সরাসরি প্রধান সামগ্রীতে চলে যান

"চিত্ৰবন"ৰ পৰা "চিত্ৰবন"লৈ /২

অসমত চিনেমাকেন্দ্রিক বিশ্লেষণ, আলোচনা আৰম্ভ হৈছিল প্রথমখন অসমীয়া চিনেমা 'জয়মতী' চিত্ৰগৃহলৈ অহাৰ পাছৰে পৰা। চৰ্চা আৰম্ভ কৰিছিল চিনেমাখনৰ অভিনেতা, সংগীত- শিল্পী প্রফুল্লচন্দ্ৰ বৰুৱাৰ ভাতৃ ফুনু বৰুৱাই। প্রফুল্লচন্দ্ৰ বৰুৱাই লিখিছিল, “জ্যোতিপ্ৰসাদৰ স্কুলীয়া জীৱনতে অপৈণত হাতেৰে লেখা নাট 'দানৱ নন্দিনী' পিছলৈ 'মিছৰ কুমাৰী'ৰ প্ৰভাৱত 'শোণিত কুমাৰী' ('শোণিত কুঁৱৰী') নামেৰে পৈণত ৰূপ পাইছিল। সেইসময়তে জ্যোতিপ্ৰসাদৰ নাটকৰ বিষয়ে লিখিছিল ফুনু বৰুৱাই। ফুনুবে জ্যোতিপ্ৰসাদৰ 'জয়মতী' বোলছবিৰ বিষয়ে, অসমীয়া বোলছবিৰ বিষয়ে লিখিছিল তেতিয়া, যেতিয়া বোলছবিখনৰ আখৰা চলিছিল। ফুনুৰ লেখাৰে আমি 'জয়মতী' কেনেধৰণৰ কাম হ'ব অনুভৱ কৰিছিলো।”
'জয়মতী' চিত্ৰগৃহলৈ অহাৰ পিছত চৰ্চা কৰিছিল অতুল চন্দ্ৰ হাজৰিকা, উত্তম বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পদুম বৰুৱা আদিয়ে। পদুম বৰুৱাৰ লগতে অপূর্ব কুমাৰ শৰ্মাৰ বিশ্লেষণত 'জয়মতী' সুন্দৰভাৱে অনুভৱ কৰিব পাৰি। ক'ব পাৰি অসমীয়া চিনেমাৰ সুস্থ সমালোচনা ধাৰাটো নির্মাণ কৰিছিল পদুম বৰুৱাই। আগবঢ়াই নিছিল অপূৰ্ব কুমাৰ শৰ্মাই। পৰৱৰ্তী সময়ত চিনে চৰ্চাৰ এই ধাৰা আগুৱাই নিয়ে আলতাফ মজিদ, বিতোপন বৰবৰা, উৎপল দত্ত, অৰ্ণৱজান ডেকা, মনোজ বৰপূজাৰী, ঘন হাজৰিকা, উৎপল বৰপূজাৰী, কৰুণা ডেকা, প্রমোদ কলিতা, উৎপল মেনা আদিয়ে।
ফুনু বৰুৱাই কেবল 'জয়মতী' চর্চাই কৰা নাছিল, চিনেমা, সংগীত আদি প্রসংগত বিভিন্ন শৈলীৰে সাংস্কৃতিক চর্চা কৰিছিল। ক'ব পাৰি এই ধাৰাটোৱে আধুনিক ৰূপত সম্পূর্ণ নিজা শৈলীৰে আগবঢ়াই নিছিল ডঃ ভূপেন হাজৰিকাই। নিজৰ বিশেষ শৈলীৰে নাটক, চিনেমা-সংগীত-কলাকেন্দ্রিক লেখা লিখিছিল- 'দিকবলয়', 'আমাৰ প্রতিনিধি', 'শিল্পীৰ পৃথিবী', 'জনমভূমি', 'প্রতিধ্বনি' আদি কাকত-আলোচনীত। সুদক্ষ সাংস্কৃতিক সাংবাদিক-সম্পাদকগৰাকীৰ লেখাৰ ধাৰাই বা শৈলীয়ে বিশেষ ষ্টাইল এটা নিৰ্মাণ কৰিছিল। হেমাংগ বিশ্বাসৰ ভাষাত 'ভূপেন্দ্ৰ ষ্টাইল'। 'সুন্দৰৰ ন-দিগন্ত', 'সুন্দৰৰ সৰু-বৰ ১ আলিয়েদি', 'সময়ৰ পক্ষী ঘোঁৰাত উঠি' আদি গ্রন্থত অনুভৱ কৰিব পাৰি সংগীত সূৰ্যৰ সাংস্কৃতিক সাংবাদিকতা। শিল্পী- গৰাকীৰ সম্পাদনাত প্ৰকাশ পাইছিল (১৯৬৪-৬৭) প্রথমখন নে অসমীয়া কলা পত্রিকা বা আর্ট জার্ণেল 'গতি'।
'গতি' অসমৰ প্ৰথমখন কলা পত্রিকা বা আর্ট জার্নেল। সম্পাদক ডঃ ভূপেন হাজৰিকা। ১৯৬৪ চনত গুৱাহাটীৰ গতি প্রকাশনৰ উদ্যোগত আলোচনীখনৰ প্ৰথমটো সংখ্যা প্রকাশ হয়। এই আলোচনীখনৰ যোগেদি ডঃ ভূপেন হাজৰিকাই অসমত এক নতুন দৃষ্টিভংগীৰ সাংস্কৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ যত্ন কৰিছিল। অসমত চলচ্চিত্র ষ্টুডিঅ' নিৰ্মাণৰ বাবে এক জনমত গঠনতো 'গতি' বিশেষভাৱে যত্নপৰ হয়।
'গতি'ৰ এটা সংখ্যা 'পার্বতি প্ৰসাদ বৰুৱা সংখ্যা' হিচাপে বৰুৱাৰ জীৱনকালতে প্রকাশ কৰিছিল। কোনো ব্যক্তিৰ জীৱনকালতে সন্মান প্ৰদৰ্শনৰ বাবে আলোচনীৰ এটা বিশেষ সংখ্যা প্রকাশ কৰাটো অসমৰ সংবাদপত্ৰৰ ইতিহাসত এয়ে প্রথম। ড° হাজৰিকাৰ সীমাহীন ব্যস্ততাৰ বাবে আলোচনীখনৰ যাত্রা দীঘলীয়া নহ'ল। চাৰিটা সংখ্যা প্রকাশ হোৱাৰ পাছত ১৯৬৭ চনত 'গতি'ৰ গতি স্তব্ধ হয়। 
-- এই খিনিতে 'চিত্ৰম"ৰ কথাও  উল্লেখ কৰিব পাৰি। অপূৰ্ব দাসৰ সম্পাদনাত ১৯৭১ চনৰ পৰা প্ৰকাশ পোৱা সংগীত-চিনেমা কেন্দ্ৰীক এই আলোচনী খন আছিল ক্ষুদ্ৰ।
--এইখিনিতে অবশ্যে উল্লেখ কৰিব লাগিব অসমীয়া সাংস্কৃতিক সাংবাদিকতাৰ বুনিয়াদ নির্মাণ কৰিছিল জ্যোতিপ্রসাদ  আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাই। এই কথাও উল্লেখ কৰিব লাগিব যে নৰেন বৰদলৈক প্ৰথম অসমীয়া চিত্র সাংবাদিক বুলি কোৱা হয়। "... অভিনয় কৰাৰ লগতে 'জয়মতী'ৰ প্ৰচাৰৰ দায়িত্বও পালন কৰিছিল নৰেন বৰদলৈয়ে। জ্যোতিপ্ৰসাদৰ ষ্টুডিঅ' চিত্ৰবনৰ প্ৰচাৰ বিষয়া হিচাপে নৰেন বৰদলৈয়ে 'অসমীয়া বাতৰি', 'টাইমছ অব্ আছাম', 'অমৃত বজাৰ পত্রিকা' আদিত 'জয়মতী' কথাছবিখনৰ লগতে ছবিখনত অভিনয় কৰা শিল্পীসকলৰ বিষয়ে লিখিছিল। গতিকে ক'ব পাৰি নৰেন বৰদলৈ হ'ল প্ৰথম গৰাকী অসমীয়া চিত্র সাংবাদিক।" (উৎসঃ 'আমাৰ প্রতিনিধি, বিশেষ শাৰদীয় সংখ্যা, ১৯৬২)
আৰু আছে

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...