কিন্তু জীৱনটো ধুনুৰ বিছৰা বাটে নাযায়। তিতা আৰু টেঙা মুহূৰ্তবোৰৰ সন্মুখীন হয়। হতাশ নহৈ তাই এসময়ৰ সুখী শৈশৱক এৰি যোৱাৰ দুৱাৰমুখত থিয় দিয়ে। আশা কৰে এই বাৰ খেতি বানে নিলে, প্ৰথম বাৰ কৰিছিল বাবে সফল নহ'ল! অহা বাৰ হ'ব!
--এই "বিশ্বাস" মাকৰ পৰা পোৱা। মাকক ভাল পাই, তুলনা কৰে আকাশৰ সৈতে। আকাশতকৈ ডাঙৰ কি? মাকক সোধে ধুনুই। মাকে কিবা এটা কোৱাৰ আগতে তাই আৰু কয়-- মাতা। মাকৰ কপট বিৰক্তি- একে কথাকে কিমাননো কৈ থাকে। এই সংলাপে প্ৰথম খন "ভিলেজ ৰকষ্টাৰ্ছ"ৰ সৈতে দ্বিতীয় খনৰ সংযোগ আনে আৰু স্পষ্ট কৰে মাক-জীয়েকৰ সম্পৰ্ক হৈছে ৰূপালী গল্পটোৰ এটা অৱলম্বন। কামৰূপৰ ছয়গাঁৱৰ ভাষা আৰু পৰিবেশত নিৰ্মাণ ৰূপালী গল্পটোৰ গতিত আঞ্চলটোৰ বান সমস্যা আহিছে, বানপীড়িতৰ লগতে অঞ্চলটোৰ লোকৰ জীৱনসংগ্রাম, সামাজিক-অৰ্থনৈতিক, প্ৰাকৃতিক ছবি আনিছে পৰিপাটিকৈ-- কেমেৰাৰ ভাষাৰে, সাহিত্যৰ ভাষাৰে।
কাহিনীৰ গতিত দেখা যায় ধুনুৰ দেউতাকক বানে নিছিল। মাকে অকলেই ধুনু আৰু এক মাত্ৰ পুত্ৰ সন্তানক ডাঙৰ কৰে, খেতি-বাতি চম্ভালে। পুত্ৰ সন্তান অবাটে যায়, মদ খায় যতে-ত'তে পৰি থাকে। মাটিৰ দালালৰ জালত পৰে। সি খেতিৰ মাটি বিক্ৰী কৰি বাইক এখন দিয়াৰ কথা কয়, মাকক। মাকৰ কথা-- মাটি বিক্ৰী নকৰে। ধন শেষ হ'ব, বাইকত মামৰে ধৰিব, কিন্তু মাটিয়ে খুৱাব, বছৰি শস্য দিব। মাকৰ ওচৰ চপা, কৌশলেৰে মাটি ক্ৰয় কৰিব খোজা দালালকো খং কৰে মাকে, কয়-- খেতিৰ মাটি কোনোপধ্যে এৰি নিদিয়ে। ধুনুক মায়েকে কয়-- "মই তোৰ মায়েৰে, মাটিখিনিও মায়েৰে।"
সাহিত্যৰ ভাষা সিমানেই ব্যৱহাৰ কৰিছে, যিমান প্ৰয়োজন। কোনো ছিকুৱন্সতে নাটকীয় পৰিবেশ নিৰ্মাণ কৰা নাই, কাহিনীৰ গতিয়ে সুযোগ দিয়াৰ পাছতো। বিপৰীতে কেমেৰাৰ ভাষাক গুৰুত্ব দি চুই যোৱা ছিকুৱেন্স ৰছনা কৰিছে। উদাহৰণ: বানে বুৰোৱা সময়ত অসহায় গঞাক ওঁঠত সংলাপ দি হৈ-চৈ কৰোৱা নাই। একাঠু বাঢ়নী পানীৰ মাজতে ধুনুই বিছনাত তোলা চৌকাত আহাৰ সিজাইছে। ধুনুক জোকে ধৰিছে, ভৰিৰ পৰা জোক এৰুৱাইছে। খেতি পানীত ডুব গৈছে। খেতিপথাৰত একাংশ গঞাই মাছ ধৰিছে। মাছ ধৰা কামটো বান আক্ৰান্ত গৃহিনীয়ে পছন্দ কৰা নাই, তেওঁলোকৰ "পৰিশ্ৰম" যে পানীৰ তলত! --কেইটা মান অকৃত্ৰিম শ্বটেৰে নিৰ্মাণ কৰিছে বিষণ্ন "সময়", পৰিৱেশ।
কাহিনীৰ গতিত প্ৰকৃতি আহিছে। উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ বাস্তৱ ছবি খন আহিছে, হাড়গিলা সংৰক্ষণৰ কথা আহিছে (ধুনুই মাকৰ মৃত্যুৰ পাছত মাকক হাড়গিলাৰ ঠোঁট-মুখৰ কিৰিটী পিন্ধা ৰূপত পথাৰৰ সোঁমাজত দেখা পায়। বুদ্ধিদীপ্ত ছিকুৱেন্স)। মানুহ-প্ৰকৃতিৰ সংযোগ আন ছিকুৱেন্সেৰেও কৰিছে। যেনে: মৃত মাতৃক ধুনুৱে অনুভৱ কৰিছে গছ এডাল আঁকোৱালি ধৰি।
--এই খিনিতে উল্লেখ কৰিব পাৰি চিনেমিটিক ভাষা প্ৰয়োগত, সাহিত্যৰ ভাষা ব্যৱহাৰত ৰীমা দাসে পুনৰ তেওঁৰ মৌলিকতা স্পষ্ট কৰি দিছে। "মৌলিকতা" মনত ৰাখিয়ে পৰিচালকে মন জোকাৰি যোৱা ছিকুৱেন্স নিৰ্মাণ কৰিছে ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱাকৈ। যেনে: ধুনুৰ মাতৃৰ মৃত্যুৰ সময়ৰ ছিকুৱেন্সটো। এখন অট'ৰিক্সাৰে চহৰৰ হাস্পতাললৈ নিয়াৰ বাটত অসুস্থ মাকৰ মৃত্যু হয়। কাৰণ চহৰলৈ নিয়াৰ একমাত্ৰ বাটটো বন্ধ হৈছিল, উভালি পৰা গছ পৰি থকাত। এবাৰ অসহায় ধুনুৰ গছ আঁতৰাবলৈ কৰা নিষ্ফল চেষ্টা, আনবাৰ মাকৰ নিষ্প্রাণ দেহ সাৱটি কৰা বিলাপে দৰ্শকক চুই গৈছে। এই ছিকুৱেন্সটোত নিশ্চয় পৰিচালকে স্পষ্ট কৰিব বিচাৰিছে গাঁৱৰ উন্নয়নৰ প্ৰকৃত ছবি এখন। --এই খিনিতে ক'ব পাৰি, ৰীমা দাসে কেৱল ধুনুৰ সপোনৰ কথায়ে কোৱা নাই, ৰূপালী গল্পটোত ধুনুৰ দৃষ্টিৰে (বা ধুনুক কেন্দ্ৰ কৰি পৰিচালকৰ দৃষ্টিৰে), তাইৰ "সৰু পৃথিৱী" খন দেখুৱাইছে।
--ভালে মান ইতিবাচক দিশ থকাৰ পাছতো, সাৰ্থক চিনেমা বুলি কোৱাৰ বাট মুকলি হৈ থকাৰ পাছতো ক'ব নোৱাৰিম "ভিলেজ ৰকষ্টাৰ্ছ-২" ত্ৰুটি মুক্ত। কাহিনীৰ গতিত ভিন্ন বিষয় বস্তু গুঠাৰ সময়ত "গতি মন্থৰ" হৈছে, ৰূপালী গল্পটোক কিছু শিথিলতাই চুইছে। আৰু কাহিনী চিনেমা খনক "তথ্যচিত্ৰ"ৰ পৰা মুক্ত কৰিব নোৱাৰাটো আনা এটা ত্ৰুটি। এই ত্ৰুটি কিছু পৰিমানে ঢাকি ৰাখিছে ভনীতা দাসৰ লগতে বসন্তী দাস, জুনুমণি বড়ো, বলোৰাম দাস, আৰু মনাবেন্দ্ৰ দাস আদিৰ অভিনয়ে। --হয়, ধুনুৰ লগতে প্ৰতিটো চৰিত্ৰৰে নিৰ্মাণ কৰ্ম পৰিপাটি। (আৰু আছে। অসম্পাদিত)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন