সরাসরি প্রধান সামগ্রীতে চলে যান

দিলীপ কুমাৰ হাজৰিকা: এক অধ্যায়

১৪ ছেপ্টেম্বৰ। নিশা। "নিয়মীয়া বাৰ্তা" কাকতৰ সাংবাদিক হেমন্ত মজুমদাৰৰ "ফোন"-- দিলীপ কুমাৰ হাজৰিকা আৰু নাই। স্বাভাৱিক খবৰ! মানি লব নোৱাৰা খবৰ! বুকু বিষোৱা খবৰ!
"বুকু হম হম কৰে..."ৰ কথা কৈছিল দিলীপ কুমাৰ হাজৰিকাই। চন: ২০০২। বাৰ, তাৰিখ মনত নাই। ৭-৮ বছৰ পাছত কৰ্মস্থান মুম্বাইৰ পৰা প্ৰত্যৱৰ্তন কৰি দৈনিক কাকত "আজি"ৰ সম্পাদনা বিভাগত জড়িত হৈছিলোঁ। মোক "আজি"ৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ কক্ষলৈ মতাই আনি দিলীপ কুমাৰ হাজৰিকাই বলিউড কেন্দ্ৰীক ইটো-সিটো কথা সুধিছিল। সুধিছিল "দিল হুম হুম কৰে..." কেন্দ্ৰীক ইটো-সিটো কথা। আৰু কৈছিল "মণিৰাম দেৱান"ৰ কথা। "সেই সময়ত ("মণিৰাম দেৱান" চিত্ৰগৃহলৈ আহিছিল
১০ জানুৱাৰী, ১৯৬৪ -ত। চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হৈছিল ১৯৬২ চনত। একে লেথাৰিয়ে চিত্ৰগ্ৰহণৰ কাম হোৱা নাছিল। কলিকতাৰ (কলকাতাৰ) ইন্দ্ৰপুৰী ষ্টুডিঅ'ত এৰা এৰিকৈ দীৰ্ঘ সময় চিত্ৰগ্ৰহণৰ কাম চলিছিল।) চিনেমা বুলিলেই মই পাগল আছিলোঁ। পৰিচালক সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে মোক কৈছিল-- 'তুমি পিয়লি বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিবা! মোক পাই কোনে! আৰু কেইদিন পাছতে শুনিলোঁ মোৰ ওঁঠত গীত থাকিব। ভূপেন হাজৰিকাই গোৱা গীত-- 'বুকু হম হম কৰে...'। চিত্ৰায়ণৰ আগতে গীতটো মোক কেইবাবাৰো শুনোৱা হৈছিল। গীতৰ ৰিহাৰ্ছেলৰ সময়ত, ৰেকৰ্ডিঙৰ সময়তো শুনিছিলোঁ, কলিকতাৰ 'হিন্দুস্থান ৰেকৰ্ডিং ষ্টুডিঅ'ত'। বুকু হম হমাই গৈছিল। আজিও বুকু হম হমাই, সেই সময়ৰ কথা মনলৈ আহিলে। চিনেমা খনৰ নামত ইমানেই পাগল হৈছিলো, আন সকলো কাম বাদ দি কলিকতাতে আছিলোঁ, চিনেমা খনৰ নিজৰ চৰিত্ৰটোৰ লগতে ইটো-সিটো কাম কৰি।"
"মণিৰাম দেৱান"ৰ পাছৰ সময় চোৱাত দিলীপ কুমাৰ হাজৰিকাই অভিনয় কৰিছিল "ককাদেউতা নাতি আৰু হাতী", "পিতাপুত্ৰ", "ৰং", "প্ৰভাতী পখীৰ গান", "প্ৰতিমা", "ভাই ভাই", "বহাগৰ দুপৰীয়া", "সপোন" আদিত। কম ফুটেজৰ চৰিত্ৰত। "অভিনয় আৰু লেখা মোৰ নিচা। মোৰ নিচাৰ কথা জানেই বাবে ভাইমন (মুনিন বৰুৱা) হতে মোৰ বাবে সৰুকৈ চৰিত্ৰ ৰচনা কৰে, অজিত (অজিত কুমাৰ ভূঞা) হতে লিখিবলৈ কাকতত ঠাই দিয়ে।"
কাকত-আলোচনীৰ columnist আছিল দিলীপ কুমাৰ হাজৰিকাৰ আন এক পৰিচয়। সমাজৰ, ৰাজনীতিৰ কথা লিখিছিল যদিও পৰিচয় পাইছিল চিত্ৰ সাংবাদিক হিচাবে। ৬০ দশকৰ আৰম্ভনীতে, সেই সময়ৰ "অসম বাণী" কাকতৰ সম্পাদক সতীশ চন্দ্ৰ কাকতিয়ে কাকত খনৰ চিনেমাৰ পৃষ্ঠাটো সজাবলৈ (সম্পাদনা কৰাৰ) দায়িত্ব দিছিল দিলীপ কুমাৰ হাজৰিকাক। "মই লেখা এটা লৈ সতীশ চন্দ্ৰ কাকতিৰ ওচৰলৈ গৈছিলোঁ। মোৰ বয়স ২২-২৩  বছৰ। (দিলীপ কুমাৰ হাজৰিকাৰ জন্ম: ১৫ জুন ১৯৩৩।) শিৱসাগৰ চৰকাৰী বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰি কটন কলেজত নাম লগাইছিলোঁ। তাৰ পাছত গৌহাটী বিশ্ববিদ্যায়, আইন কলেজ। কটন কলেজত পঢ়ি থকা সময়তে মোক বহুতে নাটক, চিনেমাৰ বিষয়ে লিখা মানুহ বুলি জানিছিল। শিৱসাগৰত থকা সময়ত "সেউজীয়া সমাজ"ৰ হৈ নাটক কৰিছিলো। সেই সময়ত অভিনয় কৰাৰ লগতে নাটকৰ বিষয়ে সাংবাদিকতা কৰিবলৈ প্ৰেৰণা পাইছিলো পৰাগধৰ চলিহাৰ। গুৱাহাটীলৈ অহাৰ পাছত প্ৰেৰণা দিছিল সত্য প্ৰসাদ বৰুৱা, লক্ষ্যধৰ চৌধুৰী, প্ৰবীণ ফুকন, মোৰ মামা তিলক দাস আদিয়ে। মঞ্চত, অনাটাৰ কেন্দ্ৰত নাটকৰ কাম কৰাৰ লগতে লিখা-মেলা কৰো বুলি সতীশ চন্দ্ৰ কাকতিয়ে জানিছিল বাবে মোক পৃষ্ঠা সজাবলৈ সুযোগ দিছিল।"

১৯৬২ চনত "মণিৰাম দেৱান" চিনকৰ্মৰ বাবে কলিকতাত এবছৰৰো বেছি সময় থাকিবলৈ বাধ্য হোৱাত "অসম বাণী"ৰ কাম এৰিবলগীয়া হৈছিল। চিনেমা খনৰ কাম শেষ হোৱাৰ পাছত, ১৯৬৩ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশ পোৱা "নৱযুগ"ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত হয়। লগতে দিকুহা নামেৰে "অসম বাণী"ত আৰম্ভ কৰে এটা নতুন শিতান "এক মিনিট"। এই নাম আৰু শিতান কম সময়তে জনপ্ৰিয় হয়। পাছলৈ এই নামেৰে, এই শিতান লিখিছিল "পূৰ্বাঞ্চল" আৰু অন্যান্য কাকততো। দিকুহাৰ "এক মিনিট" গ্ৰন্থ আকাৰতো প্ৰকাশ পাইছে।

"এক মিনিট"ৰ লেখন শৈলীৰে আকৰ্ষণ কৰা দিকুহাক আমি ইমান ওচৰৰ পৰা নাপালো হেতেন, যদিহে "আজি" কাকতৰ সম্পাদনা বিভাগ মোৰ কৰ্মস্থলী নহ'ল হেতেন! "আজি"ৰ লগতে "নতুন সময়"ৰ নিৰ্দিষ্ট পৃষ্ঠা কেইটামান মোৰ দায়িত্বত আছিল। দায়িত্বত থকা পৃষ্ঠা কেইটাৰ ভিতৰত চিনেমাৰ পৃষ্ঠাও আছিল। প্ৰতি সপ্তাহত চিনেমাৰ পৃষ্ঠ কেইটাত চকু ফুৰাই এটা বাক্যয়ে কৈছিল-- "keep it up"। চিনেমাৰ সমালোচনা লিখি প্ৰায়ে সমস্যাত পৰিছিলোঁ। "সমস্যা" পৰিলে মোৰ ওচৰত ঠিয় হৈছিল। সমালোচনাৰ নামত "সমালোচনা" লিখিবলৈ উৎসাহ দিছিল। মোৰ "অসমীয়া চিনেমা" গ্ৰন্থ খন দি কু হা, দিলীপ কুমাৰ হাজৰিকাৰ তাগিদাতে আৰম্ভ কৰিছিলোঁ। গ্ৰন্থ খনৰ বাবে তথ্যৰে সহায় কৰিছিল। এটা লেখা লিখি দিছিল। আমি যেতিয়া "অসমীয়া প্ৰতিদিন", "নিয়মীয়া বাৰ্তা"ৰ সম্পাদনা বিভাগত কাম কৰিছিলোঁ, তেতিয়াও লেখাৰে, তথ্যৰে সহায় কৰিছিল। 

 এই গৰাকী ব্যক্তিৰ মৃত্যু! কেনেকৈ মানি লব পৰা খবৰ হব পাৰে! কেনেকৈ বুকু নিবিষোৱা খবৰ হব পাৰে!

        --উৎপল মেনা

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...