সরাসরি প্রধান সামগ্রীতে চলে যান

চিনেমা মোৰ কাৰণে এক মাধ্যম যি মাধ্যমৰ জৰিয়তে মানুহে কলাত্মক অভিজ্ঞতা লাভ কৰিব পাৰে: ঝুলন কৃষ্ণ মহন্ত

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো "চৰ্চা" যেন একোটা গল্প। সন্দেহ নাই-- প্ৰতটো "চৰ্চা"ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা খনৰ নাম-- "সুন্দৰপুৰ কেয়ছ"। পৰিচালক: ঝুলন কৃষ্ণ মহন্ত। পৰিপাটি পৰিচালক, "পৰিচালনা"ৰ প্ৰতিটো দিশতে দখল থকা পৰিচালক। স্পষ্ট এই কেইটা দিশত-- চিনেমা খনৰ কাহিনী, চিত্ৰনাট্য আৰু সম্পাদনাও ঝুলন কৃষ্ণ মহন্তৰ। (নিজৰ চিনেমায়ে নহয়, আন পৰিচালকৰো চিনেকৰ্ম পৰিপাটিকৈ সম্পাদনা কৰা দেখিছোঁ, ঝুলনে আন পৰিচালকৰ বাবে কাহিনী, চিত্ৰনাট্য লিখাৰ কথাও আমি জানো। জানো, আমাৰ অনুভৱত ঝুলন সফল সম্পাদকো, চিনেমা লেখকো।) আমি চিনেকৰ্মী গৰাকীৰ পৰা জানিব বিছৰাত "সুন্দৰপুৰ কেয়ছ"ৰ বিষয়ে ক'লে, হাতত থকা চিনেমাৰ কথা ক'লে-- "নতুন চিনেমা কেইখনৰ বিষয়ে ক'বলৈ গলে মই সম্পাদনা কৰা আৰু লিখি উলিওৱা আহিবলগীয়া চিনেমা সমূহৰ ভিতৰত 'গেং অফ ৰাজু মামা'ৰ কিছু কাম আছে। 
'সন্ধ্যামালতি, এতিয়াও সাৰে আছে'ৰ কাম আৰম্ভ হ'বলৈ বাকী আছে কিন্তু প্ৰায় প্ৰস্তুত হৈ উঠিছে 'সুন্দৰপুৰ কেয়ছ' বুলি চিমেমাখন। অসমৰ এক সমস্যা ভূমি বেদখলৰ সমস্যা । চুবুৰীয়া ৰাজ্যৰ ক্ষেত্ৰতো এনে অভিযোগ ওলায় যদিও বাংলাদেশী অনুপ্ৰৱেশ আৰু সত্ৰৰ মাটিত তেওঁলোকৰ অৱস্থানৰ খবৰ আমাৰ বাবে নতুন নহয়। 
অসমৰ এক অনন্য সম্পদ অসমৰ সত্ৰ সমূহ। অসমীয়া বৃহত্তৰ জাতি গঠন হোৱাৰ প্ৰক্ৰিয়াটোত গুৰি ধৰা, আধ্যাত্মিক জ্ঞান আৰু বৈষ্ণৱ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে শংকৰদেৱ গুৰুজনাই জন্ম দিয়া সত্ৰ সমূহত যেতিয়া বিদেশী আহি বহি লয়হি কোনোবা এজন অসমীয়া ল'ৰাৰ যদি খং উঠে কি কৰিব পাৰে? সত্ৰৰ পৰিৱেশত ডাঙৰ হৈও খঙাল  অথচ যুক্তিবাদী এজন লৰা কিংকৰে সমাজ আৰু সত্ৰাধিকাৰক কি প্ৰশ্ন কৰিব পাৰে? সত্ৰাধিকাৰে কি উত্তৰ দিব পাৰে, এইবোৰৰ কথাৰ কল্পনা কৰিয়েই মই লিখি উলিয়াইছিলো 'সুন্দৰপুৰ কেয়ছ'ৰ কাহিনী । অসমত বহু কেইটি মিউজিক ভিডিঅ’ ৰ প্ৰযোজনা কৰা আৰ চি প্ৰডাকচনৰ প্ৰযোজকসকলে কাহিনীটো ভাল পাই আগবাঢ়ি আহিল চিনেমাখন প্ৰযোজনা কৰিবলৈ। এই বছৰ নবেম্বৰৰ ২৯ তাৰিখে অসমৰ চিনেমা হল সমূহত মুক্তি পাব চিনেমাখনে।চিত্ৰনাট্যৰ ওপৰিও সম্পাদনা আৰু পৰিচালনাৰ দায়িত্ব লোৱা এই অসমীয়া চিনেমাখনৰ বাবে মই যথেষ্ট আশাবাদী। মই অসমৰ মানুহৰ আশীৰ্বাদ বিচাৰিম যাতে এনে কিছু কথা ৰাইজৰ সন্মুখলৈ আনিব পৰাকৈ শক্তি পাওঁ। শংকৰদেৱে অসমৰ জাতি জনজাতিক একেডাল দোলেৰে বান্ধিবলৈ চেষ্টা কৰাৰ পাছতো মই ভাবোঁ আমি ভাবি চাব লাগে আমি কিমান সফল হৈছোঁ।  যিবোৰ প্ৰয়োজনীয় কথাৰ পৰা আমি প্ৰায়েই গা এৰাই চলোঁ তেনে বহু কথাৰ প্ৰশ্ন উঠিব 'সুন্দৰপুৰ কেয়ছ'ত। মই অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিম কথাবোৰ যাতে চৰ্চালৈ আহে।  চিনেমা এখন হৈ উঠা আৰু হললৈ অহাৰ মাজতো তাৰ এক দীঘলীয়া যাত্ৰা আৰু বহু পৰিশ্ৰম থাকে। মই আশা কৰোঁ ৰাইজৰ সহায় পাম। চিনেমাখন বিভিন্ন মহোৎসৱলৈও পঠোৱাৰ যোজা কৰা হৈছে। আশা কৰোঁ সকলো শিল্পী কলা কুশলীৰ কষ্টই সফলতাৰ মুখ দেখিব।"
--প্ৰায় সম্পূৰ্ণ হোৱা "সুন্দৰপুৰ কেয়ছ" গায়ত্ৰী হাজৰিকা, আৰ চমুৱা আৰু দিগন্ত ঠাকুৰীয়াৰ প্ৰযোজনা। চিত্ৰগ্ৰহণ: চন্দ্ৰ কুমাৰ দাস, সংগীত: সৌৰভ মহন্ত, শব্দ- দেৱজিত গায়ন, সাজ সজ্জা ৰাণী দত্ত বৰুৱা আৰু গৰিমা শইকীয়া গাৰ্গৰ। "চৰিত্ৰ" নিৰ্মাণ কৰিছে অৰুণ নাথ, ৰাজীৱ গোস্বামী, জ্বলি লস্কৰ, গাৰ্গী দত্ত, পাৰ্থ প্ৰতিম হাজৰিকা, বনি দেউৰী, শিল্পী দত্ত আদিক লৈ।
--আমাৰ ধাৰণাত এয়া স্পষ্ট, ঝুলনৰ চিনেচিন্তা কেৱল  "স্থানীয় বজাৰ" কেন্দ্ৰিক নহয়। চিনে শিল্পৰ বাবে চিনেকৰ্ম কৰি, সমাজৰ ওচৰত থাকি "স্থানীয় বজাৰ"তো সফলতাৰ বাট বিছাৰে। "চিনেকৰ্মী ঝুলন"ক আৰু স্পষ্টকৈ জানিবলৈ সুধিছিলোঁ--

ৰূপালী পৰ্দা: তোমাৰ ধাৰণাত চিনেমা?

ঝুলন কৃষ্ণ মহন্ত: চিনেমা মোৰ কাৰণে এক মাধ্যম যি মাধ্যমৰ জৰিয়তে মানুহে কলাত্মক অভিজ্ঞতা লাভ কৰিব পাৰে।
চিনেমা চোৱাটো যেনেকৈ এক অভিজ্ঞতা, নিৰ্মাণ কৰাটোও এক অভিজ্ঞতা।
মই ব্যক্তিগতভাবে চিনেমাক ওচৰৰ পৰা চাবলৈ আৰু পাবলৈ যত্ন কৰিছোঁ যদিও মোৰ ধাৰণাত মই ঢুকি পোৱাতকৈ বহু কাম কৰিব পৰা যায় চিনেমাৰ মাধ্যমটোৰে।

ৰূপালী পৰ্দা: চিনেমা নিৰ্মাণৰ উদ্দেশ্য?

ঝুলন কৃষ্ণ মহন্ত: বিভিন্নজনৰ বাবে চিনেমা নিৰ্মাণৰ উদ্দেশ্য ভিন ভিন, যেনকৈ কাৰোবাৰ বাবে ই এক শিল্প, কাৰোবাৰ বাবে বানিজ্য বা কাৰোবাৰ বাবে আন কিবা।
মই চিনেমা নিৰ্মাণ কৰি ভাল পোৱাৰ কাৰণটো হ'ল মই চিনেমা ভাল পাওঁ আৰু ইয়াৰ জৰিয়তে মই ভাল পোৱা আন কলা সমূহক সাধনা কৰিব পাৰোঁ। সংগীত, চিত্ৰকলা, অভিনয় আদিৰ লগত মোৰ সৰুকালতেই চিনাকী আছিল যদিও চিনেমাৰ মাধ্যমৰে মই এই সমূহ কলাক আন কিছু বেলেগ ধৰনেও চাবলৈ সুবিধা পাইছোঁ। আটাইতকৈ ডাঙৰ কথা চিনেমাৰ জৰিয়তে মই  "মানুহৰ" কথাবোৰ দেখুৱাব পাৰোঁ মানুহে চাব পৰাকৈ, মোৰ নিজৰ ধৰণে।

ৰূপালী পৰ্দা: চিনেমাৰে সমাজক কি দিব বিছাৰা?

ঝুলন কৃষ্ণ মহন্ত: মই চিনেমাৰে মোক আৰু মোৰ সমাজ খনক আঁ‌কি চাব বিচাৰোঁ।  কি দিব বিচাৰোঁ বুলি সুধিলে ক'বলৈ কিছু অসুবিধা হ'ব কাৰণ মই মোৰ সীমিত চিন্তা বা শিল্প চৰ্চাৰে একো বিশেষ কৰিব পৰা নাই বুলিয়েই ভাবো । চিনেমাৰ বহু শক্তি আছে, মনোৰঞ্জনৰ মাধ্যমেৰে কাৰোবাক দুখ কষ্টৰ পৰা আঁ‌তৰাই সুখ দিয়া,  কাহিনীৰ  মাধ্যমেৰে  সমাজক নতুন দিশৰ উমান দিয়া বা ইয়াৰ জৰিয়তে বহু মানুহৰ সংস্থাপনৰ ব্যৱস্থাও হৈ আহিছে। মই মোৰ চিনেমাৰে যিকোনো ভাল কামৰে অংশীদাৰ হ'বলৈ ভাল পাম। তাৰ মাজতে ক'ব খুজিলে মই মোৰ চিনেমাৰে জাতিগত ভাৱে নিজকে চোৱাৰ সুযোগ এটা ল'ব বিচাৰিছোঁ, চিনেমাৰ জৰিয়তে। সমাজত যদি শিল্পৰ দৰ থাকে অকল মোৰ বুলি নকও, প্ৰতিটো প্ৰজন্মতেই মানুহে শিল্প কলা প্ৰদৰ্শন আৰু অনুশীলনৰ জৰিয়তে সমাজ আৰু মানুহক নতুন কৈ জন্ম হ'বলৈ শিকায়।  ইয়েই যিকোনো শিল্পৰ শ্ৰেষ্ঠতম সাফল্য। চিনেমাও ব্যতিক্ৰম নহ'ব, অন্ততঃ ইয়াক শিল্প হিচাপে মৰ্যাদা দিয়া সকলৰ বাবে নিজকে চোৱাৰ বহুত সমল আছে চিনেমাৰ মাধ্যমটোত।

ৰূপালী পৰ্দা: তুমি পৰিচালনা কৰা, নিৰ্মাণ কৰা তথ্যচিত্ৰ, "মিউজিক ভিডিঅ' " ইত্যাদিৰ বিষয়ে কবা নেকি?

ঝুলন কৃষ্ণ মহন্ত: হয় মই নিৰ্মাণ কৰা  তথ্যচিত্ৰ বা যি সমূহ মিউজিক ভিডিঅ’ আছে প্ৰায় বোৰেই সংখ্যা হিচাপত বৰ বেছি জনপ্ৰিয় নহয়।
বেছি ভাগ কামেই মই নতুন মুখ আৰু নতুন মানুহৰ সৈতে কৰোঁ কাৰণেও হয়তো মিলিয়ন মিলিয়ন ভিও বৰ বেছি নাই বা মই তাৰ পাছে পাছে দৌৰিও থকা নাই। মই যিমান সম্ভৱ মোৰ নিজা চিন্তা ধাৰণাক গুৰুত্ব দি প্ৰযোজকৰ সৈতে মিলি সিদ্ধান্ত লওঁ। তাৰ মাজত তৰালি বা, পাপন দা, অনিন্দিতা বা, গায়ত্ৰী বা, শুভমিতা বেনাৰ্জী বাইদেউ আদি ভাল ভাল সংগীতজ্ঞৰ সৈতে কৰা কামবোৰৰ জনপ্ৰিয়তা আছে । হয়তো সামাজিক মাধ্যমত মিলিয়ন ভিও হৈছে। কিন্তু মই কেৱল সংখ্যাৰ জনপ্ৰিয়তাত গুৰুত্ব নিদি গুনগত মানদণ্ডও ৰক্ষা কৰিব বিচাৰোঁ। তথ্যচিত্ৰৰ ক্ষেত্ৰত বিভিন্ন মহোৎসৱ আৰু প্ৰতিযোগিতাত সমাদৰ বা বঁ‌টা পোৱাৰ বাবে উৎসাহ পাইছোঁ। সেইসমূহৰ জৰিয়তে মনোৰঞ্জনৰ ওপৰিও বৌদ্ধিক সমাজখনৰ ক্ষেত্ৰত মই কিবা অলপ বৰঙনি আগবঢ়াব পাৰিলে ভাল পাম।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...