চিনেমা খনৰ কাহিনীয়ে গতি কৰাৰ মূহুৰ্ততে ভূগোল, ইতিহাস স্পষ্ট। ২০২০ চনত ক'ৰোনা মহামাৰীৰ সময়। ২৫ মার্চ-১৪ এপ্রিল (২১ দিন) আৰু ১৫ এপ্রিল-৩ মে' (১৯ দিন) সময় চোৱাৰ কহিনী। কাহিনীৰ নায়ক বা প্ৰথম বিন্দু-- যাদৱ গগৈ।ঘৰ অসমৰ নগাঁৱত। সহজ-সৰল মনৰ যাদৱ গগৈৰ জীৱন যাত্ৰাৰ বাট সুখকৰ নাছিল। দিন হাজিৰা কৰে। কিন্তু দিনৰ পাৰিশ্ৰমিক দিনে নাপায় সহজ-সৰল স্বভাৱৰ বাবে। সংসাৰ কেনেকৈ চলে! পত্নী আৰু দুই কিশোৰ সন্তানক লৈ যাদৱ গগৈৰ সংসাৰ। পত্নী অতিষ্ঠ! এদিন এখন সুখৰ সংসাৰৰ আশা বুকুত বান্ধি যাদৱে ঠিক কৰিলে--, গুজৰটলৈ যাব, গুজৰাটতত বহুত উদ্যোগ, তাত চাকৰিৰ আকাল নাই, চাকৰি কৰিব! আৰু এদিন গুজৰাট পালে, কাপোৰৰ উদ্যোগত গাৰ্ডৰ চাকৰি পালে। তিতা-কেহা আৰু মিঠা সপোনেৰে চাকৰি জীৱন আগবাঢ়ি আছিল। আৰু হঠাতে হোৱা লকডাউনে তাৰ জীৱনত আউল লগাইছিল, ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিছিল। --এই যে ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিছিল, ৰূপালী গল্পটোৰ বিন্দুয়ে তাৰ পৰায়ে গতি কৰিছিল। ২৭ দিনৰ বাট। গুজৰাটৰ পৰা অসমলৈ ২৭ দিন অনাহাৰে, অনিদ্ৰাই পদব্রজে উভতি অহিছিল যাদৱ গগৈয়ে। "কেনেকৈ সম্ভৱ" কাহিনীটো "সম্ভৱ"লৈ ৰূপান্তৰ হৈছে পৰিচালকৰ গল্প কোৱাৰ শৈলীৰ বাবে। গল্পৰ গতিত পৰিচালকে অতীত-চাৰণ ব্যৱহাৰ কৰিছে। গুজৰাটলৈ যোৱাৰ আগৰ "যাদৱ গগৈ"ক স্পষ্ট কৰিছে অতীত-চাৰণত। আৰু পৰিচালকে "চৰিত্ৰ"টোক গুজৰাটৰ পৰা নগাঁৱলৈ গতি দিছে (খোজ কঢ়াইছে) পৰ্যায় ক্ৰমে। গুজৰাটৰ পৰা প্ৰয়াগৰাজলৈ ট্ৰাকেৰে অহা যাদৱ গগৈয়ে অসমলৈ বুলি খোজ আগবঢ়াইছিল আশাৰে-- বাটত কিবা নহয় কিবা পোৱা যাৱ! আশা ভংগ হৈছিল। পৰৱৰ্তী সময়ত ভাবিছিল--, ১৪ এপ্ৰিলৰ পৰা ৰেল চলিব! নচলিল। পৰিচালক-চিত্ৰনাট্যকাৰে "সময়"ৰ এই বিভাজনেৰে আৰু খোজ কাঢ়ি প্ৰত্যাৱৰ্তন কৰা আৰু ভালেমান লোকক ফ্ৰেমলৈ আনি "চৰিত্ৰ"টোৰ দীৰ্ঘ যাত্ৰা "স্বাভাৱিক"লৈ ৰূপান্তৰ কৰিছে। --এই খিনিতে অৱশ্যেই ক'ব লাগিব, সেই সময় চোৱাৰ পৰিৱেশ নিৰ্মণত পৰিচালকৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল। পৰিবেশ নিৰ্মাণত ষ্টক শ্বট (stock shot) ব্যৱহাৰৰ সুযোগ আছিল। ষ্টক শ্বটেৰে সেই সময়ৰ জীৱন্ত পৰিবেশ নিৰ্মাণেৰে ৰূপালী সৌন্দৰ্য বঢ়োৱাৰ সুযোগ পৰিচালকে নললে বা লোৱাত ব্যৰ্থ। এই ব্যৰ্থতাত পৰিচালকৰ চিনেচিন্তাৰ দুৰ্বলতা স্পষ্ট।
--পৰিচালকে পৰিবেশ নিৰ্মাণত গতি গুৰুত্ব দিছে কেমেৰাৰ ভাষা প্ৰয়োগত। পৰিবেশ নিৰ্মাণত গুৰুত্ব দিছে মূল চৰিত্ৰৰ চেহেৰাৰ ভাষা, আছৰণত। এই দুটা দিশত পৰিচালক সফল। মূল চৰিতটো নিৰ্মাণ কৰিছে যতীন খনিকৰক লৈ (একমাত্ৰ চৰিত্ৰ বুলিব পাৰা! বাকী যি কেইটা চৰিত্ৰ আছে-- কম ফুটেজৰ, অতি কম ফুটেজৰ। পত্নী আৰু কিশোৰ পুত্ৰ-- চৰিত্ৰ দুটাক কিছু গুৰুত্ব দিছে। কিন্তু চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা চৰিত্ৰ নহয়।) বাস্তৱিক অভিনয় (realistic acting)-ৰ ওচৰত থাকি নিৰ্মাণ কৰা চৰিত্ৰ। পৰিচালকে দিয়া সম্পূৰ্ণ সুযোগৰ সৎ ব্যৱহাৰ কৰিছে যতীন খনিকৰে। কথাটো এনে দৰেও ক'ব পৰা যায়-- চৰিত্ৰটোৰ বাবে আভিনেতা নিৰ্বাচনত পৰিচালক সফল।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন