অসমত চিনেমাকেন্দ্রিক বিশ্লেষণ, আলোচনা আৰম্ভ হৈছিল প্রথমখন অসমীয়া চিনেমা 'জয়মতী' চিত্ৰগৃহলৈ অহাৰ পাছৰে পৰা। চৰ্চা আৰম্ভ কৰিছিল চিনেমাখনৰ অভিনেতা, সংগীত- শিল্পী প্রফুল্লচন্দ্ৰ বৰুৱাৰ ভাতৃ ফুনু বৰুৱাই। প্রফুল্লচন্দ্ৰ বৰুৱাই লিখিছিল, “জ্যোতিপ্ৰসাদৰ স্কুলীয়া জীৱনতে অপৈণত হাতেৰে লেখা নাট 'দানৱ নন্দিনী' পিছলৈ 'মিছৰ কুমাৰী'ৰ প্ৰভাৱত 'শোণিত কুমাৰী' ('শোণিত কুঁৱৰী') নামেৰে পৈণত ৰূপ পাইছিল। সেইসময়তে জ্যোতিপ্ৰসাদৰ নাটকৰ বিষয়ে লিখিছিল ফুনু বৰুৱাই। ফুনুবে জ্যোতিপ্ৰসাদৰ 'জয়মতী' বোলছবিৰ বিষয়ে, অসমীয়া বোলছবিৰ বিষয়ে লিখিছিল তেতিয়া, যেতিয়া বোলছবিখনৰ আখৰা চলিছিল। ফুনুৰ লেখাৰে আমি 'জয়মতী' কেনেধৰণৰ কাম হ'ব অনুভৱ কৰিছিলো।”
'জয়মতী' চিত্ৰগৃহলৈ অহাৰ পিছত চৰ্চা কৰিছিল অতুল চন্দ্ৰ হাজৰিকা, উত্তম বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পদুম বৰুৱা আদিয়ে। পদুম বৰুৱাৰ লগতে অপূর্ব কুমাৰ শৰ্মাৰ বিশ্লেষণত 'জয়মতী' সুন্দৰভাৱে অনুভৱ কৰিব পাৰি। ক'ব পাৰি অসমীয়া চিনেমাৰ সুস্থ সমালোচনা ধাৰাটো নির্মাণ কৰিছিল পদুম বৰুৱাই। আগবঢ়াই নিছিল অপূৰ্ব কুমাৰ শৰ্মাই। পৰৱৰ্তী সময়ত চিনে চৰ্চাৰ এই ধাৰা আগুৱাই নিয়ে আলতাফ মজিদ, বিতোপন বৰবৰা, উৎপল দত্ত, অৰ্ণৱজান ডেকা, মনোজ বৰপূজাৰী, ঘন হাজৰিকা, উৎপল বৰপূজাৰী, কৰুণা ডেকা, প্রমোদ কলিতা, উৎপল মেনা আদিয়ে।
ফুনু বৰুৱাই কেবল 'জয়মতী' চর্চাই কৰা নাছিল, চিনেমা, সংগীত আদি প্রসংগত বিভিন্ন শৈলীৰে সাংস্কৃতিক চর্চা কৰিছিল। ক'ব পাৰি এই ধাৰাটোৱে আধুনিক ৰূপত সম্পূর্ণ নিজা শৈলীৰে আগবঢ়াই নিছিল ডঃ ভূপেন হাজৰিকাই। নিজৰ বিশেষ শৈলীৰে নাটক, চিনেমা-সংগীত-কলাকেন্দ্রিক লেখা লিখিছিল- 'দিকবলয়', 'আমাৰ প্রতিনিধি', 'শিল্পীৰ পৃথিবী', 'জনমভূমি', 'প্রতিধ্বনি' আদি কাকত-আলোচনীত। সুদক্ষ সাংস্কৃতিক সাংবাদিক-সম্পাদকগৰাকীৰ লেখাৰ ধাৰাই বা শৈলীয়ে বিশেষ ষ্টাইল এটা নিৰ্মাণ কৰিছিল। হেমাংগ বিশ্বাসৰ ভাষাত 'ভূপেন্দ্ৰ ষ্টাইল'। 'সুন্দৰৰ ন-দিগন্ত', 'সুন্দৰৰ সৰু-বৰ ১ আলিয়েদি', 'সময়ৰ পক্ষী ঘোঁৰাত উঠি' আদি গ্রন্থত অনুভৱ কৰিব পাৰি সংগীত সূৰ্যৰ সাংস্কৃতিক সাংবাদিকতা। শিল্পী- গৰাকীৰ সম্পাদনাত প্ৰকাশ পাইছিল (১৯৬৪-৬৭) প্রথমখন নে অসমীয়া কলা পত্রিকা বা আর্ট জার্ণেল 'গতি'।
'গতি' অসমৰ প্ৰথমখন কলা পত্রিকা বা আর্ট জার্নেল। সম্পাদক ডঃ ভূপেন হাজৰিকা। ১৯৬৪ চনত গুৱাহাটীৰ গতি প্রকাশনৰ উদ্যোগত আলোচনীখনৰ প্ৰথমটো সংখ্যা প্রকাশ হয়। এই আলোচনীখনৰ যোগেদি ডঃ ভূপেন হাজৰিকাই অসমত এক নতুন দৃষ্টিভংগীৰ সাংস্কৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ যত্ন কৰিছিল। অসমত চলচ্চিত্র ষ্টুডিঅ' নিৰ্মাণৰ বাবে এক জনমত গঠনতো 'গতি' বিশেষভাৱে যত্নপৰ হয়।
'গতি'ৰ এটা সংখ্যা 'পার্বতি প্ৰসাদ বৰুৱা সংখ্যা' হিচাপে বৰুৱাৰ জীৱনকালতে প্রকাশ কৰিছিল। কোনো ব্যক্তিৰ জীৱনকালতে সন্মান প্ৰদৰ্শনৰ বাবে আলোচনীৰ এটা বিশেষ সংখ্যা প্রকাশ কৰাটো অসমৰ সংবাদপত্ৰৰ ইতিহাসত এয়ে প্রথম। ড° হাজৰিকাৰ সীমাহীন ব্যস্ততাৰ বাবে আলোচনীখনৰ যাত্রা দীঘলীয়া নহ'ল। চাৰিটা সংখ্যা প্রকাশ হোৱাৰ পাছত ১৯৬৭ চনত 'গতি'ৰ গতি স্তব্ধ হয়।
-- এই খিনিতে 'চিত্ৰম"ৰ কথাও উল্লেখ কৰিব পাৰি। অপূৰ্ব দাসৰ সম্পাদনাত ১৯৭১ চনৰ পৰা প্ৰকাশ পোৱা সংগীত-চিনেমা কেন্দ্ৰীক এই আলোচনী খন আছিল ক্ষুদ্ৰ।
--এইখিনিতে অবশ্যে উল্লেখ কৰিব লাগিব অসমীয়া সাংস্কৃতিক সাংবাদিকতাৰ বুনিয়াদ নির্মাণ কৰিছিল জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাই। এই কথাও উল্লেখ কৰিব লাগিব যে নৰেন বৰদলৈক প্ৰথম অসমীয়া চিত্র সাংবাদিক বুলি কোৱা হয়। "... অভিনয় কৰাৰ লগতে 'জয়মতী'ৰ প্ৰচাৰৰ দায়িত্বও পালন কৰিছিল নৰেন বৰদলৈয়ে। জ্যোতিপ্ৰসাদৰ ষ্টুডিঅ' চিত্ৰবনৰ প্ৰচাৰ বিষয়া হিচাপে নৰেন বৰদলৈয়ে 'অসমীয়া বাতৰি', 'টাইমছ অব্ আছাম', 'অমৃত বজাৰ পত্রিকা' আদিত 'জয়মতী' কথাছবিখনৰ লগতে ছবিখনত অভিনয় কৰা শিল্পীসকলৰ বিষয়ে লিখিছিল। গতিকে ক'ব পাৰি নৰেন বৰদলৈ হ'ল প্ৰথম গৰাকী অসমীয়া চিত্র সাংবাদিক।" (উৎসঃ 'আমাৰ প্রতিনিধি, বিশেষ শাৰদীয় সংখ্যা, ১৯৬২)
আৰু আছে
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন