সরাসরি প্রধান সামগ্রীতে চলে যান

গ'গ' আই /চিনেচৰ্চা

চিনেমা খনৰ কাহিনীয়ে গতি কৰাৰ মূহুৰ্ততে ভূগোল, ইতিহাস স্পষ্ট। ২০২০ চনত ক'ৰোনা মহামাৰীৰ সময়। ২৫ মার্চ-১৪ এপ্রিল (২১ দিন) আৰু ১৫ এপ্রিল-৩ মে' (১৯ দিন) সময় চোৱাৰ কহিনী। কাহিনীৰ নায়ক বা প্ৰথম বিন্দু-- যাদৱ গগৈ।ঘৰ অসমৰ নগাঁৱত। সহজ-সৰল মনৰ যাদৱ গগৈৰ জীৱন যাত্ৰাৰ বাট সুখকৰ নাছিল। দিন হাজিৰা কৰে। কিন্তু দিনৰ পাৰিশ্ৰমিক দিনে নাপায় সহজ-সৰল স্বভাৱৰ বাবে। সংসাৰ কেনেকৈ চলে! পত্নী আৰু দুই কিশোৰ সন্তানক লৈ যাদৱ গগৈৰ সংসাৰ। পত্নী অতিষ্ঠ! এদিন এখন সুখৰ সংসাৰৰ আশা বুকুত বান্ধি যাদৱে ঠিক কৰিলে--, গুজৰটলৈ যাব, গুজৰাটতত বহুত উদ্যোগ, তাত চাকৰিৰ আকাল নাই, চাকৰি কৰিব! আৰু এদিন গুজৰাট পালে, কাপোৰৰ উদ্যোগত গাৰ্ডৰ চাকৰি পালে। তিতা-কেহা আৰু মিঠা সপোনেৰে চাকৰি জীৱন আগবাঢ়ি আছিল। আৰু হঠাতে হোৱা লকডাউনে তাৰ জীৱনত আউল লগাইছিল, ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিছিল। --এই যে ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিছিল, ৰূপালী গল্পটোৰ বিন্দুয়ে তাৰ পৰায়ে গতি কৰিছিল। ২৭ দিনৰ বাট। গুজৰাটৰ পৰা অসমলৈ ২৭ দিন অনাহাৰে, অনিদ্ৰাই পদব্রজে উভতি অহিছিল যাদৱ গগৈয়ে। "কেনেকৈ সম্ভৱ" কাহিনীটো "সম্ভৱ"লৈ ৰূপান্তৰ হৈছে পৰিচালকৰ গল্প কোৱাৰ শৈলীৰ বাবে। গল্পৰ গতিত পৰিচালকে অতীত-চাৰণ ব্যৱহাৰ কৰিছে। গুজৰাটলৈ যোৱাৰ আগৰ "যাদৱ গগৈ"ক স্পষ্ট কৰিছে অতীত-চাৰণত। আৰু পৰিচালকে "চৰিত্ৰ"টোক গুজৰাটৰ পৰা নগাঁৱলৈ গতি দিছে (খোজ কঢ়াইছে) পৰ্যায় ক্ৰমে। গুজৰাটৰ পৰা প্ৰয়াগৰাজলৈ ট্ৰাকেৰে অহা যাদৱ গগৈয়ে অসমলৈ বুলি খোজ আগবঢ়াইছিল আশাৰে-- বাটত কিবা নহয় কিবা পোৱা যাৱ! আশা ভংগ হৈছিল। পৰৱৰ্তী সময়ত ভাবিছিল--, ১৪ এপ্ৰিলৰ পৰা ৰেল চলিব! নচলিল। পৰিচালক-চিত্ৰনাট্যকাৰে "সময়"ৰ এই বিভাজনেৰে আৰু খোজ কাঢ়ি প্ৰত্যাৱৰ্তন কৰা আৰু ভালেমান লোকক ফ্ৰেমলৈ আনি "চৰিত্ৰ"টোৰ দীৰ্ঘ যাত্ৰা "স্বাভাৱিক"লৈ ৰূপান্তৰ কৰিছে। --এই খিনিতে অৱশ্যেই ক'ব লাগিব, সেই সময় চোৱাৰ পৰিৱেশ নিৰ্মণত পৰিচালকৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল। পৰিবেশ নিৰ্মাণত ষ্টক শ্বট (stock shot) ব্যৱহাৰৰ সুযোগ আছিল। ষ্টক শ্বটেৰে সেই সময়ৰ জীৱন্ত পৰিবেশ নিৰ্মাণেৰে ৰূপালী সৌন্দৰ্য বঢ়োৱাৰ সুযোগ পৰিচালকে নললে বা লোৱাত ব্যৰ্থ। এই ব্যৰ্থতাত পৰিচালকৰ চিনেচিন্তাৰ দুৰ্বলতা স্পষ্ট।
--পৰিচালকে পৰিবেশ নিৰ্মাণত গতি গুৰুত্ব দিছে কেমেৰাৰ ভাষা প্ৰয়োগত। পৰিবেশ নিৰ্মাণত গুৰুত্ব দিছে মূল চৰিত্ৰৰ চেহেৰাৰ ভাষা, আছৰণত। এই দুটা দিশত পৰিচালক সফল। মূল চৰিতটো নিৰ্মাণ কৰিছে যতীন খনিকৰক লৈ (একমাত্ৰ চৰিত্ৰ বুলিব পাৰা! বাকী যি কেইটা চৰিত্ৰ আছে-- কম ফুটেজৰ, অতি কম ফুটেজৰ। পত্নী আৰু কিশোৰ পুত্ৰ-- চৰিত্ৰ দুটাক কিছু গুৰুত্ব দিছে। কিন্তু চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা চৰিত্ৰ নহয়।) বাস্তৱিক অভিনয় (realistic acting)-ৰ ওচৰত থাকি নিৰ্মাণ কৰা চৰিত্ৰ। পৰিচালকে দিয়া সম্পূৰ্ণ সুযোগৰ সৎ ব্যৱহাৰ কৰিছে যতীন খনিকৰে। কথাটো এনে দৰেও ক'ব পৰা যায়-- চৰিত্ৰটোৰ বাবে আভিনেতা নিৰ্বাচনত পৰিচালক সফল। 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...