সরাসরি প্রধান সামগ্রীতে চলে যান

এটা নিৰ্জন দুপৰীয়া

"এটা নিৰ্জন দুপৰীয়া" --এখন অসমীয়া চিনেমা। খঞ্জন কিশোৰ নাথৰ পৰিচালনা। খঞ্জন কিশোৰ নাথ-সূৰজ দুৱৰাৰ চিত্ৰনাট্য। জয়ন্ত সেথু মাথৱনৰ চিনেমাটোগ্ৰাফী।

প্ৰথম কথা-- চিনেমা খনে দিয়া "চিনে সুখ"। সাহিত্যৰ ভাষাৰে শাসন নকৰা "কাহিনী"ৰ গতি। আৱহ শব্দ, সৰল ৰৈখিক "কাহিনী"য়ে চুই যোৱা যোৱা "দৃশ্য" (টুকুৰা), কম "দৈৰ্ঘ"তে প্ৰয়োজনীয় চৰিত্ৰ নিৰ্মাণ -- ৰূপালী গল্পটোৰ নিৰ্মাণ পৰ্বৰ বিশেষত্ব।

ৰূপালী গল্পটোৰ মুল বিন্দু "নায়ক-নায়িকা"। 

সৰস্বতী পূজাৰ দিন। পূজা শেষ! "নায়িকা" আহি শিক্ষানুষ্ঠানৰ বাহিৰ পালে। ৰৈ থাকিল, কিছু সময়। "নায়ক" আহি উপস্থিত, মটৰ চাইকেল এখনত। মটৰ চাইকেলৰ পাছত আসনত "নায়িকা"ক বহুৱাই "সৰস্বতী পূজাৰ পৰিবেশ"ৰ ফাকেৰে "নায়ক"ৰ গতি, কাহিনীৰ গতি। বেছি সময় অপেক্ষা কৰিব নালাগিল, --দৰ্শকে বুজিলে "নায়ক-নায়িকা"ৰ উদ্যেশ্য। নিষিদ্ধ আনন্দ লাভ কৰিব বা প্ৰেমৰ শেষ বিন্দুত বাস কৰিব। কোঠা এটা ঠিক কৰি ৰাখিছিল--, "নায়কে"। বন্ধুৰ ভাড়াঘৰ। সময়ত নাপালে, ভাড়াঘৰৰ মালিকৰ লগত বন্ধুৰ দ্বন্দৰ বাবে। আন এক বন্ধুৰ সৈতে "নায়ক"ৰ ফোনিক যোগাযোগ। নাই, নহ'ল-- সেই গৰাকী বন্ধুৰ দেউতাক আহিব। হোটেল! "পৰাচয় পত্ৰ" সমস্যা। শেষত যেনিবা পালে! "নায়ক-নায়িকা"ৰ উদ্দেশ্য প্ৰায় পূৰণ হ'ল। আনন্দৰ পাছতে বিষাদ! "সমস্য"ৰ মাজত বন্দি হ'ল-- "নায়ক-নায়িকা"। কাহিনীলে আহে দুই আৰক্ষী। দুই আৰক্ষীয়ে ধৰ্ষণ কৰে "নায়িকা"ক। শেষত বিষৰ্জন দিয়া স্বৰস্বতীৰ মুৰ্তীৰ সৈতে "নায়িকা"ক কেমেৰাৰ ফ্ৰেম ৰাখি শেষৰ বুদ্বিদীপ্ত  শ্বট নিৰ্মাণ কৰে। এখন পিলপিলিত "নায়িকা"ৰ যাত্ৰা (হয়তো ঘৰলৈ!) , গীতৰ সংযোগ-- "পৃথিৱীৰ অসুখ/  জহিছে খহিছে/  উশাহৰ কায়া/ কোলাহল বিদাৰি/ সাৰ পাই ফেকুৰে/ এটা নিৰ্জন দুপৰীয়া..."

--গীতৰো বুদ্ধিদীপ্ত সংযোগ। ভাল লগা। ৰূপালী গল্পটোক মাত্ৰা দিয়া।

ৰূপালী গল্পটোৰ বিশেষত্ব-- গ্ৰহণযোগ্যতা। "চৰিত্ৰ"ৰ গতি, "কাহিনী"ৰ গতিত  কল্পনা, নাটকীয়তা--শূন্য। কাহিনীলৈ "নায়ক"ৰ প্ৰৱেশ, সমস্যাৰ মাজত ইত্যাদি অকনো বাস্তৱৰ আঁতৰৰ নহয়। গল্পৰ পৰিণতি বাস্তৱ। পৰিচালকক প্ৰশংসা কৰাৰ বাট মুকলি। কিন্তু "মুকলি প্ৰসংসা"ৰ বাট মুকলি নহয়। কাৰণ-- (ক) দৃশ্য আৰু আৱহ শব্দৰে "সৰস্বতী পূজাৰ পৰিৱেশ"ৰ ধাৰাবাহিকতা ৰক্ষাত পৰিচালক ব্যৰ্থ। (খ) চিনেমা খনৰ গল্পৰ গতিৰ ধাৰাবাহিকতা ৰক্ষাত ব্যৰ্থ। কেইমিনিট মানলৈ মন চুই যোৱা গতি। পাছত "জিৰণি"লৈকে মন্থৰ গতি। (গ) "নায়ক-নায়িকা"ৰ প্ৰেমৰ শেষ বিন্দুত বাস কৰাইছে। সেই খিনিতে চিনেমাৰ গতিয়ে এনে ধাৰণা দিছে, "নায়ক-নায়িকা"ৰ "অন্তৰংগতা"ৰ ছিকুৱেন্স নিৰ্মাণেই যেন আছিল পৰিচালকৰ উদ্দেশ্য। (ঘ) কাহিনীৰ গতিত "ধৰ্ষণ"ৰ প্ৰয়োজন আছিল। পৰিচালকে দেখুৱাইছে। কিন্তু ছিকুৱেন্সটো পৰিকল্পিত বুলি ক'ব নোৱাৰি, অপ্ৰয়োজনীয় হৈ ৰৈছে। 

আৰু অভিনয়?

অভিনয় চিনেমা খনৰ শক্তিশালি সম্পদ। "চিনেমেটিক" অভিনয়ৰে নিৰ্মিত প্ৰতিটো চৰিত্ৰ। "নায়িকা"ৰ চৰিত্ৰত অভিনয় কৰা পাৰ্ভি বৰুৱাৰ প্ৰসংগত ক'ব পাৰি-- অসমীয়া চিনেমাই এগৰাকী দক্ষ অভিনেত্ৰী পালে।

(আৰু আছে)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...