assamese cinema
১৯৮৬ চনত চিত্ৰগৃহলৈ অহা এখন অসমীয়া চিনেমা "সংকল্প"। হেম চন্দ্ৰ বৰাৰ প্ৰথম স্বাধীন পৰিচালনা। চিনেমা খনৰ আৰু এবাৰ দৰ্শক হোৱাৰ সুযোগ পালোঁ, যোৱা ১২ মাৰ্চ (২০২৩) -ত,
জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰক্ষা গৃহত।
আকৌ এবাৰ অনুভৱ কৰিলোঁ– এক পৰিপাটি চিনেকৰ্ম। প্ৰায় ৩৭ বছৰ পাছতো চিনেমা খনৰ পৰিচালনা শৈলী, অভিনয় ইত্যাদিত "outdated" আনুভৱ কৰা নাই। গতিসূত্ৰই চিৰসেউজ কৰি ৰাখিছে ৰূপালী গল্পটো।
চিনেমা খনৰ কাহিনী নিৰ্মাণ কৰিছে অসম আন্দোলনক (১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন।) কেন্দ্ৰ কৰি। বয়স কম আছিল যদিও সেই আন্দোলন আমি দেখিছিলোঁ, অনুভৱ কৰিছিলোঁ। দেখা, অনুভৱ কৰা সেই আন্দোলন কেন্দ্ৰীক ৰূপালী গল্পটোত “কল্পনা” স্বাভাৱিকতে আছিল যদিও “কল্পনাৰ প্ৰলেপ” অনুভৱ কৰা নাছিলোঁ। নকৰাৰ কাৰণ চিনেমাৰ ভাষা (cinematic language) -ৰ পৰিপাটি প্ৰয়োগ। শ্বট নিৰ্বাচন আৰু সু-গাণিতিক প্ৰয়োগে, মেডহীন সাহিত্যৰ ভাষা প্ৰয়োগে নান্দনিক সৌন্দর্য বঢ়াইছে। পৰিচালকক সহায় কৰিছে ৰঞ্জিত শৰ্মাৰ চিত্ৰনাট্যই।
চিনেমা খনত “অসম আন্দোলন” আছে, সিমান খিনিলৈ আছে, যিমান খিনিলৈ ৰাখিলে, চিনেমা খন প্ৰাসংগিক হৈ থাকিব।
চিনেমা খনত তপন দাসে অভিনয় কৰা মূল চৰিত্ৰটোৰ নাম ৰমেন। পুলচ বিষয়াৰ পুত্ৰ। উচ্চাকাংখী দেউতাক, ভায়েক, ভাবী ভগ্নীপতিৰ বিপৰীত বিন্দুত ৰমেন। আন্দোলনৰ নেতা। আন্দোলনত দেহে-কেহে খাটিছে যদিও আন্দোলনকাৰীৰ এটা পক্ষই মানসিক যন্ত্ৰনা দিয়ে ৰমেনক। কাৰণ?
আন্দোলন কালত পুলিচ বিষয়া সকলে ৰমেনক আটক কৰিহে লাঠিচার্জ, গুলি চালনাৰ আদেশ দিয়ে। --বাহিৰত (আন্দোলন স্থলীত) আন্দোলনকাৰীৰ ওপৰৰত পুলিচৰ সন্ত্ৰাস, হাজোতত বন্দী কৰি ৰখা ৰমেনৰ যন্ত্ৰণা। অনাহাৰে যন্ত্ৰণাৰ সময় কটায়। ক্ষোভত হাজোতৰ চিমেণ্টৰ দেৱালতে নহয়, মনৰ দেৱালতো লিখে নিজৰ সংকল্প।
কাহিনী আগবাঢ়ে। "অসম বন্ধ"ৰে আন্দোলনকাৰীৰ প্ৰতিবাদ। সেই দিনটোতে উচ্চ চাকৰিৰ সাক্ষাৎকাৰৰ বাবে ৰমেনৰ ভাতৃয়ে (অভিনয় কৰিছে প্ৰাঞ্জল শইকীয়াই) বিমানযোগে যাব লাগে। পুলিচ বিষয়াৰ পুত্ৰ, নাযাব নে! ৰমেনৰ ভতৃয়ে বৰঝাৰলৈ বুলি ওলিয় যায় সশস্ত্ৰ পুলিচ বাহিনীৰ লগত। আনফালে আন্দোলনকাৰী। আন্দোলনকাৰীৰ মাজত ৰমেন। পূৰ্বৰ দৰে, চক্রান্তৰে অত্যাচাৰী পুলিচ বিষয়া এজনক লগাই দেউতাকে ৰমেনক আন্দোলন স্থলীৰ পৰা চোচৰাই ভানত তুলি নিয়ে।
আৰু গুলি চালনাৰ আদেশ দিয়ে। পুলিবিদ্ধ হয় আন এগৰাকীৰ লগতে ৰমেনৰ বন্ধু আফজলো (আভিনয়ত: সঞ্জীৱ হাজৰিকা)। ৰমেনৰ ভাতৃয়ে এন পৰিবেশৰ কথা সপোনতো ভৱা নাছিল! বিমানযাত্ৰা বাদ দি ৰমেনৰ ভায়েকে মৃত আফজলৰ দেহ লৈ আফজলৰ বিধবা মাতৃ আৰু একমাত্র ভগ্নীৰ (অভিনয়ত: পূৰৱী শৰ্মা। এই চৰিত্ৰটোৰ সৈতে ৰমেনৰ প্ৰেমৰ কাহিনী এটাও আগবঢ়াই নিছে।) ওচৰ পালেগৈ। ৰমেনৰ ভায়েকে হাহাকাৰ অনুভৱ কৰিলে।
আনফালে ৰমেন! ৰমেন অকলশৰীয়া হ'ল। সকলো আঁতৰি গ'ল। ছাত্র দলে নেতৃত্বৰ কথা নপতা হ'ল। মানসিক অস্থিৰতা বঢ়িল।
সমাজ-সময়ো অস্থিৰ হ'ল। শাসকে "কার্ফিউ" জাৰি কৰিলে। "কার্ফিউ" ভংগ কৰা যিকোনো লোকক থিতাতে গুলীয়াই মৰাৰ আদেশ। "আদেশ"ত কলংকৰ স্নানৰ বাট বিছাৰি পালে ৰমেনে। পথবন্ধ কৰি ৰেল লাইনত নিৰ্ভীকভাৱে বুকু পাতি অত্যাচাৰী পুলিচ বিষয়াৰ গুলিত প্রাণ দিয়া বসুমতাৰী, বৰঝাৰত মৃত আফজলৰ আত্মত্যাগে বাট দিলে ৰমেনক। কার্ফিউ উলংঘা কৰিলে। সশস্ত্ৰ প্ৰহৰীৰ গুলি বুকুত ল'লে ৰমেনে।
আন্দোলন স্থৱিৰ নহ'ল, দ্ৰুত হ'ল। নেতৃত্বত-- ৰমেনৰ প্ৰতিকৃতি অংকিত পতাকা লৈ, ৰমেনক পুলিচ বিষয়াৰ ল'ৰা বুলি ইতিকিং কৰা ছাত্ৰজনেই আৰু ভায়েক-ভনীয়েকো (অভিনয়ত: বিদ্যা ৰাও)-য়েকো। এই যে আন্দোলনৰ গতি দ্ৰুত হৈছে, সিমানতে চিনেমা খন শেষ কৰিছে।
আমাৰ অনুভৱত চিনেমা খনৰ প্ৰতিটো চৰিত্ৰ “বাস্তৱ”ৰ পৰা চিত্ৰনাট্যলৈ আনিছে। আৰু তপন দাস, সঞ্জীৱ হাজৰিকা, পূৰৱী শৰ্মা, প্ৰঞ্জল শইকীয়া আদিৰ বাস্তৱিক অভিনয় (realistic acting) -ৰে চৰিত্ৰবোৰ নিৰ্মাণ কৰিছে। আমাৰ অনুভৱত– চিনেমা খনৰ অভিনয়ৰ লগতে ডঃভূপেন হাজৰিকাৰ সংগীতে, স্বপন নায়কৰ কেমেৰাৰ কামে চিনেমা খনৰ সৌন্দৰ্য বঢ়াইছে।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন