সরাসরি প্রধান সামগ্রীতে চলে যান

"চিত্ৰবন"ৰ পৰা "চিত্ৰবন"লৈ

আমি জানিছিলোঁ-- "ৰূপকাৰ"। 

--পৱিত্ৰ কুমাৰ ডেকাৰ সম্পাদনাত প্ৰকাশ পোৱা "ৰূপকাৰ"। এটা যুগ আছিল, চিত্ৰ সাংবাদিক বা সাংস্কৃতিক সাংবাদিক নিৰ্মাণৰ "বিদ্যালয়-বিশ্ববিদ্যালয়" আছিল। চিনেমা-নাটকৰ "প্ৰচাৰ কেন্দ্ৰ" আছিল।

আমি জনা নাছিলোঁ-- "ৰূপকাৰ"ৰ পূৰ্বে এখন "সাংস্কৃতিক" আলোচনী প্ৰকাশ পাইছিল। কবি হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা-- "চিত্ৰবন"। চিনেমা-নাটক-সংগীত ইত্যাদি কেন্দ্ৰীক আলোচনী খনৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল মাৰ্চ ১৯৫৬-ত। (কথা প্ৰসংগত এদিন পৱিত্ৰ দাই (পৱিত্ৰ কুমাৰ ডেকা) কৈছিল— ‘তুমি নজনাটো স্বাভাৱিক। তোমাৰ তেতিয়া জন্ম হোৱাই নাছিল। আজি তোমালোকে হীৰেন ভট্টক কবিতাৰ বাবে জানা। মই জনাত তেওঁ কবিতাতকৈ চিনেমাহে ভাল পাইছিল। সম্ভৱতঃ ১৯৫৬ চনৰ মাৰ্চ মাহৰ পৰা ‘চিত্ৰবন’ নামৰ আলোচনী এখন উলিয়াইছিল। মোৰ 'ৰূপকাৰ' যেনেকুৱা, তেনেকুৱা আছিল ৷ চিনেমাক বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল। সাহিত্য, ৰংগমঞ্চ আদিৰ নামতো পৃষ্ঠা খৰচ কৰিছিল। প্রতি ইংৰাজী মাহৰ দ্বিতীয় সপ্তাহত প্ৰকাশ পাইছিল। অমূল্য বৰুৱা, ড° মহেশ্বৰ নেওগ, নৱকান্ত বৰুৱা, আৰু বহুতে লিখিছিল। চিনেমা সমালোচনা লিখিছিল নাম নিদিয়াকৈ হীৰেন ভট্টই।')

পৱিত্ৰ কুমাৰ ডেকাৰ সম্পাদনাত "ৰূপকাৰ"ৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল ১ এপ্ৰিল, ১৯৭৫ চনত। প্ৰকাশ পাইছিল অক্তোবৰ, ১৯৯৪ চনলৈ।লিখিছিল-- পদ্ম বৰকোটোকী, লক্ষ্মী নন্দন বৰা, নিৰোদ চৌধুৰী, ৰত্ন ওজা, অৰুণ গোস্বামী, উদয়াদিত্য ভৰালী, নিত্য বৰা, দেৱব্ৰত দাস, দিলীপ চন্দন, সত্য ৰঞ্জন কলিতা, প্ৰফুল্ল কুমাৰ দত্ত,উৎপল দত্ত আদিয়ে। আলোচনী খনৰ উপদেষ্টা আছিল-- ভূপেন হাজৰিকা, নিৰোদ চৌধুৰী। 

(কথা প্রসংগতে পবিত্র কুমাৰ ডেকাই কৈছিল, "... সাংস্কৃতিক সাংবাদিকতা বা চিত্র সাংবাদিকতাৰ বিশেষ ধাৰা অসমত, অসমীয়া কাকত- আলোচনীত আৰম্ভ কৰিছিল নিৰোদ চৌধুৰীয়ে। 'অসমবাণী', 'নতুন অসমীয়া', 'দৈনিক অসম', 'দৈনিক জনমভূমি' আদি কাকতৰ বিশেষ সাংস্কৃতিক পৃষ্ঠাত নিৰোদ চৌধুৰীয়ে লিখিছিল। লিখায়ে নহয়, হিন্দী আদি বিভিন্ন ভাষাত নির্মাণ হোৱা চিনেমাৰ খবৰ দিছিল পাঠকক। গল্প, উপন্যাস লিখা মানুহ, সেয়েহে নিৰোদ চৌধুৰীয়ে গল্প-উপন্যাসৰ দৰে চিনেমাৰ, শিল্পীৰ খবৰ লিখিছিল। স্বাভাৱিকতে নিৰোদ চৌধুৰীৰ লিখন শৈলীয়ে পাঠকক মুগ্ধ কৰিছিল। নিৰোদ চৌধুৰীৰ লেখাৰ জনপ্ৰিয়তাৰ বাবেই অসমত সাংস্কৃতিক সাংবাদিকতা-চিনেমা সাংবাদিকতাৰ গুৰুত্ব বাঢ়িছিল।..." ('আজি', ২৯ জানুৱাৰী, ২০০৭)

----------

( আৰু পৱিত্ৰ কুমাৰ ডেকাৰ ভাষাৰে-- “মই এই পেছাদাৰী চিত্র সাংবাদিকতাৰ কথাটো ভাবি কলকাতাৰ এজন প্রকাশক যোগাৰ কৰি ১৯৭৪ চনৰ অক্টোবৰ মাহত প্রথম 'আনন্দ সংবাদ' নামেৰে এখন আলোচনী প্রকাশ কৰোঁ। উপদেষ্টা হিচাপে আছিল ডঃ ভূপেন হাজৰিকা আৰু নিবোদ চৌধুৰী। কিন্তু দুটা সংখ্যা প্রকাশৰ পাছতে প্রকাশকে লোকচান হৈছে বুলি লোচনীখনৰ আলোচনীখন বন্ধ কৰি দিলে। তাৰ পাছত নিজেই কেইটামান হাজৰিকাই পইচা যোগাৰ কৰি নিজৰেই প্রকাশনা আৰু সম্পাদনাত ১৯৭৫ চনৰ এপ্রিল মাহৰ পৰা প্রকাশ কৰো মাহেকীয়া আলোচনী 'ৰূপকাৰ'। ভূপেনদা আৰু নিৰোদদা উপদেষ্টা হিচাপে আছিল। প্রথম সংখ্যাৰ বেটুপাত কৰিছিল বেণু মিশ্রই। তাৰ পাছত ত্রৈলোক্য দত্তই আৰু পাছলৈ প্রায় স্থায়ীভাবে চন্দন চুতীয়াই। কলকাতা, মুম্বাই আৰু দিল্লীত প্রতিনিধি ৰখাৰ লগতে (কলকাতাৰ প্রতিনিধি আছিল সাংবাদিক নিতাই ঘোষ। দিল্লীত আছিল 'আৱাহন'ৰ সম্পাদক দীননাথ শৰ্মাৰ কন্যা আৰতি ঠাকুৰ, মুম্বাইত আছিল জিতু-তপন) অসমৰ বিভিন্ন ঠাইত পঢ়ি থকা ডেকা ডেকা ল'ৰাক স্থানীয় প্রতিনিধি হিচাপে নিয়োগ কৰিছিলো। গুৱাহাটীত মোৰ লগত প্রতিনিধি আৰু ফটোগ্ৰাফাৰ হিচাপে আছিল কমললোচন দাস।... সম্পাদনাৰ সৈতে কিছুদিন অপূর্ব কুমাৰ দাসো জড়িত আছিল। ভাতৃ ৰাণা ডেকাৰ নামটো কিছুদিন প্রকাশক আৰু মুদ্রক হিচাপে ব্যৱহাৰ কৰিছিলো। 'আছাম সংখ্যা ট্রিবিউন 'ত চাকৰি কৰি থকাৰ বাবে প্রথমে কিছুদিন আদালতত এফিডেভিট দি মোৰ নামটো 'অমিতাভ বৰুবা' কৰি সম্পাদক হিচাপে ছপাইছিলো। 'ৰূপকাৰ'ত বিশ্ব চলচ্চিত্ৰৰ পৰা মুম্বাই, কলকাতা, অসমৰ চলচ্চিত্ৰৰ খা-খবৰ, প্ৰবন্ধ আদি নিয়মিত প্রকাশ হৈছিল। কলাত্মক ছবিৰ পৰা ব্যবসায়িক চলচ্চিত্রলৈ, অপেছাদাৰী মঞ্চৰ পৰা ভ্ৰাম্যমাণৰ মঞ্চ-নাটকলৈ, নৃত্য, গীত আদিৰ শিল্পী আক অনুষ্ঠান, চিত্রকলা, যুবক-যুবতী, ৰূপ-লাবণ্য, বিশ্ব সাহিত্য, গল্প, উপন্যাস, কবিতা, ৰম্য বচনা আদি সকলো সামৰা হৈছিল। ভূপেনদাই 'অন্যমত' শিতানটোত কিছুদিন লিখিছিল। নগাঁৱৰ শেখৰজ্যোতি ভূঞাই 'ফ্রেশ্ববেক' শিতানত পুৰণি ছবি আৰু শিল্পীক সামৰিছিল। চলচ্চিত্র পৰিচালক অমৰ পাঠকে চলচ্চিত্ৰৰ ওপৰত ধাৰাবাহিক 'চলচ্চিত্ৰৰ খুটি-নাটি' লিখিছিল। চিঠি-পত্ৰৰ শিতানটোরেও বহু তথ্য-পাতি আৰু উল্লেখযোগ্য ঘটনা সামৰিছিল। নব্রৈৰ প্ৰায় আৰম্ভণিলৈকে 'ৰূপকাৰ' চলাইছিলো।"  (উৎস: 'অসমীয়া সা ৰে গামা', জানুৱাৰী ২০১০)

"ৰূপকাৰ যুগ" আৰম্ভ হৈছিল "আনন্দ সংবাদ"ৰে। আৰু "চিত্ৰ সাংবাদিকতা"ৰ বাট কাটিছিল নিৰোদ চৌধুৰীয়ে। --এই কথা স্পষ্ট। 

"চিত্ৰ সাংবাদিকতা"ৰ পৰিবেশ নিৰ্মাণ হৈছিল "ৰূপকাৰ যুগ"ত। --এয়াও স্পষ্ট।

আৰু স্পষ্ট-- "চিত্ৰ সাংবাদিকতা" আৰম্ভ হৈছিল প্ৰথম খন অসমীয়া চিনেমা "জয়মতী"ৰ নিৰ্মাণ পৰ্বৰ সময়তে। (আৰু আছে)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...