বৃহস্পতিবার, ২৫ এপ্রিল, ২০২৪

জিতুল: এক সুৰীয়া যাত্ৰা (এখন গ্ৰন্থৰ খচৰা)

জিতুল সোণোৱাল-- এক সুৰীয়া অনুভৱ! আমাক চুই থকা সেউজ অনুভৱ! সময় আগবাঢ়িছিল--, "সুৰ"ৰ জিতুলদাক লগ পাইছিলোঁ "কথা"ৰ মাজত। আমাৰ অনুৰোধত জিতুলদাই লিখিছিল প্ৰতি শুকুৰবাৰে  "সা ৰে গা মা পা"। এক সুৰীয়া গদ্য।... কেৱল গায়ক-সংগীত পৰিচালক জিতুল সোণোৱালৰ বিষয়ে নহয়, লেখক, গ্রন্থকীট জিতুল সোণোৱালৰ বিষয়েও আমাৰ চৰ্চা কৰিম।

চৰ্চাৰ পূৰ্বে-- ভাল লগা অনুভৱ, আজিৰ তাৰিখত, এই বহাগ বিহুৰ বতৰত। সেই তেতিয়া যেনেকৈ চুই গৈছিল

"অ' মৰমী লগৰী, আছা বুকু জুৰি

নাযাবা আঁতৰি, দূৰণিলে

তোমাৰ লাহি, পৰশ লাগি, সপোন সৰে

তোমাৰ লাহি, পৰশ লাগি, সপোন সৰে ।


মৰমৰ ভাষাৰে দুচকুত আঁকিছা

ঠুনুকা সপোনৰ ছবি তুমি

নিৰাশাৰ এন্ধাৰত অকলে আছোঁ মই

আশাৰে চাকিটি জ্বলালা তুমি..."

বা

"যদি কেতিয়াবা অকলে

জ্বলে বুকু মোৰ নিৰৱে

কিয় আহা মোৰ মনলে

তুমি জানো জানা ?

যদি কেতিয়াবা অকলে

জ্বলে বুকু মোৰ নিৰৱে

কিয় আহা মোৰ মনলে

তুমি জানো জানা ?..."

ইত্যাদি ইত্যাদি। ("ইত্যাদি" বোৰো আগলৈ চৰ্চালৈ আনিম)

 "অ' মৰমী লগৰী, আছা বুকু জুৰি..."ৰ কথা: বিজয় দুৱৰাৰ,সংগীত-সুৰ জিতুল সোণোৱালৰ। সেই সময় আছিল কেছেটৰ। "নিৰিবিলি গধূলি" আছিল শ্ৰব্য সংকলনটোৰ নাম। জিতুলদাৰ সৈতে গীতটোত কণ্ঠদান কৰিছিল কবিতা কৃষ্ণমূর্তিয়ে। আৰ এম চিৰ এই শ্ৰব্য সংকলনটো "বজাৰ"ত মুকলি কৰি দিছিল ১ এপ্ৰিল (১৯৮৭) তাৰিখে। বহাগ বিহুৰ সময়। গীতটো কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈছিল। আৰু এই বহাগত স্পষ্ট হৈছে-- গীতটো আজিৰ তাৰিখতো জনপ্ৰিয়।

উল্লেখ কৰা আনটো গীত "যদি কেতিয়াবা অকলে..."ৰ কথা বিজয় দুৱাৰাৰ। সংগীত-কণ্ঠ: জিতুল সোণোৱালৰ। গীতটো "বৰষা" (১৯৮৬) শ্ৰব্য সংকলনৰ এটা। বিজয় দুৱৰাৰ কথাৰে এই কেছেটটোৰ বাবে জিতুলদাই গোৱা আন এটা গীত--

"চিনাকি মিঠা এই চাৱনি

দিলিহি মৰমৰ বাতৰি মনকে ভুলাই

ধৰা দি মৰমী নাযাবা আতৰি

ধৰা দি মৰমী নাযাবা আতৰি

জগালা প্ৰেমৰে হৰিণী

কৰিছা তুমিয়েই আমনি মনকে ভুলাই

কাষলে আনি সোণ নাযাবা পাহৰি

কাষলে আনি সোণ নাযাবা পাহৰি..."। এই গীতটোত কণ্ঠদান কৰিছিল কবিতা কৃষ্ণমূৰ্তীৰ সৈতে।

"বৰষা" শ্ৰব্য সংকলনটোৰ সংগীত: জিতুল সোণোৱালৰ। কণ্ঠদান কৰা (মুঠ ৮টা গীতত) আন কেইগৰাকী শিল্পী: কুমাৰ চানু, যুথিকা চৌধুৰী। (ক্ৰমশ:)

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন