পৰিচালক নৱজ্যোতি বৰাৰ (আমাৰ ধাৰণাত) প্ৰথম পৰিচয়-- নাট্যকৰ্মী। চৰিত্ৰ নিৰ্মাণ, গল্প কোৱাত (দেখুৱাত) কেইটা মান ছিকুৱেন্সক (বিশেষকৈ পাকিজা বেগমে অভিনয় কৰা দৃশ্য কেইটা) বাদ দি "নাটক"ৰ পৰা "চিনেমা"ক আঁতৰত ৰখাত পৰিচালক সফল।
"চৰিত্ৰ"ৰ মুখত দিয়া সংলাপো "নাটকৰ সংলাপ" হৈ থকা নাই (সৰহ সংখ্যক অসমীয়া চিনেমাৰ এটা দোষ-- সাহিত্যৰ ভাষাৰে সকলো বুজাব বা ক'ব বিছাৰে। অপৰিপাটি, দুৰ্বল সংলাপ প্ৰয়োগৰ ফলত চিত্ৰ ৰসিকৰ বাবে বিৰক্তিকৰ হৈ পৰা অসমীয়া চিনেমাৰ সংখ্যা কম নহয়।)। পৰিচালকে কাহিনীৰ গতিত, সেই খিনিতহে সংলাপ ব্যৱহাৰ কৰিছে, যি খিনিত প্ৰয়োজন, কেমেৰাৰ পৰিপাটি ব্যৱহাৰেৰে।
--চিনেমা খনৰ কাহিনী নিৰ্মাণ কৰিছে এটা "সচা চৰিত্ৰ"ক কেন্দ্ৰ কৰি। সমাজৰ পৰা বিচ্ছিন্ন হৈ মজ'লীত বহু বছৰ বাস কৰা ৰজাৰ (চিনেমা খনৰ লেখক-পৰিচালকে যাক ৰজাদা বুলি মাতে। (চিনেমা খন চোৱাৰ আগ মূহুৰ্তত "ৰজাদা"ৰ সৈতে চিনাকী কৰি দিছিল পৰিচালকে।) "কাহিনী"ক কেন্দ্ৰ কৰি।
মজ'লী এটা সৰু নদীদ্বীপ। বাসিন্দাহীন দ্বীপ। দ্বীপটোত স্থায়ীভাৱে বাস নকৰে, খেতি কৰিবলৈহে যায় দুই একে। ভিন্ন প্ৰজাতিৰ বিষাক্ত সাপ আৰু বাৰিষাৰ পানী সমস্যাৰ বাবে স্থায়ি ভাবে বাস কৰাৰ পৰিবেশ নথকা দ্বীপটোত (ব্ৰহ্মপুত্ৰত) ক্ৰুজিং কৰি থকা বিদেশী দম্পতীয়ে ৰজাক দেখে, আচৰিৎ হয়, জানিব বিছাৰে। "মানুহ"ৰ প্ৰতি ঘৃণা থকা ৰজাক বিদেশী দম্পতীয়ে জানিব পাৰে বহু পৰিশ্ৰমৰ পাছত। অতীতচাৰণত পৰিচালকে দেখুৱাইছে শিক্ষিত হৈয়ো ৰজাই দ্বীপটোত অকলে বাস কৰাৰ "কাহিনী"।
--কাহিনী মৌলিক; কিন্তু চুই যাব পৰাকৈ কব (দেখুৱাব) পৰা নাই। চুই গৈছে "চৰিত্ৰ"ই। গুনাকৰ দেৱগোস্বামীক লৈ নিৰ্মান কৰা বাবা(ৰাজাৰ দেউতাক)-ৰ চৰিত্ৰটোৰ কথা প্ৰথমে উল্লেখ কৰিব পাৰি। শুখুনাৰ চৰিত্ৰত শশিন্দ্ৰ শৰ্মা, বেউলাৰ চৰিত্ৰত শিল্পী শিখা দেৱী, মিথুনৰ চৰিত্ৰত সিদ্ধাৰ্থ শৰ্মাই কৰা অভিনয়ে কাহিনীক গতি দিছে; কিন্তু ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা নাই। ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছে মন্টু কুমাৰ দাসক লৈ নিৰ্মাণ কৰা ৰাজা চৰিত্ৰটো। ৰূপালী সৌন্দৰ্য বঢ়াইছে সংগীতে। কেমেৰাৰ ভাষা, লোক গীতৰ পৰিপাটি প্ৰয়োগৰ নিৰ্মাণ কৰা "চিনেমেটিক গতি"য়ে একোটা ছিকুৱেন্স বিশেষ স্তৰলৈ লৈ গৈছে পৰিচালকে। পৰিচালকক সহায় কৰিছে সম্পাদক ৰমেন বৰাই।
(আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন