পৰিচালক-লেখক: গৌতম বৰা
প্ৰযোজক: কাৰ্বি আংলং জিলা পৰিষদ
চিত্ৰগ্ৰহণকাৰী: বিবেক বেনাৰ্জী
সম্পাদনা: এ শ্ৰীকৰ প্ৰসাদ
সংগীত, সাজ-সজ্জা: শ্বেৰ চৌধুৰী
শব্দগ্ৰহণ: অনুপ মুখাৰ্জী
কলা নিৰ্দেশক: উৎপল বৰুৱা
অভিনয়ত: ৰমন ৰংপি, ৰত্না ৰংচেহনপী, এলিচা হাঞ্চে
জুলী টেৰাংপী, বাবুল টেৰাং (শিশুশিল্পী) আদি।
চিত্ৰগৃহত: ১৯৯০
দৈৰ্ঘ্য: ১৩৮ মিনিট
"ৱশ্ব'বিপো" (কাৰ্বি শব্দ। অৰ্থ কুলিৰ মাত)--চিত্ৰৰসিকক সন্তুষ্ট কৰা এই চিনেমা খনৰ পৰিচালক-লেখক গৌতম বৰা। চিনেমা খনত ব্যৱহাৰ কৰা সাহিত্যৰ ভাষা-- কাৰ্বি। চিনেমা খনৰ কাহিনীত দেখুৱাইছে কাৰ্বিসকলৰ অৰ্থনৈতিক সমস্যা, সামাজিক সমস্যাৰ ছবি। চিনেমা খনৰ কাহিনীৰ মূল বিন্দু-- চাৰ্থে ৰংহাং। চাৰ্থে শিক্ষিত যুৱক। গাঁৱৰে স্কুল এখনৰ শিক্ষক।
কুলিৰ মাতে শস্য চপোৱাৰ সময়ৰ জাননী দিয়ে। কাৰ্বি ঝুম পদ্ধতিত খেতি কৰে। ঠাই সলাই সলাই। চাৰ্থেয়ে অনুভৱ কৰে বহু পৰিশ্ৰমৰ পাছতো কাৰ্বি সম্প্ৰদায়ৰ লোকসকলৰ আৰ্থিক অৱস্থা উন্নত হোৱা নাই। দিনক দিনে বেয়াৰ ফাললৈ গৈছে। আৰ্থেৰ মন-মগজূলৈ আহে, উন্নত জীৱনৰ সন্ধানত সি তাৰ সেই জন্মৰ ঠাই খন, আত্মিয় সকল থকা ঠাই খন, তাৰ কৈশোৰ-যৌৱনৰ বহু স্মৃতি থকা তাৰ নিজৰ ঠাই খন এৰিব নেকি! মন-মগজুত এই প্ৰশ্ন ওলোমাৰ পাছতে তাক আমনি দিয়ে শৈশৱে, প্ৰকৃতিৰ সৈতে কটোৱা সময়ে, ককাকৰ সৈতে কটোৱা অতীতৰ মধুৰ সময়ে।
চিনেমা খনৰ বিশেষ সৌন্দৰ্য: কেমেৰাৰ ভাষা আৰু সংগীত প্ৰয়োগ।
চিনেমা খনলৈ ৰাষ্ট্ৰীয় বঁটা (১৯৯০) আহিছিল দুটা শিতানত-- পৰিচালকৰ প্ৰথম পৰিচালনা শিতানত শ্ৰেষ্ঠ চিনেমাৰ ইন্দিৰা গান্ধী বঁটা আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন