সরাসরি প্রধান সামগ্রীতে চলে যান

চিনেমা মোৰ কাৰণে এক মাধ্যম যি মাধ্যমৰ জৰিয়তে মানুহে কলাত্মক অভিজ্ঞতা লাভ কৰিব পাৰে: ঝুলন কৃষ্ণ মহন্ত

এখন অসমীয়া চিনেমাৰ চৰ্চা, সামাজিক মাধ্যমত। পৰিপাটি চৰ্চা। প্ৰতিটো "চৰ্চা" যেন একোটা গল্প। সন্দেহ নাই-- প্ৰতটো "চৰ্চা"ই চুই গৈছে সামাজিক মাধ্যমৰ সৈতে সম্পৰ্ক ৰখা চিত্ৰ ৰসিকক। চিনেমা খনৰ নাম-- "সুন্দৰপুৰ কেয়ছ"। পৰিচালক: ঝুলন কৃষ্ণ মহন্ত। পৰিপাটি পৰিচালক, "পৰিচালনা"ৰ প্ৰতিটো দিশতে দখল থকা পৰিচালক। স্পষ্ট এই কেইটা দিশত-- চিনেমা খনৰ কাহিনী, চিত্ৰনাট্য আৰু সম্পাদনাও ঝুলন কৃষ্ণ মহন্তৰ। (নিজৰ চিনেমায়ে নহয়, আন পৰিচালকৰো চিনেকৰ্ম পৰিপাটিকৈ সম্পাদনা কৰা দেখিছোঁ, ঝুলনে আন পৰিচালকৰ বাবে কাহিনী, চিত্ৰনাট্য লিখাৰ কথাও আমি জানো। জানো, আমাৰ অনুভৱত ঝুলন সফল সম্পাদকো, চিনেমা লেখকো।) আমি চিনেকৰ্মী গৰাকীৰ পৰা জানিব বিছৰাত "সুন্দৰপুৰ কেয়ছ"ৰ বিষয়ে ক'লে, হাতত থকা চিনেমাৰ কথা ক'লে-- "নতুন চিনেমা কেইখনৰ বিষয়ে ক'বলৈ গলে মই সম্পাদনা কৰা আৰু লিখি উলিওৱা আহিবলগীয়া চিনেমা সমূহৰ ভিতৰত 'গেং অফ ৰাজু মামা'ৰ কিছু কাম আছে। 
'সন্ধ্যামালতি, এতিয়াও সাৰে আছে'ৰ কাম আৰম্ভ হ'বলৈ বাকী আছে কিন্তু প্ৰায় প্ৰস্তুত হৈ উঠিছে 'সুন্দৰপুৰ কেয়ছ' বুলি চিমেমাখন। অসমৰ এক সমস্যা ভূমি বেদখলৰ সমস্যা । চুবুৰীয়া ৰাজ্যৰ ক্ষেত্ৰতো এনে অভিযোগ ওলায় যদিও বাংলাদেশী অনুপ্ৰৱেশ আৰু সত্ৰৰ মাটিত তেওঁলোকৰ অৱস্থানৰ খবৰ আমাৰ বাবে নতুন নহয়। 
অসমৰ এক অনন্য সম্পদ অসমৰ সত্ৰ সমূহ। অসমীয়া বৃহত্তৰ জাতি গঠন হোৱাৰ প্ৰক্ৰিয়াটোত গুৰি ধৰা, আধ্যাত্মিক জ্ঞান আৰু বৈষ্ণৱ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে শংকৰদেৱ গুৰুজনাই জন্ম দিয়া সত্ৰ সমূহত যেতিয়া বিদেশী আহি বহি লয়হি কোনোবা এজন অসমীয়া ল'ৰাৰ যদি খং উঠে কি কৰিব পাৰে? সত্ৰৰ পৰিৱেশত ডাঙৰ হৈও খঙাল  অথচ যুক্তিবাদী এজন লৰা কিংকৰে সমাজ আৰু সত্ৰাধিকাৰক কি প্ৰশ্ন কৰিব পাৰে? সত্ৰাধিকাৰে কি উত্তৰ দিব পাৰে, এইবোৰৰ কথাৰ কল্পনা কৰিয়েই মই লিখি উলিয়াইছিলো 'সুন্দৰপুৰ কেয়ছ'ৰ কাহিনী । অসমত বহু কেইটি মিউজিক ভিডিঅ’ ৰ প্ৰযোজনা কৰা আৰ চি প্ৰডাকচনৰ প্ৰযোজকসকলে কাহিনীটো ভাল পাই আগবাঢ়ি আহিল চিনেমাখন প্ৰযোজনা কৰিবলৈ। এই বছৰ নবেম্বৰৰ ২৯ তাৰিখে অসমৰ চিনেমা হল সমূহত মুক্তি পাব চিনেমাখনে।চিত্ৰনাট্যৰ ওপৰিও সম্পাদনা আৰু পৰিচালনাৰ দায়িত্ব লোৱা এই অসমীয়া চিনেমাখনৰ বাবে মই যথেষ্ট আশাবাদী। মই অসমৰ মানুহৰ আশীৰ্বাদ বিচাৰিম যাতে এনে কিছু কথা ৰাইজৰ সন্মুখলৈ আনিব পৰাকৈ শক্তি পাওঁ। শংকৰদেৱে অসমৰ জাতি জনজাতিক একেডাল দোলেৰে বান্ধিবলৈ চেষ্টা কৰাৰ পাছতো মই ভাবোঁ আমি ভাবি চাব লাগে আমি কিমান সফল হৈছোঁ।  যিবোৰ প্ৰয়োজনীয় কথাৰ পৰা আমি প্ৰায়েই গা এৰাই চলোঁ তেনে বহু কথাৰ প্ৰশ্ন উঠিব 'সুন্দৰপুৰ কেয়ছ'ত। মই অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিম কথাবোৰ যাতে চৰ্চালৈ আহে।  চিনেমা এখন হৈ উঠা আৰু হললৈ অহাৰ মাজতো তাৰ এক দীঘলীয়া যাত্ৰা আৰু বহু পৰিশ্ৰম থাকে। মই আশা কৰোঁ ৰাইজৰ সহায় পাম। চিনেমাখন বিভিন্ন মহোৎসৱলৈও পঠোৱাৰ যোজা কৰা হৈছে। আশা কৰোঁ সকলো শিল্পী কলা কুশলীৰ কষ্টই সফলতাৰ মুখ দেখিব।"
--প্ৰায় সম্পূৰ্ণ হোৱা "সুন্দৰপুৰ কেয়ছ" গায়ত্ৰী হাজৰিকা, আৰ চমুৱা আৰু দিগন্ত ঠাকুৰীয়াৰ প্ৰযোজনা। চিত্ৰগ্ৰহণ: চন্দ্ৰ কুমাৰ দাস, সংগীত: সৌৰভ মহন্ত, শব্দ- দেৱজিত গায়ন, সাজ সজ্জা ৰাণী দত্ত বৰুৱা আৰু গৰিমা শইকীয়া গাৰ্গৰ। "চৰিত্ৰ" নিৰ্মাণ কৰিছে অৰুণ নাথ, ৰাজীৱ গোস্বামী, জ্বলি লস্কৰ, গাৰ্গী দত্ত, পাৰ্থ প্ৰতিম হাজৰিকা, বনি দেউৰী, শিল্পী দত্ত আদিক লৈ।
--আমাৰ ধাৰণাত এয়া স্পষ্ট, ঝুলনৰ চিনেচিন্তা কেৱল  "স্থানীয় বজাৰ" কেন্দ্ৰিক নহয়। চিনে শিল্পৰ বাবে চিনেকৰ্ম কৰি, সমাজৰ ওচৰত থাকি "স্থানীয় বজাৰ"তো সফলতাৰ বাট বিছাৰে। "চিনেকৰ্মী ঝুলন"ক আৰু স্পষ্টকৈ জানিবলৈ সুধিছিলোঁ--

ৰূপালী পৰ্দা: তোমাৰ ধাৰণাত চিনেমা?

ঝুলন কৃষ্ণ মহন্ত: চিনেমা মোৰ কাৰণে এক মাধ্যম যি মাধ্যমৰ জৰিয়তে মানুহে কলাত্মক অভিজ্ঞতা লাভ কৰিব পাৰে।
চিনেমা চোৱাটো যেনেকৈ এক অভিজ্ঞতা, নিৰ্মাণ কৰাটোও এক অভিজ্ঞতা।
মই ব্যক্তিগতভাবে চিনেমাক ওচৰৰ পৰা চাবলৈ আৰু পাবলৈ যত্ন কৰিছোঁ যদিও মোৰ ধাৰণাত মই ঢুকি পোৱাতকৈ বহু কাম কৰিব পৰা যায় চিনেমাৰ মাধ্যমটোৰে।

ৰূপালী পৰ্দা: চিনেমা নিৰ্মাণৰ উদ্দেশ্য?

ঝুলন কৃষ্ণ মহন্ত: বিভিন্নজনৰ বাবে চিনেমা নিৰ্মাণৰ উদ্দেশ্য ভিন ভিন, যেনকৈ কাৰোবাৰ বাবে ই এক শিল্প, কাৰোবাৰ বাবে বানিজ্য বা কাৰোবাৰ বাবে আন কিবা।
মই চিনেমা নিৰ্মাণ কৰি ভাল পোৱাৰ কাৰণটো হ'ল মই চিনেমা ভাল পাওঁ আৰু ইয়াৰ জৰিয়তে মই ভাল পোৱা আন কলা সমূহক সাধনা কৰিব পাৰোঁ। সংগীত, চিত্ৰকলা, অভিনয় আদিৰ লগত মোৰ সৰুকালতেই চিনাকী আছিল যদিও চিনেমাৰ মাধ্যমৰে মই এই সমূহ কলাক আন কিছু বেলেগ ধৰনেও চাবলৈ সুবিধা পাইছোঁ। আটাইতকৈ ডাঙৰ কথা চিনেমাৰ জৰিয়তে মই  "মানুহৰ" কথাবোৰ দেখুৱাব পাৰোঁ মানুহে চাব পৰাকৈ, মোৰ নিজৰ ধৰণে।

ৰূপালী পৰ্দা: চিনেমাৰে সমাজক কি দিব বিছাৰা?

ঝুলন কৃষ্ণ মহন্ত: মই চিনেমাৰে মোক আৰু মোৰ সমাজ খনক আঁ‌কি চাব বিচাৰোঁ।  কি দিব বিচাৰোঁ বুলি সুধিলে ক'বলৈ কিছু অসুবিধা হ'ব কাৰণ মই মোৰ সীমিত চিন্তা বা শিল্প চৰ্চাৰে একো বিশেষ কৰিব পৰা নাই বুলিয়েই ভাবো । চিনেমাৰ বহু শক্তি আছে, মনোৰঞ্জনৰ মাধ্যমেৰে কাৰোবাক দুখ কষ্টৰ পৰা আঁ‌তৰাই সুখ দিয়া,  কাহিনীৰ  মাধ্যমেৰে  সমাজক নতুন দিশৰ উমান দিয়া বা ইয়াৰ জৰিয়তে বহু মানুহৰ সংস্থাপনৰ ব্যৱস্থাও হৈ আহিছে। মই মোৰ চিনেমাৰে যিকোনো ভাল কামৰে অংশীদাৰ হ'বলৈ ভাল পাম। তাৰ মাজতে ক'ব খুজিলে মই মোৰ চিনেমাৰে জাতিগত ভাৱে নিজকে চোৱাৰ সুযোগ এটা ল'ব বিচাৰিছোঁ, চিনেমাৰ জৰিয়তে। সমাজত যদি শিল্পৰ দৰ থাকে অকল মোৰ বুলি নকও, প্ৰতিটো প্ৰজন্মতেই মানুহে শিল্প কলা প্ৰদৰ্শন আৰু অনুশীলনৰ জৰিয়তে সমাজ আৰু মানুহক নতুন কৈ জন্ম হ'বলৈ শিকায়।  ইয়েই যিকোনো শিল্পৰ শ্ৰেষ্ঠতম সাফল্য। চিনেমাও ব্যতিক্ৰম নহ'ব, অন্ততঃ ইয়াক শিল্প হিচাপে মৰ্যাদা দিয়া সকলৰ বাবে নিজকে চোৱাৰ বহুত সমল আছে চিনেমাৰ মাধ্যমটোত।

ৰূপালী পৰ্দা: তুমি পৰিচালনা কৰা, নিৰ্মাণ কৰা তথ্যচিত্ৰ, "মিউজিক ভিডিঅ' " ইত্যাদিৰ বিষয়ে কবা নেকি?

ঝুলন কৃষ্ণ মহন্ত: হয় মই নিৰ্মাণ কৰা  তথ্যচিত্ৰ বা যি সমূহ মিউজিক ভিডিঅ’ আছে প্ৰায় বোৰেই সংখ্যা হিচাপত বৰ বেছি জনপ্ৰিয় নহয়।
বেছি ভাগ কামেই মই নতুন মুখ আৰু নতুন মানুহৰ সৈতে কৰোঁ কাৰণেও হয়তো মিলিয়ন মিলিয়ন ভিও বৰ বেছি নাই বা মই তাৰ পাছে পাছে দৌৰিও থকা নাই। মই যিমান সম্ভৱ মোৰ নিজা চিন্তা ধাৰণাক গুৰুত্ব দি প্ৰযোজকৰ সৈতে মিলি সিদ্ধান্ত লওঁ। তাৰ মাজত তৰালি বা, পাপন দা, অনিন্দিতা বা, গায়ত্ৰী বা, শুভমিতা বেনাৰ্জী বাইদেউ আদি ভাল ভাল সংগীতজ্ঞৰ সৈতে কৰা কামবোৰৰ জনপ্ৰিয়তা আছে । হয়তো সামাজিক মাধ্যমত মিলিয়ন ভিও হৈছে। কিন্তু মই কেৱল সংখ্যাৰ জনপ্ৰিয়তাত গুৰুত্ব নিদি গুনগত মানদণ্ডও ৰক্ষা কৰিব বিচাৰোঁ। তথ্যচিত্ৰৰ ক্ষেত্ৰত বিভিন্ন মহোৎসৱ আৰু প্ৰতিযোগিতাত সমাদৰ বা বঁ‌টা পোৱাৰ বাবে উৎসাহ পাইছোঁ। সেইসমূহৰ জৰিয়তে মনোৰঞ্জনৰ ওপৰিও বৌদ্ধিক সমাজখনৰ ক্ষেত্ৰত মই কিবা অলপ বৰঙনি আগবঢ়াব পাৰিলে ভাল পাম।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...