বিহদিয়া গাঁৱৰ ( কামৰূপ জিলাৰ ) চন্দ্ৰনাথ বৰুৱা (গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ) ই সেই বিখ্যাত ঘৰটো সজোৱাইছিলহে! সাংস্কৃতিক মন্দিৰলৈ ৰূপান্তৰ কৰিছিল পত্নী জোনপ্ৰভাই। ঘৰ খনত সংগীতৰ পোখা মেলিছিল ৰমেন বৰুৱাৰ মাতৃ জোনপ্ৰভাৰ প্ৰাৰ্থনাৰে। মাতৃয়ে গানো গুণ গুণাইছিল-- "ও প্ৰাণগোপাল পাতিলা মায়াৰে খেলা ..."। এই লোকগীতটো "মুকুতা" চিনেমা খনত ব্যৱহাৰ কৰিছিল ।
ৰমেন বৰুৱাৰ ভাতৃ-ভগ্নী: ব্ৰজেন বৰুৱা, দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, নৃপেন বৰুৱা ( নিপ বৰুৱা), দ্বিবন বৰুৱা, গিৰিণ বৰুৱা, নিৰেণ বৰুৱা , দ্বিপেন বৰুৱা ,পদ্মাৱতী বৰুৱা, প্ৰতিভা বৰুৱা , ৰম্ভা বৰুৱা আৰু বিভা বৰুৱা।
ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাৰ সৰুৰে পৰা ৰাপ সংগীতত। সৰুৰে পৰা ভায়েক-ভনীয়েকৰ সৈতে ব্ৰজেন বৰুৱাই সংগীত চৰ্চা কৰিছিল, চ'ৰাঘৰৰ মজিয়াত। হাৰমনিয়াম বজায় ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাই গীত গাইছিল। দ্বিবন বৰুৱাই তবলা, নিপ বৰুৱাই বাঁহী বজাইছিল।
ৰমেন বৰুৱাই "অসমীয়া প্ৰতিদিন"ৰ বাবে "বৰুৱাৰ সংসাৰ" লিখাৰ সময়ত আমাক কৈছিল-- "ব্ৰজেন বৰুৱাই তেনেই সৰুৰে পৰা সংগীত চৰ্চা কৰিছিল। সুৰ ৰচনা কৰিছিল। স্কুল-কলেজত পঢ়ি থকা সময়তে অজিৎ বৰুৱা, কেশৱ মহন্ত আদিৰ গীত সুৰেৰে সজাইছিল। ১৯৪৪ চনত কলিকতাত বহা নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনত সংগীত পৰিচালনা কৰিছিল।"
১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ মুকলি কৰা হয়। প্ৰথমে অনাতাঁৰ কেন্দ্ৰৰ কাৰ্যালয় আৰু ষ্টুডিঅ' আছিল লতাশিলত, বৰুৱা পৰিয়ালৰ ঘৰৰ ওচৰতে। ব্ৰজেন বৰুৱাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত সুৰকাৰ আৰু কণ্ঠশিল্পী ৰূপে সংগীত কৰ্ম কৰে।
আৰু যেতিয়া ভাতৃ নিপ বৰুৱাই 'স্মৃতিৰ পৰশ" পৰিচালনাৰ হাতত ল'লে সংগীতৰ দায়িত্ব নিজৰ হাতলৈ আনিলে ব্ৰজেন বৰুৱাই। চিনেমা খনৰ বাবে ৭টা গীত ৰচনা কৰিছিল। কণ্ঠদান কৰিছিল "বৰুৱা পৰিয়াল"ৰ ৰমেন বৰুৱা, ব্ৰজেন বৰুৱা, বিভা বৰুৱা, গিৰিণ বৰুৱাই (লগতে গুণদা কাকতি, ননী কাকতিয়ে)। "বৰুৱা পৰিয়াল"ৰ দ্বিবন বৰুৱাই এটা গীত লিখিছিল। (চিনেমা খনৰ ৪টা গীতৰ কথা কেশৱ মহন্তৰ। দুুটা হিন্দী গীত ৰচনা কৰিছিল বীৰেণ দত্ত আৰু এম গৌতমে। চিনেমা খনত ব্যৱহাৰ কৰা হিন্দী গীত দুটাত কণ্ঠদান কৰিছিল ক্ৰমে শ্যামল মিত্ৰ আৰু আল্পনা বন্দোপধ্যায়ে।)
পৰৱৰ্তী সময়ত ব্ৰজেন বৰুৱাই সংগীত পৰিচালনা কৰে "লখিমী" (পৰিচালক: ভবেন দাস /১৯৫৬ ), "মাক আৰু মৰম" (পৰিচালক : নিপ বৰুৱা /১৯৫৭), "ভক্ত প্ৰহ্লাদ " (নিপ বৰুৱা/ ১৯৫৮),"আমাৰ ঘৰ" ( পৰিচালক : নিপ বৰুৱা/ ১৯৫৯) , " লাচিত বৰফুকন / ১৯৬১ ), "নৰকাসুৰ" (নিপ বৰুৱা /১৯৬১), (ইটো সিটো বহুতো" (ব্ৰজেন বৰুৱা /১৯৬৩)ৰ বাবে। (ক্ৰমশঃ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন