বুধবার, ১৩ সেপ্টেম্বর, ২০২৩

য়েছে দৰজে ঠংচি: এক অধ্যায়

য়েছে দৰজে ঠংচিৰ সৈতে কথা পাতিছিলোঁ। ইটানগৰত। কথাশিল্পী গৰাকীৰ আৱাসত। ইটো-সিটো কথাৰ মাজতে কৈছিল লিখি থকা নতুন উপন্যাস খনৰ কথা। কেতিয়া কাহিনীটোৱে শেষ বিন্দু পাব নাজানে কথাশিল্পীয়ে। কথাশিল্পী গৰাকীয়ে উপন্যাৰ প্ৰথম আৰু শেষ বিন্দুটো প্ৰথমে ঠিক কৰি লয়। "মই নতুন উপন্যাসৰ কাম হাতত ল'লে কাহিনীটোৰ আৰম্ভনী আৰু কাহিনীটো ক'ত শেষ কৰিম ঠিক কৰোঁ। শেষলৈ কাহিনী কেতিয়া, কেনেদৰে যাব আগতে কৈ দিব নোৱাৰিম। গতিকে মোৰ নতুন উপন্যাস খনো কেতিয়া লিখি শেষ কৰিব পাৰো, ক'ব নোৱাৰিম।" 
কথাশিল্পী গৰাকীয়ে যোৱা ১১-১২ বছৰে লিখা নাই, কলমেৰে লিখা নাই। গল্প, উপন্যাস আদি সৃষ্টি কৰি আহিছে কম্পিউটাৰত, নিজে কম্প'জ কৰি। --এই যে কলম এৰি কম্পিউটাৰত কাহিনী নিৰ্মাণ, কথাশিল্পী গৰাকীৰ বাবে সমস্যা হোৱা নাই নে!

"হোৱা নাই। সহজ হৈছে। (কিবা ভুল হ'লে, সম্পাদনা অনুভৱ কৰিলে) সহজতে মচিব পাৰি, লিখিব পাৰি।..." --কথাশিল্পীয়ে ক'লে।

কেতিয়া লিখে? --কথাশিল্পিৰ কোনো ধৰা-বন্ধা সময় নাই। পুৱাৰ নিৰ্জন সময়ত লিখি ভাল পায়, আন সময়তকৈ। কিয়? "সেই সময়ত ইহতৰ (দুই নাতিনীক দেখুৱাই) আমনি নাথাকে। সেই সময়ত মোক লগ কৰিবলৈ আন মানুহ অহা কথাটোও নাথাকে। বাধা নোপোৱাকৈ লিখি যাব পাৰি। আৰু সেই সময়ত মনটোও বেছি মুকলি হৈ থাকে। প্ৰয়োজনত, কেতিয়াবা আন সময়তো বেছি লিখো।"

কথাশিল্পী গৰাকীৰ উপন্যাস: চনম আৰু লিংঝিক, মই পুনৰ জনম লম, মৌন ওঁঠ মুখৰ হৃদয়, শৱ কটা মানুহ,

মিছিং। গল্পৰ সংকলন: পাপৰ পুখুৰী,  বাঁহৰ ফুলৰ গোন্ধ, অন্য এখন প্ৰতিযোগিতা। 

--আপোনাৰ প্ৰতি খন উপন্যাস, প্ৰতিটো গল্পক লৈ আপুনি সুখী নে? কেতিয়াবা মনলৈ এনে ভাৱ নাহেনে, এইটো এনেদৰে লিখিলে বেছি ভাল হ'ল হেতেন!

"আহে। প্ৰকাশ পোৱাৰ পাছত মই বিশেষকৈ মোৰ উপন্যাসৰ কিছু সাল সলনি বা সম্পাদনাৰ প্ৰয়োজন অনুভৱ কৰোঁ। মই যি ভুল বা খুট দেখো, সেয়া আনে নেদেখে বা অনুভৱ নকৰে। গতিকে পাঠকে দিগদাৰ অনুভৱ নকৰাকৈ পঢ়ি যায়। "শৱ কটা মানুহ" উপন্যাস খন "সাদিন" কাকতত প্ৰকাশ পাইছিল। (প্ৰথম প্ৰকাশ হয় নৱেম্বৰ, ২০০৪ চনত। তাৰপাছত ক্ৰমে ডিচেম্বৰ, ২০০৬ চনত আৰু জুলাই, ২০০৮ চনত।) "সাদিন"ৰ পৰা প্ৰকাশকে (বনলতা) লৈ কিতাপৰ আকাৰত প্ৰকাশ কৰিছিল। সেই সময়ত সম্পাদনাৰ সুযোগ পোৱা নাছিলোঁ। উপন্যাস খনৰ এটা সংস্কৰণ অলপতে আকৌ প্ৰকাশ পাব। এই সংস্কৰণটোত উপন্যাস খনৰ খণ্ড ইফাল-সিফাল কৰিছোঁ, সম্পাদনা কৰিছোঁ।..." --কথাশিল্পীৰ উত্তৰ।

কথাশিল্পী গৰাকীয়ে আৰু কিছু কথা কৈছিল। নিজৰ উপন্যাস-গল্পৰ প্ৰসংগত। সেই "কিছু কথা"ত স্পষ্ট-- নিজৰ সৃষ্টিক লৈ কোনো লেখক-লেখিকাই সন্তুষ্ট হ'ব নোৱৰে! যিমান বাৰ পঢ়ে সিমান বাৰ নতুন নতুন দোষ চকুত পৰে, কাহিনী আগবঢ়াই নিয়াৰ নতুন নতুন বাট দেখে।

 "শৱ কটা মানুহ"ৰ দৰে আন কেইখন উপন্যাসো সম্পাদনা কৰিব বিছাৰে কথাশিল্পী গৰাকীয়ে! -- এই একেটা কাৰণতে।

আৰু ভালেমান বিষয়ত কথা পাতিছিলোঁ কথাশিল্পী গৰাকীৰ সৈতে। ইটো-সিটো কথাৰ মাজতে সুধিছিলোঁ-- এই প্ৰজন্মৰ লেখকৰ গল্প, উপন্যাস পঢ়ে নে?

"নপঢ়ো। দুটা কাৰণত। প্ৰথম কাৰণ-- চকুৰ সমস্যাত ভুগি আছোঁ। বেছি সময় পঢ়িব নোৱাৰো। গতিকে নিজৰ লিখা-পঢ়া কাম খিনিতে ব্যস্ত থাকো। দ্বিতীয়তে-- মোৰ এনে ভাৱ হয়, যেন পঢ়ি শেষ কৰিলোঁ, পঢ়িবলৈ একো নাই। আগৰ দৰে পঢ়াৰ আগ্ৰহ অনুভৱ নকৰো। আগ্ৰহ অনুভৱ নকৰাৰ কাৰণ মোৰ বয়সো হব পাৰে। কিন্তু মই এনেদৰে নাভাবোঁ, নতুন ভাল সৃষ্টি হোৱা নাই।" (ক্ৰমশঃ)


কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন