assamese cinema by: Utpal Mena
ভাষা নহয়, পৰিচালনা শৈলীহে "চিনেমা"ৰ পৰিচয়। ধৰিলওক-- এখন "চিনেমা"ৰ ভাষা (সংলাপ) অসমীয়া; কিন্তু চিনেমা খনৰ পৰিচালনা শৈলী তামিল বা তেলেগু ভাষাৰ চিনেমাৰ দৰে, তেলেগু বা তমিল ভাষাৰ চিনেমাৰ ষ্টাইলত মাৰপিটৰ দৃশ্য-গীত ইত্যদি চিত্ৰায়ণ কৰিছো-- সেইখনক বিশুদ্ধ অসমীয়া চিনেমা বুলি কব নোৱাৰি। এই দিশ স্পষ্ট, অসমীয়া চিনেমাৰ "বজাৰ কেন্দ্ৰীক চিন্তা"
(বিশেষকৈ "মিছন চাইনা"ৰ সফলতাৰ পাছৰ
পৰা তামিল-তেলেগু চিনেমাৰ শৈলীৰে কৰাত
মন দিছে অসমীয়া চিনেমাৰ পৰিচালকৰ
একাংশই।)
তামিল-তেলেগু, বলিউদ কেন্দ্ৰীক। কিছু সফলো হৈছে। এই সফলতাক কিন্তু অসমীয়া চিনেমাৰ বুলি কব নোৱাৰি। কব পাৰি-- তামিল-তেলেগু চিনেমাৰ বজাৰ খন বহল হ'ল, অসমীয়া চিনেমাক গ্ৰাস কৰিলে তামিল-তেলেগু চিনেমাই। গতিকে আমি "অনুৰ", "আমিষ", "মেড ইন নলবাৰী", "বৰনদী ভটিয়ায়", "গৰু" আদি চিনেমাৰ স্থানীয় বজাৰ সফলতাতহে অনুমান কৰিব পাৰো-- অসমীয়া চিনেমাৰ বজাৰ সফলতা।
কেইখনমান "স্থানীয় বজাৰ সফল" অসমীয়া
চিনেমা, যি কেইখনৰ পৰিচালনা
শৈলী-বিষয়বস্তু অসমীয়া, কাহিনীত-- অসমীয়া
সমাজ-সংস্কৃতি প্ৰতিফলন স্পষ্ট: ইন্দ্ৰ-মালতী,
চিৰাজ, ডক্তৰ বেজবৰুৱা, বোৱাৰী,
আজলী নবৌ, হিয়া দিয়া নিয়া, বিধাতা,
মাঘত মামণিৰ বিয়া, চুৰেণ চোৰৰ পুতেক,
কাদম্বৰী, ৰামধেনু, ভিলেজ ৰকষ্টাৰ্ছ।
বজাৰ সফল এই অসমীয়া চিনেমা কেইখন বিশ্লেষণ কৰিলে স্পষ্ট হয়-- অসমীয়া সমাজ, অসমীয়া সংস্কৃতিৰে বান্ধ খাই থকা ৰূপালী গল্প। আন ভাষাৰ চিনেমাৰ সৈতে তুলনা কৰাৰ বাট নথকা ৰূপালী গল্প।
--হয়, "চিনেমা"লৈ পৰিৱৰ্তন আহিছে। পৰিৱৰ্তন মানেই কিন্তু তামিল-তেলেগু চিনেমাৰ পৰিচালনা শৈলীৰে বান্ধখোৱা ("নকল" শব্দটো ব্যৱহাৰ কৰিব খোজা নাই।) নহয়। পৰিবৰ্তন মানে-- "বৰনদী ভটিয়ায়", "মেড ইন নলবাৰী"ৰ গল্প কোৱাৰ শৈলীয়ো হব পাৰে! "হান্দুক", "বুম্বা ৰাইড", "উপসৰ্গ" ইত্যদিয়ো হব পাৰে! গতিকে পৰিৱৰ্তনৰ অজুহাতত তামিল-তেলেগু বা বলিউড শৈলীক "অসমীয়া" কৰি লোৱাৰ কাৰণ নাই, যুক্তি নাই।
--হয়, যুক্তি নাই; কিন্তু একাংশই তামিল-তেলেগু শৈলীৰে অসমত "অসমীয়া চিনেমা"ৰ বজাৰ সফলতাৰ সপোন দেখাৰ বাবে, আশা কৰা বাবে "স্থানীয় বজাৰ"ত অসমীয়া চিনেমাৰ সমস্যা বাঢ়িছে। আৰু সমস্যা সেই কেইখন "অসমীয়া ভাষা"ৰ চিনেমাই বঢ়াইছে, যি কেইখনে কোটি টকাৰ ব্যৱসায় কৰাৰ "বিজ্ঞাপন" দি "অসমীয়া চিনেমাৰ ভালদিন"ৰ আনন্দ উৎযাপন কৰিছে, কৰি আছে।
--ব্যাখ্যাৰ প্ৰয়োজন দেখা নাই, উল্লেখ কৰিছোঁ মাত্ৰ, "মিছন চাইনা", "ৰত্নাকৰ" আৰু "কাঞ্চনজংঘা"ৰ বাহিৰে যে আৰু কেইখন মান অসমীয়া চিনেমাই ২-৫ কোটি টকা ব্যৱহায় কৰিছে --সেয়া চৰ্চাৰ বিষয়, চৰ্চাৰ প্ৰয়োজন আছে। (ক্ৰমশ:)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন