সরাসরি প্রধান সামগ্রীতে চলে যান

প্ৰভাত শৰ্মা: আৰু এখিলা

লিখিছিলোঁ-- "আত্মলিপিৰ ১৬ খিলা"। লিখা হোৱা নাছিল সাজু কৰি ৰখা প্ৰায় কুৰি খিলা। লিখাৰ সুযোগ নিদিলে " আস্থিৰ সময়" -এ। আন বহু কামৰ লগতে এটা ভাইৰছৰ বাবে "সামাজিক দূৰত্ব কাল" আৰম্ভ হোৱাত অপেক্ষা কৰিছিলোঁ "স্থিৰ সময়"লৈ। সময় কিছু স্থিৰ হৈছিল! মনতে ঠিক কৰিছিলোঁ, শিল্পীৰ জন্মদিন ৭ জুলাইৰ আগতে শেষ কৰিম বাকী কেইখিলাৰ কাম। কিছু কাম আগো বঢ়াইছিলোঁ। কিন্তু শিল্পীক শুনোৱাৰ আগতে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল শিল্পী, লোক সংগীতৰ সাধক প্ৰভাত শৰ্মা।
--হয়, "আত্মলিপিৰ ১৬ খিলা" লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাৰ আত্মকথা। শিল্পী গৰাকীয়ে কৈ গৈছিল, আমি শুনি গৈছিলোঁ, পাছত আমাৰ বাক্যশৈলীৰে লিখিছিলোঁ। লিখি শিল্পীক শুনাইছিলোঁ। শিল্পীয়ে "ভাল হৈছে হা বাপু" বুলি কোৱাৰ পাছত "সেই অধ্যায়" সম্পূৰ্ণ হোৱা বুলি ধৰি লৈছিলোঁ। --এনেদৰে সম্পূৰ্ণ হৈছিল ১৬ টা খণ্ড। ৰৈ গৈছিল বহু তথ্য, সম্পূৰ্ণ নোহোৱা খণ্ড কেইটা সম্পূৰ্ণ নোহোৱাত।
প্ৰভাত শৰ্মাই কৈছিল, মই শুনিছিলোঁ, শুনোৱাৰ আগতে আমাৰ মাজৰ পৰা কায়িক ভাৱে আঁতৰি গৈছিল (২মাৰ্চ ২০২১ -ত)। ১৭, ১৮ ... খণ্ড ফাইলৰ চেপাত ৰৈ গৈছিল। ১৮ খণ্ডটৈত কৈছিল --, বাংলা চিনেমা এখনৰ বাবে বাঁহী বজোৱাৰ কথা। বিশেষ তথ্য শিল্পী গৰাকীৰ হাতত নাছিল, ইমান খিনিয়ে কৈছিল, "ৰত্ন ওজাৰ সৈতে গৈ ভূপেনদাৰ ঘৰ পোৱাৰ তিনদিন মান পাছৰ কথা। আমাক শ্বুটিং দেখুৱাবলৈ নিছিল। উত্তম কুমাৰক ওচৰৰ পৰা দেখিছিলোঁ। আৰু কাৰোবাক কাৰোবাক দেখিছিলোঁ, মনত নাই। মনলৈ আহিলে তোমাক ক'ম। তাতেই লগ পাইছিলোঁ এজন মানুহক। মানুহ জনৰ সৈতে ভূপেনদাই কিবা কথা পাতিছিল। মানুহ জন যেন কিবা বিপদত পৰিছে! কিছু সময় পাছত মানুহ জনৰ সৈতে ভূপেনদা ৰত্ন ওজা-মোৰ ওচৰলৈ আহিল। মোক দেখুৱাই ভূপেন দাই মানুহজনক ক'লে-- 'এও প্ৰভাত শৰ্মা, গৌড় গোস্বামীৰ শিষ্য। তুমি বিছৰা ধৰণে তোমাক সহায় কৰিব পাৰিব।' ভূপেনদাই কথা খিনি বাংলাত কৈছিল। মই বুজিছিলোঁ। খং উঠিছিল! কলিকাতালৈ গৈ সেই সময়ত নিজকে 'সহায়' কৰিব পৰা নাছিলোঁ, অচিনাকী মানুহ এজনক সহায় কৰাৰ কথা কৈছে! কলিকতাৰ বাট-পথ চিনিয়ে নাপাও! কিন্তু অচিনাকী মানুহ জনে কোৱা কথা শুনি মোৰ খং কমিল। মানুহজন সংগীত ব্যৱস্থাপক। বাংলা চিনেমা এখনৰ আৱহ সংগীতৰ কাম চলি আছিল। হঠাতে বাঁহীৰ সুৰ দুটা মানৰ প্ৰয়োজন হৈছিল। হঠাতে চিনেমা খনৰ প্ৰয়োজনত বাঁহী বজাব পৰা মানুহ পোৱাতো সেই সময়ৰ কলিকতাত সম্ভৱ নহয়! গতিকে মানুহ জনৰ কথা--, ভূপেনদাই কৈছে যেতিয়া চিনেমা খনৰ প্ৰয়োজন পূৰাব পৰাকৈ মই বাঁহী বজাব পাৰিম! পাছদিনা মানুহজনে ভূপেনদাৰ ঘৰৰ পৰা মোক লৈ আহিছিল। মই বজাইছিলোঁ। মোক ৭০০ টকা পাৰিশ্ৰমিক দিছিল।" 
বাংলা চিনেমা খন? 
আমি লেখক-সাংবাদিক ৰত্ন ওজাৰ ওচৰ চাপিছিলোঁ। কৈছিল --"এখন নহয়, প্ৰভাত শৰ্মাই এখন নহয়, কেইবা খনো বাংলা ছবিৰ বাবে বাঁহী বজাইছিল। সেইবোৰ তথ্য মনত ৰখা নহয়। তথ্য বুলি ভৱা নহয়। এটা তথ্য তোমাক দিব পাৰোঁ, উত্তম কুমাৰে প্ৰভাত শৰ্মাৰ বাঁহী শুনিছিল। প্ৰশংসা কৰিছিল।..." --এই প্ৰসংগত আমি সম্পাদনা কৰা "সংগীতশ্ৰী প্ৰভাত শৰ্মা" সংকলনৰ বাবে লিখিবলৈ অনুৰোধ কৰিছিলো। নিলিখিলে, শাৰীৰিক অসুস্থতাৰ বাবে।
প্ৰভাত শৰ্মাই কৈছিল, "ভূপেনদাই লগ লগাই দিয়া, সেই মানুহজনে মোক আৰু কেইবা বাৰো বাঁহী বজোৱাৰ বাবে লৈ গৈছিল। বাংলা লোকগীতত দোতাৰা আৰু বাঁহী বজাইছিলোঁ। সেই যে লোকগীতত বজাইছিলোঁ, অনুভৱ কৰিছিলোঁ-- ৰাজ্যৰ মাজত সীমাৰেখা থকাৰ দৰে সংগীতৰ মাজত কোনো সীমাৰেখা নাথাকে। কামৰূপী লোকগীত আৰু মই দোতাৰা বা বাঁহী বজোৱা বাংলা লোকগীত কেইটা প্ৰায় একে। বাসু নামৰ এজনে গাইছিল-- 'মা তুই জলে না যাইও
ও হে কলঙ্কিনী ৰাধা
কদম গাছে উঠিয়াছে কানু হাৰামজাদা
মা তুই জলে না যাইও…'
 মই কৈছিলোঁ, আমাৰ কামৰূপী লোকগীত। বাসুই কৈছিল-- 'আমাৰ লোকগীত।' মই বাসুৰ কথা মানি লোৱা নাছিলোঁ, বাসুই মোৰ কথা মানি লোৱা নাছিল। বাসুই কোৱা এটা কথাই মোক চুই গৈছিল-- 'গীত-সংগীত কোনো ভাষা বা দেশৰ সীমাৰেখাৰ মাজত জীয়াই নাথাকে, জীয়াই থাকে সংগীত শিল্পী, সংগীত ৰসিকৰ মাজত।...' সেইদিনা মই অনুভৱ কৰিছিলোঁ, কামৰূপী লোকগীত তেতিয়ালৈকে আমাৰ হৈ থাকিব, যেতিয়ালৈকে আমাৰ মাজত চৰ্চা হৈ থাকে। এতিয়া মই দেখিছোঁ-- এই লোকগীতৰ চৰ্চা অসমতকৈ বংগত বেছি হয়।"
 লোকগীত-লোকবাদ্য আছিল প্ৰভাত শৰ্মাৰ বাবে আৱেগ, জীয়াই থকাৰ আৱেগ। প্ৰভাত শৰ্মাই কৈছিল-- "বিষ্ণু ৰাভাৰ পৰা শিকিছিলোঁ লোক সংগীতে জীৱন জীপাল কৰি ৰখাৰ পাঠ। 'প্ৰুভাত (বিষ্ণু প্ৰসাদ ৰাভাই প্ৰভাত শৰ্মাক প্ৰুভাত নামেৰে মাতিছিল) সংগীতৰ সৌন্দৰ্য থাকে লোক সংগীতত। তই নেৰিবি। দোতাৰা, বাঁহী বজাইছ! খোলো বজাব জান! আৰু যিমান খিনি আছে শিকি-বুজি লবি। লোক গীতৰ সুৰবোৰ ইফাল-সিফাল হ'ব নিদিবি। আমাৰ নিজা খিনি নিজৰ কৰি ৰাখিব লাগে।' মই আজি লৈকে (১জানুৱাৰী, ২০১৬) শিপা ডালত ধৰিয়ে লোক সংগীতৰ কাম কৰি আছোঁ।"

মন্তব্যসমূহ

  1. পঢ়িলোঁ। সংগীতৰ কোনো ভৌগোলিক সীমাৰেখা নাথাকে। কথাখিনিয়ে মনোজগতত বাৰুকৈয়ে বিচৰণ কৰিলে। 'প্ৰুভাত' শৰ্মাৰ বিষয়ে কিছু কথা জানিলোঁ, বুজিলোঁ।

    উত্তরমুছুন

একটি মন্তব্য পোস্ট করুন

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...