আমি চৰ্চা কৰিছিলোঁ-- 'ৰঙাটাপু-১৯৮২' চিনেমা খনৰ কাহিনী ব্রহ্মপুত্রৰ মাজৰ এটা সৰু চাপৰিৰ। সঁচা। "সঁচা কাহিনী"ৰ আধাৰতে ৰচনা হৈছে চিত্ৰনাট্য। ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে "সঁচা-সঁচা" লগাকৈ [সামাজিক মাধ্যমত দেখা চিনেমা খনৰ কেইটামান টুকুৰা দেখাৰ পাছত আমাৰ ধাৰণা চৰিত্ৰ নিৰ্মাণ কৰিছে realistic acting -ৰে। কেমেৰাত বন্দি কৰিছে "realistic moving picture" (বাস্তৱিক চলন্ত ছবি)।]। আমাৰ ধাৰণাত ৰূপালী গল্পটোত দেখা যাব ১৯৮২ চনত অবৈধ প্রব্রজনকাৰীৰ সৈতে হোৱা খিলঞ্জীয়াৰ সংঘাত। মাটিৰ অধিকাৰক লৈ হোৱা সংঘর্ষ। অবৈধ প্রব্রজনকাৰীয়ে অসমৰ সাৰুৱা কৃষিভূমি আৰু নদীৰ পাৰসমূহ দখল কৰি লোৱাৰ লগতে নানা হিংসাত্মক কার্যত লিপ্ত হৈ অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে সমস্যা হৈছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ লালেটাপুৰৰ মাটি ৰাঙলি হৈছিল ভূপেন ডেকা, বলীন নাথ, প্ৰসন্ন বৰুৱা, বীৰেণ মিশ্ৰ, শ্যাম কুণ্ডু, জয়ৰাম বৰুৱা, পলাশ ৰাজবংশী, বল্লভ নাথৰ (খিলঞ্জীয়াৰ তেজেৰে)
তেজেৰে। সম্ভৱতঃ ৮০ দশকত বহিৰাগত লোকসকলৰ সৈতে হোৱা থলুৱাৰ সংগ্ৰাম এই কথা ৰূপালী গল্পটোৰ মাজলৈ আহিব। জানিব পাৰিছোঁ চিনেমা খনৰ কাহিনীয়ে গতি ল'ব ৰূপালী, মালা, মৰম আৰু ৰাফিজা নামৰ চাৰিটা নাৰী চৰিত্ৰৰ সহ্য, ধৈর্য, সাহস আৰু ত্যাগৰে। আমি শুনা, ধাৰণা কৰি লোৱা কথাবোৰ কিমান সত্য স্পষ্ট হ'ব ২৪ নৱেম্বৰৰ পাছত।
--আমাৰ এই চৰ্চাৰ পাছত, ২৩ নৱেম্বৰত, চিনেমা খনৰ লেখক-পৰিচালক আদিত্যম শহকীয়াৰ আমন্ত্ৰণত 'ৰঙাটাপু-১৯৮২' চালোঁ। চোৱাৰ পাছত আমাৰ ধৰণা পূৰ্বালোকনত উল্লেখ কৰাৰ দৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ লালেটাপুৰ মাটি ৰাঙলি হোৱা সেই ক'লা অধ্যায়ৰ চিনেমা ৰূপ নহয়। লেখক-পৰিচালকে কাল্পনিক কাহিনীৰে সেই সময়ৰ অবৈধ প্রব্রজনকাৰীৰ সৈতে হোৱা খিলঞ্জীয়াৰ সংঘাত ৰূপালী গল্পটোলৈ আনিছে।
আমাৰ পূৰ্বালোকনৰ অভিনয় ধাৰণা শুদ্ধ। আইমী বৰুৱা, কল্পনা কলিতা, ৰিম্পী দাসক লৈ নিৰ্মাণ কৰা নাৰী চৰিত্ৰ তিনিটা --পৰিপাটি, বিশ্বাসযোগ্য। পৰিচালকৰ চিনেশক্তি, আইমী, ৰিম্পী, কল্পনাৰ অভিনয় শক্তি স্পষ্ট। কিন্তু কল্পনাৰ অভিনয় প্ৰয়োগত পৰিচালক কিছু সংযম হ'ব লাগিছিল। তেনেদৰে অলিস্মিতালৈ নিৰ্মাণ কৰা চৰিত্ৰটো নিৰ্মাণতো সংযত হোৱাৰ প্ৰয়োজন আছিল। কম ফুটেজৰ "ৰিম্পী"ক ৰূপালী গল্পটোত কৰা বিন্যাস (নিৰ্মাণ আৰু প্ৰয়োগ। যদিওবা কেচি চলোৱাৰ প্ৰয়োজন আছিল) পৰিচালকৰ স্বীকৃতিবাচক এটা দিশ। ভাগিৰথীয়, গুঞ্জন ভৰদ্বাজ, প্ৰতিভা চৌধুৰী, অলিস্মিতা, বিবেক বৰাৰ অভিনয়ো পৰিপাটি, স্বাভাৱিক। ইমান কেইটা "ভাল অভিনয়"ৰ মাজত আমাক বিশেষ ভাৱে চুই গৈছে,
মন-মগজুত ৰৈ গৈছে অবৈধ প্রব্রজনকাৰী এজনৰ চৰিত্ৰত অভিনয় কৰা হেমন্ত দেবনাথ। সংলাপহীন, অতি কম ফুটেজৰ চৰিত্ৰ। "চেহেৰাৰ ভাষা"ই, "শৰীৰৰ ভাষা"ই "সংলাপ" কৈছে। অৰ্থাৎ আঙ্গিক অভিনয়ৰে নিৰ্মাণ কৰা চৰিত্ৰ।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন