নলবাৰীৰ "মিনাৰ্ভা বুক ডিপো" --১৯৮৯-৯২ সময় চোৱাত আমাৰ নিয়মীয়া আড্ডাৰ স্থান। সাহিত্য-নাটক-চিনেমা ইত্যাদি আছিল আমাৰ সেই আড্ডাৰ মূল বিষয়। "মিনাৰ্ভা বুক ডিপো" আছিল প্ৰশান্ত দাৰ। চলাইছিল হৰেকৃষ্ণ দাসে। সেই আড্ডা আছিল কেইবা খনো কাকত-আলোচনীৰ কাৰ্যালয়ৰ দৰে। সেই আড্ডা স্থলিলৈকে এদিন সোমাই আহিছিল উৎপল দত্ত "হৰেকৃষ্ণ, দবা (Chess)
ক'ত চলি আছে" বুলি আমাৰ ফালে চাইছিল। কিছু সময় পূৰ্বে "দবা খেল চলি আছে হৰিমন্দিৰত, তাৰ পৰা আহো" বুলি শিল্পী আদ্য শৰ্মাই আমাক মাত লগাই গৈছিল। গতিকে হৰেকৃষ্ণ দাসে কিবা কোৱাৰ আগতে আমাৰ ওঁঠত লাগি থকা "উত্তৰ"টো দিছিলোঁ। "উত্তৰ"টো পোৱা মাত্ৰকে সাউতকৈ অহা উৎপল দত্ত, সাউতকৈ আঁতৰি গৈছিল। "উত্তৰ" দিয়াৰ সময়ত জনা নাছিলোঁ, আঁতৰি যোৱাৰ পাছতহে হৰেকৃষ্ণ দাসে কৈছিল-- "কোন চিনি পালা জনো! --উৎপল দত্ত। তাৰিখ, চন, বাৰ মনত নাই।
কিন্তু মনত আছে, দ্বিতীয়বাৰ লগ পোৱাৰ আনুমানিক তাৰিখ, চন। ৪ জানুৱাৰীৰ ১৯৯৪ -ৰ পাছৰ এটা দিনত, অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনত।
আমাৰ সৈতে যোৱা এগৰাকীয়ে কৈছিল-- সেইজন উৎপল দত্ত। সেই সময়ত উৎপল দত্তৰ "অপৰূপা আন্দামান" (ভ্ৰমণ কাহিনী) কেন্দ্ৰীক চৰ্চ চলি আছিল। গ্ৰন্থ খনৰ বেটুপাত অশ্লীলতাৰ দোষৰ পৰা মুক্ত নহয় বুলি বহুতে সমালোচনা কৰিছিল। সেইবাবেই হয়তো "সেইজন উৎপল দত্ত" শুনা মাত্ৰকে আমাৰ ওচৰত থকা বহুজনে কৈছিল-- অ' আন্দামান!
আমি গৈ উৎপল দত্তৰ সৈতে চিনাকী হৈছিলোঁ। উৎপল দত্তই কৈছিল-- "শ্ৰীময়ী" (পষেকীয়া অসমীয়া আলোচনী/ সম্পাদক: হেমন্ত বৰ্মন) -ৰ শেষ পৃষ্ঠাত এইসংখ্যাত আৰ ডি বৰ্মনৰ বিষয়ে লিখিছা নহয়! পঢ়িছোঁ। ভাল লিখিছা।" --এই "প্ৰশংসা"ৰ বাবেই উৎপল দত্তক দ্বিতীয়বাৰ লগ পোৱাৰ সময় মনত ৰৈ গ'ল। (কায়িক মৃত্যুৰ পাছ দিনা আৰ ডি বৰ্মনৰ বিষয়ে লিখি "শ্ৰীময়ী"ৰ কাৰ্যালয়ত দি আহিছিলোঁ। সংগীত শিল্পী গৰাকীৰ কায়িক মৃত্যুৰ তাৰিখ: জানুৱাৰী ১৯৯৪, মুম্বই।)
পাছত, আৰু পাছত উৎপল দত্তক কিমান দিন লগ পালোঁ (লগ পাই আছোঁ), হিচাপ ৰখা নাই। কাৰণ-- হিচাপ ৰাখিব পাৰি বিশেষ সংখ্যালৈকহে! এই যে লগ পাইছোঁ, লগ পাই আছোঁ--, কাৰণ মোৰ প্ৰিয় বিষয় চিনেমা। উৎপলদাৰ চিনেচিন্তাৰ সৈতে মোৰ চিনেচিন্তাৰ মিল কম, অমিল বেছি। (আৰু আছে 😊)
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন