শনিবার, ২৫ জানুয়ারি, ২০২৫

বনানী ( Banani) /চিনেচৰ্চা

প্ৰযোজক: শৈলধৰ বৰুৱা, জাহ্নু বৰুৱা
পৰিচালক: জাহ্নু বৰুৱা
কাহিনী-চিত্ৰনাট্য: সুশীল গোস্বামী
সংলাপ: জাহ্নু বৰুৱা, সুশীল গোস্বামী
চিত্ৰগ্ৰহণ: অনুপ জটোৱানী
সংগীত: সত্য বৰুৱা
প্ৰশান্ত বৰদলৈ
শব্দগ্ৰহণ: দীপক ৰয়
সম্পাদনা: হিউ এন বৰা
কলা নিৰ্দেশনা: ফটিক বৰুৱা
অভিনয়ত: বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, সুশীল গোস্বামী, মনামী বেজবৰুৱা, জ্যোতি ভট্টাচাৰ্য, গোলাপ দত্ত, মুনিন শৰ্মা, বীৰেন দাস, প্ৰদীপ ভূঞা আদি।
দৈৰ্ঘ্য: ১০৮ মিনিট
চিত্ৰগৃহত: ১৯৯০

স্বাভাৱিকতে এটা কাহিনী আছে, কাহিনী নিৰ্মাণ বিষয় বস্তু কেন্দ্ৰীক। চিনেমা খনৰ নামটোতে স্পষ্ট হৈ আছে-- বনানী। বনানী বোৰ নোহোৱা হ'লে, ধ্বংস কৰিলে মানৱ সমাজৰ কি দশা হ'ব। ক্ৰমে কমি আহিছে বনানী। বনবিষয়া তপনৰ (চৰিত্ৰটো নিৰ্মাণ কৰিছে সুশিল গোস্বামীক লৈ) চিন্তা, কৰ্ম বনানীক ৰক্ষা কৰাৰ। বিপৰীতে মহেশৰ নেতৃত্বত একাংশ ব্যস্ত টকাৰ খকত বনানী ধ্বংস কৰা, মূল্যবান গছৰ চোৰাং বেহাত। চোৰাং বেহাত পৰোক্ষ, প্ৰত্যক্ষ ভাবে জড়িত ভিন্ন স্তৰৰ মানুহ। সাধাৰণ কাম কৰা মানুহৰ পৰা পুলিছ বিষয়া, ষ্টেচন মাষ্টৰ, ৰাজনৈতিক নেতালৈকে। তপনৰ দৰে সৎ বন বিষয়াৰ বিপৰীতে মহেশ (চৰিত্ৰটো নিৰ্মাণ কৰিছে বিষ্ণু খাৰঘৰীয়াক লৈ) হতৰ শক্তি বেছি। গতিকে বাৰে বাৰে হাৰ মানিবলৈ বাধ্য হয় তপনে। তপনৰ বনানী প্ৰীতিত অতিষ্ঠ পত্নী ৰুবীয়ো (চৰিত্ৰটো নাৰ্মাণ কৰিছে মৃদুলা বৰুৱাক লৈ)। ৰুবীয়ে বিছাৰে তপনে আন দহগৰাকী বনবিষয়াৰ দৰে চাকৰি কৰক, তপনৰ সঘনাই বদলি নহওক, অসুস্থ সন্তানক চোৱাচিতা কৰক! কাহিনীৰ শেষৰ ফালে দেখা যায়-- ৰুবীৰ মন সলনি হয়। চাহ জনজাতিৰ ছোৱালী গৌৰী (চৰিত্ৰটো নিৰ্মাণ কৰিছে লক্ষী সিন্‌হাক লৈ), যিয়ে জীৱনৰ সকলো বিছাৰি পায় বনানীৰ মাজত, তাইৰ চিন্তা ৰেখাৰ সৈতে এক হয় ৰুবীৰ চিন্তা। মহেশ হতৰ শক্তিৰ ওচৰত হাৰ মানি দুৰ্বল হৈ পৰা তপনৰ ওচৰত এইবাৰ ঠিয় হয় পত্নী ৰুবী। বনানীক উপলব্ধি কৰিব পৰা ৰুবীয়ে তপনক কয়-- আমি আৰু এখন নতুন ঠাইলৈ যাম, তাত আকৌ বনানীৰ সপক্ষে যুঁজ দিবা, তোমাৰ সৈতে এইবাৰ মই থাকিম! (হুবাহু সংলাপ নহয়)। কাহিনীৰ শেষত দেখা যায়, বন ধ্বংসৰ বিপক্ষে ঠিয় দিয়ে বনগাওঁ ফোৰেষ্ট গাওঁৰ লোক সকলে। 
--কাহিনীৰ গতিত পৰিচালকে স্পষ্ট কৰিছে, বনানীয়ে মানুহক সকলো দিছে, শাকৰ পৰা ঔষধলৈ সকলো। আনহাতে একাংশ মানুহে বনানী ধ্বংস কৰিছে। বনানীৰ পৰিসৰ মানুহৰ ভুলৰ বাবেই কমি আহিছে। বনানী ধ্বংসৰ কু-প্ৰভাৱ কৃষিকৰ্ম আদিত পৰিছে।
পৰিচালকে কাহিনী নিৰ্মাণত কেমেৰাৰ ভাষাক বিশেষ গুৰুত্ব দিয়া নাই (মন চুই যোৱা এটা শ্বটো ব্যৱহাৰ কৰা নাই। এয়া চিনেমা খনৰ ইতিবাচক দিশ নহয়।) গুৰুত্ব দিছে সাহিত্যৰ ভাষাত। পৰিচালকে চৰিত্ৰ নিৰ্মাণতো বিশেষ গুৰুত্ব দিয়া যেন নালাগে। চৰিত্ৰৰ মুখত সংলাপ দিছে, সংলাপেৰে কাহিনী আগবঢ়াই নিয়াত গুৰুত্ব দিছে।

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন