সরাসরি প্রধান সামগ্রীতে চলে যান

তৰালিৰ গীত

"উপমাৰ সিপাৰে..." --মুকলি হ'ল। সুৰৰ ডেউকাত ভাল লগা, মৰম লগা আৰু এবোজা শব্দ লৈ শ্ৰোতাৰ ওচৰ পালে আৰু এটা "ভাল লগা" গীত, তৰালিৰ গীত,তৰালি শৰ্মাই "সুৰ-সংগীত অলংকাৰ" পিন্ধোৱা ৰাহুল গৌতম শৰ্মাৰ গীত। 
এটা "ভাল লগা"গীতে আমাক প্ৰথমে চুই যায় 
--সুৰেৰে।
 বাৰে বাৰে শুনিবলৈ বাধ্য কৰাই-- গায়কী-কণ্ঠই।
 আৰু মগজুত খুন্দিয়াই কথাৰে।
 ("উপমাৰ সিপাৰে..." মন চুই যোৱা, বাৰে বাৰে শুনিবলৈ বাধ্য কৰোৱা, মন-মগজুত ৰৈ যোৱা।)
কিন্তু!
শুনাৰ আগতে চালোঁ, অনুভৱৰ আগতে আকাৰ ল'লে "উপমাৰ সিপাৰে..."। চোৱাৰ কিছু সময়ৰ পাছলৈ হ'লেও অনুপ বৰুৱা দিয়া "আকাৰ"তে অনুভৱ কৰিব লাগিব। --হয়, গীতটোৰ যিটো ভিডিঅ' চালোঁ, সেইটোৰ ডিজাইন আৰু চিত্ৰায়ণ (চিত্ৰগ্ৰহণ: চন্দ্র কুমাৰ) অনুপ বৰুৱাৰ।
--অনুপৰ কেমেৰা, তৰালিৰ "শব্দ" (সাহিত্যৰ ভাষা, কণ্ঠ, বাদ্য শব্দ)-ৰ পৰিপাটি যুগলবন্দী। গায়কী, সাহিত্যৰ ভাষা মসৃণ। মসৃণ (আৰু সৰল ৰৈখিক) কেমেৰাৰ ভাষাও। এগৰাকী সংগীতকাৰ (চৰিত্ৰটো নিৰ্মাণ কৰিছে তৰালি শৰ্মাক লৈ) আৰু এগৰাকী সংগীত ৰসিক, ফটোগ্ৰাফাৰ (চৰিত্ৰটো নিৰ্মাণ কৰিছে বিষুনাথক লৈ)-ৰ প্ৰেমৰ গল্প এটা নিৰ্মাণ কৰিছে। (প্ৰেমৰ গল্পটোই "গীত"টোৰ ছবি খন কিমান সফল ভাবে আঁকিছে --সঠিক সিদ্ধান্ত গীতিকাৰৰ হাতত। --এয়া প্ৰথম কথা। দ্বিতীয়তে-- গীতটো শুনাৰ পাছত, অনুভৱ কৰাৰ পাছত শ্ৰোতাৰ "নিজাকৈ" মনতে ছবি এখন আঁকাৰ বা গল্প এটা নিৰ্মাণৰ অধিকাৰ নিশ্চয় থাকিব!) ক'ব পাৰি-- অনুপে গীতটো "চুটি প্ৰেমৰ চিনেমা"লৈ ৰূপান্তৰ কৰিছে শ্বটৰ প্ৰয়োজনীয়, পৰিপাটি গাণিতিক ব্যৱহাৰেৰে (যদিওবা আৰম্ভনীতে উজুতি খাইছে) আৰু দুই মূল চৰিত্ৰৰ চেহেৰাৰৰ ভাষাৰে। দুই চৰিত্ৰৰ "ইতিহাস" চাৰি-পাচটা শ্বটতে স্পষ্ট কৰিছে। অসমীয়া চিনেমাৰ বহু সংখ্যক পৰিচালকে "ইতিহাস"ৰ লগতে "ভূগোল"ও পাহৰি থাকে "ৰূপালী গল্প" নিৰ্মাণৰ সময়ত। অনুপে গীতটো চিত্ৰায়ণৰ সময়ত কিন্তু পাহৰা নাই। এই যে পাহৰা নাই বা প্ৰয়োগ কৰিছে, এয়া ইতিবাচক, যিয়ে প্ৰশংসা কৰাৰ বাট কাটিছে। 
আৰু "অভিনয়"। অনুপে "অভিনয়"ক চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে।
দৃশ্য মাধ্যমৰ পৰা আঁতৰি আহিছোঁ-- শব্দ মোহনীয়। কণ্ঠ, কথা। কথাই আমাক অনুপে নিৰ্মাণ কৰা "ৰূপালী গল্প"টোৰ বাহিৰলৈ লৈ যায়। "হেঁপাহৰে ডেউকা আকাশলে’ উৰি যায় জোনালীকে বোকোচাতে লৈ..." বা "আদৰৰে ডেউকা দূৰণিলে’ মেলি যায় মেঘালীৰে ওৰণিকে লৈ... " শব্দৰ মালাই অন্য এখন "সপোন দেশ"লৈ যোৱাৰ বাট কাটি দিয়ে। সেই খন "সপোন দেশ"লৈ আমাৰ যাবলৈ মন নাযাব কিয়!

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...