প্ৰথম কথা-- চিনেমা খনে দিয়া "চিনে সুখ"। সাহিত্যৰ ভাষাৰে শাসন নকৰা "কাহিনী"ৰ গতি। আৱহ শব্দ, সৰল ৰৈখিক "কাহিনী"য়ে চুই যোৱা যোৱা "দৃশ্য" (টুকুৰা), কম "দৈৰ্ঘ"তে প্ৰয়োজনীয় চৰিত্ৰ নিৰ্মাণ -- ৰূপালী গল্পটোৰ নিৰ্মাণ পৰ্বৰ বিশেষত্ব।
ৰূপালী গল্পটোৰ মুল বিন্দু "নায়ক-নায়িকা"।
সৰস্বতী পূজাৰ দিন। পূজা শেষ! "নায়িকা" আহি শিক্ষানুষ্ঠানৰ বাহিৰ পালে। ৰৈ থাকিল, কিছু সময়। "নায়ক" আহি উপস্থিত, মটৰ চাইকেল এখনত। মটৰ চাইকেলৰ পাছত আসনত "নায়িকা"ক বহুৱাই "সৰস্বতী পূজাৰ পৰিবেশ"ৰ ফাকেৰে "নায়ক"ৰ গতি, কাহিনীৰ গতি। বেছি সময় অপেক্ষা কৰিব নালাগিল, --দৰ্শকে বুজিলে "নায়ক-নায়িকা"ৰ উদ্যেশ্য। নিষিদ্ধ আনন্দ লাভ কৰিব বা প্ৰেমৰ শেষ বিন্দুত বাস কৰিব। কোঠা এটা ঠিক কৰি ৰাখিছিল--, "নায়কে"। বন্ধুৰ ভাড়াঘৰ। সময়ত নাপালে, ভাড়াঘৰৰ মালিকৰ লগত বন্ধুৰ দ্বন্দৰ বাবে। আন এক বন্ধুৰ সৈতে "নায়ক"ৰ ফোনিক যোগাযোগ। নাই, নহ'ল-- সেই গৰাকী বন্ধুৰ দেউতাক আহিব। হোটেল! "পৰাচয় পত্ৰ" সমস্যা। শেষত যেনিবা পালে! "নায়ক-নায়িকা"ৰ উদ্দেশ্য প্ৰায় পূৰণ হ'ল। আনন্দৰ পাছতে বিষাদ! "সমস্য"ৰ মাজত বন্দি হ'ল-- "নায়ক-নায়িকা"। কাহিনীলে আহে দুই আৰক্ষী। দুই আৰক্ষীয়ে ধৰ্ষণ কৰে "নায়িকা"ক। শেষত বিষৰ্জন দিয়া স্বৰস্বতীৰ মুৰ্তীৰ সৈতে "নায়িকা"ক কেমেৰাৰ ফ্ৰেম ৰাখি শেষৰ বুদ্বিদীপ্ত শ্বট নিৰ্মাণ কৰে। এখন পিলপিলিত "নায়িকা"ৰ যাত্ৰা (হয়তো ঘৰলৈ!) , গীতৰ সংযোগ-- "পৃথিৱীৰ অসুখ/ জহিছে খহিছে/ উশাহৰ কায়া/ কোলাহল বিদাৰি/ সাৰ পাই ফেকুৰে/ এটা নিৰ্জন দুপৰীয়া..."
--গীতৰো বুদ্ধিদীপ্ত সংযোগ। ভাল লগা। ৰূপালী গল্পটোক মাত্ৰা দিয়া।
ৰূপালী গল্পটোৰ বিশেষত্ব-- গ্ৰহণযোগ্যতা। "চৰিত্ৰ"ৰ গতি, "কাহিনী"ৰ গতিত কল্পনা, নাটকীয়তা--শূন্য। কাহিনীলৈ "নায়ক"ৰ প্ৰৱেশ, সমস্যাৰ মাজত ইত্যাদি অকনো বাস্তৱৰ আঁতৰৰ নহয়। গল্পৰ পৰিণতি বাস্তৱ। পৰিচালকক প্ৰশংসা কৰাৰ বাট মুকলি। কিন্তু "মুকলি প্ৰসংসা"ৰ বাট মুকলি নহয়। কাৰণ-- (ক) দৃশ্য আৰু আৱহ শব্দৰে "সৰস্বতী পূজাৰ পৰিৱেশ"ৰ ধাৰাবাহিকতা ৰক্ষাত পৰিচালক ব্যৰ্থ। (খ) চিনেমা খনৰ গল্পৰ গতিৰ ধাৰাবাহিকতা ৰক্ষাত ব্যৰ্থ। কেইমিনিট মানলৈ মন চুই যোৱা গতি। পাছত "জিৰণি"লৈকে মন্থৰ গতি। (গ) "নায়ক-নায়িকা"ৰ প্ৰেমৰ শেষ বিন্দুত বাস কৰাইছে। সেই খিনিতে চিনেমাৰ গতিয়ে এনে ধাৰণা দিছে, "নায়ক-নায়িকা"ৰ "অন্তৰংগতা"ৰ ছিকুৱেন্স নিৰ্মাণেই যেন আছিল পৰিচালকৰ উদ্দেশ্য। (ঘ) কাহিনীৰ গতিত "ধৰ্ষণ"ৰ প্ৰয়োজন আছিল। পৰিচালকে দেখুৱাইছে। কিন্তু ছিকুৱেন্সটো পৰিকল্পিত বুলি ক'ব নোৱাৰি, অপ্ৰয়োজনীয় হৈ ৰৈছে।
আৰু অভিনয়?
অভিনয় চিনেমা খনৰ শক্তিশালি সম্পদ। "চিনেমেটিক" অভিনয়ৰে নিৰ্মিত প্ৰতিটো চৰিত্ৰ। "নায়িকা"ৰ চৰিত্ৰত অভিনয় কৰা পাৰ্ভি বৰুৱাৰ প্ৰসংগত ক'ব পাৰি-- অসমীয়া চিনেমাই এগৰাকী দক্ষ অভিনেত্ৰী পালে।
(আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন