শ্ৰেষ্ঠ চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা দ্বিতীয় খন অসমীয়া চিনেমা-- "ভিলেজ ৰকষ্টাৰ্ছ"। ৰীমা দাসৰ পৰিচালনা। দ্বিতীয় পৰিচালনা। ছবি)
"অন্তৰ্দৃষ্টি"ৰ (২০১৬) পাছত পৰিচালনা কৰা "ভিলেজ ৰকষ্টাৰ্ছ" (চিত্ৰগৃহলৈ আহিছে ২০১৮ চনত) -ৰে লাভ কৰিছে দেশ-বিদেশৰ ভিন্ন চলচ্চিত্ৰ মহোৎসৱত, ভিন্ন শিতানত ৪৪টা বঁটা। চিনেমা খন প্ৰদৰ্শিত হৈছে
প্ৰায় ৮০খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত। "বিশ্ব চিনেমা" জয় কৰা এই চিনেমা খনে অস্কাৰৰ দৌৰত অংশ লৈছিল। ২০১৮ চনৰ একাডেমী পুৰস্কাৰৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ চিনেমাৰ শিতানত মনোনয়ন পাবৰ বাবে ভাৰত চৰকাৰৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰিছে। অস্কাৰলৈ ভাৰত চৰকাৰৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰা এইখন প্ৰথম আৰু একমাত্ৰ (২০২৫ চনলৈ) অসমীয়া চিনেমা ।
--ৰিমাই পৰিচালনা কৰা আন কেইখন অসমীয়া চিনেমা: বুলবুল কেন ছিং (চিত্ৰগৃহলৈ: ১০১৮), তৰা'ছ হাছবেণ্ড (চিত্ৰগৃহলৈ: ২০২২) আৰু "ভিলেজ ৰকষ্টাৰ্ছ-২" (চিত্ৰগৃহলৈ অহা নাই)। --ইয়াৰে "বুলবুল কেন চিং" চিনেমা খনে দেশ-বিদেশৰ আন বঁটাৰ লগতে অসমীয়া ভাষাৰ চিনেমাৰ শিতানত শ্ৰেষ্ঠ চিনেমাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
পৰিচালক-লেখক, চিত্ৰগ্ৰহণ, সম্পাদনা: ৰীমা দাস
প্ৰযোজক: ৰীমা দাস, জয়া দাস
অভিনয়ত: ভণিতা দাস, মানবেন্দ্র দাস, বাসন্তী দাস, বিষ্ণু কলিতা, বিংকু দাস, বলোৰাম দাস, কুলদা কুমাৰ ভট্টাচার্য আদি।
সংগীত পৰিচালক: নিলোৎপল বৰা
দৈৰ্ঘ্য: ৮০ মিনিট
কি আছে-- ভিলেজ বকষ্টাৰ্ছত! এটা সৰল কাহিনী, গম্ভীৰ বিষয়বস্তু। কাহিনীৰ কেন্দ্রবিন্দু ধুনু নামৰ এগৰাকী কিশোৰী (চৰিত্ৰটোত অভিনয় কৰিছে ভনিতা দাসে)। ধুনুৰ দেউতাক নাই। মাকেই যেন সকলো। 'ছোৱালী হৈয়ো তাই ল'ৰাৰ স'তে ওমলে। ল'ৰাবোৰৰ সৈতে ঘূৰি ফুৰে। তাতেই যেন তাই জীৱনৰ ছন্দ বিচাৰি পায়। লোকে কয়-- ধুনু ছোৱালী, ছোৱালীৰ দৰে আচৰণ কৰিব লাগে। তাইক গাঁৱৰ মহিলাকেইগৰাকীমানে তিৰস্কাবো কৰে-- ছোৱালী হৈ ছোৱালীৰ দৰে নাথাক কিয়! মাকে কিন্তু সদায় ধুনুৰ পক্ষ লয়। মাকে ধুনুক সাহসী হ'বলৈ কয়, সাঁতুৰিবলৈ শিকায়। মাকে কয়, সাঁতুৰিবলৈ নিশিকা বাবেহে তাইৰ দেউতাক বানত বুৰি মৰিল।
কষ্টৰ বোজা লৈ জীৱনৰ বাটত আগবঢ়া ধুনুরে এদিন দেখিলে-- কেইজনমান ল'ৰাই টেপত এটা জনপ্রিয় গীত বজাইছে; আৰু ল'ৰাকেইজনে থার্মোকলেৰে সাজি লোৱা গীটাৰ-ড্রাম আদি লৈ বজোৱাৰ দৰে আচৰণ কৰিছে। মাকৰ সৈতে ঘুৰিবলৈ গৈ দেখা সেই আচৰণে বুনুক চুই যায়। পিছত তাইয়ো লগৰ ল'ৰাকেইজনমানৰ সৈতে তেনে আচৰণ কৰিব ধৰিলে। আৰু এদিন তাই মাকক ক'লে, তাইক এখন আচল গীটাৰ লাগে। --আৰম্ভ হয় ধুনুৰ সপোন। সপোনৰ লগত আগবাঢ়ে সময়। ধুনু গাভৰু হয়। গাঁৱৰ তিৰোতাসকলে ৰীতি-নীতি পালনৰ মাজেৰে কিছুমান 'পাঠ' দিয়ে। সেই পাঠ আছিল 'গাভৰু ধুনু' সজাত বন্দী হোৱাৰ পাঠ। কিন্তু তাই সজাত বন্দী হৈ নাথাকিল। এদিন মাকে পুৰণি গীটাৰ এখন কিনি আনি ধুনুৰ হাতত দিয়ে। মাকৰ চেহেৰাত গৰ্ব।
--গীটাৰৰ তাঁৰত ধুনুরে আঙুলি বুলায়। শব্দ হয়। শব্দত সুৰ নাথাকে। সুৰ নথকা সেই শব্দৰ সৈতে তাল মিলাই ল'ৰাহঁতে নাচ আৰম্ভ কৰি দিয়ে।
কাহিনীৰ মাজলৈ মুনু নামৰ ছাগলী এটাও আছে। ছাগলীটোৰ সৈতে বুনুৰ আত্মিক সম্পর্ক চিত্রায়ণ কৰে। কাহিনীত দেখা যায় এবাৰ মাকে মুনু নামৰ এই ছাগলীজনীক বিক্ৰী কৰি এখন গীটাৰ কিনিব নেকি বুলি মাকে প্রশ্ন কৰে, মাকৰ প্রশ্নত ধুনুরে হাহাকাৰ অনুভৱ কৰে। সেই মুনু এদিন হেৰাই থাকে। এই যে মুনু হেৰাই থাকে, সেইখিনিতে পৰিচালকে কেমেৰাৰ ভাষাৰে হৃদয় চুই যোৱা 'খেল খেলে'। মন-মগজু চুই যোৱা এই ছিকুৱেন্স দর্শকৰ মনত যে সেউজ হৈ থাকিব সন্দেহ নাই।
এতিয়া আহিছোঁ বিষয়বস্তুলৈ। ধুনুৰ 'সপোন'ৰ লগতে চিনেমাখনৰ বিষয়বস্তু বানে গৰকা এখন গাঁও। প্রতি বছৰে খেতি কৰে। প্ৰতি বছৰে গাঁওখন বানৰ কবলত পৰে। পানীয়ে খেতি নষ্ট কৰিব বুলি জানিও খেতি কিয় কৰে? --ধুনুৰ প্রশ্ন। মাকে কয়-- 'কর্মই ধর্ম'। কাহিনীৰ বিষয়বস্তু অতি সুন্দৰভাৱে কেমেৰাৰ ভাষাৰে 'আঁকিছে' পৰিচালকে। সেই চিনে সৌন্দর্যই হৈছে চিনেমাখনৰ মূল সম্পদ।
পৰিচালক, চিত্রনাট্যকাৰ, চিত্রগ্রহণকাৰী ৰীমা দাস চৰ্চাৰ বিষয় হৈ পৰিছে 'চিনেমাৰ পৃথিৱী'ত। চিনেমা খনত ব্যৱহাৰ কৰিছে কামৰূপৰ ছয়গাওঁ অঞ্চলৰ ভাষা। ভাষাই ৰূপালী গল্পটোক "বাস্তৱতা"ৰ আৰু ওচৰলৈ নিছে, অকৃতিমতাৰ প্ৰলেপ সানি ৰূপালী সৌন্দৰ্য বঢ়াইছে। চিনেমা খন "যান্ত্ৰিকতাৰ আঁতৰৰ, প্ৰকৃতিৰ ওচৰৰ" ইতিবাচক দিশটোৰ বাবেই যে চিত্ৰৰসিকক বিশেষ ভাবে চুই গৈছে সন্দেহ নাই।
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন