লিখিছিলোঁ-- "আত্মলিপিৰ ১৬ খিলা"। লিখা হোৱা নাছিল সাজু কৰি ৰখা প্ৰায় কুৰি খিলা। লিখাৰ সুযোগ নিদিলে " আস্থিৰ সময়" -এ। আন বহু কামৰ লগতে এটা ভাইৰছৰ বাবে "সামাজিক দূৰত্ব কাল" আৰম্ভ হোৱাত অপেক্ষা কৰিছিলোঁ "স্থিৰ সময়"লৈ। সময় কিছু স্থিৰ হৈছিল! মনতে ঠিক কৰিছিলোঁ, শিল্পীৰ জন্মদিন ৭ জুলাইৰ আগতে শেষ কৰিম বাকী কেইখিলাৰ কাম। কিছু কাম আগো বঢ়াইছিলোঁ। কিন্তু শিল্পীক শুনোৱাৰ আগতে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল শিল্পী, লোক সংগীতৰ সাধক প্ৰভাত শৰ্মা।
--হয়, "আত্মলিপিৰ ১৬ খিলা" লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাৰ আত্মকথা। শিল্পী গৰাকীয়ে কৈ গৈছিল, আমি শুনি গৈছিলোঁ, পাছত আমাৰ বাক্যশৈলীৰে লিখিছিলোঁ। লিখি শিল্পীক শুনাইছিলোঁ। শিল্পীয়ে "ভাল হৈছে হা বাপু" বুলি কোৱাৰ পাছত "সেই অধ্যায়" সম্পূৰ্ণ হোৱা বুলি ধৰি লৈছিলোঁ। --এনেদৰে সম্পূৰ্ণ হৈছিল ১৬ টা খণ্ড। ৰৈ গৈছিল বহু তথ্য, সম্পূৰ্ণ নোহোৱা খণ্ড কেইটা সম্পূৰ্ণ নোহোৱাত।
প্ৰভাত শৰ্মাই কৈছিল, মই শুনিছিলোঁ, শুনোৱাৰ আগতে আমাৰ মাজৰ পৰা কায়িক ভাৱে আঁতৰি গৈছিল (২মাৰ্চ ২০২১ -ত)। ১৭, ১৮ ... খণ্ড ফাইলৰ চেপাত ৰৈ গৈছিল। ১৮ খণ্ডটৈত কৈছিল --, বাংলা চিনেমা এখনৰ বাবে বাঁহী বজোৱাৰ কথা। বিশেষ তথ্য শিল্পী গৰাকীৰ হাতত নাছিল, ইমান খিনিয়ে কৈছিল, "ৰত্ন ওজাৰ সৈতে গৈ ভূপেনদাৰ ঘৰ পোৱাৰ তিনদিন মান পাছৰ কথা। আমাক শ্বুটিং দেখুৱাবলৈ নিছিল। উত্তম কুমাৰক ওচৰৰ পৰা দেখিছিলোঁ। আৰু কাৰোবাক কাৰোবাক দেখিছিলোঁ, মনত নাই। মনলৈ আহিলে তোমাক ক'ম। তাতেই লগ পাইছিলোঁ এজন মানুহক। মানুহ জনৰ সৈতে ভূপেনদাই কিবা কথা পাতিছিল। মানুহ জন যেন কিবা বিপদত পৰিছে! কিছু সময় পাছত মানুহ জনৰ সৈতে ভূপেনদা ৰত্ন ওজা-মোৰ ওচৰলৈ আহিল। মোক দেখুৱাই ভূপেন দাই মানুহজনক ক'লে-- 'এও প্ৰভাত শৰ্মা, গৌড় গোস্বামীৰ শিষ্য। তুমি বিছৰা ধৰণে তোমাক সহায় কৰিব পাৰিব।' ভূপেনদাই কথা খিনি বাংলাত কৈছিল। মই বুজিছিলোঁ। খং উঠিছিল! কলিকাতালৈ গৈ সেই সময়ত নিজকে 'সহায়' কৰিব পৰা নাছিলোঁ, অচিনাকী মানুহ এজনক সহায় কৰাৰ কথা কৈছে! কলিকতাৰ বাট-পথ চিনিয়ে নাপাও! কিন্তু অচিনাকী মানুহ জনে কোৱা কথা শুনি মোৰ খং কমিল। মানুহজন সংগীত ব্যৱস্থাপক। বাংলা চিনেমা এখনৰ আৱহ সংগীতৰ কাম চলি আছিল। হঠাতে বাঁহীৰ সুৰ দুটা মানৰ প্ৰয়োজন হৈছিল। হঠাতে চিনেমা খনৰ প্ৰয়োজনত বাঁহী বজাব পৰা মানুহ পোৱাতো সেই সময়ৰ কলিকতাত সম্ভৱ নহয়! গতিকে মানুহ জনৰ কথা--, ভূপেনদাই কৈছে যেতিয়া চিনেমা খনৰ প্ৰয়োজন পূৰাব পৰাকৈ মই বাঁহী বজাব পাৰিম! পাছদিনা মানুহজনে ভূপেনদাৰ ঘৰৰ পৰা মোক লৈ আহিছিল। মই বজাইছিলোঁ। মোক ৭০০ টকা পাৰিশ্ৰমিক দিছিল।"
বাংলা চিনেমা খন?
আমি লেখক-সাংবাদিক ৰত্ন ওজাৰ ওচৰ চাপিছিলোঁ। কৈছিল --"এখন নহয়, প্ৰভাত শৰ্মাই এখন নহয়, কেইবা খনো বাংলা ছবিৰ বাবে বাঁহী বজাইছিল। সেইবোৰ তথ্য মনত ৰখা নহয়। তথ্য বুলি ভৱা নহয়। এটা তথ্য তোমাক দিব পাৰোঁ, উত্তম কুমাৰে প্ৰভাত শৰ্মাৰ বাঁহী শুনিছিল। প্ৰশংসা কৰিছিল।..." --এই প্ৰসংগত আমি সম্পাদনা কৰা "সংগীতশ্ৰী প্ৰভাত শৰ্মা" সংকলনৰ বাবে লিখিবলৈ অনুৰোধ কৰিছিলো। নিলিখিলে, শাৰীৰিক অসুস্থতাৰ বাবে।
প্ৰভাত শৰ্মাই কৈছিল, "ভূপেনদাই লগ লগাই দিয়া, সেই মানুহজনে মোক আৰু কেইবা বাৰো বাঁহী বজোৱাৰ বাবে লৈ গৈছিল। বাংলা লোকগীতত দোতাৰা আৰু বাঁহী বজাইছিলোঁ। সেই যে লোকগীতত বজাইছিলোঁ, অনুভৱ কৰিছিলোঁ-- ৰাজ্যৰ মাজত সীমাৰেখা থকাৰ দৰে সংগীতৰ মাজত কোনো সীমাৰেখা নাথাকে। কামৰূপী লোকগীত আৰু মই দোতাৰা বা বাঁহী বজোৱা বাংলা লোকগীত কেইটা প্ৰায় একে। বাসু নামৰ এজনে গাইছিল-- 'মা তুই জলে না যাইও
ও হে কলঙ্কিনী ৰাধা
কদম গাছে উঠিয়াছে কানু হাৰামজাদা
মা তুই জলে না যাইও…'
মই কৈছিলোঁ, আমাৰ কামৰূপী লোকগীত। বাসুই কৈছিল-- 'আমাৰ লোকগীত।' মই বাসুৰ কথা মানি লোৱা নাছিলোঁ, বাসুই মোৰ কথা মানি লোৱা নাছিল। বাসুই কোৱা এটা কথাই মোক চুই গৈছিল-- 'গীত-সংগীত কোনো ভাষা বা দেশৰ সীমাৰেখাৰ মাজত জীয়াই নাথাকে, জীয়াই থাকে সংগীত শিল্পী, সংগীত ৰসিকৰ মাজত।...' সেইদিনা মই অনুভৱ কৰিছিলোঁ, কামৰূপী লোকগীত তেতিয়ালৈকে আমাৰ হৈ থাকিব, যেতিয়ালৈকে আমাৰ মাজত চৰ্চা হৈ থাকে। এতিয়া মই দেখিছোঁ-- এই লোকগীতৰ চৰ্চা অসমতকৈ বংগত বেছি হয়।"
লোকগীত-লোকবাদ্য আছিল প্ৰভাত শৰ্মাৰ বাবে আৱেগ, জীয়াই থকাৰ আৱেগ। প্ৰভাত শৰ্মাই কৈছিল-- "বিষ্ণু ৰাভাৰ পৰা শিকিছিলোঁ লোক সংগীতে জীৱন জীপাল কৰি ৰখাৰ পাঠ। 'প্ৰুভাত (বিষ্ণু প্ৰসাদ ৰাভাই প্ৰভাত শৰ্মাক প্ৰুভাত নামেৰে মাতিছিল) সংগীতৰ সৌন্দৰ্য থাকে লোক সংগীতত। তই নেৰিবি। দোতাৰা, বাঁহী বজাইছ! খোলো বজাব জান! আৰু যিমান খিনি আছে শিকি-বুজি লবি। লোক গীতৰ সুৰবোৰ ইফাল-সিফাল হ'ব নিদিবি। আমাৰ নিজা খিনি নিজৰ কৰি ৰাখিব লাগে।' মই আজি লৈকে (১জানুৱাৰী, ২০১৬) শিপা ডালত ধৰিয়ে লোক সংগীতৰ কাম কৰি আছোঁ।"
পঢ়িলোঁ। সংগীতৰ কোনো ভৌগোলিক সীমাৰেখা নাথাকে। কথাখিনিয়ে মনোজগতত বাৰুকৈয়ে বিচৰণ কৰিলে। 'প্ৰুভাত' শৰ্মাৰ বিষয়ে কিছু কথা জানিলোঁ, বুজিলোঁ।
উত্তরমুছুনধন্যবাদ❤️
উত্তরমুছুন