--কাহিনী আগবাঢ়ে, দেখা যায় দুগৰাকী মহিলাই পুতনাৰ দাঁতকোষ কলা ৰং সানি দিয়ে। কাৰণ? গাৱৰ পুৰুষে পুতনাৰ শৰীৰত বেয়া নজৰ দিয়ে। কলা ৰং লগোৱা দাঁতৰ পুতনাক আৰু কোন পুৰুষে চাব! (আমি জনাত-- সেই সময়ত বিয়াৰ পাছত মহিলাই দাঁতকোষ কলা ৰং সনা সামাজিক ব্যৱস্থা আছিল! পৰিয়ালৰ, ঘৰৰ বৰজনাক বগা দাত দেখুৱাব নাপায়!)
--কাহিনী আৰু আগবাঢ়ে, শিক্ষকৰ পৰিয়ালত পুতনাৰ ছোৱালী ডাঙৰ হয়। চহৰলৈ গৈ শিক্ষা লয়। এঘৰলৈ বিয়া দিয়ে। বিয়াৰ কিছুদিন পাছতে তাইৰ গিৰিয়েকৰ দর্প-দংশনত মৃত্যু হয়। পুতনাৰ দৰে, পুতনাৰ ছোৱালীৰো দাঁতকোষ কলা ৰং সানি দিয়ে। শাহুৱেকৰ ৰোষৰ বলি হয়। পুতনাই খবৰটো আগতে জানিছিল; কিন্তু শাহুৱেকৰ ৰোষৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে। ৰাতি ছোৱালী জনীক উদ্ধৰ কৰি পুৱালৈক খোজ কাঢ়ি এখন বিশাল শৰিয়হ তলীৰে আগবাঢ়ে দুই মাতৃ-পুত্ৰি। সেই সময় আছিল নাৰীৰ বাবে আছিল তমস্বিনী, তমসা নিশা। কোনো ইতিবাচক সংবাদ দিবলৈ মন নকৰি পৰিচালকে ইমানতে কাহিনী শেষ কৰিলে।
--সেই সময়ত চিকিৎসাৰ নামত গ্ৰাম্যাঞ্চলত বেজালি চলিছিল। শিক্ষিতই চহৰলৈ গৈ চিকিৎসা কৰাত গুৰুত্ব দিছিল।
--বিধৱা বিবাহ চৰ্চালৈ আহিছিল, শিক্ষিত লোকে ইতিবাচক চৰ্চা কৰিছিল; কিন্তু সময়ত নিজৰ আত্মিয়, পৰিয়ালৰ ক্ষেত্ৰত ইতিবাচক চিন্তা কৰিবলৈ সাহস নকৰিছিল।
--এই বোৰ দিশো পৰিপাটিকৈ কাহিনীৰ মাজলৈ আনিছে।
--এনেদৰে ক'ব পাৰি, সাজ-সজ্জা, পৰিবেশ ইত্যাদিৰে সেই "সময়ৰ সমাজ" এখনৰ পৰিপাটিকৈ দেখুৱাইছে পৰিচালকে। কিন্তু কাহিনী? চৰিত্ৰ নিৰ্মাণ আৰু কাহিনী নিৰ্মাণত যেন পৰিশ্ৰম নকৰিলে পৰিচালকে। চুটি কাহিনী এটা দীঘল কৰাৰ প্ৰৱণতা স্পষ্ট। অপ্ৰয়োজনীয় ছিকুৱেন্সে ৰূপালী গল্পটোৰ ছান্দিক গতিত বাধা দিছে। কাহিনীৰ শেষ বিন্দুটো পোৱাৰ আগৰ সময় চোৱাত, গৰু গাড়ীৰে "চৰিত্ৰ"ক যাত্ৰা কৰোৱা সময়ত সম্পাদনাত আৰু মন দিয়াৰ প্ৰয়োজন আছিল। চিনেমা খনৰ আৰু এটা ভাল নলগা দিশ-- কাহিনী কোৱাত, দুই-এঠাইত সুযোগ থকাৰ পাছতো কেমেৰাৰ ভাষা ব্যৱহাৰ নকৰিলে। বিপৰীতে ছিকুৱেন্স নিৰ্মাণত "নাটক"ৰ আশ্ৰয় ল'লে।
📌পৰিচালক-চিত্ৰনাট্যকাৰ: হেমন্ত কুমাৰ দাস
প্ৰযোজক, মূল কাহিনী লেখক: ডাঃ অনামিকা কলিতা
ৰূপসজ্জা: বাবলু বৈশ্য
সাজ-সজ্জা: মন্দিৰা গগৈ
চিত্ৰগ্ৰহণ: ৰাতুল বৰ্মন
সম্পাদনা: ভৱেশ বৈশ্য
আৱহ সংগীত: নিবিড় দেৱশৰ্মা
শব্দ:দীপক কুমাৰ দত্ত, বাবুল দাস
অভিনয়ত: ৰাজেন ফুকন, ডাঃ অনামিকা কলিতা, আলেখ্য বৰুৱা, পপী মহন্ত, দেৱজিৎ ডেকা, কৃষিকা ডেকা আদি।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন