জয়ন্ত দাস গ'লগৈ...!
"এদিন আমি সকলোৱে ঢলি পৰিম! ইমান 'টেনচন' ভাল নহয়, যি কেইটা দিন চলি থাকো, হাঁহি হাঁহি 'টেনচন ফ্ৰী' হৈ চলিব লাগে।" ৰাজুদাই কৈছিল, জয়ন্ত দাসে।
"নিউজ লাইভ"ৰ এক সাক্ষাৎকাৰত স্পষ্টবাাদী জয়ন্ত দাসক অনুভৱ কৰিছিলোঁ
--আজি "ঢলি পৰিল" জয়ন্ত দাস। ৮ বাজি ৪০ মিনিটত।
জয়ন্ত দাস আছিল এক ইমেজ, অসমীয়া চিনেমা-ধাৰাবাহিকৰ হাস্য অভিনেতা (comedian বা comic hero.) কিন্তু এই ইমেজৰ উৰ্ধত আছিল আভিনেতা গৰাকীৰ অভিনয় ক্ষমতা। চিনেমা লেখক-পৰিচালক মুনিন বৰুৱাই অভিনেতা গৰাকীৰ বাবে ৰচনা কৰা কেইবাটাও "চৰিত্ৰ"ক ছিৰিয়াছ মুডলৈ নিছিল, আৰু কম ফুটেজৰ ছিৰিয়াছ মুডৰ মাজত স্পষ্ট হৈছিল "ছিৰিয়াছ অভিনেতা জয়ন্ত দাস"। কিন্তু দুখৰ বিষয় "হাস্যৰ আৱৰণ" ভেদ কৰি ছিৰিয়াছ অভিনেতা গৰাকীৰ অভিনয় ক্ষমতা ব্যৱহাৰ কৰিব পৰা চৰিত্ৰ ৰচনা নকৰিলে।
এই কথা অস্পষ্ট নহয়--, জয়ন্ত দাসৰ চিনেযাত্ৰাৰ সময় চোৱাত ইমেজৰ বিপৰীতে গৈ "চৰিত্ৰ" নিৰ্মাণ কৰিব পৰি পৰিচিলকৰ সংখ্যা কম আছিল। (আজিৰ নতুন চাম পৰিচালকে আভিনেতোৰ বিশেষ ইমেজৰ উৰ্ধলৈ গৈ চৰিত্ৰ কৰে। কৰিবলৈ সাহস কৰে।) সৰহ সংখ্যক পৰিচালকে অভিনেতাৰ ইমেজ মনত ৰাখিহে চৰিত্ৰ নিৰ্মাণ কৰিছিল। (আনকি যতীন বৰাৰ দৰে অভিনেতাকো। যতীন বৰাৰ বিশেষ ইমেজ নিৰ্মাণ হৈছিল মুনিন বৰুৱাৰ চিনেমাত কৰা অভিনয়ৰে। সেই ইমেজতে আভিনেতা গৰাকীক লৈ চৰিত্ৰ নিৰ্মাণ কৰিছিল আন পৰিচালকেও, আনকি জাহ্নু বৰুৱাৰ দৰে পৰিচালকেও।) --হয়, খলনায়ক, ৰোমাণ্টিক নায়কৰ চৰিত্ৰ জয়ন্ত দাসক লৈ নিৰ্মাণ নকৰা নহয়। কিন্তু?
কিন্তু কথাটো এনেধৰণৰ--
নৱাজুদ্দিন ছিদ্দিকীক লৈ হাস্য, খলনায়ক আৰু ৰোমাণ্টিক নায়কৰ চৰিত্ৰ নিৰ্মাণ কৰিছে। কিন্তু নৱাজুদ্দিনক লৈ নিৰ্মাণ কৰা ৰোমাণ্টিক চৰিত্ৰই শ্বাহৰুখ খানৰ দৰে অভিনেতাক লৈ নিৰ্মাণ কৰা ৰোমিণ্টিক চৰিত্ৰৰ দৰে "ৰোমাঞ্চ" নকৰে। নৱাজুদ্দিনক লৈ নিৰ্মাণ কৰা খলনায়কে অতি-অভিনয় (overacting) নকৰে। হাস্য-অভিনেতা নৱাজুদ্দিন দৰ্শকৰ ওচৰ চাপে ন-ইমেজৰ নায়ক হৈ, ন-ইমেজৰ খলনায়কৰ ৰূপত। আৰু এই ন-ইমেজৰ বাবেই সস্পূৰ্ণ অভিনেতা নৱাজুদ্দিনৰ সফল চিনেযাত্ৰা আমি দেখি আছোঁ।নাটকৰ অভিনেতা গৰাকীক মই দেখা নাছিলোঁ, জয়ন্ত দাসৰ অভিনয় দেখিছিলোঁ-- সৰু পৰ্দাৰ ধাৰাবাহিক, সৰু পৰ্দাৰ চিনেমা আৰু গীতৰ লগতে ৰূপালী পৰ্দাত। চিনেযাত্ৰা আৰম্ভ কৰিছিল পুলক গগৈৰ "সূৰুয" চিনেমা খনেৰে। অভিনয় কৰা চিনেমাৰ তালিকা খন এনে ধৰণৰ: ৰিক্সাৱালা, উত্তৰকাল, দ্বীপজ্যোতি, শকুন্তলা আৰু শংকৰ যোচেফ আলী, প্ৰভাতী পখীৰ গান, আই মোৰ জনমে জনমে, দেৱতা, পিতা-পুত্ৰ,
নায়ক, কন্যাদান, বুকুৰ মাজত জ্বলে, যৌৱনে আমনি কৰে, ভুমিপুত্ৰ, মন, আই ক'ত নাই, খেল, ৰামধেনু, ইতিহাস, এই মৰম তোমাৰ বাবে, সাৰথি, সূত্ৰপাত, অজলা ককাই, ' যখিনী, হলধৰ, উৰ্বশী, মীমাংসা, ৰং, আবৰ্তন, সপোন, দেউতাৰ বিয়া, মহাৰথী, প্ৰেম আৰু প্ৰেম, মিঠা মিঠা লগনত, অগ্নিসাক্ষী, ধুনীয়া তিৰোতাবোৰ, কাদম্বৰী, আকাশ চুবলৈ মন, মমতাজ, ককাইদেউ বিন্দাছ, ৰ'দ হৈ আহা তুমি আদি।
ধাৰাবাহিক: পাপু নিকু সংবাদ, আগন্তুক, এই চহৰতে, ভাড়াঘৰ...
--জনপ্ৰিয় হৈছিল মূলতঃ ধাৰাবাহিকেৰে।
এই প্ৰজন্মৰো দৰ্শকৰ হৃদয় চুইছিল কাকতি (ধাৰাবাহিক: ভাড়াঘৰ) চৰিত্ৰৰে।
--কথাটো এনেধৰণৰ, চৰিত্ৰৰ দীৰ্ঘ বিন্যাস ধাৰাবাহিকতহে সম্ভৱ। আৰু দীৰ্ঘ বিন্যাসৰ (দৰ্শকক চুই থকাকৈ) বাবে পৰিচালকৰ বাবে সম্ভৱ হয় "অভিনয় শক্তি" (acting power) -ৰ। পৰিচালকক সকলো ধৰণৰ চৰিত্ৰ নিৰ্মাণত সহায় কৰিব পৰাকৈ "অভিনয় শক্তি" আছিল জয়ন্ত দাসৰ।
"অভিনয় শক্তি"ৰ দৰে মনৰো প্ৰচুৰ শক্তি আছিল জয়ন্ত দাসৰ। যি আছে, যেনেদৰে আছে, তাত তেনেদৰেই সুখী আছিল।
--এদিনৰ কথা। ২০০২-০২ চনৰ কোনো এটা দিনৰ। দুপৰীয়া। প্ৰচণ্ড ৰ'দ। নিজৰ দুচকীয়া খন ঠেলি-ঠেলি মহানগৰীৰ ৰজগড়ৰ পথত জয়ন্ত দাস। প্ৰচণ্ড ৰ'দ গৰমক নেওচি মুখত হাঁহি লৈ আগবাঢ়ি থকা অভিনেতা গৰাকীক সেই স্থানতে আমাৰ মাজত থকা বিৰিঞ্চিয়ে (সেই সময়ত বিৰিঞ্চি শৰ্মাই চিনেমা ইত্যাদিৰ প্ৰচাৰ কৰ্ম কৰিছিল।) চিঞৰি কৈছিল-- "ৰাজুদা সেই খনক আৰু কিমান টানে! ঢলি পৰিছে। এৰি দিয়ক।"
"কি কৰিবি! চলিয়ে আছিল। আজি ঠগালে। 'টেনচন' নাই। কথাটো কি জান, এদিন আমি সকলোৱে ঢলি পৰিম! ইমান 'টেনচন' ভাল নহয়, যি কেইটা দিন চলি থাকো, হাঁহি হাঁহি 'টেনচন ফ্ৰী' হৈ চলিব লাগে।" --আমাৰ ওচৰত ঠিয় হৈ, ভাগৰ জিৰাই ৰাজুদা, মানে জয়ন্ত দাসে কৈছিল।
--আমাৰ অনুভৱ: সেই গৰাকী জয়ন্ত দাসে হয়তো মৃত্যুৰ আগৰ সময় চোৱা "টেনচন ফ্ৰী" হৈ চলিব পৰা নাছিল! অসমৰ আন দহ গৰাকী "শিল্পী"ৰ দৰে অস্থিৰতাৰ মাজেৰে উভতি নহা বাটেৰে গৈছিল!
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন