গীতৰ আত্মা-- গীতৰ কথা।
সুৰ-সংগীত "আত্মা"ৰ অলংকাৰ।
কণ্ঠ-গায়কী "আত্মা"ৰ প্ৰাণ, সৌন্দৰ্য।
আৰু সংগীত?
কোৱা হয়-- সংগীত মানৱিক বিজ্ঞানৰ এটা ভাগ। গীত, বাদ্য, নৃত্য-- এই তিনিটাৰ সমন্বয়ত নিৰ্মাণ হয় এই ভাগটো। এই কথা মনত ৰাখি ক'ব পাৰি-- সংগীত "দর্শনেন্দ্রিয় আৰু শ্রবণেন্দ্রিয় দ্বাৰা গ্রাহ্য এক প্রকাৰ প্রৱাহমান নান্দনিক উপস্থাপনজাত অনুভূতি।"
প্ৰথমবাৰ এটা গীত শুনিছো। স্পষ্টকৈ বা বহু দূৰৰ পৰা ভাহি অহা, অস্পষ্ট কথাৰ। গীতটো শুনি ভাল লাগিল। মানে, সুৰ আৰু গায়কীয়ে মন চুই গ'ল।
--হয়, এই ধাৰণা শুদ্ধ বুলি কোৱা হয়। শ্ৰোতাই যেতিয়া গীত শুনে প্ৰথম দুই-তিনিবাৰ গায়কী-সুৰহে শুনে। তাৰ পাছতহে ক্ৰমে গীতৰ কথা শুনে, গীতৰ কথা অনুভৱ কৰিবলৈ চেষ্টা কৰে।
২২ জুলাই। আমি গৈ উপস্থিত হৈছিলোঁ সোনাপুৰৰ যথা স্থানত। যথা সময়ত পৰ্দাত দেখিছিলোঁ-- এটা ভাল পোৱাৰ গল্প। কৈশোৰৰ পৰা যৌৱনলৈ গীত আৰু কেমেৰাৰ ভাষাই বোঁৱাই নিয়া নিৰ্মল প্ৰেমৰ গল্প। (আমি এনেদৰে ক'ব পাৰোঁ-- কেমেৰাৰে ধৰি ৰখা পৰিপাটি প্ৰেমৰ গল্প।)
দেখিছিলোঁ; কিন্তু প্ৰথমবাৰ চাব পৰা নাছিলোঁ! চোৱাত বাধা হৈছিল তৰালিৰ কণ্ঠ আৰু সুৰেৰে বোঁৱাই নিয়া "কথা"বোৰ:
"ডেউকা মেলি উৰে
সাঁচি ৰখা বহু কথা..."
"ৰাশি ৰাশি সৌ উর্মিমালা
থুপি তৰা নীহাৰিকাত..."
"আধাফুলা কথাৰ পকীয়নিত
বুকুখনি হয় নদী..."
গীত চোৱাৰ সময়ত শ্ৰোতা-দৰ্শকে "চলমান ছবি"তহে মন দিয়ে।
অভিনয়, গল্পতহে মন দিয়ে।
--তৰালি শৰ্মৰ "সংগীত প্ৰকল্প" বোৰ তেনেকুৱায়ে, চিনে শক্তি নিস্প্ৰভ কৰিব পৰা।
তৰালি শৰ্মাৰ সুগম সংগীতৰ লগতে শাস্ত্রীয় সংগীত, লোক-সংগীতো দখল আছে। "সুৰকাৰ তৰালি"ৰ নিৰ্মাণৰ বুনিয়াদ অসমৰ লোক-সংগীত (আমাৰ ধাৰণাত)। --এয়া প্ৰথম কাৰণ তৰালিৰ "সুৰ শক্তি"ৰ। দ্বিতীয় কাৰণ-- তৰালিৰ "সংগীত সাহিত্য"তো দখল আছে। আৰু "সংগীত সাহিত্য"তো গুৰুত্ব দিয়ে। "সংগীত সাহিত্য" কেন্দ্ৰীক সুৰ নিৰ্মাণ (ৰাগ ইত্যাদিৰ প্ৰয়োগ) "সুৰকাৰ তৰালি"ৰ গীতৰ বিশিষ্টতা। ব্যতিক্ৰম নহয় "ডেউকা মেলি উৰে..."ও।
"ডেউকা মেলি উৰে..."ৰ কথা গৌতম শৰ্মাৰ। তৰালি-গৌতম যুটিৰ (এই মূহুত্তত মনলৈ অহা) তিনিটা "ছুপাৰ হিট" গীত:
১।হেঙুলীয়া সপোনে...
২। অনুৰাগ তোমাৰ বাবে
অনুভূতি তোমাৰ বাবে...
৩।অভিমানী মনে মোৰ কিয় বিচাৰে
নিভঁজুৱা কথাবোৰ সাঁচি থ'বলে...
(আৰু আছে😊) সংগীত by: Utpal Mena
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন