সরাসরি প্রধান সামগ্রীতে চলে যান

তমস্বিনী /চিনেচৰ্চা

"তমস্বিনী" (Salvation) চালোঁ। হেমন্ত কুমাৰ দাসৰ পৰিচালনা। কাহিনীৰ সময়-- ভাৰতে স্বাধীনতা পোৱাৰ আগৰ। কাহিনীৰ সময় পৰিচালকে স্পষ্ট কৰিছে-- এটা ছিকুৱেন্সত, কেমেৰাৰ ভাষাৰে, সাহিত্যৰ ভাষাৰে। ছিকুৱেন্সটো-- স্বাধীনতা আন্দোলনৰ এখন সভা। দক্ষ পৰিচালকে ৰূপালী গল্পৰ ইতিহাসৰ লগতে গুৰুত্ব দিয়ে ভূগোলত। ভূগোল স্পষ্ট কৰিছে কেমেৰাৰ ভাষাৰে। কেৱল ভূগোল স্পষ্ট কৰাতে নহয়, কাহিনী নিৰ্মণত, কোৱাতো গুৰুত্ব দিছে কেমেৰাৰ ভাষাত। (--এই খিনিতে ক'ব পাৰি শ্বট নিৰ্বাচন, শ্বট নিৰ্মাণত পৰিচালকৰ পৰিপাটি চিনে-চিন্তা স্পষ্ট। কেমেৰাৰ ভাষা প্ৰয়োগ ৰূপালী গল্পটোৰ প্ৰধান চিনে সৌন্দৰ্য।)
--আমাৰ ধাৰণাত পৰিচালকৰ উদ্দেশ্য কাহিনী কোৱা নহয়। চিনেমা খনত স্বাভাৱিকতে কাহিনী এটা আছে, কাহিনীটো ব্যৱহাৰ কৰা হৈছে সেই সময়ৰ সমাজ এখন স্পষ্ট কৰাত। চিনেমা খনৰ মূল চৰিত্ৰ পুতুনা, পুতনাৰ "সংসাৰ" সেই সময়ৰ অসমৰ গ্ৰাম্য সমাজৰ প্ৰতিনিধিহে। এটা-দুটা নহয়, পাচোতাকৈ মৃত সন্তান জন্ম দিয়ে পুতনাই। ছষ্ঠ সন্তানটোৰো জন্মৰ পাছতেই মাত নাছিল, পুতনাৰ স্বামীয়ে আৰোধ্য দেৱতাক ঘৰৰ চালৰ ওপৰত উঠি চিঞৰি চিঞৰি আৰাধনা কৰতহে নৱজাতকৰ কান্দোন শুনিবলৈ পোৱা গ'ল (এয়া সেই সময়ৰ লোকবিশ্বাস)। কান্দোনে আনন্দ দিলেও নৱজাতকক লৈ ভয় আঁতৰা নাছিল পুতুনাৰ, পুতুনাৰ পৰিয়ালৰ। আৰু এদিন ছোৱালীজনীৰ কিবা অপায়-অমঙ্গল হব বুলি গাঁৱৰ গাওবুঢ়াৰ দিহামতে এগৰাকী শিক্ষকৰ পৰিয়ালক ছোৱালীজনীক দান দিয়ে। (--এয়াও সেই সময়ৰ সমাজৰ বিশ্বাস।)

--কাহিনী আগবাঢ়ে, দেখা যায় দুগৰাকী মহিলাই পুতনাৰ দাঁতকোষ কলা ৰং সানি দিয়ে। কাৰণ? গাৱৰ পুৰুষে পুতনাৰ শৰীৰত বেয়া নজৰ দিয়ে। কলা ৰং লগোৱা দাঁতৰ পুতনাক আৰু কোন পুৰুষে চাব! (আমি জনাত-- সেই সময়ত বিয়াৰ পাছত মহিলাই দাঁতকোষ কলা ৰং সনা সামাজিক ব্যৱস্থা আছিল! পৰিয়ালৰ, ঘৰৰ বৰজনাক বগা দাত দেখুৱাব নাপায়!) 

--কাহিনী আৰু আগবাঢ়ে, শিক্ষকৰ পৰিয়ালত পুতনাৰ ছোৱালী ডাঙৰ হয়। চহৰলৈ গৈ শিক্ষা লয়। এঘৰলৈ বিয়া দিয়ে। বিয়াৰ কিছুদিন পাছতে তাইৰ গিৰিয়েকৰ দর্প-দংশনত মৃত্যু হয়। পুতনাৰ দৰে, পুতনাৰ ছোৱালীৰো দাঁতকোষ কলা ৰং সানি দিয়ে। শাহুৱেকৰ ৰোষৰ বলি হয়। পুতনাই খবৰটো আগতে জানিছিল; কিন্তু শাহুৱেকৰ ৰোষৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে। ৰাতি ছোৱালী জনীক উদ্ধৰ কৰি পুৱালৈক খোজ কাঢ়ি এখন বিশাল শৰিয়হ তলীৰে আগবাঢ়ে দুই মাতৃ-পুত্ৰি। সেই সময় আছিল নাৰীৰ বাবে আছিল তমস্বিনী, তমসা নিশা। কোনো ইতিবাচক সংবাদ দিবলৈ মন নকৰি পৰিচালকে ইমানতে কাহিনী শেষ কৰিলে।

--সেই সময়ত চিকিৎসাৰ নামত গ্ৰাম্যাঞ্চলত বেজালি চলিছিল। শিক্ষিতই চহৰলৈ গৈ চিকিৎসা কৰাত গুৰুত্ব দিছিল। 

--বিধৱা বিবাহ চৰ্চালৈ আহিছিল, শিক্ষিত লোকে ইতিবাচক চৰ্চা কৰিছিল; কিন্তু সময়ত নিজৰ আত্মিয়, পৰিয়ালৰ ক্ষেত্ৰত ইতিবাচক চিন্তা কৰিবলৈ সাহস নকৰিছিল। 

--এই বোৰ দিশো পৰিপাটিকৈ কাহিনীৰ মাজলৈ আনিছে। 

--এনেদৰে ক'ব পাৰি, সাজ-সজ্জা, পৰিবেশ ইত্যাদিৰে সেই "সময়ৰ সমাজ" এখনৰ পৰিপাটিকৈ দেখুৱাইছে পৰিচালকে। কিন্তু কাহিনী? চৰিত্ৰ নিৰ্মাণ আৰু কাহিনী নিৰ্মাণত যেন পৰিশ্ৰম নকৰিলে পৰিচালকে। চুটি কাহিনী এটা দীঘল কৰাৰ প্ৰৱণতা স্পষ্ট। অপ্ৰয়োজনীয় ছিকুৱেন্সে ৰূপালী গল্পটোৰ ছান্দিক গতিত বাধা দিছে।  কাহিনীৰ শেষ বিন্দুটো পোৱাৰ আগৰ সময় চোৱাত, গৰু গাড়ীৰে "চৰিত্ৰ"ক যাত্ৰা কৰোৱা সময়ত  সম্পাদনাত আৰু মন দিয়াৰ প্ৰয়োজন আছিল। চিনেমা খনৰ আৰু এটা ভাল নলগা দিশ-- কাহিনী কোৱাত, দুই-এঠাইত সুযোগ থকাৰ পাছতো কেমেৰাৰ ভাষা ব্যৱহাৰ নকৰিলে। বিপৰীতে ছিকুৱেন্স নিৰ্মাণত "নাটক"ৰ আশ্ৰয় ল'লে।

📌পৰিচালক-চিত্ৰনাট্যকাৰ: হেমন্ত কুমাৰ দাস

প্ৰযোজক, মূল কাহিনী লেখক: ডাঃ অনামিকা কলিতা

ৰূপসজ্জা: বাবলু বৈশ্য

সাজ-সজ্জা: মন্দিৰা গগৈ

চিত্ৰগ্ৰহণ: ৰাতুল বৰ্মন

সম্পাদনা: ভৱেশ বৈশ্য

আৱহ সংগীত: নিবিড় দেৱশৰ্মা

শব্দ:দীপক কুমাৰ দত্ত, বাবুল দাস

অভিনয়ত: ৰাজেন ফুকন, ডাঃ অনামিকা কলিতা, আলেখ্য বৰুৱা, পপী মহন্ত, দেৱজিৎ ডেকা, কৃষিকা ডেকা আদি।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...