সরাসরি প্রধান সামগ্রীতে চলে যান

নাটক চোৱাৰ আনন্দ

আজি ১ জানুৱাৰী, ২০২৪। মুম্বাইৰ কেইটামান নাটঘৰত মঞ্চস্থ হ'বলগীয়া নাটকৰ তালিকা খন বিচাৰিছিলোঁ সাংবাদিক বন্ধুৰ পৰা। বন্ধুয়ে আমালৈ প্ৰেৰণ কৰা তালিকাত আছে -- 'গগন দামামা বাজয়ো' (টিকটৰ মূল্য: ৪৯৯ টকা), 'মাম্মা মিয়া!' (টিকটৰ মূল্য: ১২০০ টকা), 'ভ্যাকুয়াম ক্লিনাৰ' (টিকটৰ মূল্য: ৩০০ টকা), 'কৰুণ গেলো গাঁও' (টিকটৰ মূল্য: ৩০০ টকা), 'ইয়াদা কদাচিৎ ৰিটার্নছ' (টীকটৰ মূল্য: ২০০ টকা)। মন কৰক-- টিকটৰ মূল্য ২০০ৰ পৰা ১২০০টকা। নাট্যৰিসিকে টিকট ক্ৰয় কৰে, নাটক চাবলৈ ভিৰ কৰে, নাটক চোৱাৰ আনন্দ অনুভৱ কৰে! 
১৯৯৪ চনৰ পৰা ২০০২ চনৰ আগভাগলৈ আমাৰ কৰ্মস্থান আছিল মুম্বাই। সেই সময় চোৱাত সুযোগ মিলিলেই আমি পৃথ্বি থিয়েটাৰ, যশোবন্ত নাট্য মন্দিৰ আদিত নাটক উপভোগ কৰিছিলোঁ। নাট্যকৰ্মীৰ নিজা নিজা কম আসনৰ নাটঘৰলৈ গৈয়ো নাটক চোৱাৰ আনন্দ অনুভৱ কৰিছিলোঁ। 'ফ্ৰী পাছ' লৈ নহয়, টিকট ক্ৰয় কৰি।
তেনেদৰে কলকতাৰ ৰবীন্দ্র সদন, গিৰিশ মঞ্চ, অকাডেমি অফ ফাইন আর্টছ, শিশিৰ মঞ্চ, মিনার্ভা থিয়েটাৰ আদিত নাটক চোৱাৰ আনন্দ কৰিছোঁ, কেইবাৰো, টিকট ক্ৰয় কৰি। নাটুৱাৰ প্ৰযোজনা, গৌতম হালদাৰ পৰিচালিত, অভিনীত নাটক 'মৈমনসিংহ গীতিকা' , 'মেঘনাদধ' আৰু 'মাটিৰ গাড়ি' চোৱাৰ সময়ত এক 'অদ্ভুত অভিজ্ঞতা'ই আমাক আনন্দ দিছিল। নাট্যৰসিকে দুই-তিনিদিন আগতে টিকট ক্ৰয় কৰা দেখিছিলোঁ।  নাটক আৰম্ভ হোৱাৰ এঘণ্টা মান আগৰ সময়ত টিকট ক্ৰয় কৰিবলৈ গৈ আমি বিমুখ হৈছিলোঁ।
--আমাৰ বাবে 'অদ্ভুত আভিজ্ঞতা' এই বাবেই আছিল, আমাৰ ৰবীন্দ্ৰ ভৱন (বহু 'সময়' বন্ধ হৈ আছে। পুন:নিৰ্মাণ কৰিব), কুমাৰ ভাস্কৰ নাট্য মন্দিৰ, কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহ আদিত নাটক চোৱাৰ আনন্দ সততে অনুভৱ কৰি আহিছোঁ টিকট ক্ৰয় নকৰাকৈ।  (মাজে সময়ে নাছিৰুদ্দিন শ্বাহৰ দৰে কোনো তাৰকাই নাটকলৈ আহিলে টিকট ক্ৰয়ৰ ভাল লগা ছবি এখন দেখা যায়।) কোনো নাট্যগোষ্টিয়ে টিকট বিক্ৰয়ৰ ব্যৱস্থা কৰে, 'পুছিং চেল' কৰে। পুছিং চেল' কৰাৰ সময়ত নাটকৰ্মীয়ে অনুভৱ কৰা মিঠা অভিজ্ঞতা কম, তিতা বেছি। সততে নাট্যকৰ্মী সকলে নিজৰ পকেটৰ টকাৰেহে ধাৰাবাহিক ভাৱে নাটকৰ্ম কৰি আহিছে। (বিশেষ নাট্যগোষ্টিয়ে, নাট্যকৰ্মীয়ে চৰকাৰী পুঁজিৰে নাট্যকৰ্ম কৰাৰ সুবিধা নপোৱা নহয়। সংখ্যা তেনেই কম।) বজাৰ চিন্তাৰে নাট্যকৰ্ম কৰা ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰদূষিত কৰা 'অসমৰ নাট্যচৰ্চা'ক নিৰ্মল কৰাৰ দায়িত্ব নিজে পালন কৰি আহিছে অসমৰ বিভিন্ন প্ৰান্তত থকা নিজৰ পকেটৰ টকাৰে নাট্যচৰ্চা কৰি অহা নাট্যকৰ্মী সকলে।
--কথাটো এনে ধৰণৰ নহয়, দুৰ্বল নাট প্ৰযোজনাৰ বাবে অসমৰ দৰ্শকে স্বতন্ত্ৰ নাটকৰ প্ৰতি আগ্ৰহ নেদেখুৱাই। কথাটো হ'ল, পৰিবেশ। টিকট ক্ৰয় কৰি কুমাৰ ভাস্কৰ নাট্য মন্দিৰ আদিত টিকট ক্ৰয় কৰি নাটক চোৱাৰ পৰিবেশ গঢ়ি উঠা নাই, গঢ়ি তোলাৰ চেষ্টা কোনো পক্ষয়ে কৰা নাই। আছেনে-- অসমৰ প্ৰতিটো স্থায়ী নাটঘৰৰ সন্মুখত টিকট কাউণ্টাৰ? নথকা নহয়, যি কেইটাত আছে টিকট খিৰিকী বন্ধ থকায়ে দেখো।
আৰু কেতিয়াবা দেখিছোঁ-- কোনো নাট্যকৰ্মীয়ে 'কোনো নাট্য পণ্ডিত'ক গাড়ীৰে নাটক চাবলৈ অনা দৃশ্য। এনে দৃশ্য দেখাৰ পাছত আমাৰ 'নাটক চোৱাৰ আনন্দ' মনৰ পৰা আঁতৰি যায়।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...