রবিবার, ২৬ নভেম্বর, ২০২৩

ভূত লেখকৰ আত্মকথা/৩

কমাৰ্চ কলেজ পইণ্ট বহু সলনি হ'ল। 

ৰাজগড়ৰ ফালে যোৱা পথৰ কোনোবা খিনিত এখন ফাষ্টফুড খাব পৰা দোকান আছিল। ভাটো পোৱা গৈছিল দোকান খনত। এবাৰ জুবিন গাৰ্গক লগ পাবলৈ দোকান খনত ধনজিতৰ সৈতে বহু সময় অপেক্ষা কৰিছিল বিপুলে। সেই যে লগ পোৱাৰ বাবে আপেক্ষা কৰিছিল, তেতিয়া জুবিন "হার্টথ্রব জুবিন" হোৱা নাছিল। ধনজিতে কৈছিল-- "বিপুলদা, জুবিনৰ গায়কীয়ে আপোনাকো পাগল কৰিব! লিখি ৰাখক! এদিন ক'ব-- ধনজিতে মিছা কোৱা নাছিল!" 

--জুবিনৰ আপেক্ষাত থকা দোকান খন বিপুলে বহুকষ্ট কৰিয়ো বিছাৰি উলিয়াব নোৱাৰিলে বিপুলে। দোকান খন এনেয়ে বিছাৰিলে, উলিয়াব পাৰিলে ভাল লাগিল হেতেন, ইমানে।

¥

ভাগৰ অনুভৱ কৰিলে বিপুলে। আগতে এনে ভাগৰ গুচাবলৈ বিপুলে হাতত তুলি লৈছিল থামস আপ নতুবা স্প্ৰাইট। এতিয়া এই ৰঙিন, ক্যাফিন মুক্ত, লেবু-চুন স্বাদযুক্ত কোমল পানীয় চুবলৈয়ো ভয় কৰে বিপুলে। জন্মৰ সময়ে ৫০ গৰকাৰ পাছৰে পৰা ফাষ্টফুডৰ লোভকো নিয়ন্ত্ৰনত ৰাখিছে বিপুলে। আগতে হ'লে এনে ভাগৰক খেদিবলৈ জে-ফোৰটিনতো সোমাই চিকেন ৰোলত কামোৰ দিছিল বিপুলে, ভোক নাথাকিলেও।

--শেষৰ বাৰ কেতিয়া জে-ফোৰটিনত সোমাইছিল বিপুলে! মনত পৰিল, বিশ বছৰ মান আগতে, সেৱাব্ৰত বৰুৱাই বিপুলক ৰোল আৰু কিবাকিবি খুৱাইছিল। সেৱব্ৰত বৰুৱা নাট্যকাৰ-পৰিচালক। 

সেই সময়ত কিছু দুখৰ মাজত আছিল নাট্যকাৰ গৰাকী। 

ব্যক্তিগত সমস্যাৰ বাবে নহয়, নাটকৰ সমস্যাৰ বাবে। ভ্ৰাম্যমাণ থিয়েটাৰ শৈলী দক্ষিণ ভাৰতৰ জনপ্ৰিয় শৈলীৰ মাজত হেৰাই যোৱা কথাটো সহজ ভাৱে লব পৰা নাছিল নাট্যকাৰ গৰাকীয়ে। সেই দিনা বিপুলে অনুভৱ কৰিছিল নাট্যকাৰ গৰাকীৰ মনৰ ধুমুহা।

ধুমুহা হৈ আঁতৰি গৈছিল সেৱাব্ৰত বৰুৱা।

দ্ৰুত গতিত খোজ কাঢ়ি সেৱাব্ৰত বৰুৱা আঁতৰি যোৱাৰ দুই-তিনি মিনিট পাছতে বিপুল মুখামুখী হৈছিল সনন্ত দাসৰ। জনপ্ৰিয় ঔপন্যাসিক সনন্ত দাসে জনপ্ৰিয় অসমীয়া চিনেমাৰ চিত্ৰনাট্য-কাহিনীও লিখিছিল।

"বিপুল, সেই গৰাকী সেৱাব্ৰত বৰুৱা নহয় নে?" --ফুটপাথেৰে জু-ৰোড তিনি আলিৰ ফালে গৈ থকা, তেতিয়া মনিব পৰা দূৰত্বত থকা সেৱাব্ৰত বৰুৱাৰ ফালে আঙুলিয়াই সনন্ত দাসে সুধিছিল।

"হয় দাদা।"

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন