"শ্ৰী শ্ৰী মাধৱদেৱ" মঞ্জু বৰাৰ চিনেকৰ্ম (এনিমেচন)। যোৱা ২ ফেব্ৰুৱাৰীত দৰ্শক হৈছিলোঁ। শেষ হোৱাৰ পাছত প্ৰযোজক ড৹ সঞ্জীৱ নাৰায়ণে ঘোষণা কৰিছিল--, মঞ্জু বৰাৰ পৰিচালনাৰে জ্যোতিপ্ৰসাদ আগৰৱালা কেন্দ্ৰিক চিনেকৰ্ম প্ৰযোজনা কৰিব। আমি ইমানে বুজিছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালা কেন্দ্ৰিক এনিমেটেড চিনেমা এখন নিৰ্মাণ কৰিব!
--এখন চিনেমাৰ "খবৰ" লিখিছিলোঁ, ২০০৩ নে ২০০৪ চনৰ কোনো এটা শুকুৰ বাৰে প্ৰকাশ পাব পৰাকৈ। সেই সময়ত মই "আজি"ৰ সম্পাদনা বিভাগৰ সৈতে জড়িত। নিৰ্দিষ্ট পৃষ্ঠাত "লে-আউট" কৰা "খবৰ"টো কাকত খনৰ সম্পাদক অজিত কুমাৰ ভূঞাই উঠাই দিয়াৰ কথা কৈছিল; আৰু কৈছিল-- "খবৰ"টোৰ গুৰুত্ব আছে, প্ৰথম পৃষ্ঠাৰ খবৰ! মই লিখা "খবৰ"টোত আৰু কিছূ কথা যোগ দিছিল লেখক-সাংবাদিক মোহন কাকতীয়ে, সম্পাদকৰ নিৰ্দেশত।
--মই লিখা খবৰটো আছিল, পৰিচালক মঞ্জু বৰাই চৈয়দ আব্দুল মালিকৰ উপন্যাস "ৰূপতীৰ্থৰ যাত্ৰী"ৰ আধাৰত চিনেমা নিৰ্মাণ কৰিব।
--সম্পাদকে মোহন ককতীৰ হতুৱাই লিখাই যোগ দিছিল উপন্যাস "ৰূপতীৰ্থৰ যাত্ৰী"ৰ বিষয়ে।
আৰু "আজি"ৰ প্ৰথম পৃষ্ঠাত খবৰ ছপা হৈছিল-- "ৰূপালী পৰ্দাত ৰূপকোঁৱৰ"। (হয়, "ৰূপতীৰ্থৰ যাত্ৰী" উপন্যাসখনৰ বিষয়: জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদি জীৱনভাগ। স্বাভাৱিকতে ৰূপকোঁৰৰ "জয়মতী" নিৰ্মাণ প্ৰসংগও আহিব মঞ্জু বৰাৰ চিনেমা খনলৈ-- আমাৰ মনলৈ আহিছিল। আনন্দ অনুভৱ কৰিছিলোঁ।) কিন্তু "খবৰ"টো খবৰ হৈয়ে থাকিল। মঞ্জু বৰাই "জয়মতী"ৰ কাম হাতত ল'লে। সময়ত "জয়মতী" (২০০৬ চনত) চিত্ৰগৃহলৈ আহিল। "আই ক’ত নাই"ৰ পৰা "শ্ৰী শ্ৰী মাধৱদেৱ"লৈ কেইবাটাও চিনেকৰ্ম কৰিলে। "ৰূপতীৰ্থৰ যাত্ৰী" হেৰাই থাকিল।
--"শ্ৰী শ্ৰী মাধৱদেৱ" চোৱাৰ পাছত প্ৰযজক ড৹ সঞ্জীৱ নাৰায়ণে জ্যোতিপ্ৰসাদ আগৰৱালা কেন্দ্ৰিক"এনিমেচন" ঘোষণাৰ পাছতেই আকৌ চৰ্চা কৰিছিলোঁ "ৰূপতীৰ্থৰ যাত্ৰী" প্ৰসংগ। লিখিছিলোঁ-- "এনিমেচন" নহয়, "ৰূপতীৰ্থৰ যাত্ৰী" ৰূপালী গল্পলৈ ৰূপান্তৰ হওক!
--"ৰূপতীৰ্থৰ যাত্ৰী" চৰ্চা কৰিছিলোঁ আৰু এবাৰ। "হৰিচন্দ্রচী ফেক্টৰি" চোৱাৰ পাছত। চিনেমা খনৰ বিষয়: প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘৰ চিনেমা "ৰাজা হৰিচন্দ্ৰ" নিৰ্মাণ আৰু পৰিচিলক দাদাচাহেব ফাল্কে। "ৰূপতীৰ্থৰ যাত্ৰী" যথা সময়ত ফ্ল'ৰলৈ গ'লে প্ৰায় একে সময়তে আমি এখন "জয়মতীচী ফেক্টৰি" পালোঁ হেতেন!
--যি নহওক, এতিয়া পাম! ৰূপালী পৰ্দাত ৰূপকোঁৱক পাম। ইতিমধ্যে কাম আগ বঢ়িছে! আহা ১৭ জানুৱাৰীত চিনেমা খনৰ কিছু খবৰ হয়তো পাম!
--আশাৰে!
--ধেৰ শুভেচ্ছা মঞ্জু বৰা।
--ধেৰ শুভেচ্ছা ১০০ খন অসমীয়া চিনেমা নিৰ্মাণৰ পৰিকল্পনা থকা ড৹ সঞ্জীৱ নাৰায়ণ!
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন