনি যাব লাগিব। জুলেনে আপোনাক লগ পাব খোজে!" বিপুলে "ঠিক আছে" বুলিছিল। ধনজিতে বিপুলৰ ফালে চাইছিল, একেষাৰতে "ঠিক আছে' বুলি কোৱাত।
"মই জুলেনৰ কথা শুনিছোঁ। আছৰিত হ'ব লগীয়া একো নাই!" --বিপুলে কৈছিল।
¥
একোটাকৈ চিকেন ৰ'ল, কফি একোকাপ লৈ বহিছল-- জুলেনৰ সৈতে বিপুল-ধনজিতে। সংগীতৰ কথা পাতিছিল। "মই অসমতে থাকিব নিবিছাৰোঁ, মুম্বাইলৈ যোৱাৰ মন। যামেই!" --জুলেনে কৈছিল।
¥
ধনজিতে জুলেনৰ ফটো লৈছিল।
পুৰনি আলোচনী খনত নামটো স্পষ্ট হৈ আছে-- ফটো: ধনজিৎ দাস।
বাহিৰত কাৰোবাৰ খোজৰ শব্দ। "কোন আহিব পাৰে", মনতে ভাবি বিপুলে কোঠাৰ দুৱাৰ খন খুলি দিলে।
মানুহ নহয়, এটা কুকুৰ।
কুকুৰ বা মানুহৰ সন্ধানত থকা এটা কুকুৰ।
--বিপুলৰ মনত কিছু ৰং লাগিল। সংগী লাভৰ। ৰৈ নাথাকি ভিতৰলৈ গৈ বিস্কুটৰ টেমাটো আনি এখন নিজৰ মুখত ভৰালে। আৰু দুখন কুকুৰটোক দিলে।
"খা ভাই! অকলে আৰু কিমান দিন খাম! তোৰ সৈতে বিস্কুট খাই পৰম সন্তোষ পালোঁ। অলপ ৰৈ যাবি নে! দুপৰিয়াৰ সাজলৈ!"
কুকুৰটোই কু-কুৱালে। হয়তো বুজিলে, বিপুলৰ কথা!
বুজা বুলি ভাবিয়ে বিপুলে খোজ আগ বঢ়ালে, ৰন্ধা ঘৰলৈ।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন