--চিনেমা খনৰ নাম "মণ্টুৰ মনটো"। ৰমেন বৰাৰ চিত্ৰনাট্য, সম্পাদনা আৰু পৰিচালনা। দৈৰ্ঘ ১২৭ মিনিট।
--চিনেমা খনৰ গল্পৰ মূল বিন্দু মণ্টু। কিশোৰ মণ্টু! মাকৰ সৈতে থাকে। পিতৃ কাৰাগাৰত। মাতৃৰ গৰ্ভত "মণ্টু"ক এৰি হাতত "বিপ্লৱৰ বন্দুক" তুলি লৈছিল। ম্যানমাৰত গ্ৰেপ্তাৰ হৈছে। সংগী বুলিবলৈ তেজ মঙহৰ সম্পৰ্ক নথকা এগৰাকী ককাক আৰু বাবলা নামৰ ছাগলীও আছে-- মণ্টুৰ। মণ্টুই মনৰ কথা বাবলাকহে কয়।
--মণ্টুৰ মাহিয়েক এজনী আছে। সুন্দৰ মনৰ, গীতৰ মাজত ডুবি থাকি ভাল পায় মহীয়েকে। মাহীয়েকৰ দৰে মণ্টুৰ মাকেও গীতৰ মাজত থাকি ভাল পায়। (মাহীয়েক আৰু মাকৰ ওঁঠত ব্যৱহাৰ কৰা গীত প্ৰয়োগ, গীত প্ৰয়োগৰ ডিজাইন চিনেমা খনৰ দ্বিতীয়টো ইতিবাচক দিশ। প্ৰথমটো ইতিবাচক দিশ-- কেমেৰাৰ ভাষা ডিজাইন। এই দুটা দিশ চিনে সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছে।) মাহীয়েকো মণ্টুৰ প্ৰিয়। গল্পৰ গতি কিছু আগ বঢ়াৰ পাছতে মণ্টুৰ মাহীয়েকৰ বিয়া হয়। বিয়াৰ পাছদিন পুৱা মাহীয়েকক নেদেখি মণ্টুই জানিব বিছাৰে-- "মাহী কলৈ গ'ল!" ককাকে ক'লে-- "...মহাই লৈ গ'ল!" এই সংলাপটোৰ পাছতেই মণ্টুৰ মন সলনি হয়, মণ্টুৰ মনলৈ বেজাৰ আহে।
বেজাৰৰ কাৰণ কোনেও ধৰিব নোৱাৰে। বাবলাক কোৱাতহে দৰ্শকে জানিব পাৰে মণ্টুৰ বেজাৰৰ কাৰণ-- মাহীয়েকৰ দৰে যদি মাকৰো বিয়া হয়, বিয়া হৈ গুছি যায়, সি কাৰ লগত থাকিব! "বাবলা তই জাননে মা কালৈ বিয়া হ'ব?...মাক ময়ে বিয়া পাতি থও নেকি!" --বাবলাক কয় মণ্টুৱে। চিনেমা খনৰ নামটোৰ কথা মনত ৰাখি ক'ব পাৰি, মণ্টুৰ মনলৈ অহা "বিয়াৰ চিন্তা"টোৱে চিনেমা খনৰ বিষয় বস্তু। আৰু "বিষয় বস্তু"ৰ কথা মনত ৰাখি ক'ব পাৰি-- "বিষয় বস্তু"ৰ বাবে নিৰ্মাণ কৰা কাহিনীটোৰ বুনিয়াদ নিৰ্মাণত পৰিচালক-চিত্ৰনাট্যকাৰৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল। মণ্টুৰ মাকৰ (মাক কেন্দ্ৰিক কাহিনীৰ), মাকৰ পৰিয়ালৰ নামত খৰছ কৰা "দৈৰ্ঘ" কম কৰাৰ প্ৰয়োজন আছিল-- আমাৰ ধাৰণাত। কম "দৈৰ্ঘ"ত মাকৰ চৰিত্ৰটোৰ বিন্যাস সম্ভৱ আছিল, তেনে কৰিলে চিনেমা খনৰ দৰ্শক হৈ থাকোতে কৰা "অযথা দৈৰ্ঘ" অনুভৱৰ বাট নাথাকিল হেতেন! --পৰিশ্ৰমৰ প্ৰয়োজন আছিল মণ্টু-বাবলাৰ ছিকুৱেন্স নিৰ্মাণতো।--গীত প্ৰয়োগ, কেমেৰা ডিজাইনৰ পাছতে "মণ্টুৰ মনটো"ৰ ৰূপালী সৌন্দৰ্য অভিনয়। "চৰিত্ৰ" নিৰ্মাণ কৰিছে "বাস্তৱিক অভিনয়" (realistic acting)-ৰে। অভিনেতা-অভিনেত্ৰীৰ আচৰণ, সংলাপ প্ৰক্ষেপণ নাটকীয় শূন্য। বিশেষ ভাবে প্ৰশংসা কৰিব পাৰোঁ-- মন্টুৰ চৰিত্ৰত শুভম অগ্নিমিত্ৰ, মাকৰ চৰিত্ৰত মন্দাকিনী গোস্বামী আৰু পেহাৰ চৰিত্ৰত অভিনয় কৰা মহেন্দ্ৰ দাসক। কিশোৰ অভিনেতা শুভমৰ চেহেৰাৰ ভাষা, আচৰণ মন চুই যোৱা। (পেহা আৰু মণ্টু-- চৰিত্ৰ দুটাুৰ পৰিপাটি নিৰ্মাণ, বিন্যাসত পৰিচালক-চিত্ৰনাট্যকাৰৰ চিনেশক্তি স্পষ্ট। --চিনেশক্তি স্পষ্ট মাক-মণ্টুৰ সম্পৰ্ক নিৰ্মাণত ব্যৱহাৰ কৰা কেইটামাণ ছিকুৱেন্সত। সাহিত্যৰ ভাষাৰ সামান্য ব্যৱহাৰ, কেমেৰাৰ ভাষাক গুৰুত্ব দি নিৰ্মাণ কৰা ছিকুৱেন্স কেইটা চিনেমা খনৰ বিশেষ সৌন্দৰ্য। এটা উদাহৰণ: কাৰাগাৰত থকা দেউতাকে লিখা কবিতা মণ্টুৰ মাকে পাঠ কৰে। পাঠ কৰাৰ সময়ত চকুলৈ পানী আহে। মণ্টুৰ মাকে উচুপি উঠে। মণ্টুৱে কবিতা লিখা কাগজ খিলা মাকৰ হাতৰ পৰা ঠপিয়াই নি মোহাৰি দলিয়াই দিয়ে। মাকৰ খং! মণ্টুৰ ওঁঠত চুটি সংলাপ। সি মাকৰ চকুপানী সহ্য কৰিব নোৱাৰে।
(আৰু আছে/ অসম্পাদিত/ সম্পূৰ্ণ লেখা "অসমীয়া চিনেমা"ৰ দ্বিতীয় খণ্ডৰ দ্বিতীয় সংস্কৰণত ছপা হ'ব।)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন