পৰিচালক-লেখক: সঞ্জীৱ সভাপণ্ডিত
প্ৰযোজক: মান্পী ক্ৰিয়েশ্যন
শব্দগ্ৰহণকাৰী: যতীন শৰ্মা
চিত্ৰগ্ৰহণকাৰী: মৃণাল কান্তি দাস
সম্পাদনা: এ শ্ৰীকৰ প্ৰসাদ
সংগীত: অনিৰুদ্ধ বৰুৱা
অভিনয়ত: যতীন বৰা, বীণা পটংগীয়া, আব্দুল মজিদ,
ৰূপশিখা, লক্ষ্মী বৰঠাকুৰ, উপকূল বৰদলৈ, আৰতি বৰুৱা, ৰিকি ঠাকুৰীয়া,এম তীব্ৰেৱাল,নিশান্ত বৰুৱা।
চিত্ৰগৃহত: ২০০৪
সঞ্জীৱ সভাপণ্ডিতৰ প্ৰথম পৰিচালনা। কাহিনীৰ মূল বিন্দু-- মানৱ (চৰিত্ৰটো নিৰ্মাণ কৰিছে যতীন বৰাক লৈ)। ৰাজস্থানৰ পৰা গৃহভূমিলৈ উভতি অহা মানৱ অবৈধ প্ৰব্ৰজনকাৰী আৰু ভূমিদখলকাৰীৰ ৰোষত পৰে, উভতি অহা দিনটোতে। মানৱে মাটিৰ অধিকাৰৰ বাবে যুঁজ দিয়ে, উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। সফল হ'ব নোৱাৰে। মানবে নতুনকৈ সজা কাৰখানা এটাত যোগ দিয়ে।
মানৱৰ ককায়েক-বৌৱেক ক্ৰমে কোষেশ্বৰ-প্ৰভা। প্ৰভাৰ দেউতাকৰ পৰামৰ্শ মতে পৰিয়ালটোৱে থিতাপি লয় নৈৰ পাৰত পজা এটা বান্ধি। বিপদৰ পাছত বিপদ! মানৱে মাটি উদ্ধাৰৰ যুঁজ দি থকা সময়তে বানে পজাটোৰ ক্ষতি কৰে। জীৱন চলোৱাৰ বাবে প্ৰভাই আনৰ ঘৰত কাম কৰে। "সমস্যা" শেষ নহয় পৰিয়ালটোৰ, বাঢ়ে। মানৱে অনুভৱ কৰে-- আনৰ সহায়লৈ অপেক্ষা নকৰি, নিজৰ বাট নিজে কাটি ল'ব লাগে! কাহিনীয়ে "বান সমস্যা", "বিংশ শতিকাৰ অসমত ঘটা অবৈধ বিদেশী-প্ৰব্ৰজনৰ সমস্যা" চুই যায়।
--কাৰিকৰি ত্ৰুটি, অভিনয় চমক নথকা, চিনেমাৰ ভাষাই ভাষা পয়োগে চুই যাব নোৱাৰা চিনেমা খনৰ ইতিবাচক দিশ বিষয় বস্তু।
--চিনেমা খনলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০৪) আহিছে পৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ (Best film on Environment Conservation/preservation)
শাখাত।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন