শুক্রবার, ১৯ জানুয়ারি, ২০২৪

সত্য

আৰু এখন অসমীয়া চিনেমা চালোঁ-- 'সত্য- দ্য ট্ৰুথ'। বিষয়বস্তু কেন্দ্ৰীক ৰূপালী গল্প। পুৰুষৰ সৈতে পুৰুষৰ প্ৰেম কাহিনী। নহয়, কেৱল  শৰীৰ প্ৰেম নহয় প্ৰেমৰ মানসিক অনুভৱ। 'পুৰুষ সত্য'ৰ আন এক পুৰুষৰ প্ৰতি প্ৰেমৰ যি আৱেগ আৱেগ সেয়া সত্য। ঘৰে, সমাজে মানি নললেও এগৰাকী পুৰুষে আন এগৰাকী পুৰুষৰ প্ৰতি অনুভৱ কৰা প্ৰেমৰ আৱেগ সত্য। 'পুৰুষ সত্য'ই পুৰুষ প্ৰেমিকক এৰি থকাৰ বা আঁতৰি যোৱাৰ কথা ভাবিব নোৱাৰে। পৰিচালকে নৱাগত অভিনেতা ৰাকেশ বৰুৱাক লৈ সত্য আৰু সত্যৰ বিপৰীতে অমৰ বৰুৱা চৰিত্ৰটো নিৰ্মাণ কৰিছে, উৎপল দাসক লৈ। পৰিচালকে কেইটামান ছিকুৱেন্সেৰে দুই প্ৰেমিকৰ শাৰিৰিক-মানসিক প্ৰেম স্পষ্ট কৰিছে। সম্পৰ্কৰ, বিষয়বস্তুৰ গতি সৰল ৰৈখিক, পৰিপাটি। দুই অভিনেতাৰ আভিনয়ো পৰিপাটি। চিনেমাত (কেমেৰাৰ সন্মুখত) প্ৰথম অভিনয় ৰাকেশৰ। প্ৰথমটো চৰিত্ৰয়ে অগতানুগতিক, সফল। 

--বিষয়বস্তুক লৈ কাহিনীক গতি দিবলৈ কেইটামান চৰিত্ৰ নিৰ্মাণ কৰিছে, যি কেইটাত অভিনয় কৰিছে উদয়ন দুৱৰা, ডৰথী ভৰদ্বাজ, মহেশ বৰা, সুমন দাস আদিয়ে। চৰিত্ৰ নিৰ্মাণ, বিন্যাস কিছু পৰ্যায়লৈহে পৰিপাটি। অভিনয় আৰু পৰিচালকৰ ট্ৰিটমেণ্ট দুটা ট্ৰেকত আগবাঢ়িছে-- নাটকীয় আৰু চিনেমেটিক। বিশেষকৈ সত্যৰ দেউতাকৰ অতীতচাৰণ (flashback) -ত ব্যৱহাৰ কৰা ছিকুৱেন্স কেইটাৰ ডিজাইন (নাটকীয়, সাধাৰণ পৰ্যায়ৰ) আৰু প্ৰয়োগত পৰিচালক আৰু চিত্ৰনাট্যকাৰৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল। আৰু ছিকুৱেন্স কেইটাই কাহিনীৰ দৈৰ্ঘহে বঢ়ইছে। মূল কাহিনীৰ গতিত বাধা হৈছে। 

আৰু সত্যক কেন্দ্ৰ কৰি আগবঢ়া কাহিনী ভাগ (মূল কাহিনী) -ৰ ছিকুৱেন্স নিৰ্মাণ, সাহিত্যৰ ভাষা প্ৰয়োগ, অভিনয় চিনেমেটিক। চুই যোৱা। ব্যৱহাৰ কৰা গীতো কাহিনীৰ অংগ হৈছে, কাহিনীক গতি দিছে। আৰু শেষ-- দৰ্শকৰ মনত ৰৈ যোৱা, পৰিচালকক প্ৰশংসা কৰিব পৰা।

চিনেমেটিক-- উদয়নৰ বিপৰীতে ডৰথীক লৈ নিৰ্মাণ কৰা ছিকুৱেন্স কেইটাও। উদয়নৰ অভিনয় ক্ষমতা স্পষ্ট, বিপৰীতে ডৰথীৰ বাবে অভিনয় ক্ষমতা দেখুৱাব পৰা বাট নাছিল। উদয়নৰ চৰিত্ৰটো--, সত্যৰ ককায়েক। মূল কাহিনীটোৰ অংগ। ডৰথীৰ চৰিত্ৰটো মূল কাহিনীৰ অংগ নহয়, 'নায়কৰ বিপৰীতে নায়িকা' --ইমানেই।

--পৰিচালকে বিষয়বস্তু কেমেৰাৰৰ ভাষা (cinematic lenguas) -ৰে স্পষ্ট কৰাৰ বিপৰীতে কাহিনীক গতি দিয়াত গুৰুত্ব দিছে সাহিত্যৰ ভাষা। (ভূগোল, ইতিহাসো স্পষ্ট কৰিছে সাহিত্যৰ ভাষাৰে।) নাটকৰ ওচৰৰ সাহিত্যৰ ভাষা। ফলত canned theatre পৰ্যায়তে থাকিল ৰূপালী গল্পটো।

--দৃশ্যধৰ্মিতাই বাট হেৰুৱাছে কেমেৰা 'সাহিত্যৰ দাস' হোৱা বাবে। এই দিশত পৰিচালকে মন দিয়াৰ প্ৰয়োজন আছিল। মন দিলে হয়তো 'canned theatre' মুক্ত হ'ল হেতেন!

------------------------

প্ৰযোজনা: তিলোত্তমা তালুকদাৰ

পৰিচালনা: ৰূপজ্যোতি বৰঠাকুৰ

চিত্ৰগ্ৰহণ: হিতেন ঠাকুৰীয়া

সংগীত: তৰালি শৰ্মা, দিগন্ত ভাৰতী

অভিনয়ত: উৎপল দাস, ৰাকেশ বৰুৱা...

চিত্ৰগৃহলৈ: ২ ফেব্ৰুৱাৰী ২০২৪


কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন