অসমীয়া চিনেমা কেন্দ্ৰীক তিনিটা বিশেষ খবৰ--
(১) প্ৰযোজক পক্ষৰ মতে, আসমীয়া চিনেমা "ডক্তৰ বেজবৰুৱ- ২" ব্যৱসায়িক দিশত সফল। অসমীয়া চিনেমাৰ স্থানীয় বজাৰত শীৰ্ষস্থান দখল কৰিছে হেনো! যোৱা ২৫ ফেব্ৰুৱাৰী তাৰিখে সংবাদ মাধ্যমক প্ৰযোজক পক্ষই জনাইছিল-- চিনেমা খনৰ বক্স অ'ফিচ কালেকচন ৬.৫ কোটি টকা। তাৰ পাছৰ তথ্য চকুত পৰা নাই।
(২) "অনুৰ" স্থানীয় বজাৰত যিমান সফল হ'ব বুলি আমি ধাৰণা কৰিছিলোঁ, তাতকৈ বেছি সফল। এক উন্নত মানৰ চিনেকৰ্ম স্বাভাৱিকতে চিত্ৰ ৰসিকৰ বাবে আনন্দৰ খবৰ, উৎসাহৰ খবৰ।
(৩) বহুতৰে ধাৰণা-- অসমীয়া চিনেমা চোৱাৰ বিশেষ "সময়" থাকে। "বিশেষ সময়" নোপোৱাত চিত্ৰগৃহৰ পৰা আঁতৰাই নিলে "ব্লেক এণ্ড হোৱাইট", প্ৰযোজক পক্ষৰ হৈ, সংবাদ মেলত ঘোষণা কৰিলে চিনেমা খনৰ আভিনেতা ৰবি শৰ্মাই। (আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন