সরাসরি প্রধান সামগ্রীতে চলে যান

মণ্টুৰ মনটো/ চিনেচৰ্চা

ৰূপালী গল্পটোৰ গতিৰ পূৰ্বেই পৰিপাটি শ্বট প্ৰয়োগৰ এটা ডেউৰী বিহুগীত। পৰিচালকে গল্পই আকাৰ, গতি লোৱাৰ আগতেই ডেউৰী বিহুগীতটোৰে স্পষ্ট কৰি দিছে গল্পৰ সীমা ৰেখাা। গল্পই গতি লোৱাৰ পাছতো স্পষ্ট কৰি গৈছে ভূগোল, পৰ্যায় ক্ৰমে ইতিহাস। --ইয়াতেই স্পষ্ট পৰিচালকৰ "চিনেমা অধ্যয়ণ"ৰ সবল বৃত্তটো। 

--চিনেমা খনৰ নাম "মণ্টুৰ মনটো"। ৰমেন বৰাৰ চিত্ৰনাট্য, সম্পাদনা আৰু পৰিচালনা। দৈৰ্ঘ ১২৭ মিনিট। 

--চিনেমা খনৰ গল্পৰ মূল বিন্দু মণ্টু। কিশোৰ মণ্টু! মাকৰ সৈতে থাকে। পিতৃ কাৰাগাৰত। মাতৃৰ গৰ্ভত "মণ্টু"ক এৰি হাতত "বিপ্লৱৰ বন্দুক" তুলি লৈছিল। ম্যানমাৰত গ্ৰেপ্তাৰ হৈছে। সংগী বুলিবলৈ তেজ মঙহৰ সম্পৰ্ক নথকা এগৰাকী ককাক আৰু বাবলা নামৰ ছাগলীও আছে-- মণ্টুৰ। মণ্টুই মনৰ কথা বাবলাকহে কয়। 

--মণ্টুৰ মাহিয়েক এজনী আছে। সুন্দৰ মনৰ, গীতৰ মাজত ডুবি থাকি ভাল পায় মহীয়েকে। মাহীয়েকৰ দৰে মণ্টুৰ মাকেও গীতৰ মাজত থাকি ভাল পায়। (মাহীয়েক আৰু মাকৰ ওঁঠত ব্যৱহাৰ কৰা গীত প্ৰয়োগ, গীত প্ৰয়োগৰ ডিজাইন চিনেমা খনৰ দ্বিতীয়টো ইতিবাচক দিশ। প্ৰথমটো ইতিবাচক দিশ-- কেমেৰাৰ ভাষা ডিজাইন। এই দুটা দিশ চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছে।) মাহীয়েকো মণ্টুৰ প্ৰিয়। গল্পৰ গতি কিছু আগ বঢ়াৰ পাছতে মণ্টুৰ মাহীয়েকৰ বিয়া হয়। বিয়াৰ পাছদিন পুৱা মাহীয়েকক নেদেখি মণ্টুই জানিব বিছাৰে-- "মাহী কলৈ গ'ল!" ককাকে ক'লে-- "...মহাই লৈ গ'ল!" এই সংলাপটোৰ পাছতেই মণ্টুৰ মন সলনি হয়, মণ্টুৰ মনলৈ বেজাৰ আহে।

বেজাৰৰ কাৰণ কোনেও ধৰিব নোৱাৰে। বাবলাক কোৱাতহে দৰ্শকে জানিব পাৰে মণ্টুৰ বেজাৰৰ কাৰণ-- মাহীয়েকৰ দৰে যদি মাকৰো বিয়া হয়, বিয়া হৈ গুছি যায়, সি কাৰ লগত থাকিব! "বাবলা তই জাননে মা কালৈ বিয়া হ'ব?...মাক ময়ে বিয়া পাতি থও নেকি!" --বাবলাক কয় মণ্টুৱে। চিনেমা খনৰ নামটোৰ কথা মনত ৰাখি ক'ব পাৰি, মণ্টুৰ মনলৈ অহা "বিয়াৰ চিন্তা"টোৱে চিনেমা খনৰ বিষয় বস্তু। আৰু "বিষয় বস্তু"ৰ কথা মনত ৰাখি ক'ব পাৰি-- "বিষয় বস্তু"ৰ বাবে নিৰ্মাণ কৰা কাহিনীটোৰ বুনিয়াদ নিৰ্মাণত পৰিচালক-চিত্ৰনাট্যকাৰৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল। মণ্টুৰ মাকৰ (মাক কেন্দ্ৰিক কাহিনীৰ), মাকৰ পৰিয়ালৰ নামত খৰছ কৰা "দৈৰ্ঘ" কম কৰাৰ প্ৰয়োজন আছিল-- আমাৰ ধাৰণাত। কম "দৈৰ্ঘ"ত মাকৰ চৰিত্ৰটোৰ  বিন্যাস সম্ভৱ আছিল, তেনে কৰিলে চিনেমা খনৰ দৰ্শক হৈ থাকোতে কৰা "অযথা দৈৰ্ঘ"  অনুভৱৰ বাট নাথাকিল হেতেন! --পৰিশ্ৰমৰ প্ৰয়োজন আছিল মণ্টু-বাবলাৰ ছিকুৱেন্স নিৰ্মাণতো।

--গীত প্ৰয়োগ, কেমেৰা ডিজাইনৰ পাছতে "মণ্টুৰ মনটো"ৰ ৰূপালী সৌন্দৰ্য অভিনয়। "চৰিত্ৰ" নিৰ্মাণ কৰিছে "বাস্তৱিক অভিনয়" (realistic acting)-ৰে। অভিনেতা-অভিনেত্ৰীৰ আচৰণ, সংলাপ প্ৰক্ষেপণ নাটকীয় শূন্য। বিশেষ ভাবে প্ৰশংসা কৰিব পাৰোঁ-- মন্টুৰ চৰিত্ৰত শুভম অগ্নিমিত্ৰ, মাকৰ চৰিত্ৰত মন্দাকিনী গোস্বামী আৰু পেহাৰ চৰিত্ৰত অভিনয় কৰা মহেন্দ্ৰ দাসক। কিশোৰ অভিনেতা শুভমৰ চেহেৰাৰ ভাষা, আচৰণ মন চুই যোৱা। (পেহা আৰু মণ্টু-- চৰিত্ৰ দুটাুৰ পৰিপাটি নিৰ্মাণ, বিন্যাসত পৰিচালক-চিত্ৰনাট্যকাৰৰ চিনেশক্তি স্পষ্ট। --চিনেশক্তি স্পষ্ট মাক-মণ্টুৰ সম্পৰ্ক নিৰ্মাণত ব্যৱহাৰ কৰা কেইটামাণ ছিকুৱেন্সত। সাহিত্যৰ ভাষাৰ সামান্য ব্যৱহাৰ, কেমেৰাৰ ভাষাক গুৰুত্ব দি নিৰ্মাণ কৰা ছিকুৱেন্স কেইটা চিনেমা খনৰ বিশেষ সৌন্দৰ্য। এটা উদাহৰণ: কাৰাগাৰত থকা দেউতাকে লিখা কবিতা মণ্টুৰ মাকে পাঠ কৰে। পাঠ কৰাৰ সময়ত চকুলৈ পানী আহে। মণ্টুৰ মাকে উচুপি উঠে।  মণ্টুৱে কবিতা লিখা কাগজ খিলা মাকৰ হাতৰ পৰা ঠপিয়াই নি মোহাৰি দলিয়াই দিয়ে। মাকৰ খং! মণ্টুৰ ওঁঠত চুটি সংলাপ। সি মাকৰ চকুপানী সহ্য কৰিব নোৱাৰে। 

(আৰু আছে/ অসম্পাদিত/ সম্পূৰ্ণ লেখা "অসমীয়া চিনেমা"ৰ দ্বিতীয় খণ্ডৰ দ্বিতীয় সংস্কৰণত ছপা হ'ব।)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...